Our government’s mantra is ‘Sabka Saath, Sabka Vikas’: Prime Minister Modi
Central Government is committed to connecting every citizen of the country with the mainstream of development: PM Modi
No stone will be left unturned for development of Leh, Ladakh and Kargil: PM Modi

ইয়ালৈ অহাৰ পূৰ্বে মোক কোনোবাই ক’লে যে লেহত অতিশয় শীত৷ তাপমান শূন্য ডিগ্ৰীতকৈও তলত৷ এই ভীষণ শীততো আপোনালোক ইয়ালৈ আহিছে, মই সঁচাকৈয়ে বিভোৰ হৈ পৰিছো আৰু আপোনালোকক নমস্কাৰ জনাইছো৷ বিমানবন্দৰৰ পৰা অৱতৰণ কৰাৰ পিছত বহু বয়সীয়া আই-মাতৃয়ে বিমানবন্দৰলৈ আশীৰ্বাদ দিবলৈ আহিছিল৷ এই ভীষণ শীতত তেওঁলোক বাহিৰত মুকলিকৈ থিয় হৈ আছিল৷ মই গাড়ীৰ পৰা নামি তেওঁলোকক সেৱা জনাবলৈ তললৈ গ’লো৷ তেওঁলোকৰ স্নেহে মন আন্দোলিত কৰি তুলিলে৷ আপোনালোকৰ এই আপোনত্ব, এই স্নেহ দেখি মোৰ যি অলপ শীতৰ অনুভৱ হৈছিল, এতিয়া তাৰ লেশমানো অনুভৱ হোৱা নাই৷

মঞ্চত উপৱিষ্ট জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল শ্ৰীমান সৎপাল মালিক মহোদয়, মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু এই জম্মু-কাশ্মীৰৰ সন্তান ডাঃ জিতেন্দ্ৰ সিং মহোদয়, জম্মু-কাশ্মীৰ বিধান পৰিষদৰ অধ্যক্ষ শ্ৰীমান হাজী অনায়ত আলী মহোদয়, লাডাখ স্বায়ত্ব পাহাৰী বিকাশ পৰিষদ লেহৰ অধ্যক্ষ শ্ৰীমান জে.টি. নমগয়াল মহোদয়, লাডাখ স্বায়ত্ব পাহাৰী বিকাশ পৰিষদ কাৰ্গিলৰ অধ্যক্ষ শ্ৰীমান ফিৰোজ আহমেদ মহোদয়, বিধান পৰিষদৰ সদস্য শ্ৰীমান শ্বেৰিং দৰ্জী মহোদয় আৰু ইয়াত উপস্থিত মোৰ ভাতৃ-ভগ্নীসকল…

লাডাখ বীৰৰ ভূমি৷ ১৯৪৭ চনেই হওক অথবা ১৯৬২ চনেই হওক অথবা কাৰ্গিলৰ যুদ্ধই হওক, ইয়াৰ বীৰ সেনাই লেহ আৰু কাৰ্গিলৰ সাহসী লোকে দেশৰ সুৰক্ষা নিশ্চিত কৰিছে৷ ইমান সুন্দৰ পাহাৰৰ দ্বাৰা সুশোভিত লাডাখ অনেক নদীৰো স্ৰোতস্বৰূপ৷ আৰু এয়া প্ৰকৃতাৰ্থতেই ঈশ্বৰৰ উপহাৰ৷ ৯-১০ মাহৰ ভিতৰত মই পুনৰবাৰ আপোনালোকৰ মাজত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছো৷ আপোনালোকে যি প্ৰতিকূল পৰিস্থিতিৰ মাজত থাকে, প্ৰতিটো কঠিন প্ৰত্যাহ্বানৰ মোকাবিলা কৰে, এয়া মোৰ বাবে অতিশয় প্ৰেৰণাদায়ক৷ যি স্নেহ আপোনালোকে মোক প্ৰদান কৰিছে..সেয়া মই সুতসহিতে আপোনালোকক ঘূৰাব লাগিব৷ মই অনুভৱ কৰিছো যে এই বতৰে আপোনালোকক কষ্ট দিয়ে৷ বিজুলীৰ সমস্যা হয়, পানীৰ সমস্যা হয়৷ অসুখৰ সময়ত চিন্তা হয়৷ পশুৰ বাবে আহাৰৰ নাটনি হয়৷ ইয়াৰ বাবে দূৰ-দুৰণিলৈ যাবলগীয়া হয়৷ যেতিয়া মই পাৰ্টীৰ সংগঠনৰ বাবে কাম কৰিছিলো তেতিয়া ইয়াত আপোনালোকৰ মাজত থকাৰ সৌভাগ্য লাভ কৰিছিলো৷ বহু সময়ৰ বাবে মই আপোনালোকৰ মাজত আছিলো৷ মই ইয়াত থাকি নিজে দেখিছো যে কিদৰে জনসাধাৰণে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷

বন্ধুসকল, এই সমস্যাসমূহ দূৰ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইবাবে মই স্বয়ং বাৰে বাৰে লেহ, লাডাখ আৰু জম্মু-কাশ্মীৰলৈ আহো৷ যোৱাবাৰ বিদ্যুতৰ সৈতে জড়িত অনেক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু লোকাৰ্পণ কৰিছিলো আৰু আজিও আপোনালোকৰ জীৱন সৰল কৰি তুলিবলৈ প্ৰায় ৩ হাজাৰ কোটি টকাৰ প্ৰকল্পসমূহৰ… ৩ হাজাৰ কোটি টকাৰ..উদঘাটন, আধাৰশিলা স্থাপন আৰু লোকাৰ্পণ কৰা হৈছে যি আপোনালোকে অলপ আগেয়ে প্ৰত্যক্ষ কৰিলে৷ হাইড্ৰ’ইলেক্ট্ৰিকেল প্ৰকল্পৰ দ্বাৰা লেহ আৰু কাৰ্গিল অনেক গাঁৱলৈ পৰ্যাপ্ত পৰিমাণে আৰু সহজতে বিদ্যুৎ উপলব্ধ হ’ব৷ শ্ৰীনগৰ উল্লেস্তিন-ড্ৰাজ-কাৰ্গিল সংবহন পথৰ আধাৰশিলা স্থাপনৰ সৌভাগ্যও ময়েই লাভ কৰিছিলো আৰু আজি ইয়াৰ লোকাৰ্পণ কৰাৰ সৌভাগ্যও মইয়েই লাভ কৰিলো৷ ২ হাজাৰ কোটিতকৈও অধিক এই যোজনাৰ দ্বাৰা এতিয়া লেহ-লাডাখৰ বিজুলীৰ সমস্যা দূৰ হ’ব৷

বন্ধুসকল, আমাৰ চৰকাৰৰ কাম কৰাৰ ধৰণ এনেকুৱাই৷ দেশে ওলমাই থোৱা আৰু বিভ্ৰান্ত কৰাৰ পুৰণি সংস্কৃতি এৰি থৈ আহিছে আৰু অনাগত পাঁচটা বৰ্ষত মই ওলমাই থোৱা আৰু বিভ্ৰান্ত কৰা সংস্কৃতি দেশৰ পৰাই বিদূৰ কৰিব লাগিব৷ যি প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে সেয়া সময়মতে সম্পূৰ্ণ কৰাৰ বাবে সম্পূৰ্ণ বল প্ৰয়োগ কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, আজি যিবোৰ প্ৰকল্পৰ লোকাৰ্পণ, উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে, তাৰ দ্বাৰা বিদ্যুতৰ সৈতে লেহ-লাডাখৰ সৈতে দেশ আৰু বিদেশৰ সৈতে যোগাযোগ ব্যৱস্থাৰ উত্তৰণ হ’ব, পৰ্যটন বৃদ্ধি হ’ব, নিয়োজনৰ অৱকাশৰ সৃষ্টি হ’ব আৰু যুৱ প্ৰজন্মই অধ্যয়নৰ বাবেও সুবিধা লাভ কৰিব৷ ইয়াৰ বতৰ ইমানেই ধুনীয়া যে যদি আমি ইয়াত উত্তম মানদণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰো তেন্তে মই ভাবো যে ভাৰতৰ প্ৰতিটো কোণৰ পৰা তৰুণসকলে ইয়ালৈ পঢ়িবলৈ ওলাই আহিব৷ আৰু আমি সেই সপোনসমূহ প্ৰত্যক্ষ কৰিব লাগে আৰু মোৰ মন-মগজুত তেনে সপোনে ক্ৰিয়া কৰি আছে৷

