বাহুত প্ৰতিষেধক গ্ৰহণ কৰি এই পৰ্যন্ত ৪০কোটি ভাৰতীয় ‘বাহুবলী’ হৈছে : প্ৰধানমন্ত্ৰী
মহামাৰী সন্দৰ্ভত সংসদত আমি অৰ্থপূৰ্ণ ইতিবাচক বিতৰ্কৰ পোষকতা কৰিছো : প্ৰধানমন্ত্ৰী
সদনৰ নেতৃবৃন্দক মই কাইলৈ বিয়লি মহামাৰী সম্পৰ্কীয় আলোচনাৰ বাবে সময় নিৰ্দ্ধাৰণ কৰাৰ আহ্বান জনাইছো : প্ৰধানমন্ত্ৰী
বিৰোধী পক্ষই নিশ্চয় জটিল আৰু ক্ষুৰধাৰ প্ৰশ্ন উথ্থাপন কৰিব, কিন্তু শান্তিপূৰ্ণ বাতাবৰণত উত্তৰ দিবলৈও সুযোগ দিব লাগিব : প্ৰধানমন্ত্ৰী

স্বাগতম বন্ধুসকল, আপোনালোক সকলোৱে চাগৈ অন্ততঃ এবাৰ হ’লেও প্ৰতিষেধক গ্ৰহণ কৰিছে। পিচে, ইয়াৰ পিচতো মই আপোনালোক আটাইকে আৰু সদনৰ সতীৰ্থ বৃন্দকো ক’ৰোনাৰ বিধি-নিৰ্দেশনা পালন কৰাৰ বাবে গোঁহাৰি জনাব খুজিছো। প্ৰতিষেধক ‘বাহু’ত দিয়া হয় আৰু যিসকলে এই প্ৰতিষেধক গ্ৰহণ কৰিছে তেওঁলোক ‘বাহুবলী’ হৈছে। ক’ৰোনাৰ বিৰুদ্ধে যুঁজাৰ বাবে ‘বাহুবলী’ হ’বলৈ হ’লে একমাত্ৰ পন্থাটো হ’ল প্ৰতিষেধক গ্ৰহণ কৰা।

ক’ৰোনা বিৰোধী যুঁজত এই পৰ্যন্ত ৪০কোটিৰো অধিক লোক ইতিমধ্যে ‘বাহুবলী’ হৈছে। এই কাৰ্য দ্ৰুতগতিৰে আগবাঢ়ি আছে। মহামাৰীয়ে সমগ্ৰ পৃথিৱীখনকে, সমগ্ৰ মানৱ জাতিকে গ্ৰাস কৰিছে। সেয়েহে, সদনত আমি মহামাৰী সন্দৰ্ভত অৰ্থবহ আলোচনাৰ পোষকতা কৰিছো। এই প্ৰসংগক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা উচিত হ’ব, যাতে আমি সকলো সন্মানীয় সাংসদৰ পৰা ব্যৱহাৰিক পৰামৰ্শ গ্ৰহণৰ সুযোগ পাব পাৰো আৰু ইয়াৰ দ্বাৰা লাভ কৰা নতুন চিন্তাৰে উদ্ভূত পন্থাৰে মহামাৰীৰ বিৰুদ্ধে সজোৰে যুঁজাৰ আৱকাশ উলিয়াব পাৰো। যদি ক’ৰবাত কিবা ত্ৰুটি আছে, সেইবোৰ আঁতৰোৱাৰ লগতে আমি এই যুঁজত আগুৱাই যাবলৈকে ইয়াৰ প্ৰয়োজন আছে।

মহামাৰীৰ প্ৰসংগত আলোচনাৰ বাবে কাইলৈ আবেলিলৈ সময় নিৰ্দ্ধাৰণ কৰাৰ ববে মই সদনৰ নেতৃবৃন্দক আহ্বান জনাইছো, কাৰণ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত মই এক বিস্তৃত প্ৰতিবেদন দাঙি ধৰিব খুজিছো। আমি সদনৰ বাহিৰে-ভিতৰে বিষয়টো সন্দৰ্ভত সকলো নেতাৰ সৈতে আলোচনা কৰিব বিচাৰিছো, কাৰণ মই ইতিমধ্যে নিয়মীয়াভাবে মুখ্যমন্ত্ৰীসকলৰে সভা অনুষ্ঠিত কৰি আহিছো। বিভিন্ন মঞ্চত আলোচনা অব্যাহত আছে। সদনত যদি বিতৰ্কৰ সৈতে সদনৰ নেতৃবৃন্দৰ সৈতে এক আলোচনাও কৰিব পৰা যায় তেন্তে উচিত কথা হ’ব বুলি ভাবিছো।

প্ৰভাৱশালী বিতৰ্কৰ সৈতে এইবেলিৰ অধিৱেশন ফলপ্ৰসু কৰি তোলো আহক, যাতে ৰাইজে উথ্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ চৰকাৰে প্ৰদান কৰিব পাৰে। মই সকলো দলৰ সকলো সন্মানীয় সদস্যকে সদনত কঠিনৰ পৰা কঠিন আৰু ক্ষুৰধাৰ প্ৰশ্ন সুধিবলৈ আহ্বান জনাব খুজিছো। তাৰ লগতে এক শান্তিপূৰ্ণ বাতাবৰণত চৰকাৰক উত্তৰ দানৰ সুযোগ দিবলৈও গোঁহাৰি জনাইছো। জনসাধাৰণৰ ওচৰলৈকে সত্য তথ্য যাব পাৰিলেহে গণতন্ত্ৰ শক্তিৱন্ত হয়। ইয়ে ৰাইজৰ বিশ্বাস সবল কৰি তোলাৰ লগতে বিকাশৰ বেগকো ত্বৰান্বিত কৰে।  

বন্ধুসকল, যোৱাবাৰৰ দৰে এইবেলি অধিৱেশনৰ বাবে কৰা আভ্যন্তৰীণ ব্যৱস্থাৱলী কিন্তু একে নহয়। প্ৰায় সকলোৱেই যিহেতু প্ৰতিষেধক গ্ৰহণ কৰিছে সেয়ে এইবেলি সকলোৱে সদনত একেলগে বহি কাম কৰিব। পুনৰ বাৰ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনালোক আটাইকে নিজৰ যতন লোৱাৰ বাবে গোঁহাৰি জনাইছো। আহক আমি সকলোৱে মিলি দেশৰ আশা-আকাংক্ষাক পূৰ্ণতা প্ৰদানৰ প্ৰয়াস কৰো। 

বহুত ধন্যবাদ !

 

দায়-খণ্ডন: প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজীৰ পৰা কৰা ভাঙনি। মূল ভাষণ হিন্দীত প্ৰদান কৰিছিল।   

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s GDP To Grow 7% In FY26: Crisil Revises Growth Forecast Upward

Media Coverage

India’s GDP To Grow 7% In FY26: Crisil Revises Growth Forecast Upward
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 ডিচেম্বৰ 2025
December 16, 2025

Global Respect and Self-Reliant Strides: The Modi Effect in Jordan and Beyond