বন্ধুসকল, কেৱৰীয়াৰ চৰ্দাৰ সৰোৱৰ বান্ধৰ কাষত থকা ‘ষ্টেচ্যু অব ইউনিটী’ৰ সান্নিধ্যত আজিৰ আবেলিৰ এই সময়কণৰ অনুভৱ আক্ষৰিক অৰ্থতে অদ্ভুত। এইকণ সময়ৰ কথা হয়তো সদায়ে মনত থাকি যাব। অকণমান সময়ৰ আগতে আমি চৰ্দাৰ চাহাবৰ মাত শুনিলো, তেওঁ প্ৰদান কৰা বাণী শুনিলো, সেই বাণীয়ে মোৰ অন্তৰ্মন স্পৰ্শ কৰি গৈছে।

বন্ধুসকল, দেশৰ বিভিন্ন অসামৰিক সেৱাৰ বাবে এই ‘কম্বাইণ্ড ফাউণ্ডেশ্যন কৰ্ছ’-য়ে এক অৰ্থত নতুন অধ্যায়ৰ সূচনা কৰিলে। এই পৰ্যন্ত কিছুসংখ্যক লোকে মচৌৰীত প্ৰশিক্ষণ লৈছিল, কিছু সংখ্যকে লৈছিল হাইদৰাবাদ অথবা আন কোনোবা চহৰত। ইমান দিনে এয়াই পৰম্পৰা আছিল। মই যি ‘একত্ৰ পুঁজি’ৰ কথা প্ৰায়েই কও, তাৰ এক নিদৰ্শন যেন এই প্ৰশিক্ষণৰ পৰাই আৰম্ভ হ’ল। অসামৰিক সেৱাৰ ঐক্য স্থাপনৰ প্ৰক্ৰিয়া আপোনালোক সতীৰ্থসকলৰ মাজতো যেন প্ৰকৃতাৰ্থত আৰম্ভ হৈছে। এই যে আৰম্ভণী, এয়া এক স্বতঃস্ফূৰ্ত সংস্কাৰৰে ৰূপ। মই এই প্ৰক্ৰিয়াৰে জড়িত সকলো বিষয়া-বৰ্গ তথা সতীৰ্থবৃন্দক অভিনন্দন জনাইছো।

বন্ধুসকল, এই সংস্কাৰ কেৱল প্ৰশিক্ষণতে সীমাবদ্ধ ৰখা হোৱা নাই, বৰং, এই অৱধাৰণা আৰু প্ৰয়াসৰ পৰিসৰ আৰু অধিক বিস্তৃত কৰি তোলা হৈছে। আপোনালোকৰ দৰে যুৱ প্ৰশিক্ষাৰ্থীৰ দক্ষতাৰ যাতে ব্যাপক প্ৰদৰ্শন সম্ভৱ হয়, তাৰ বাবে প্ৰয়াস কৰা হৈছে। এই কথা নিশ্চিত কৰাৰ বাবেই আপোনালোকক  সামাজিক আৰু অৰ্থনৈতিকক্ষেত্ৰৰ বিশ্ব-বৰেণ্য নেতা, বিশেষজ্ঞসকলৰ সৈতে মুখামুখী কৰোৱা হৈছে।

বন্ধুসকল, ‘ষ্টেচ্যু অব ইউনিটী’ৰ ছত্ৰচায়াত অনুষ্ঠিত হোৱা আজিৰ এই কাৰ্যক্ৰমৰ সুকীয়া মহত্ব এই কাৰণেই অনুভূত হ’ব, কিয়নো সকলো অসামৰিক সেৱাক ৰাষ্ট্ৰ নিৰ্মাণ, ৰাষ্ট্ৰীয় একতাৰ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গঢ়ি তোলাৰ দূৰদৃষ্টি আছিল স্বয়ং চৰ্দাৰ বল্লভ ভাই পেটেলৰ। এই দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ যাওতে তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেইসময়ত কিছুসংখ্যক ব্যক্তিয়ে ভাবিছিল যিসকল বিষয়াই স্বাধীনতা সংগ্ৰামক বাধা দিয়াৰ বাবেহে কাম কৰিছিল, সেইসকল বিষয়া আকৌ স্বাধীন ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত কেনেকৈ উপযোগী হ’ব পাৰিব! আৰু এনে প্ৰশ্নৰ অৱতাৰণা হোৱাতো তেনেই স্বাভাৱিকো আছিল। এনে ধাৰণা কিম্বা তেনে বিষয়াৰ প্ৰতি বিৰোধাভাৱো তেনেই স্বাভাৱিকেই আছিল। পিছে, দূৰদৃষ্টিসম্পন্ন ব্যক্তি চৰ্দাৰ পেটেলে সকলোকে বুজাই দিবলৈ সক্ষম হ’ল যে শেষ পৰ্যন্ত আমি এইসকল আমোলাৰ ভৰসাৰেই আগবাঢ়ি যাব লাগিব। এইসকল আমোলায়েই ৰাজতন্ত্ৰ বিলুপ্তিত বিশিষ্ট ভূমিকা পালন কৰিছিল।