বন্ধুসকল, আমাৰ সকলোৰে সন্মানীয় মহান কুশ্বক বকুলা ৰিম্প’চীয়ে নিজৰ সমগ্ৰ জীৱন এটা সপোনৰ পিছতেই অতিবাহিত কৰিলে৷ লেহ-লাডাখক শ্ৰেষ্ঠ ভাৰতৰ সৈতে সংযুক্ত কৰা আৰু দেশত একতা তথা অখণ্ডতাৰ ভাৱনাক শক্তিশালী কৰাই আছিল পূজনীয় ৰিম্প’জীৰ সকলোতকৈ ডাঙৰ সপোন আছিল৷ কেন্দ্ৰ চৰকাৰে তেওঁৰ সপোন বাস্তৱায়িত কৰাৰ বাবে ইয়াৰ যোগাযোগ ব্যৱস্থাক এক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে৷ লেহ-লাডাখক ৰে’ল আৰু বিমানপথৰ সৈতে সংযুক্ত কৰাৰ বাবে দুটা বৃহৎ প্ৰকল্পৰ কাম চলি আছে৷ এই অঞ্চলটোক প্ৰথমবাৰলৈ দেশৰ ৰে’ল মানচিত্ৰৰ সৈতে সংযুক্ত কৰা ৰে’লৱে লাইন আৰু কুশ্বক বকুলা ৰিম্প’চী বিমানবন্দৰৰ নতুন আৰু আধুনিক টাৰ্মিনেল বিল্ডিঙে ইয়াৰ উন্নয়নত প্ৰভূত অৰিহণা আগবঢ়াব৷

বন্ধুসকল, তিনি দশক পূৰ্বে ইয়াত যি বিল্ডিং নিৰ্মাণ কৰা হৈছিল, সময়ৰ সৈতে ইয়াক আধুনিকতা প্ৰদান কৰাৰ বাবে, ইয়াত নতুন সুবিধা বিকশিত কৰাৰ বাবে কিন্তু কেতিয়াও চিন্তা কৰা হোৱা নাছিল৷ আজি নতুন টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু অতি সোনকালেই লোকাৰ্পণো হ’ব৷ আৰু মই আপোনালোকক প্ৰত্যয়িত কৰিব বিচাৰিছো যে আজি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, আপোনালোকৰ আশীৰ্বাদত সেইসমূহৰ লোকাৰ্পণ কৰিবলৈও ময়েই আহিম৷ এই টাৰ্মিনেল অত্যাধুনিক সা-সুবিধাযুক্ত হোৱাৰ লগতে অধিক সংখ্যক যাত্ৰীৰ পৰিচালনা কৰিবলৈ সক্ষম হ’ব৷

এইদৰে বিলাসপুৰ, মানালী, লেহ ৰে’ল লাইনৰ সৰ্বেক্ষণ আৰম্ভ হৈছে৷ বহু স্থানত কাম আৰম্ভও হৈছে৷ যেতিয়া এই ৰে’লপথ সম্পূৰ্ণ হৈ উঠিব তেতিয়া দিল্লীৰ পৰা লেহলৈ দূৰত্ব ভালেখিনি হ্ৰাস হ’ব৷ শীতকালত এই অংশটো ভাৰতৰ অন্য প্ৰান্তৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ এই ৰে’লপথে সেই সমস্যা দূৰীকৰণত সহায়ক হিচাপে বিবেচিত হ’ব৷

