আমাৰ যুৱ-প্ৰজন্মৰ ওপৰতহে নিৰ্ভৰ কৰিব ‘ভেকেল ফৰ লোকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সাফল্য : প্ৰধানমন্ত্ৰী
প্ৰতিষেধক সন্দৰ্ভত জন সজাগতা সৃষ্টিৰ বাবে ‘এনচিচি’, ‘এনএছএছ’ আৰু অন্যান্য সংগঠনসমূহলৈ আহ্বান

মন্ত্ৰীমণ্ডলৰ মোৰ জ্যেষ্ঠ সহযোগী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমান ৰাজনাথ সিংজী, শ্ৰী অৰ্জুন মুণ্ডাজী, শ্ৰী কিৰেণ ৰিজিজুজী, শ্ৰীমতী ৰেণুকা সিং সৰুটাজী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ মৰমৰ যুৱবৃন্দসকল৷ ক’ৰোনাই সঁচাকৈয়ে বহুখিনি পৰিৱৰ্তন সাধন কৰিলে৷ মাস্ক, ক’ৰোনা টেষ্ট, দুই গজৰ দুৰত্ব, এতিয়া এইবোৰ যেন নিত্য নৈমিত্তিক কৰ্তব্য হৈ পৰিছে৷ প্ৰথমে যেতিয়া কেমেৰামেনে ফটো তুলিছিল তেতিয়া তেওঁ কৈছিল স্মাইল৷ এতিয়া মাস্কৰ বাবে সেয়াও নোকোৱা হৈছে৷ ইয়াতো আমি আসনৰ ব্যৱস্থা ভিন্ন ধৰণৰ কৰিবলগীয়া হৈছে৷ দূৰে দূৰে বহিবলগীয়া হৈছে৷ কিন্তু ইয়াৰ পিছতো আপোনালোকৰ উৎসাহ, আপোনালোকৰ উদ্দীপনা কোনো ধৰণে হ্ৰাস হোৱা নাই, একেই আছে৷

বন্ধুসকল,

আপোনালোক দেশ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহিছে৷ ইয়াত দেশৰ দূৰ-সুদূৰৰ জনজাতীয় ক্ষেত্ৰৰ পৰা অহা সতীৰ্থসকল আছে, এনচিচি-এনএছএছৰ উদ্বীপ্ত যুৱক-যুৱতীসকল আছে আৰু ৰাজপথত বিভিন্ন ৰাজ্যৰ বাৰ্তা কঢ়িয়াই অনা কলাকাৰ বন্ধুসকলো আছে৷ ৰাজপথত যেতিয়া আপোনালোকে উৎসাহৰ সৈতে কদমত কদম মিলাই আগবাঢ়ে তেতিয়া সমগ্ৰ দেশবাসী উৎসাহিত হৈ পৰে৷ যেতিয়া আপোনালোকে ভাৰতৰ সমৃদ্ধ কলা, সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য প্ৰতিফলিত কৰে তেতিয়া সকলো দেশবাসীৰ শিৰ গৌৰৱেৰে সুউচ্চ হৈ পৰে৷ আৰু মই দেখিছো যে পেৰেডৰ সময়ত মোৰ কাষত যি অন্য দেশৰ অতিথিয়ে বহে, তেওঁ আচৰিত হৈ পৰে, তেওঁ বহু প্ৰশ্ন কৰে, জানিবলৈ প্ৰয়াস কৰে৷ দেশৰ কোন অংশত কি আছে, কিয় আছে৷ যেতিয়া আমাৰ আদিবাসী বন্ধুসকলে ৰাজপথত সংস্কৃতিৰ ৰং ছটিয়াই তেতিয়া সম্পূৰ্ণ ভাৰত সেই ৰঙত ৰঙীণ পৰে, নাচি উঠে৷ গণতন্ত্ৰ দিৱসৰ পেৰেডত ভাৰতৰ মহান সামাজিক-সাংস্কৃতিক ঐতিহ্যৰ লগতে আমাৰ সামৰিক সামৰ্থকো প্ৰতিফলিত কৰে৷ গণতন্ত্ৰ দিৱসৰ পেৰেড বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্ৰক জীৱন্ত কৰি তোলা আমাৰ সংবিধানক প্ৰতিফলিত কৰে৷ মই আপোনালোকক ২৬ জানুৱাৰীৰ অপূৰ্ব প্ৰদৰ্শনৰ বাবে অশেষ শুভকামনা জনাইছো৷ আপোনালোকলৈ এটা আহ্বানো জনাইছো৷ এতিয়া দিল্লীত শীত নামিছে৷ যিসকল দক্ষিণৰ পৰা আহিছে তেওঁলোকৰ হয়তো সমস্যা হ’ব পাৰে আৰু আপোনালোক ইয়াত কেইবাদিনো হয়তো থাকিবলগীয়া হ’ব পাৰে৷ মই যে ক’লো আপোনালোকে এই শীতৰ বতৰ সহ্য কৰিব নোৱাৰিব পাৰে, ইমান ৰাতিপুৱাই উঠি ড্ৰিল কৰিবলগীয়া হয়, সেয়ে মই আপোনালোকক স্বাস্থ্যৰ প্ৰতি ধ্যান দিবলৈ আহ্বান জনাইছো৷

বন্ধুসকল,

এই বৰ্ষটোত আমাৰ দেশে স্বাধীনতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰিছে৷ এই বৰ্ষত গুৰু টেগ বাহাদুৰৰ ৪০০তম প্ৰকাশ পৰ্বও উদযাপন কৰা হ’ব৷ আৰু এই বৰ্ষটোতেই আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্মজয়ন্তীও পালন কৰিছো৷ এতিয়া দেশে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে নেতাজীৰ জন্মদিৱসক আমি পৰাক্ৰম দিৱস হিচাপে পালন কৰিম৷ কালি পৰাক্ৰম দিৱসত মই তেওঁৰ কৰ্মভূমি কলকাতাত আছিলো৷ স্বাধীনতাৰ ৭৫তম বৰ্ষ, গুৰু টেগ বাহাদুৰৰ জীৱন, নেতাজীৰ শৌৰ্য, তেওঁৰ উৎসাহ এই আটাইবোৰ আমাৰ বাবে অতিশয় প্ৰেৰণাদায়ী৷ আমি দেশৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰাৰ অৱকাশ নাপালো, কাৰণ আমাৰ অধিক সংখ্যক লোক স্বাধীনতাৰ পিছত জন্ম হৈছো৷ কিন্তু আমি দেশৰ বাবে নিজৰ সৰ্বশ্ৰেষ্ঠ অৰ্পিত কৰাৰ অৱকাশ নিশ্চিতভাৱে লাভ কৰিছো৷ আমি দেশৰ বাবে যি ভাল কাম কৰিব পাৰো, ভাৰতক শক্তিশালী কৰি তোলাৰ বাবে যি কৰিব পাৰো সেয়া কৰিব লাগে৷

বন্ধুসকল,

গণতন্ত্ৰ দিৱসৰ পেৰেডৰ প্ৰস্তুতি আপোনালোকেও অনুভৱ কৰিছে যে আমাৰ দেশ কেনে বৈচিত্ৰময়৷ অনেক ভাষা, অনেক মাত-কথা, অনেক খাদ্যাভাস৷ ইমান বৈচিত্ৰ, তথাপিও ভাৰত এক৷ ভাৰত অৰ্থাৎ কৌটি-কোটি সামান্য জনতাৰ তেজ-ঘাম, আকাংক্ষা আৰু আশাৰ সামূহিক শক্তি৷ ভাৰত অৰ্থাৎ ৰাজ্য অনেক, ৰাষ্ট্ৰ এক৷ ভাৰত অৰ্থাৎ সমাজ অনেক, ভাৱ এক৷ ভাৰত অৰ্থাৎ পন্থ অনেক, লক্ষ্য এক৷ ভাৰত অৰ্থাৎ পৰম্পৰা অনেক, মূল্য এক৷ ভাৰত অৰ্থাৎ ভাষা অনেক, অভিব্যক্তি এক৷ ভাৰত অৰ্থাৎ ৰং অনেক, ত্ৰিৰংগা এক৷ যদি এটা শাৰীত কোৱা হয় তেন্তে ভাৰতত পথ পৃথক হ’ব পাৰে কিন্তু গন্তব্যস্থল একেটাই, লক্ষ্য একেটাই৷ আৰু এই লক্ষ্য হ’ল এক ভাৰত, শ্ৰেষ্ঠ ভাৰত৷

বন্ধুসকল,

আজি এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এই শ্বাস্বত ভাৱনা, দেশৰ প্ৰতিটো কোণত প্ৰকট হৈছে, শক্তিশালী হৈছে৷ আপোনালোকেও দেখিছে, শুনিছে যে মিজোৰামৰ ৪ বছৰীয়া এগৰাকী কন্যাই বন্দে মাতৰম গাই দেশক গৰ্বিত কৰি তুলিছে৷ কেৰালাৰ এখন বিদ্যালয়ৰ এগৰাকী কন্যাই যেতিয়া কঠোৰ পৰিশ্ৰমেৰে শিকি, এক হিমাচলী গীত অতিশয় উৎকৃষ্টতাৰে গায় তেতিয়া ৰাষ্ট্ৰৰ শক্তি তাত প্ৰতিফলিত হৈ উছে৷ তেলেগু ভাষাৰ এক কন্যাই যেতিয়া নিজৰ বিদ্যালয়ৰ প্ৰকল্পত অতিশয় সুন্দৰ ধৰণে হাৰিয়ানাৰ খাদ্যাভাসৰ পৰিচয় দিয়ে, তেতিয়া তাত ভাৰতৰ শ্ৰেষ্ঠত্ব প্ৰতিফলিত হয়৷

বন্ধুসকল,

ভাৰতৰ এই শক্তিক দেশ আৰু বিশ্বক পৰিচিত কৰোৱাৰ বাবে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ প’ৰ্টেল নিৰ্মাণ কৰা হৈছে আৰু আপোনালোক আটায়েই ডিজিটেল প্ৰজন্মৰ যেতিয়া, এই সন্দৰ্ভত ভালদৰেই জানিব৷ এই প’ৰ্টেলত ব্যঞ্জনৰ যি অংশ আছে, তাত সহস্ৰাধিক লোকে নিজৰ প্ৰদেশৰ ব্যঞ্জন সম্ভাৰ প্ৰকাশ কৰিছে৷ কেতিয়াবা সময় উলিয়াই আপোনালোকে এই প’ৰ্টেল চাব আৰু পৰিয়ালকো ক’ব সেয়া ৰন্ধন প্ৰকৰণ প্ৰস্তুত কৰিবলৈ, আপোনালোক খুব আনন্দিত হ’ব তেতিয়া৷

বন্ধুসকল,

বিগত দিনকেইটাত ক’ৰোনাৰ সময়ছোৱাত স্কুল-কলেজ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ যুৱক-যুৱতীসকলে ডিজিটেল মাধ্যমৰ জৰিয়তে অন্য ৰাজ্যৰ সৈতে ৱেবিনাৰ কৰিছে৷ এই ৱেবিনাৰত সংগীত, নৃত্য, খাদ্যাভাসৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন শৈলীৰ ওপৰত আলোচনা কৰা হৈছে৷ আজি চৰকাৰেও এয়া প্ৰয়াস কৰিছে যে প্ৰতিটো প্ৰান্তত, প্ৰতি ক্ষেত্ৰৰ ভাষা, খাদ্যাভাসৰ কলা সম্পূৰ্ণ দেশতে প্ৰচাৰ হওক৷ দেশত ভাৰতৰ প্ৰতিখন ৰাজ্যৰ খাৱন-শোৱন, পৰম্পৰা, উৎসৱৰ বিষয়ে সজাগতা বৃদ্ধি হওক৷ বিশেষকৈ আমাৰ সমৃদ্ধ আদিবাসী পৰম্পৰা, কলাকৃতিৰ পৰা দেশবাসীয়ে বহু কথা শিকিব পাৰে৷ এই আটাইবোৰক আগুৱাই নিয়াৰ বাবে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযান অতিশয় সহায়ক বিবেচিত হৈছে৷

বন্ধুসকল,

আজিকালি আপোনালোকে হয়তো শুনিছে, চৌদিশে ভ’কেল ফ’ৰ লোকেল শুনা যায়৷ আপোনালোকৰ ঘৰৰ কাষত যি সামগ্ৰী প্ৰস্তুত হৈছে, স্থানীয় পৰ্যায়ত যি প্ৰস্তুত হৈছে, সেইসমূহক মান দিয়া, সেইসমূহৰ গৌৰৱ কৰা, উৎসাহিত কৰা, এয়াই হ’ল ভ’কেল ফ’ৰ লোকেল৷ কিন্তু ভ’কেল ফ’ৰ লোকেলৰ ভাৱনা তেতিয়াহে শক্তিশালী হ’ব যেতিয়া ই এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাৰ দ্বাৰা সশক্ত হ’ব৷ হাৰিয়ানাৰ যিকোনো সামগ্ৰীৰ সম্বন্ধত, মই তামিলনাডুত থাকিলেও গৰ্ব হ’ব লাগিব৷ কেৰালাৰ সামগ্ৰীৰ বাবে মই হিমাচলত থাকিলেও গৰ্ব হ’ব লাগিব৷ এটা স্থানৰ সামগ্ৰীৰ বাবে আন এটা স্থানে গৰ্ব কৰিব লাগিব, উৎসাহিত কৰিব লাগিব, তেতিয়াহে থলুৱা সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তত উপলব্ধ হ’ব, সেয়া এক বিশ্বজনীন সামগ্ৰী হৈ উঠিব৷

বন্ধুসকল,

এই ভ’কেল ফ’ৰ লোকেল, এই আত্মনিৰ্ভৰ ভাৰতৰ অভিযান, ইয়াৰ সফলতা আপোনালোকৰ দৰে যুৱচামৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু আজি মোৰ সন্মুখত যি এনচিচি আৰু এনএছএছৰ যুৱক-যুৱতীসকল বহি আছে, তেওঁলোকক এই শিক্ষা-দীক্ষা প্ৰদান কৰা হয়েই৷ মই আজি আপোনালোকক এটা সৰু কাম দিবলৈ বিচাৰিছো৷ আৰু দেশৰ আমাৰ এনচিচিৰ সদস্যসকলে মোৰ এই কামটোত নিশ্চয়কৈ সহায় কৰিব৷ আপোনালোকে এটা কাম কৰিব, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈ যিসমূহ সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰে, সেয়া লাগিলে টুথপেষ্টেই হওক, ব্ৰাশ্বেই হওক, ফণীয়েই হওক- যিকোনো, ঘৰত এচিয়েই হওক, ম’বাইল ফোনেই হওক, যিবোৰ সামগ্ৰী দৈনন্দিন ব্যৱহৃত হয়, য’ত আমাৰ দেশৰ শ্ৰমিকৰ ঘামৰ সুঘ্ৰাণ আছে, যিবোৰত আমাৰ এই মহান দেশৰ ভূমিৰ সুঘ্ৰাণ আছে সেয়া ব্যৱহাৰ কৰক৷ আপোনালোক আচৰিত হ’ব- জানি-নাজানি ইমানবোৰ বিদেশী সামগ্ৰী আমাৰ ঘৰত সোমাই পৰিছে আমি গমেই নাপাও৷ এবাৰ আপোনালোকে প্ৰত্যক্ষ কৰিলে গম পাব যে আত্মনিৰ্ভৰ ভাৰত হৈ উঠাৰ প্ৰথমটো কৰ্তব্য ইয়াৰ পৰাই আৰম্ভ হ’ব লাগে৷ ইয়াৰ অৰ্থ মই এইটো কোৱা নাই যে আপোনালোকৰ সৈতে যিবোৰ বিদেশী সামগ্ৰী আছে সেয়া কাইলৈৰ পৰা বৰ্জন কৰক৷ মই এয়াও কোৱা নাই যে বিশ্বত কোনোবাটো ভাল সামগ্ৰী যদি আমাৰ ইয়াত উপলব্ধ নহয়, সেয়া নল’বলৈ মই নকও৷ কিন্তু আমি গমেই পোৱা নাই যে এনেবোৰ সামগ্ৰীয়ে আমাৰ দৈনন্দিন জীৱনত, আমাক এক প্ৰকাৰে দাস কৰি তুলিছে, মানসিক দাস কৰি তুলিছে৷ মোৰ যুৱ বন্ধুসকলক আহ্বান জনাম৷ এনচিচি-এনএছছৰ যুৱ বন্ধুসকলক আহ্বান জনাম৷ আপোনালোকে নিজৰ পৰিয়ালৰ সৈতে বহি এক সূচী প্ৰস্তুত কৰক, এবাৰ চাওক, আপোনালোকে কেতিয়াও মোৰ কথা স্মৰণ কৰিব নালাগিব, আপোনালোকৰ আত্মাই ক’ব যে আমি দেশৰ কিমান লোকচান কৰিছো৷

বন্ধুসকল,

ভাৰত আত্মনিৰ্ভৰ কেৱল ক’লেই নহ’ব, মই যিদৰে ক’লো যে আপোনালোকৰ দৰে যুৱ বন্ধু সকলে কৰিলেহে হ’ব৷ আৰু আপোনালোকে এয়া তেতিয়াহে উন্নত ধৰণে কৰিব পাৰিব যেতিয়া আপোনালোকৰ ওচৰত আৱশ্যকীয় দক্ষতা থাকিব৷

বন্ধুসকল,

দক্ষতাৰ এই গুৰুত্ব অনুধাৱন কৰি ২০১৪ চনত আমাৰ চৰকাৰ গঠন হোৱাৰ লগে লগেই দক্ষতা বিকাশৰ বাবে এক বিশেষ মন্ত্ৰালয় গঠন কৰা হৈছিল৷ এই অভিযানৰ অধীনত এই পৰ্যন্ত চাৰে পাঁচ কোটিতকৈও অধিক যুৱক-যুৱতীয়ে বিভিন্ন বিষয়ত দক্ষতা অৰ্জন কৰিছে৷ কৌশল বিকাশৰ এই কাৰ্যসূচীৰ অধীনত কেৱল প্ৰশিক্ষণেই নহয় বৰঞ্চ লক্ষাধিক যুৱক-যুৱতীক ৰোজগাৰ আৰু স্বৰোজগাৰৰ সুবিধাও প্ৰদান কৰা হয়৷ লক্ষ্য এয়াই যে ভাৰতৰ যুৱচাম দক্ষসম্পন্ন হওক আৰু দক্ষতাৰ ভিত্তিত তেওঁলোকে ৰোজগাৰৰ সুবিধা লাভ কৰক৷

বন্ধুসকল,

আত্মনিৰ্ভ ভাৰতৰ বাবে যুৱচামৰ কৌশলৰ ওপৰত এই গুৰুত্বও নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰস্তুত কৰা হৈছে৷ আপোনালোকেও এয়া প্ৰত্যক্ষ কৰিব পাৰিব৷ ইয়াত অধ্যয়নৰ সৈতে অন্যান্য এপ্লিকেচনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰয়াস এয়াই যে যুৱচামক তেওঁলোকৰ ৰুচি অনুসৰি বিষয় বাচনি কৰাৰ সুযোগ প্ৰদান কৰা হৈছে৷ তেওঁলোকে কেতিয়া পঢ়িব, কেতিয়া পঢ়া এৰিব, পুনৰ কেতিয়া আৰম্ভ কৰিব, ইয়াৰ বাবেও নমনীয়তা প্ৰদান কৰা হৈছে৷ আমাৰ বিদ্যাৰ্থীসকলে নিজে যি কৰিবলৈ বিচাৰিছে, তাত যাতে আগবাঢ়িব পাৰে, তাৰ বাবে প্ৰয়াস কৰা হৈছে৷

বন্ধুসকল,

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰথমবাৰলৈ কাৰিকৰী শিক্ষাক শিক্ষাৰ মুখ্যধাৰাৰ সৈতে সংলগ্ন কৰাৰ প্ৰয়াস কৰা হৈছে৷ ষষ্ঠ শ্ৰেণীৰ পৰাই বিদ্যাৰ্থীসকলক স্থানীয় আৱশ্যকতা আৰু স্থানীয় ব্যৱসায়ৰ সৈতে জড়িত নিজৰ ৰুচি অনুসৰি যিকোনো বিষয় বাচনি কৰাৰ বিকল্প প্ৰদান কৰা হৈছে৷ এয়া কেৱল অধ্যয়নৰ পাঠ্যক্ৰমেই নহ’ব, বৰঞ্চ শিকা আৰু শিকোৱাৰ পাঠ্যক্ৰমো হ’ব৷ ইয়াত স্থানীয় কুশল কাৰিকৰৰ সৈতে ব্যৱহাৰিক অভিজ্ঞতাও প্ৰদান কৰা হ’ব৷ ইয়াৰ পিছত পৰ্যায়ক্ৰমে সকলো মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক বিষয়ত ব্যৱসায়িক শিক্ষাক সংলগ্ন কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ মই আজি আপোনালোকক এয়া বিস্তাৰিতভাৱে এইবাবেই কৈছো কিয়নো আপোনালোক যিমানেই সজাগ হ’ব, সিমানেই আপোনালোকৰ ভৱিষ্যতো উজ্বল হ’ব৷

বন্ধুসকল,

আপোনালোক আটায়েই আত্মনিৰ্ভৰ ভাৰতৰ প্ৰকৃত কৰ্ণধাৰ৷ এনচিচি-য়েই হওক অথবা এনএছএছ-য়েই হওক অথবা অন্য সংগঠনেই হওক, আপোনালোকে দেশৰ প্ৰতিটো প্ৰত্যাহ্বানৰ সময়ত নিজৰ ভূমিকা পালন কৰিছে৷ ক’ৰোনাৰ সময়ছোৱাতো আপোনালোকে যি কাম কৰিছে, স্বেচ্ছাসেৱীৰ ৰূপত যিমান কাম কৰিছে, আপোনালোকৰ যিমানেই প্ৰশংসা কৰা হয় সিমানেই কম হ’ব৷ যেতিয়া দেশক, শাসন-প্ৰশাসনক সবাতোকৈ অধিক প্ৰয়োজন হয় তেতিয়া আপোনালোকে স্বেচ্ছাসেৱীৰ ৰূপত আগবাঢ়ি ব্যৱস্থাসমূহ প্ৰণালীৱদ্ধ কৰাত সহায় কৰিছে৷ আৰোগ্য সেতু জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা অথবা ক’ৰোনা সংক্ৰমণৰ সৈতে জড়িত অন্যান্য তথ্যক লৈ সজাগতা প্ৰদান কৰাত আপোনালোকে প্ৰশংসনীয় কাম কৰিছে৷ ক’ৰোনাৰ এই সময়ছোৱাত ফিট ইণ্ডিয়া অভিযানৰ জৰিয়তে ফিটনেছৰ প্ৰতি সজাগতা বৃদ্ধি কৰাতো আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

বন্ধুসকল,

আপোনালোকে এই পৰ্যন্ত যি কাম কৰিলে সেয়া আগন্তুক পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছে৷ আৰু মই আপোনালোকক এইবাবেই কৈছো কিয়নো আপোনালোক দেশৰ বিভিন্ন প্ৰান্তত ব্যাপি আছে৷ মই আপোনালোকক আহ্বান জনাইছো যে দেশত প্ৰণয়ন হোৱা ক’ৰোনা প্ৰতিষেধক অভিযানত আপোনালোকেও সহায়ৰ হাত আগবঢ়াব লাগিব৷ আপোনালোকে প্ৰতিষেধকক লৈ উপযুক্ত তথ্যসমূহ দেশ দৰিদ্ৰতম ব্যক্তিক, সাধাৰণ জনতাক সজাগ কৰিব লাগিব৷ ক’ৰোনাৰ প্ৰতিষেধক ভাৰতত প্ৰস্তুত কৰি, ভাৰতৰ বৈজ্ঞানিকসকলে নিজৰ কৰ্তব্য সুন্দৰ ধৰণে পালন কৰিছে৷ এতিয়া আমি আমাৰ কৰ্তব্য পালন কৰিব লাগিব৷ ভ্ৰম আৰু মিছা কথা বিয়পোৱা লোকসকলক আমি পৰাস্ত কৰিব লাগিব৷ আমি এয়া মনত ৰাখিব লাগিব যে আমাৰ গণতন্ত্ৰ এই কাৰণেই শক্তিশালী কিয়নো ই কৰ্তব্যৰ ভাৱনাৰে সংকল্পিত৷ এই ভাৱনাক আমি সশক্ত কৰিব লাগিব৷ ইয়াৰ দ্বাৰাই আমাৰ গণতন্ত্ৰও শক্তিশালী হ’ব আৰু আত্মনিৰ্ভৰতাৰ সংকল্পও সিদ্ধ হ’ব৷ আপোনালোক সকলোৱে এই মহত্বপূৰ্ণ পৰ্বত উপস্থিত থকাৰ অৱকাশ লাভ কৰিছে৷ মন গঢ়াৰ, দেশক জনাৰ আৰু দেশৰ বাবে কিবা এটা কৰাৰ, ইয়াতকৈ ডাঙৰ সংস্কাৰ আৰু আন একো হ’ব নোৱাৰে৷ এই সৌভাগ্য আপোনালোকে লাভ কৰিছে৷ মোৰ বিশ্বাস যে ২৬ জানুৱাৰীৰ এই ভব্য সমাৰোহৰ পিছত যেতিয়া আপোনালোক ঘৰলৈ উভতিব তেতিয়া এই আটাইবোৰ কথা আপোনালোকে স্মৰণ কৰিব৷ কিন্তু এয়াও পাহৰিব নালাগিব যে আমি দেশক আমাৰ সৰ্বশ্ৰেষ্ঠসমূহ অৰ্পণ কৰিব লাগিব আৰু কৰিবই লাগিব৷ আপোনালোক আটাইলৈ মোৰ আন্তৰিক শুভকামনা থাকিল৷

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Handloom — weaving India’s heritage into global growth

Media Coverage

Handloom — weaving India’s heritage into global growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to address the 57th Convocation Ceremony of IIT Delhi on 8th August
August 07, 2026
PM to present Institute's Highest Honours to Meritorious Students
PM to inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at Sonipat Campus of IIT Delhi

Prime Minister Shri Narendra Modi will participate in the 57th Convocation Ceremony of the Indian Institute of Technology (IIT) Delhi as the Chief Guest on 8 August 2026 at 11 AM. He will address over 3000 graduating students including 587 Ph.D. scholars who will be conferred their degrees during the ceremony.

Recognizing outstanding academic excellence, Prime Minister will present the Institute's most prestigious honours, including the President's Gold Medal, Director's Gold Medal, Shankar Dayal Sharma Gold Medal, and Perfect Ten Gold Medals to the meritorious students.

Further emphasising India's commitment to advancing cutting-edge research and artificial intelligence, Prime Minister will inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at the Sonipat Campus of IIT Delhi. The state-of-the-art facility is expected to significantly enhance the institute's capabilities in AI, data science, advanced computing, and interdisciplinary research.