বন্ধুসকল, এইগৰাকী চৰ্দাৰ পেটেলেই দেখুৱাইছিল যে জনসাধাৰণৰ জীৱনলৈ যদি পৰিৱৰ্তন আনিব লাগে তেন্তে এক প্ৰচণ্ড ইচ্ছাশক্তিৰ উপস্থিতি সদায়ে প্ৰয়োজন হয়। প্ৰায় এশ বছৰ আগতে এইগৰাকী মহানুভৱে দহোটা বছৰৰ ভিতৰতে তেনেই সীমিত সংসাধনৰেই ‘আহমেদাবাদ পৌৰ নিগম’ৰ ৰূপান্তৰ সাধন কৰি নিজৰ কৰ্ম দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। আৰু সেই দূৰদৃষ্টিৰেই তেওঁ স্বাধীন ভাৰতৰ অসামৰিক সেৱাৰ বুনিয়াদ ৰচনা কৰিছল।

বন্ধুসকল, নিস্বাৰ্থ আৰু নিৰপেক্ষভাবে কৰা সকলো  প্ৰয়াসৰ ফলত নতুন ভাৰতৰ বুনিয়াদ অতিকে শক্তিশালী হৈ উঠিছিল। নতুন ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ আমাৰ প্ৰশাসন, আমাৰ আমোলাতন্ত্ৰত ২১শতিকাৰ চিন্তাধাৰা আৰু স্বপ্নৰ উপস্থিতি অনিবাৰ্য। এনে এক আমোলাতন্ত্ৰ, যি সৃষ্টিশীল আৰু ইতিবাক চিন্তাৰে ভৰপূৰ হয়, যি কল্পনা আৰু উদ্ভাৱনশীলতাৰে পৰিপূৰ্ণ হয়। যি কৰ্মতত্পৰ আৰু বিনম্ৰ হয়, পেছাদাৰী হোৱাৰ লগতে প্ৰগতিবাদী হয়, উদ্যমী, কৰ্মপটু, পাৰদৰ্শী, প্ৰভাৱশালী, স্বচ্ছতাপূৰ্ণ আৰু প্ৰযুক্তি দক্ষতাৰে পূৰ্ণ হয়।

বন্ধুসকল, আপোনালোকৰ সন্মুখত যিমান বিশাল সুযোগ আছে, সিমানেই বিশাল দায়িত্বও আছে। এটা সময় আছিল আপোনালোকতকৈ জ্যেষ্ঠসকলে অভাৱৰ মাজেৰেই সকলোবোৰ চম্ভলি ল’বলগীয়া হৈছিল। পথেই হওক কিম্বা ৰে’লপথেই হওক, বন্দৰেই হওক অথবা বিমানবন্দৰেই হওক, স্কুল, কলেজ, আনকি টেলিফোন, সকলোবোৰৰেই অভাৱ আছিল। পিছে, এতিয়াৰ পৰিস্থিতি তেনেকুৱা নহয়। আজিৰ ভাৰতে দ্ৰুতগতিৰে ৰূপান্তৰৰ পথেৰে আগবাঢ়িছে। এটা সময়ত অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ আৰম্ভ কৰা যাত্ৰা এতিয়া বিপুলতাক আদৰাৰ দিশত ধাৱমান হৈছে। আজিৰ তাৰিখত দেশত যুৱশক্তিৰ বিপুল সম্ভাৰ আছে; আজি দেশত খাদ্য-দ্ৰব্যৰ বিপুল ভাণ্ডাৰ আছে; আজি দেশত আধুনিক প্ৰযুক্তিৰ মেটমৰা শক্তি আছে। এনে পৰিস্থিতিত আপোনালোকে এই বিপুলতাৰ পূৰা লাভ আদায় কৰাৰ প্ৰয়াস কৰিব লাগিব। বন্ধুসকল, আপোনালোকে দেশৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে স্থায়িত্বকো আধিক শক্তিশালী কৰি তুলিব লাগিব।

বন্ধুসকল, আপোনালোকে এই পথ কেৱল নিজৰ একোটা ‘কেৰিয়াৰ’ বনোৱাৰ বাবেই নিৰ্বাচিত কৰা নাই, অন্তত কেৱল এটা চকৰিৰ বিকল্প বিচাৰিও অহা নাই, বৰং সেৱা কৰাৰ পন্থা হিচাপেহে নিৰ্বাচিত কৰিছে। ‘সেৱা পৰমোধৰ্ম’-এই মন্ত্ৰ আওৰাইহে আহিছে। আপোনালোকৰ প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো কাম, প্ৰতিটো স্বাক্ষৰৰ দ্বাৰা লাখ লাখ জনতা প্ৰভাৱিত হ’ব। আৰু প্ৰিয় মিত্ৰসকল, আপোনালোকে যিয়েই সিদ্ধান্ত নলওক কিয়, তাৰ পৰিসৰ নিশ্চয় স্থানীয় হ’ব, নিশ্চয় ক্ষেত্ৰীয় হ’ব, কিন্তু তাৰ প্ৰেক্ষাপট সদায়ে ৰাষ্ট্ৰীয় হোৱা উচিত। অৰ্থাত আপোনালোকে আপোনালোকৰ সিদ্ধান্তসমূহ নিজৰ জিলা, নিজৰ খণ্ড, নিজৰ বিভাগৰ আৱশ্যকতাৰ আধাৰত গ্ৰহণ কৰিব যদিও ইয়াৰ জৰিয়তে দেশৰ বিকাশত কেনেদৰে অৰিহণা আগবঢ়াব পাৰি সেই কথা নিশ্চিত কিন্তু আপোনালোকেই কৰিব লাগিব।

আৰু বন্ধুসকল,  আপোনালোকে প্ৰতিটো সিদ্ধান্ত দুটা কথা ভালকৈ চালি-জাৰি চাইহে গ্ৰহণ কৰিব। এক—মহাত্মা গান্ধীয়ে যি পথ দেখুৱাইছিল-আপোনালোকৰ সিদ্ধান্তই সমাজৰ অন্তিম শাৰীত থকা ব্যক্তিগৰাকীকো স্পৰ্শ কৰিবগৈ পাৰিছেগৈনে নাই, আৰু দ্বিতীয়তে আপোনালোকৰ সিদ্ধান্ত দেশৰ একতা, অখণ্ডতা আৰু প্ৰগতিক আগুৱই নিব পৰাকৈ সামৰ্থ্যবান হয় নে নহয় তাক সতৰ্কতাৰে নিশ্চিত কৰা।

মিত্ৰসকল, ইয়াত ‘অনুপ্ৰাণিত কৰা জিলা’ৰ প্ৰসংগত চৰ্চা কৰা হৈছে। কিন্তু বিকাশৰ দৌৰত আগবঢ়া দেশৰ ১০০খনতকৈয়ো অধিক জিলা প্ৰগতিৰ দৌৰত পিছ পৰি ৰ’বলগীয়া হ’ল কিয়? ইয়াৰ নেপথ্যত কিন্তু মনোভাৱ আৰু মানসিকতাৰ এক বিশেষ ভূমিকা আছে। এইসমূহ জিলা ভৌগলিক আৰু সামাজিক ভাবে খুবেই প্ৰত্যাহ্বানপূৰ্ণ আছিল। সেয়ে সকলো পৰ্যায়তে এইবোৰ জিলা উপেক্ষিত হ’বলগীয়া হৈছিল, এইবোৰ জিলাক নিজৰ ভৱিতব্যক ধিঁয়াই আগবাঢ়ি যোৱাৰ বাবে এৰি দিয়া হৈছিল। এনে উপেক্ষাৰ পৰিণতিতে সমাজত ব্যাপক অসন্তুষ্টিয়ে গা-কৰি উঠিবলৈ ধৰিলে, যাৰ লাভ অসাধু শক্তিসমূহে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। পৰিণতিত এনেবোৰ জিলাৰ উন্নয়ন আৰু অধিক জটিল হৈ পৰিবলৈ ধৰিলে। এনে পৰিস্থিতিক সলনি কৰাৰ প্ৰয়োজন আছিল, সেয়ে আমি এইসমূহ জিলাক অনুন্নত বুলি ধৰি নাথাকি এইসমূহ ‘জিলাৰ আকাংক্ষা’ক উত্সাহিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আমি মানৱ সম্পদ উন্নয়ন সূচ্যাংকৰ সকলো প্ৰতিস্পৰ্ধাৰ বাবে নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত কাম কৰিবলৈ আৰম্ভ কৰি দিছিলো। আমি প্ৰযুক্তি প্ৰয়োগৰ পৰিসৰ বৃদ্ধি কৰি আঁচনিসমূহক অধিক প্ৰভাৱশালী ৰূপত ৰূপায়ণৰ ব্যৱস্থা কৰিছিলো। আৰু আজিৰ তাৰিখত ইয়াৰ পৰা আমি অভুতপূৰ্ব পৰিণাম লাভ কৰিবলৈ সক্ষম হৈছো। আৰু এতিয়া, আপোনালোকৰ ওপৰত এই কামক অধিক গতিশীলতাৰে আগুৱাই নিয়াৰ গুৰু দায়িত্ব অৰ্পণৰ সময় সমাগত হৈছে।

বন্ধুসকল, আগন্তুক দিন দিয়েকৰ ভিতৰতে আপোনালোকৰ কাৰোবাক কোনোবা খণ্ডত, কোনবাজনক আকৌ কোনোবা জিলাত নিযুক্ত কৰা হ’ব। অৱশ্যাম্ভাৱী ভাবেই সেই সেই অঞ্চলৰ বিভিন্ন সমস্যাৰ সমাধান সূত্ৰ আপোনালোকে বিচাৰি উলিয়াব লাগিব। এই প্ৰসংগত মই আপোনালোকক এটাই পৰামৰ্শ দিব বিচাৰিম, আপোনালোকে অঞ্চলটোৰ বা জিলাখনৰ এটা অতিকে গুৰুতৰ সমস্যা চিনাক্ত কৰি এবাৰত মাথোঁ সেই সমস্যাটোৰ সমাধান কৰাৰ বাবে প্ৰয়াস কৰিব, অৰ্থাত ‘এখন জিলা, এটা সমস্যা আৰু সম্পূৰ্ণ সমাধান’। আমি সদায় অত্যধিক উত্সাহত কেউফালে হাত মেলিব খোজো, যাৰ ফলত আমাৰ প্ৰয়াস আৰু আমাৰ সমল দুয়োটাকে ভগাবলগীয়াত পৰো। এবাৰত এটা সমস্যাৰ সমাধান উলিয়াওক, দেখিব আপোনাৰে আত্মবিশ্বাস বাঢ়িব আৰু ৰাইজৰো আপোনাৰ ওপৰত বিশ্বাস বাঢ়িব। যেতিয়া আপুনি জনতাৰ বিশ্বাসভাজন হ’বলৈ ল’ব তেতিয়া দেখিব আপোনৰ কামত ৰাইজেও হাত উজান দিবলৈ ল’ব।

বন্ধুসকল, ইমানদিনে আমাৰ আমোলাতন্ত্ৰৰ বিৰুদ্ধে গা-কৰি উঠা একধৰণৰ নেতিবাচক ভাৱমূৰ্তি সলনি কৰাৰ এক বৃহত্ প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখত থাকিব। ‘আমোলাতন্ত্ৰ’ আৰু ‘প্ৰশাসন’ বোলা শব্দ দুটাৰ এনে অৱস্থা হৈছেগৈ যে এতিয়া আৰু ইয়াক ‘বেয়া আমোলাতন্ত্ৰ’ অথবা ‘বেয়া প্ৰশশানিক ব্যৱস্থা’ বুলি লিখাৰ প্ৰয়োজনেই নোহোৱা হৈছেগৈ। শব্দ দুটাই যেন স্বতঃসিদ্ধ ভাবেই নেতিবাচক অৰ্থ প্ৰকাশক শব্দৰ ৰূপ ধাৰণ কৰি লৈছে। কিন্তু এয়া হ’বলৈ পালে কেনেকৈ? আমাৰ সৰহ সংখ্যক বিষয়া কিন্তু পৰিশ্ৰমী আৰু শ্ৰদ্ধাভাজনো হয়, পিছে হ’লে কি হ’ব, ইতিমধ্যে যে আমাৰ আমোলাতন্ত্ৰ অথবা প্ৰশাসনীয় ব্যৱস্থাই এক ধৰণৰ নেতিবাচক ধাৰণাৰ গ্ৰাসত নিজকে নিমজ্জিত কৰিয়েই পেলালে।  