বন্ধুসকল, যেতিয়া কোনো অঞ্চলত যোগাযোগ ব্যৱস্থাৰ উত্তৰণ হয় তেতিয়া তাৰে জনতাৰ জীৱন সহজ হৈ পৰে, নিয়োজনৰ সুবিধাৰ সৃষ্টি হয়৷ পৰ্যটনো বিকশিত হয়৷ লেহ-লাডাখ আধ্যাত্মিক, কলা, সংস্কৃতি, প্ৰকৃতিৰ সৌন্দৰ্যতা আৰু দুঃসাহসিক ক্ৰীড়াৰ বাবে প্ৰসিদ্ধ অঞ্চল৷ ইয়াৰ পৰ্যটনৰ বিকাশৰ বাবে চৰকাৰে আন এটা পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি ইয়াত পাঁচটা নতুন ট্ৰেকিং পথ মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ কেন্দ্ৰ চৰকাৰে এই পথসমূহৰ সুৰক্ষিত আঞ্চলিক অনুমোদনৰ বৈধতা সাত দিনৰ পৰা বৃদ্ধি কৰি ১৫ দিনলৈ কৰিছে৷ ইয়ালৈ অহা পৰ্যটকে শান্তিৰে দীৰ্ঘসময়ৰ বাবে নিজৰ ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে অঞ্চলটোৰ যুৱ প্ৰজন্মৰো নিয়োজন বৃদ্ধি হ’ব৷

বন্ধুসকল, মোক কোৱা হৈছে যে এইবাৰ ৩ লাখতকৈও অধিক পৰ্যটক ইয়ালৈ আহিছে আৰু প্ৰায় ১ লাখ লোকে কাৰ্গিল পৰিদৰ্শন কৰিছে৷ এফালৰ পৰা চাবলৈ গ’লে কাশ্মীৰলৈ যিমানবোৰ পৰ্যটক আহিছে তাৰে অৰ্ধেক অংশই এই ক্ষেত্ৰলৈ আহিছে৷ সেই দিন দূৰ নহয় যেতিয়া লেহ-লাডাখৰ পৰ্যটন উদ্যোগে আকাশ স্পৰ্শ কৰিব৷

ভাতৃ আৰু ভগ্নীসকল, কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশতে বিকাশৰ পঞ্চধাৰা অৰ্থাৎ ল’ৰা-ছোৱালীৰ শিক্ষা, যুৱপ্ৰজন্মৰ উপাৰ্জন, বয়স্ক ব্যক্তিৰ ঔষধ, কৃষকৰ সিঞ্চন আৰু জনতাৰ আগ্ৰহক সুনিশ্চিত কৰাৰ বাবে উঠি-পৰি লাগিছে৷ এয়া লেহ-লাডাখ আৰু কাৰ্গিলতো এই সকলো সুবিধাক সৱলীকৰণ কৰাৰ দিশতো প্ৰয়াস চলিব ধৰিছে৷ লাডাখত মুঠ জনসংখ্যাৰ ৪০ শতাংশই হ’ল যুৱ শিক্ষাৰ্থী৷ আপোনালোকে দীৰ্ঘসময়ৰ ইয়াত এখন বিশ্ববিদ্যালয়ৰ বাবে দাবী কৰি আছিল৷ আজি আপোনালোকৰ এই দাবী পূৰণ কৰা হৈছে আৰু ইয়াৰ বাবে মই বিশেষকৈ যুৱসমাজক অশেষ অভিনন্দন জনাইছো৷ আজি এয়া ক্লাষ্টাৰ বিশ্ববিদ্যালয় মুকলি কৰা হৈছে৷ শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে লেহ আৰু কাৰ্গিলত ইয়াৰ প্ৰশাসনিক কাৰ্যালয় মুকলি কৰা হ’ব৷

বন্ধুসকল, লেহ-লাডাখ দেশৰ সেই অংশত অৱস্থিত য’ত অনুসূচীত জনজাতিৰ ভাই-ভনীসকল অধিক সংখ্যাত বসবাস কৰে৷ দুদিন পূৰ্বে কেন্দ্ৰ চৰকাৰে বাজেট প্ৰস্তুত কৰিছে৷ ইয়াত অনুসূচীত জাতি, জনজাতিৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে বাজেটত প্ৰায় ৩০ শতাংশ আৱণ্টন বৃদ্ধি কৰা হৈছে৷ দলিতৰ বিকাশৰ বাবে প্ৰায় ৩৫ শতাংশতকৈ অধিক আৱণ্টন এইবাৰৰ বাজেটত কৰা হৈছে৷ বাজেটত অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে ১১ হাজাৰ কোটি টকাৰ অধিক ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ দ্বাৰা এতিয়া শিক্ষা, স্বাস্থ্য আৰু অন্য সুবিধাসমূহো বৃদ্ধি হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, কেন্দ্ৰ চৰকাৰ দেশৰ সেইসমূহ নাগৰিকক বিকাশৰ মুখ্যধাৰাৰ সৈতে জড়িত কৰাৰ প্ৰয়াস কৰিছে যিয়ে বিকাশৰ পূৰ্ণ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এই বাজেটত চৰকাৰে অঘৰী সম্প্ৰদায়ৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই লোকসকলে নিজৰ জীৱনশৈলীৰ বাবে, কেতিয়াবা বতৰৰ বাবে এটা স্থানত অধিক সময়ৰ বাবে থাকিব নোৱাৰে৷ এওঁলোকলৈ চৰকাৰী যোজনাৰ লাভ প্ৰদান কৰাটো অতিশয় কঠিন হৈ পৰে৷ এওঁলোকৰ বাবে চৰকাৰে কল্যাণ বিকাশ ব’ৰ্ড গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে চৰকাৰে যি বিকাশৰ কাৰ্যসূচীৰ দিশত অগ্ৰসৰ হৈছে, সেই বিকাশৰ লাভ এই পৰিয়ালসকলে যাতে শীঘ্ৰে লাভ কৰিব পাৰে৷ এওঁলোক কোন…সাপ নচুওৱা, নাচনীয়াৰ আৰু গৰুগাড়ীত ঘূৰি ফুৰা লোহাৰসকল… সম্পূৰ্ণ অঘৰী৷ এওঁলোক একেটা স্থানতে নাথাকে, নিজৰ পশুধনক লৈ এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰে৷ নিজৰ পুৰণি স্থান আহি পাবলৈ দুবছৰ পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়৷ এনে পৰিয়ালসমূহৰ বাবে চিন্তা কৰাৰ সন্দৰ্ভত আমি এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷

বন্ধুসকল, ইয়াৰোপৰি বাজেটত দেশৰ কৃষকসকলৰ বাবেও ঐতিহাসিক ঘোষণা চৰকাৰে কৰিছে৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি হ্ৰস্বকালীনত যাক কোৱা হোয় প্ৰধানমন্ত্ৰী কিষাণ, এই যোজনাৰ লাভ লেহ-লাডাখৰ অনেক কৃষক পৰিয়ালে লাভ কৰিব৷ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল কৃষকৰ ওচৰত পাঁচ কঠাতকৈ কম ভূমি আছে আৰু ইয়াততো প্ৰায় এনেকুৱাই…পাঁচ কঠাতকৈ কম ভূমি থকা লোকসকলৰ…তেওঁলোকৰ বেংকৰ একাউণ্টত পোনে পোনে প্ৰতি বছৰে ৬ হাজাৰ টকা দিল্লী…কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা জমা হ’ব৷ এয়া দুই-দুই হাজাৰৰ তিনিটা কিস্তিত পোৱা যাব৷ ঋতুৰ ভিত্তিত এয়া হিচাপ কৰা হৈছে৷ ইয়াত প্ৰথম কিস্তিটো অতি শীঘ্ৰে প্ৰদান কৰাৰ বাবে মই প্ৰয়াস কৰিছো৷ আৰু সেইবাবে মই দেশৰ সকলো ৰাজ্য চৰকাৰক এই সংক্ৰান্তত নিৰ্দেশনা আজিয়েই প্ৰেৰণ কৰিম৷ এইদৰে সূচনা প্ৰেৰণ কৰা হ’ব যে আপোনালোকৰ ইয়াৰ কৃষক…তেওঁলোকৰ সূচী….তেওঁলোকৰ আধাৰ নম্বৰ অতি শীঘ্ৰেই প্ৰেৰণ কৰক যাতে তেওঁলোকৰ একাউণ্টত ধন জমা কৰিব পাৰি৷ আৰু এনেকুৱা নহয় যে প্ৰথমে কথা ক’লো…পিছত প্ৰতিশ্ৰুতি দিলো… এনেকুৱা নহয়.. মই এয়া প্ৰণয়ন কৰিব লাগিব৷ আৰু ৰাজ্যসমূহৰ প্ৰশাসনিক যন্ত্ৰ যিমানেই সক্ৰিয় হ’ব সিমানেই ক্ষীপ্ৰতাৰে লাভ পাব৷

আৰু ইয়াৰ জৰিয়তে আলু, মটৰ, কবিৰ উৎপাদকসকল উৎসাহিত হ’ব৷ ইয়াৰ কবিৰ কথা মোৰ ভালকৈয়ে মনত আছে৷ মই যেতিয়া ইয়াত সংগঠনত কাম কৰিছিলো তেতিয়া দিল্লীৰ পৰা নিতৌ অহা-যোৱা কৰিছিলো৷ তেতিয়া মোৰ পৰিচিত কাৰ্যকৰ্তাই মোক কৈছিল যে আপোনাৰ অহা-যোৱাৰ খৰচ আমি দিম, কেৱল আমাৰ বাবে কবি লৈ আনিব৷ আৰু মইও ইয়াৰ পৰা বহু শাক-পাচলি লৈ গৈছিলো৷ আৰু এই নতুন যোজনাৰ বাবে মই সঁচাকৈয়ে কৈছো যে এয়া এক অদভূত যোজনা৷ তেওঁলোকে অধিক লাভান্বিত হ’ব৷ আৰু যিসকল লোক দিল্লীৰ এয়াৰ কণ্ডিচনাৰ কোঠালিত বহে তেওঁলোকে গম নাপায়৷ দুৰ্গম পাহাৰত, মৰুভূমিত থকা দৰিদ্ৰ কৃষকসকলৰ বাবে ছয় হাজাৰ টকা বহুত৷ এয়াৰ কণ্ডিচনাৰ কোঠালিত বহা মানুহসমূহে এই কথা গম নাপায়৷ তেওঁলোকে বুজিয়েই নাপায়৷

এই নতুন যোজনাৰ বাবে মই দেশৰ সমগ্ৰ কৃষকক অভিনন্দন জ্ঞাপন কৰিছো৷

বন্ধুসকল, লেহ, লাডাখ, কাৰ্গিল ভাৰতৰ শিৰস্ত্ৰাণস্বৰূপ৷ মা ভাৰতীৰ এই মুকুট আমাৰ গৌৰৱস্বৰূপ৷ বিগত চাৰে চাৰি বৰ্ষত এই অঞ্চলটো আমাৰ বিকাশৰ প্ৰাথমিকতাৰ কেন্দ্ৰস্বৰূপ হৈ আছে৷ মই সুখী যে লাডাখ স্বায়ত্ব পৰিষদ পাহাৰী বিকাশ আয়োগ আইনৰ পৰিৱৰ্তন কৰা হৈছে৷ আৰু আয়োগক ব্যয়ৰ সৈতে জড়িত বিষয়সমূহত অধিক স্বাধীনতা প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা আয়োগে গুৰুত্বপূৰ্ণ বিষয়সমূহত অধিক সংবেদনশীলতাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব৷

বন্ধুসকল, কেন্দ্ৰ চৰকাৰ সকলোৰে সৈতে সকলোৰে বিকাশৰ ওপৰত কাম কৰি আছে৷ দেশৰ যিকোনো ব্যক্তি, যিকোনো অঞ্চল যাতে বিকাশৰ স্পৰ্শহীন নহয় তাৰ বাবে যোৱা চাৰে চাৰি বছৰৰ পৰা দিনে-ৰাতিয়ে কাম কৰি আছো৷

মই ইয়াৰে জনতাক প্ৰত্যয়িত কৰিব বিচাৰিছো যে লাডাখ কাৰ্গিলৰ কোনো অংশ যাতে বাকী নাথাকে৷ কেন্দ্ৰ চৰকাৰৰ আমাৰ মিত্ৰসকলে বহু দীঘল তালিকা পঢ়িলে, মই ইমান ভিতৰলৈ নাযাও৷ কিন্তু মই ইয়াৰ সকলোৰে পৰিচিত আৰু মোৰ আটাইতকৈ ডাঙৰ লাভ হ’ল মই এনে এক প্ৰধানমন্ত্ৰী যি ভাৰতৰ প্ৰতিটো কোণলৈ গৈছো৷ সেয়ে মই ভালকৈ জানো৷ কেন্দ্ৰ চৰকাৰে আপোনালোকৰ আশা আৰু আকাংক্ষাক ভালকৈয়ে সন্মান কৰে৷ আজিৰ এই আধাৰশিলা স্থাপন আৰু লোকাৰ্পণ তাৰেই এক প্ৰয়াস৷

পুনৰবাৰ জীৱনক সহজ কৰি তোলাৰ সকলো যোজনাৰ বাবে আপোনাক অলেখ শুভকামনা জনাইছো৷ শীতৰ এই বতৰতো আপোনালোকে দূৰ দুৰণিৰ পৰা মোক আশীৰ্বাদ দিয়াৰ বাবে আহিছে, বৃহৎ সংখ্যাত উপস্থিত হৈছে৷ ইয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো৷ মোৰ সৈতে সমগ্ৰ শক্তিৰে কওক….

ভাৰত মাতাৰ জয়…

ভাৰত মাতাৰ জয়…

ভাৰত মাতাৰ জয়…

ভাৰত মাতাৰ জয়…

বহুত বহুত ধন্যবাদ

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today’s projects will further strengthen the logistics system of Eastern India: PM Modi in Kolkata, West Bengal
March 14, 2026
These initiatives will boost connectivity and improve the quality of life for people: PM
Today, a vigorous nationwide campaign to modernise railways is underway, and we are determined that West Bengal should not be left behind in this effort: PM
The central government is rapidly expanding the railway infrastructure in West Bengal: PM
Ports like Kolkata and Haldia have long been major centers of trade in Eastern India: PM
Mechanisation at the Haldia Dock Complex will speed up cargo operations, enhance port capacity and strengthen trade facilities: PM

राज्यपाल श्रीमान आर एन रवि जी, केंद्र में मेरे सहयोगी शांतनु ठाकुर जी, सुकांता मजूमदार जी, पश्चिम बंगाल के नेता विपक्ष शुभेंदु अधिकारी जी, संसद में मेरे साथी शॉमिक भट्टाचार्य जी, अन्य जनप्रतिनिधिगण, देवियों और सज्जनों,

 आज कोलकाता की धरती से पश्चिम बंगाल और पूर्वी भारत के विकास का नया अध्याय लिखा जा रहा है। सड़क, रेलवे और पोर्ट इंफ्रास्ट्रक्चर, इनसे जुड़ी 18 हजार करोड़ रुपए से अधिक, 18 हजार करोड़ रुपए से अधिक की परियोजनाओं का शिलान्यास और लोकार्पण हुआ है। यह प्रोजेक्ट्स पश्चिम बंगाल और पूर्वी भारत को नई रफ्तार देंगे, इनसे व्यापार और उद्योग को बढ़ावा मिलेगा, लाखों लोगों का जीवन आसान होगा, उन्हें नए अवसर मिलेंगे, खड़गपुर–मोरेग्राम एक्सप्रेसवे के पूरा होने से पश्चिम बंगाल के अनेक हिस्सों में आर्थिक गतिविधियां तेज होंगी। दुबराजपुर बाईपास, कांग्सावती, शीलावती नदियों पर बनने वाले बड़े पुल और इनसे भी कनेक्टिविटी बेहतर होगी। मैं इन परियोजनाओं के लिए पश्चिम बंगाल समेत पूरे पूर्वी भारत के लोगों को बहुत-बहुत बधाई देता हूं। 

साथियों,

आज देश में रेलवे को आधुनिक बनाने का तेज अभियान चल रहा है। हमारा यह संकल्प है कि पश्चिम बंगाल इस अभियान में पीछे न रहे! इसलिए, केंद्र सरकार, पश्चिम बंगाल के रेलवे इंफ्रास्ट्रक्चर का भी तेज विस्तार करने के लिए प्रयास कर रही है। आज कलाईकुंडा और कानिमहुली सेक्शन में ऑटोमेटिक ब्लाक सिग्नलिंग प्रणाली को भी राष्ट्र को समर्पित किया गया है। इनसे व्यस्त रेल मार्ग की क्षमता बढ़ेगी, यात्रा सुरक्षित होगी, साथ ही, यात्रियों के लिए स्पीड और सुविधा भी बढ़ेगी।

साथियों,

आज कामाख्या गुड़ी, अनारा, तमलुक, हल्दिया, बराभूम और सिउड़ी, इन छह स्टेशनों का अमृत स्टेशन के तौर पर उद्घाटन हुआ है। हमारे बंगाल की महान संस्कृति की झलक अब इन स्टेशनों पर और भी निखर कर आ रही है। अभी यहां कई और स्टेशनों का भी पुनर्विकास किया जा रहा है। पुरुलिया और आनंद विहार टर्मिनल के बीच नई एक्सप्रेस ट्रेन सेवा को भी हरी झंडी दिखाई गई है। इस ट्रेन सेवा का लाभ पश्चिम बंगाल के साथ झारखंड, बिहार, उत्तर प्रदेश और दिल्ली के लोगों को भी मिलेगा।

साथियों,

सड़क और रेल कनेक्टिविटी जितनी महत्वपूर्ण है, उतनी ही अहम भूमिका पोर्ट और वाटर ट्रांसपोर्ट भी निभाते हैं। दशकों तक, पूर्वी भारत के इस सामर्थ्य की बड़ी उपेक्षा हुई है। लेकिन, आज वॉटरवेज व्यापार और औद्योगिक प्रगति के नए रास्ते खोल रहे हैं। इसी दिशा में, आज पोर्ट इंफ्रास्ट्रक्चर से जुड़ी अहम परियोजनाओं का शिलान्यास और लोकार्पण हुआ। कोलकाता और हल्दिया जैसे बंदरगाह लंबे समय से पूर्वी भारत में व्यापार के प्रमुख केंद्र रहे हैं। हल्दिया डॉक कॉम्प्लेक्स, इसका मशीनीकरण हो रहा है। इससे कार्गो ऑपरेशन और तेज होगा, बंदरगाह की क्षमता बढ़ेगी और व्यापार के लिए नई सुविधाएं तैयार होंगी। कोलकाता डॉक सिस्टम में बास्कुल ब्रिज का रिनोवेशन भी किया जा रहा है। खिदिरपुर डॉक में कार्गो हैंडलिंग क्षमता बढ़ाने पर भी हमारा जोर है। इन सभी परियोजनाओं से पूर्वी भारत का लॉजिस्टिक सिस्टम और मजबूत होगा।

साथियों,

सड़क, रेल और पोर्ट से जुड़ी नई-नई परियोजनाएं, यह पश्चिम बंगाल के आधुनिक भविष्य के लिए नया रास्ता खोल रही हैं। इसका फायदा किसान, व्यापारी, उद्यमी, स्टूडेंट्स, हर किसी को मिलेगा। पर्यटन जैसे सेक्टर्स में भी नए अवसर पैदा होंगे। स्थानीय उद्योग और सेवाओं को गति मिलेगी। हमारा संकल्प है, बंगाल ने हमेशा जिस तरह भारत को दिशा दिखाई है, बंगाल एक बार फिर ‘विकसित बंगाल’ बनकर उस गौरव को हासिल करे। मुझे पूरा विश्वास है, मजबूत कनेक्टिविटी और आधुनिक इंफ्रास्ट्रक्चर, यह विकसित बंगाल की बुनियाद बनेंगे। इसी कामना के साथ, मैं एक बार फिर आप सभी को इन विकास परियोजनाओं के लिए बहुत-बहुत बधाई देता हूं। अब यह सरकारी कार्यक्रम पूरा होते ही मैं जरा खुले मैदान में जाऊंगा, वहां पूरा बंगाल आज इकट्ठा हुआ है, मुझे पूरे बंगाल के दर्शन होने वाले हैं और बहुत महत्वपूर्ण विषयों की चर्चा बंगाल की जनता जनार्दन के बीच में करूंगा। इस कार्यक्रम में इतना काफी है।

बहुत-बहुत धन्यवाद!

बहुत-बहुत शुभकामनाएं!