The NDA Government is giving great priority to the health sector, so that everyone is healthy and healthcare is affordable: PM Modi
The speed and scale at which Mission Indradhanush is working is setting a new paradigm in preventive healthcare, says the Prime Minister
Our Government is committed to TB elimination by 2025: PM Narendra Modi

মিনাক্ষী-সুন্দৰেশ্বৰা মন্দিৰৰ বাবে বিখ্যাত মাডুৰাইত উপস্থিত থাকি আজি মই অত্যন্ত উৎফুল্লিত৷ 

দেশবাসীয়ে কালি ব্যাপক উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰিলে৷ আজি মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপনে চৰকাৰৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ নীতিক প্ৰতিফলিত কৰিছে৷ 

বন্ধুসকল, আমি সকলোৱে জানো যে দিল্লীৰ এইমছ প্ৰতিষ্ঠানে স্বাস্থ্যসেৱা খণ্ডত এক ব্ৰেণ্ড নাম হিচাপে পৰিচিত হৈছে৷ মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন কৰি আমি ক’ব পাৰো স্বাস্থ্যখণ্ডৰ এই ব্ৰেণ্ড কাশ্মীৰৰ পৰা মাডুৰাই, গুৱাহাটীৰ পৰা গুজৰাটলৈ—দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱা হ’ব৷ মাডুৰাইৰ এইমছ প্ৰতিষ্ঠান ১৬হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব৷ ইয়ে সমগ্ৰ তামিলনাডুৰ জনসাধাৰণক উপকৃত কৰিব৷

বন্ধুসকল,

এনডিএ চৰকাৰে দেশৰ স্বাস্থ্য খণ্ডত অত্যন্ত গুৰুত্ব প্ৰদান কৰিছে, যাতে প্ৰতিগৰাকী ব্যক্তি স্বাস্থ্যৱান হৈ থাকে আৰু সকলোৰে বাবে স্বাস্থ্যসেৱা সুলভ হয়৷

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত আমি দেশৰ ভিন্ন প্ৰান্তৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছো৷ আজি মই মাডুৰাই, থানঝাভুৰ আৰু তিৰুনেলভেলি মেডিকেল কলেজত ছুপাৰ স্পেচিয়েলিটী ব্ল’ক উদ্বোধন কৰি গভীৰ সন্তুষ্টি অনুভৱ কৰিছো৷

 মিছন ইন্দ্ৰধনুষে ক্ষিপ্ৰ গতিৰে কাম কৰি স্বাস্থ্যসেৱা খণ্ডত এক নতুন দৃষ্টান্ত দাঙি ধৰিছে৷ প্ৰধানমন্ত্ৰী মাতৃ মাতৃত্ব বন্দনা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানে নিৰাপদ অন্তঃসত্ত্বা নিশ্চিত কৰিছে৷ 

যোৱা চাৰি বছৰত দেশত মেডিকেল আসনৰ সংখ্যা ৩০%লৈ বৃদ্ধি পাইছে৷

আয়ুস্মান ভাৰতৰ মুকলিও এক বৃহৎ পদক্ষেপ৷ এই আঁচনিৰ অধীনত তামিলনাডুৰ ১ কোটি ৫৭লাখ লোক জড়িত হৈছে৷ মাত্ৰ তিনি মাহৰ ভিতৰতে তামিলনাডুৰ প্ৰায় ৮৯০০ লোকে আঁচনিখনৰদ্বাৰা উপকৃত হৈছে আৰু চিকিৎসালয়ত ভৰ্তি হোৱা ৰাজ্যখনৰ ৰোগীৰ বাবে ২০০ কোটিৰো অধিক ধন মুকলি কৰি দিয়া হৈছে৷ তামিলনাডুত ইতিমধ্যে ১৩২০ টা স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ মুকলি হোৱাক লৈ মই সন্তুষ্টি৷

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই প্ৰায় ১০ কোটি দৰিদ্ৰ পৰিয়ালক চিকিৎসালয়ত ভৰ্তি কৰাৰ ক্ষেত্ৰত ৫ লাখ টকাৰ আৰ্থিক নিৰাপত্তা প্ৰদান কৰিছে৷

এয়া হ’ল বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা যোজনা৷

ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি ৰাজ্য চৰকাৰসমূহক কাৰিকৰী আৰু বিত্তীয় সাহায্য আগবঢ়াও৷ ২০২৫ৰ ভিতৰত আমাৰ চৰকাৰে দেশক টিবি মুক্ত কৰাৰ লক্ষ্য লৈছে৷ মই জানিব পাৰি সুখী হৈছো যে, ৰাজ্য চৰকাৰে টিবি মুক্ত চেন্নাই অভিযান আৰম্ভ কৰিছে আৰু ২০২৩ৰ ভিতৰত ৰাজ্যখনক টিবি মুক্ত কৰাৰ লক্ষ্য লৈছে৷ 

তামিলনাডুত আজি ১২ টা ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰ মুকলি কৰিও মই অত্যন্ত সুখ অনুভৱ কৰিছো৷ 

জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপৰ ই এটা অন্যতম উদাহৰণ৷

জয় হিন্দ !!!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi