PM Modi launches projects pertaining to Patna metro, construction of ammonia-urea complex at Barauni and extension LPG pipe network to Patna and Muzaffarpur
I feel the same fire in my heart that’s burning inside you, says PM Modi in Bihar referring to the anger and grief in the country after the terror attack in Pulwama
Our aim is to uplift status of those struggling to avail basic amenities: PM

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

মঞ্চত উপৱিষ্ট সকলো মহানুভৱ তথা বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

আপোনালোকে ইয়ালৈ ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিয়াৰ বাবে উপস্থিত হৈছে, এইবাৰে মই আপোনালোকক শিৰ দোৱাই অভিনন্দন জনাইছো৷ মই দেখিবলৈ পাইছো যে ভিডিঅ’ৰ মাধ্যমৰ জৰিয়তেও পাটনাৰ পৰা অনেক লোক ইয়াত জড়িত হৈছে৷ পাটনা আৰু হাজাৰিবাগত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত উপস্থিত থকা লোকসকলক মই প্ৰণাম জনাইছো৷

বন্ধুসকল, আদি কুম্ভস্থলী সিমৰিয়া ধাম য’ত আছে, বিহাৰ কেশৰী শ্ৰী কৃষ্ণ সিঙে য’ত সত্যাগ্ৰহ কৰিছে, ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ দৰে মনিষীক যিয়ে প্ৰদান কৰিছে, সেই বেগুচৰাইৰ, বিহাৰৰ পবিত্ৰ ভূমিক মই প্ৰণাম জনাইছো৷ মই দেশৰ বাবে বলিদান দিয়া শ্বহীদ কনিষ্টবল সঞ্জয় কুমাৰ সিনহা আৰু ভাগলপুৰৰ শ্বহীদ ৰত্ন কুমাৰ ঠাকুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ সংবেদনা প্ৰকাশ কৰিছো৷ আৰু মই অনুভৱ কৰিছো আপোনালোকৰ আৰু দেশবাসীৰ হৃদয়তে কেনেকুৱা জুই জ্বলিছে৷ যি জুই আপোনালোকৰ হৃদয়ত আছে সেয়া মোৰ হৃদয়তো আছে৷ আজি জননায়ক কৰ্পুৰী ঠাকুৰজীৰো পুণ্য তিথি৷ সামাজিক ন্যায়ৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰা কৰ্পুৰী বাবুৰ আশীৰ্বাদ যাতে আমাৰ শিৰত বৰষি ৰয় সেই কামনাৰে সৈতে মই তেওঁলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো৷

বন্ধুসকল, আজি বিহাৰৰ সামূহিক বিকাশৰ বাবে হাজাৰ কোটিৰ প্ৰায় ডজনসংখ্যক প্ৰকল্পৰ লোকাৰ্পণ, উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াত পাটনা আৰু এই চহৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ প্ৰকল্পও আছে৷ বিহাৰৰ ঔদ্যোগিক বিকাশ আৰু যুৱ প্ৰজন্মক কৰ্ম সংস্থাপনৰ সৈতে জড়িত কৰাৰ প্ৰকল্পও ইয়াত আছে তথা বিহাৰৰ প্ৰতিজন ব্যক্তিৰ বাবে স্বাস্থ্যৰ সুবিধা প্ৰদান কৰা প্ৰকল্পও ইয়াত আছে৷ এইসমূহ প্ৰকল্পৰ বাবে মই আপোনালোক সকলোকে, নীতিশ বাবু তথা তেওঁৰ সমগ্ৰ দলটোক অশেষ অভিনন্দন জনাইছো৷ আজি আমাৰ মাজত ভোলা বাবু থাকিলে তেওঁ অধিক প্ৰসন্ন হ’লহেঁতেন৷

বন্ধুসকল, যিদৰে ভাৰতৰ পশ্চিম প্ৰান্তত আৰ্থিক গতিবিধি অধিক হয়, তাৰ সমকক্ষ হ’ব, মইতো ইয়াকো ক’ম যে তাৰো ঊৰ্ধলৈ যোৱাৰ ক্ষমতা আমাৰ বিহাৰ আৰু পূব ভাৰতৰ আছে৷ যিদৰে এনডিএ চৰকাৰে বিহাৰসহিতে পূব ভাৰতৰ বিকাশৰ বাবে, আধুনিক আন্তঃগাঁথনিৰ বাবে এটাৰ পিছত এটাকৈ প্ৰকল্প আৰম্ভ কৰি আছে, সেইদিন বেছি দূৰ নহয় যেতিয়া এই অঞ্চলটো দেশৰ বিকাশক অগ্ৰগতি প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিগণিত হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, বিহাৰসহিতে পূব ভাৰতৰ কায়াকল্প নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰ সৈতে সূচনা কৰা অনেক যোজনাৰ ভিতৰত এটা প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাও আছে৷ এই যোজনাৰ জৰিয়তে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু উৰিষ্যাত গেছ পাইপ লাইনৰ সৈতে সংযোজিত কৰা হৈছে৷ এই যোজনাৰ প্ৰথম পৰ্যায়ত জগদীশপুৰ-হালদিয়া পাইপ লাইনৰ পাটনা-ফুলপুৰ অংশৰ লোকাৰ্পণো কিছুদেৰী পূৰ্বে কৰা হৈছে৷ আপোনালোকৰ মনত আছে যে প্ৰায় চাৰে তিনিবছৰ পূৰ্বে ২০১৫ চনৰ জুলাই মাহত পাটনাৰ পৰাই মই ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলো৷ গেছ পাইপ লাইনৰ সুবিধা বৃদ্ধি কৰি হালদিয়া-দুৰ্গাপুৰ এলপিজি পাইপ লাইনৰো বিস্তাৰ মুজফ্ফৰপুৰ আৰু পাটনালৈ কৰা হৈছে৷ আজি ইয়াৰো আধাৰশিলা স্থাপন কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, এই প্ৰকল্পৰ দ্বাৰা তিনিটা ডাঙৰ কাম একে লগতে সমাধা হ’ব৷ প্ৰথমে ইয়াত যি বাৰাউনীত সাৰ কাৰখানাৰ পুনৰাম্ভ কৰা হৈছে, তাৰ বাবে গেছৰ সুবিধা উপলব্ধ হ’ব; দ্বিতীয়তে- পাটনাত পাইপৰ জৰিয়তে ঘৰে ঘৰে গেছ যোগানৰ কাম হ’ব৷ পেট্ৰ’ল-ডিজেলৰ পৰিৱৰ্তে চিএনজিৰে গাড়ী চলিব৷ পাটনাত চিটী গেছ বিতৰণ প্ৰকল্পৰো উদঘাটন কৰা হৈছে৷ ইয়াৰ দ্বাৰা সহস্ৰাধিক পৰিয়ালে পাইপযুক্ত গেছৰ চুলা ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব৷ এই প্ৰকল্পৰ দ্বাৰা তৃতীয়টো লাভ এয়াই হ’ব যে যেতিয়াই উদ্যোগসমূহে পৰ্যাপ্ত পৰিমাণে গেছ লাভ কৰিব, তাৰ দ্বাৰা গেছভিত্তিক অৰ্থনীতিৰ নতুন পৰিস্থিতিতন্ত্ৰ বিকশিত হ’ব, যুৱ প্ৰজন্মই কৰ্ম সংস্থাপনৰ নতুন সুবিধা লাভ কৰিব, অৰ্থাৎ এক প্ৰকাৰে উৰ্জা গংগা পৰিযোজনাৰ দ্বাৰা ইয়াৰ জনতাই বিশেষকৈ মধ্যবিত্ত লোকসকলৰ জীৱনলৈ বৃহৎ পৰিৱৰ্তন আহিব৷ চিএনজিৰ দ্বাৰা গাড়ী চালকসকলৰ ব্যয় কম হ’ব আৰু পেট্ৰ’ল-ডিজেলৰ ব্যয়ো কম হ’ব৷ তাৰোপৰি পৰিবেশৰ ওপৰতো ধনাত্মক প্ৰভাৱ পৰিব৷

বন্ধুসকল, বাৰাউনীৰ এই সাৰ কাৰখানা ইয়াৰেই সন্তান তথা বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী ডাক্টৰ শ্ৰীকৃষ্ণ সিংহজীৰ প্ৰতি আমাৰ এক নম্ৰ শ্ৰদ্ধাঞ্জলি৷ তেওঁ ইয়াক স্থাপন কৰাৰ বাবে অনেক প্ৰয়াস কৰিছিল কিন্তু পুৰণি প্ৰযুক্তিৰ ফলত ই বন্ধ হৈ গ’ল৷ এতিয়া ইয়াত গেছ যোগান সহজ হৈ পৰাত ইয়াক গেছ আধাৰিত উদ্যোগ হিচাপে নিৰ্মাণ কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, বাৰাউনীৰ উপৰিও গোৰখপুৰ, সিন্ধ্ৰী আৰু উৰিষ্যাৰ তালচৰতো এনেধৰণৰ কাৰখানা পুনৰ্জীৱিত কৰাৰ কাম দ্ৰুত গতিত চলিবলৈ ধৰিছে৷ এই সকলোবোৰ সম্ভৱ হোৱাৰ অন্তৰালত আছে প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনা৷

বন্ধুসকল, এই বিভিন্ন সাৰ কাৰখানাৰ দ্বাৰা ইয়াৰে কৃষক ভাতৃসকলে পৰ্যাপ্ত পৰিমাণে সাৰ পোৱাৰ উপৰিও যুৱ প্ৰজন্মই ন ন কৰ্ম সংস্থাপনো লাভ কৰিব পাৰিব৷ আমাৰ কৃষক ভাতৃ-ভগ্নীসকলৰ বাবে এই বাজেটত চৰকাৰে এক ঐতিহাসিক যোজনাৰ ঘোষণা কৰিছে৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাৰ অধীনত অনাগত ১০টা বৰ্ষত চাৰে সাত লাখ কোটি টকা কৃষকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে জমা কৰা হ’ব৷ ইয়াৰে এক বৃহৎ লাভ বিহাৰৰ কৃষকসকলেও লাভ কৰিব৷ চিন্তা কৰক, যেতিয়া ইমান বৃহৎ ৰাশি দেশৰ গ্ৰামীণ ব্যৱস্থাত, গ্ৰামীণ অৰ্থব্যৱস্থাত প্ৰত্যক্ষভাৱে জমা হ’ব, বিনা মধ্যভোগীৰ হস্তক্ষেপৰ দ্বাৰা, তেন্তে গাঁওসমূহে, গাঁৱৰ বাসিন্দাসকলে কিমান সকাহ পাব৷

ভাতৃ আৰু ভগ্নীসকল, যেতিয়া কোনো উদ্যোগ স্থাপন হয় তেতিয়া নিকটৱৰ্তী অঞ্চলত কৰ্ম সংস্থাপনৰ এক পৰিবেশৰ সৃষ্টি হয় আৰু ইয়াৰ দ্বাৰা বিহাৰৰ সৈতে সমগ্ৰ পূব ভাৰতেই লাভান্বিত হ’ব৷ সেইদৰে বাৰাউনীৰ শোধনাগাৰৰো প্ৰসাৰণৰ দ্বাৰা ইয়াত খাৰুৱা তেলৰ শোধন ক্ষমতা বৃদ্ধি হ’ব আৰু বিহাৰৰ সৈতে নেপাল পৰ্যন্ত পেট্ৰ’লিয়ামৰ সৈতে জড়িত সামগ্ৰী সহজে উপলব্ধ হ’ব৷

বন্ধুসকল, আমাৰ চৰকাৰৰ দ্বাৰা যোগাযোগ ব্যৱস্থা সুদৃঢ়কৰণ কৰাতো গুৰুত্ব প্ৰদান কৰা হৈছে৷ আজি ইয়াৰ পৰা ৰাঁচী-পাটনা সাপ্তাহিক এক্সপ্ৰেছক সেউজীয়া পতাকা প্ৰদৰ্শন কৰা হৈছে৷ ইয়াৰোপৰি বাৰাউনী-কুমেদপুৰ, মুজফ্ফৰপুৰ-ৰক্সোল, ফতুহা-ইছলামপুৰ, বিহাৰ শ্বৰীফ-দানিয়াবান ৰে’ল লাইনসমূহৰ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ কৰা হৈছে৷

বন্ধুসকল, ৰে’লৰ সৈতে আমি চহৰসমূহতো ট্ৰেফিক ব্যৱস্থাৰ উত্তৰণ কৰি আছো৷ মই পাটনাৰ বাসিন্দাসকলক অশেষ অভিনন্দন জনাইছো কিয়নো পাটলিপুত্ৰ এতিয়া মেট্ৰ’ ৰে’লৰ সৈতে জড়িত হ’ব৷ ১৩ হাজাৰ কোটি টকাতকৈও অধিক এই প্ৰকল্পক বৰ্তমানৰ সৈতে ভবিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ প্ৰদান কৰি বিকশিত কৰা হৈছে৷ এই বিকশিত মেট্ৰ’ প্ৰকল্পৰ দ্বাৰা পাটনা চহৰৰ উন্নতি হোৱাৰ লগতে নতুন দিশত অগ্ৰসৰ হ’ব৷ ইয়াৰ সৈতে পাটনা ৰিভাৰ ফ্ৰণ্টৰ উন্নয়নৰ দ্বাৰা পাটনাত থকা লোকসকল আৰু ইয়ালৈ অহা পৰ্যটকসকলে নতুন অভিজ্ঞতা লাভ কৰিব৷

বন্ধুসকল, এনডিএ চৰকাৰৰ যোজনাৰ বীক্ষণ আৰু আমাৰ বিকাশৰ যাত্ৰা দুটা লাইনত একেসময়তে অগ্ৰসৰ হৈছে৷ প্ৰথম লাইনত আছে আন্তঃগাঁথনিৰ সৈতে জড়িত যোজনাসমূহ- ঔদ্যোগিক বিকাশ, জনতাক আধুনিক সুবিধা প্ৰদান; আৰু দ্বিতীয়টো লাইনত আছে- সেই বঞ্চিত, শোষিত, পীড়িতসকলৰ জীৱন সহজ কৰি তোলা, যিসকলে বিগত ৭০ বছৰ ধৰি মুলভূত সুবিধাসমূহৰ বাবে সংঘৰ্ষ কৰি আছে, সেই সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ আমাৰ সেই ভাই-ভনীসকলৰ বাবে পকী ঘৰ নিৰ্মাণ কৰা, তেওঁলোকৰ পাকঘৰ ধোঁৱাৰ পৰা মুক্ত কৰা, গেছৰ সংযোগ প্ৰদান কৰা, তেওঁলোকৰ ঘৰ বিদ্যুতৰ দ্বাৰা পোহৰ কৰা, শৌচালয়ৰ নিৰ্মাণ, তেওঁলোকক চিকিৎসাৰ সুবিধা প্ৰদান কৰা, ঔষধৰ খৰচৰ পৰা মুক্ত কৰা, কন্যাৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা, এনেকুৱা অনেক যোজনা আমাৰ চৰকাৰে চলাইছে৷ নতুন ভাৰতৰ পথ এই দুটা লাইনৰ মাজেৰেই পাৰ হয়৷ কেন্দ্ৰ চৰকাৰৰ আৱাস যোজনাৰ অধীনত বিহাৰত দুখীয়া লোকৰ বাবে ১৮ লাখতকৈও অধিক গৃহ নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ ৫০ হাজাৰতকৈও অধিক ইয়াতে, বেগুচৰাইত নিৰ্মাণ হৈছে৷

সেইদৰে অমৃত অভিযানৰ অধীনত বিহাৰৰ ২৭খন চহৰ যেনে- আৰা, হাজীপুৰ, পাটনা, সাসাৰাম, মোতিহাৰী, ভাগলপুৰ, মুংগেৰ, সিৱান আদিক আধুনিক সুবিধাৰ সৈতে সংযোজিত কৰা হৈছে৷ আজিও পাটনাৰ সৈতে বিহাৰৰ অন্য চহৰৰ বাবে খোৱা পানী, শৌচালয়ৰ পৰা পানীৰ নিষ্কাশনৰ বাবে স্বচ্ছতাৰ সৈতে জড়িত ২২টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ ঠিক সেইদৰে কৰমালীচক, বাড়, চুলতানগঞ্জ আৰু নৌগঠিয়াৰ বাবে নৰ্দমাৰ নেটৱৰ্ক আৰু দূষিত পানীৰ পৰিষ্কাৰকৰণৰ সৈতে জড়িত প্ৰকল্প যেতিয়া সম্পূৰ্ণ হৈ উঠিব তেতিয়া ইয়াৰ দ্বাৰা নমামি গংগেৰ দৰে অভিযানৰ সৱলীকৰণ হ’ব৷ আমাৰ এই চহৰো পৰিষ্কাৰ হৈ থাকিব, ইয়াৰ পানীও পৰিষ্কাৰ হৈ থাকিব৷

ভাতৃ আৰু ভগ্নীসকল, গেছভিত্তিক অৰ্থব্যৱস্থাই হওক, যোগাযোগ ব্যৱস্থাই হওক, স্মাৰ্ট চিটীয়েই হওক, গংগাজীৰ পৰিষ্কাৰকৰণৰ কথাই হওক, এনেকুৱা সমগ্ৰ ব্যৱস্থাৰ সৈতে এনডিএ চৰকাৰে দুখীয়া আৰু মধ্যবিত্তবৰ্গৰ স্বাস্থ্যৰ ওপৰতো মনোযোগ প্ৰদান কৰিছে৷ বিহাৰত স্বাস্থ্য সেৱাৰ দৃষ্টিৰে আজিৰ দিনটো এক ঐতিহাসিক দিন৷ ছপৰা আৰু পুৰ্ণিয়াত এতিয়া নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হ’ব, ভাগলপুৰ আৰু গয়াৰ চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণ কৰা হৈছে৷ ইয়াৰোপৰি বিহাৰৰ পাটনাৰ এইমছৰ উপৰিও আৰু এখন এইমছ নিৰ্মাণৰ কাম চলি আছে৷ এই সকলো সুবিধা বিকশিত হোৱাৰ পিছত বিহাৰৰ জনতাই গুৰুতৰ ৰোগৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তা কম হৈ পৰিব৷

ভাতৃ আৰু ভগ্নীসকল, মই দুখীয়াৰ অন্তৰৰ সেই দুখ বুজি পাওঁ যেতিয়া তেওঁলোকে নিজৰ চিকিৎসা কৰিব নোৱাৰে কাৰণ তেওঁ নিজৰ ঘৰ চলাব লাগে, সন্তানক পঢ়ুৱাব লাগে৷ এনে স্থিতিত তেওঁৰ বেমাৰ আৰু গুৰুতৰ হৈ পৰে৷ দেশৰ সকলো দুখীয়া লোকক এই চিন্তাৰ পৰা মুক্ত কৰাৰ বাবে এনডিএ চৰকাৰে আয়ুষ্মান ভাৰত যোজনা প্ৰধানমন্ত্ৰী স্বাস্থ্য যোজনাৰ প্ৰণয়ন কৰিছে৷ এই যোজনাৰ দ্বাৰা দেশৰ প্ৰায় ৫০ কোটি দুখীয়া লোকৰ বাবে আশাৰ কিৰণ হৈ উঠিছে৷ ইয়াৰে পাঁচ কোটিতকৈও অধিক লোক মোৰ বিহাৰৰ৷ এই পৰ্যন্ত এই যোজনাৰ মাত্ৰ ১৫০ দিনো হোৱা নাই, ইমান কম সময়তে দেশৰ প্ৰায় ১২ লাখ দুখীয়া ভাই-ভনীয়ে ইয়াৰ দ্বাৰা বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ হৈছে৷ ইয়াত বিহাৰৰো প্ৰায় চাৰে বাৰ হাজাৰতকৈ অধিক লোকে চিকিৎসাৰ সুবিধা লাভ কৰিছে৷ অলপতে আমাৰ চৰকাৰে সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে আৰ্থিক ভিত্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাও কৰিছে৷ এয়া অন্য বৰ্গৰ সংৰক্ষণ ব্যৱস্থাৰ ক্ষতি নোহোৱাকৈ প্ৰণয়ন কৰা হৈছে৷

বন্ধুসকল, বিকাশ আু বিশ্বাসৰ এই সকলোবোৰ কাৰ্য এইবাবেই সম্ভৱ হৈছে কাৰণ আপোনালোকে চাৰে চাৰি বছৰ পূৰ্বে এক শক্তিশালী চৰকাৰৰ গঠন কৰিছিল যি সম্পূৰ্ণ ক্ষমতাৰ সৈতে দ্ৰুত গতিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, সিদ্ধান্তসমূহ প্ৰণয়ন কৰিব পাৰে৷ আৰু সেইবাবে পুনৰবাৰ আপোনালোক সকলো শুভকামনাৰ সৈতে এই বিকাশৰ যোজনাসমূহে নতুন বিহাৰৰ পৰিচয় সাব্যস্ত কৰিব, যুৱপ্ৰজন্মক কৰ্ম সংস্থাপন প্ৰদান কৰিব, কৃষকসকলৰ সৱলীকৰণ কৰিব, আৰোগ্যৰ দৃষ্টিৰে সুস্থ বিহাৰৰ সপোন বাস্তৱায়িত কৰিব৷ এই সকলোবোৰৰ বাবে আপোনালোক সকলোকে অনেক শুভকামনা যাচিছো৷ নীতিশ বাবু আৰু তেওঁৰ সমগ্ৰ দললৈ বহুত বহুত অভিনন্দন৷

বহুত বহুত ধন্যবাদ৷ মোৰ সৈতে সমস্বৰে কওক-

ভাৰত মাতাৰ-জয়

ভাৰত মাতাৰ জয়-

ভাৰত মাতাৰ জয়-

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As we build opportunities, we'll put plenty of money to work in India: Blackstone CEO Stephen Schwarzman at Davos

Media Coverage

As we build opportunities, we'll put plenty of money to work in India: Blackstone CEO Stephen Schwarzman at Davos
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s address during distribution of appointment letters under Rozgar Mela
January 24, 2026
In recent years, the Rozgar Mela has evolved into an institution and through it, lakhs of young people have received appointment letters in various government departments: PM
Today, India stands among the youngest nations in the world; Our government is consistently striving to create new opportunities for the youth of India, both within the country and across the globe: PM
Today, the Government of India is entering into trade and mobility agreements with numerous countries which will open up countless new opportunities for the youth of India: PM
Today, the nation has embarked on the Reform Express, with the purpose to make both life and business easier across the country: PM

सभी युवा साथियों, आप सबको मेरा नमस्कार! साल 2026 का आरंभ, आपके जीवन में नई खुशियों का आरंभ कर रहा है। इसके साथ ही जब वसंत पंचमी कल ही गई है, तो आपके जीवन में भी ये नई वसंत का आरंभ हो रहा है। आपको ये समय, संविधान के प्रति अपने दायित्वों से भी जोड़ रहा है। संयोग से इस समय देश में गणतंत्र का महापर्व चल रहा है। कल 23 जनवरी को हमने नेताजी सुभाष की जयंती पर पराक्रम दिवस मनाया, और अब कल 25 जनवरी को राष्ट्रीय मतदाता दिवस है, फिर उसके बाद 26 जनवरी को गणतंत्र दिवस है। आज का दिन भी विशेष है। आज के ही दिन हमारे संविधान ने ‘जन गण मन’ को राष्ट्रीय गान और ‘वंदे मातरम’ को राष्ट्रीय गीत के रूप में अपनाया था। आज के इस महत्वपूर्ण दिन, देश के इकसठ हज़ार से ज्यादा नौजवान जीवन की नई शुरुआत कर रहे हैं। आज आप सबको सरकारी सेवाओं के नियुक्ति पत्र मिल रहे हैं, ये एक तरह से Nation Building का Invitation Letter है। ये विकसित भारत के निर्माण को गति देने का संकल्प पत्र है। आप में बहुत सारे साथी, देश की सुरक्षा को मज़बूत करेंगे, हमारे एजुकेशन और हेल्थकेयर इकोसिस्टम को और सशक्त करेंगे, कई साथी वित्तीय सेवाओं और एनर्जी सिक्योरिटी को मज़बूती देंगे, तो कई युवा हमारी सरकारी कंपनियों की ग्रोथ में महत्वपूर्ण भूमिका निभाएंगे। मैं आप सभी युवाओं को बहुत-बहुत बधाई और शुभकामनाएं देता हूं।

साथियों,

युवाओं को कौशल से जोड़ना और उन्हें रोजगार-स्वरोजगार के अवसर देना, ये हमारी सरकार की प्राथमिकता रही है। सरकारी भर्तियों को भी कैसे मिशन मोड पर किया जाए, इसके लिए रोज़गार मेले की शुरुआत की गई थी। बीते वर्षों में रोज़गार मेला एक इंस्टीट्यूशन बन गया है। इसके जरिए लाखों युवाओं को सरकार के अलग-अलग विभागों में नियुक्ति पत्र मिल चुके हैं। इसी मिशन का और विस्तार करते हुए, आज देश के चालीस से अधिक स्थानों पर ये रोजगार मेला चल रहा है। इन सभी स्थानों पर मौजूद युवाओं का मैं विशेष तौर पर अभिनंदन करता हूं।

साथियों,

आज भारत, दुनिया के सबसे युवा देशों में से एक है। हमारी सरकार का निरंतर प्रयास है कि भारत की युवाशक्ति के लिए देश-दुनिया में नए-नए अवसर बनें। आज भारत सरकार, अनेक देशों से ट्रेड और मोबिलिटी एग्रीमेंट कर रही है। ये ट्रेड एग्रीमेंट भारत के युवाओं के लिए अनेकों नए अवसर लेकर आ रहे हैं।

साथियों,

बीते समय में भारत ने आधुनिक इंफ्रास्ट्रक्चर के लिए अभूतपूर्व निवेश किया है। इससे कंस्ट्रक्शन से जुड़े हर सेक्टर में रोजगार बहुत बढ़े हैं। भारत के स्टार्ट-अप इकोसिस्टम का दायरा भी तेज़ गति से आगे बढ़ रहा है। आज देश में करीब दो लाख रजिस्टर्ड स्टार्ट-अप हैं। इनमें इक्कीस लाख से ज्यादा युवा काम कर रहे हैं। इसी प्रकार, डिजिटल इंडिया ने, एक नई इकॉनॉमी को विस्तार दिया है। एनिमेशन, डिजिटल मीडिया, ऐसे अनेक क्षेत्रों में भारत एक ग्लोबल हब बनता जा रहा है। भारत की क्रिएटर इकॉनॉमी बहुत तेज़ गति से ग्रो कर रही है, इसमें भी युवाओं को नई-नई अपॉरचुनिटीज मिल रही हैं।

मेरे युवा साथियों,

आज भारत पर जिस तरह दुनिया का भरोसा बढ़ रहा है, वो भी युवाओं के लिए अनेक नई संभावनाएं बना रहा है। भारत दुनिया की एकमात्र बड़ी इकॉनॉमी है, जिसने एक दशक में GDP को डबल किया है। आज दुनिया के सौ से अधिक देश, भारत में FDI के जरिए निवेश कर रहे हैं। वर्ष 2014 से पहले के दस वर्षों की तुलना में भारत में ढाई गुना से अधिक FDI आया है। और ज्यादा विदेशी निवेश का अर्थ है, भारत के युवाओं के लिए रोजगार के अनगिनत अवसर।

साथियों,

आज भारत एक बड़ी मैन्युफेक्चरिंग पावर बनता जा रहा है। Electronics, दवाएं और वैक्सीन, डिफेंस, ऑटो, ऐसे अनेक सेक्टर्स में भारत के प्रोडक्शन और एक्सपोर्ट, दोनों में अभूतपूर्व वृद्धि हो रही है। 2014 के बाद से भारत की electronics manufacturing में छह गुना वृद्धि हुई है, छह गुना। आज ये 11 लाख करोड़ रुपए से अधिक की इंडस्ट्री है। हमारा इलेक्ट्रॉनिक्स एक्सपोर्ट भी चार लाख करोड़ रुपए को पार कर चुका है। भारत की ऑटो इंडस्ट्री भी सबसे तेजी से ग्रो करने वाले सेक्टर्स में से एक बन गई है। वर्ष 2025 में टू-व्हीलर की बिक्री दो करोड़ के पार पहुंच चुकी है। ये दिखाता है कि देश के लोगों की खरीद शक्ति बढ़ी है, इनकम टैक्स और GST कम होने से उन्हें अनेक लाभ हुए हैं, ऐसे अनेक उदाहरण हैं, जो बताते हैं कि देश में बड़ी संख्या में रोजगार का निर्माण हो रहा है।

साथियों,

आज के इस आयोजन में 8 हजार से ज्यादा बेटियों को भी नियुक्ति पत्र मिले हैं। बीते 11 वर्षों में, देश की वर्कफोर्स में वीमेन पार्टिसिपेशन में करीब-करीब दोगुनी बढ़ोतरी हुई है। सरकार की मुद्रा और स्टार्ट अप इंडिया जैसी योजनाओं का, बहुत बड़ा फायदा हमारी बेटियों को हुआ है। महिला स्व-रोजगार की दर में करीब 15 परसेंट की बढ़ोतरी हुई है। अगर मैं स्टार्ट अप्स और MSMEs की बात करूं, तो आज बहुत बड़ी संख्या में वीमेन डायरेक्टर, वीमेन फाउंडर्स हैं। हमारा जो को-ऑपरेटिव सेक्टर है, जो हमारे सेल्फ हेल्प ग्रुप्स गांवों में काम कर रहे हैं, उनमें बहुत बड़ी संख्या में महिलाएं नेतृत्व कर रही हैं।

साथियों,

आज देश रिफॉर्म एक्सप्रेस पर चल पड़ा है। इसका उद्देश्य, देश में जीवन और कारोबार, दोनों को आसान बनाने का है। GST में नेक्स्ट जेनरेशन रिफॉर्म्स का सभी को फायदा हुआ है। इससे, हमारे युवा आंत्रप्रन्योर्स को लाभ हो रहा है, हमारे MSMEs को फायदा हो रहा है। हाल में देश ने ऐतिहासिक लेबर रिफॉर्म्स लागू किए हैं। इससे, श्रमिकों, कर्मचारियों और बिजनेस, सबको फायदा होगा। नए लेबर कोड्स ने, श्रमिकों के लिए, कर्मचारियों के लिए, सामाजिक सुरक्षा का दायरा और सशक्त किया है।

साथियों,

आज जब रिफॉर्म एक्सप्रेस की चर्चा हर तरफ हो रही है, तो मैं आपको भी इसी विषय में एक काम सौंपना चाहता हूं। आप याद कीजिए, बीते पांच-सात साल में कब-कब आपका सरकार से किसी न किसी रूप में संपर्क हुआ है? कहीं किसी सरकारी दफ्तर में काम पड़ा हो, किसी और माध्यम से संवाद हुआ हो और आपको इसमें परेशानी हुई हो, कुछ कमी महसूस हुई हो, आपको कुछ न कुछ खटका हो, जरा ऐसी बातों को याद करिए। अब आपको तय करना है, कि जिन बातों ने आपको परेशान किया, कभी आपके माता पिता को परेशान किया, कभी आपके यार दोस्तों को परेशान किया, और वो जो आपको अखरता था, बुरा लगता था, गुस्सा आता था, अब वो कठिनाइयां, आपके अपने कार्यकाल में आप दूसरे नागरिकों को नहीं होने देंगे। आपको भी सरकार का हिस्सा होने के नाते, अपने स्तर पर छोटे-छोटे रिफॉर्म करने होंगे। इस अप्रोच को लेकर के आपको आगे बढ़ना है, ताकि ज्यादा से ज्यादा लोगों का भला हो। Ease of living, Ease of doing business, इसको ताकत देने का काम, जितनी नीति से होता है, उससे ज्यादा स्थानीय स्तर पर काम करने वाले सरकारी कर्मचारी की नीयत से होता है। आपको एक और बात याद रखनी है। तेज़ी से बदलती टेक्नॉलॉजी के इस दौर में, देश की ज़रूरतें और प्राथमिकताएं भी तेज़ी से बदल रही हैं। इस तेज़ बदलाव के साथ आपको खुद को भी अपग्रेड करते रहना है। आप iGOT कर्मयोगी जैसे प्लेटफॉर्म का जरूर सदुपयोग करें। मुझे खुशी है कि इतने कम समय में, करीब डेढ़ करोड़ सरकारी कर्मचारी iGOT के इस प्लेटफॉर्म से जुड़कर खुद को नए सिरे से ट्रेन कर रहे हैं, Empower कर रहे हैं।

साथियों,

चाहे प्रधानमंत्री हो, या सरकार का छोटा सा सेवक, हम सब सेवक हैं और हम सबका एक मंत्र समान है, उसमें न कोई ऊपर है, न कोई दाएं बाएं है, और हम सबके लिए, मेरे लिए भी और आपके लिए भी मंत्र कौन सा है- ‘’नागरिक देवो भव’’ ‘’नागरिक देवो भव’’ के मंत्र के साथ हमें काम करना है, आप भी करते रहिए, एक बार फिर आपके जीवन में ये जो नई वसंत आई है, ये नया जीवन का युग शुरू हो रहा है और आप ही के माध्यम से 2047 में विकसित भारत बनने वाला है। आपको मेरी तरफ से बहुत-बहुत शुभकामनाएं। बहुत-बहुत धन्यवाद।