বন্ধুসকল, অসামৰিক সেৱা সন্দৰ্ভত সকলো ক্ষমতাসীনৰ, বিষয়া-ৰাজৰ মানসত এক ধৰণৰ ছবি অংকিত হৈ আহিছে। নিশ্চিত ভাৱেই সেইখন ছবি ‘ঔপনিৱেশিক উত্তৰাধিকাৰিত্ব’ৰ, যাক ত্যাগ কৰাত কিছু সংখ্যক লোক সফল নহয়। সেয়ে আপোনালোকে এই ধাৰণাৰ গ্ৰাসৰ পৰা অসামৰিক সেৱাক মোকলাই অনাৰ বাবে প্ৰয়াস কৰিব লাগিব। আপোনালোকৰ পৰিচয় ‘কঠোৰ ক্ষমতা’ৰে নহয় বৰং ‘নৰম ক্ষমতা’ৰেহে হোৱা উচিত। ‘কঠোৰ ক্ষমতা’ৰ স্পৃহা আক্ৰোশৰ পৰা উদ্ভৱ হোৱাৰ বিপৰীতে ‘নৰম ক্ষমতা’ আকৌ সদ্ভাৱ বিকশিত কৰাৰ এক বহুত ডাঙৰ মাধ্যম হৈ উঠে। ‘নিযুক্তিৰ পৰা নিৰ্বাচন’ পৰ্যন্ত এক সৰল প্ৰক্ৰিয়া হোৱা উচিত। আপোনালোকক সাতখন দুৱাৰ পাৰ হৈহে লগ কৰিবগৈ পাৰি, এনে ধাৰণা সাধাৰণ জনতাৰ মনত কেতিয়াও উদ্ভৱ নিদিব। আপোনালোকৰ ওচৰত সকলো সমস্যাৰ তাত্ক্ষণিক সমাধান থকাতো কেতিয়াও সম্ভৱ নহয়। সাধাৰণ জনতাই এই কথা কিন্তু খুব ভালকৈয়ে বুজি পায়। তেওঁলোকে কেৱল আগ্ৰহ দেখুওৱাটো বিচাৰে, তেওঁলোকে সন্মান সহকাৰে বিষয়বোৰ বিবেচনা কৰাটো বিচাৰে। তেওঁলোকে কটব খোজা  কথাবোৰ প্ৰকৃততে শুনিবলগীয়া সকলে শুনিলেই বহু সময়ত আমাৰ দেশৰ নাগৰিকসকল সন্তুষ্ট হোৱাও দেখা যায়। তেওঁলোকে যাতে আপোনালোকৰ কাৰ্যালয়ৰ পৰা ওভতোতে সন্মান আৰু সন্তুষ্টি লৈ উভতিব পাৰে সেই কথাতো আপোনালোকে লক্ষ্য ৰাখিব লাগিব।

বন্ধুসকল, যিকোনো চৰকাৰী সেৱকৰ বাবে, যিকোনো প্ৰভাৱশালী সেৱা প্ৰবন্ধনৰ বাবে, নীতি-নিয়মৰ পাৰদৰ্শী ৰূপায়ণৰ বাবে ‘ফীড-বেক’ অতিকে জৰুৰী হয়। এয়া কেনেকৈ বিচাৰি উলিয়াব লাগিব তাৰ ব্যৱস্থাও কিন্তু আপোনালোকেই বিকশিত কৰি ল’ব লাগিব। আগৰ দিনত ‘কালেক্টৰ’সকলৰ বাবে ‘ৰাতি খপা’ৰ এক নিয়ম আছিলেই। এই ব্যৱস্থাৰ পৰাই অনুমান কৰিব পাৰি সেইসময়ত বিষয়াসকলে ক্ষেত্ৰ পৰিদৰ্শনত কিমান সময় দিবলগীয়া হৈছিল। পিছে, আজি-কালি যেন এই পৰম্পৰাত যতি পৰিবলৈ লৈছে। ক’ৰবাত ক’ৰবাত যেন ইয়াৰ চিন-মোকামেই নোহোৱাৰ দৰে হৈছেগৈ। এনে আৰু এটা পৰম্পৰা আছিল ‘জিলা গেজেটিয়াৰ’ৰ। আজি-কালি এই পৰম্পৰাও ক্ৰমাত লোপ পোৱাৰ দৰেই হৈছেগৈ। ‘হেণ্ডিং অভাৰ নোট’ বুলিও এক ব্যৱস্থা আছিল, যাৰ জৰিয়তে সেই ঠাইৰ পৰা যাবলৈ ওলোৱা বিষয়াগৰাকীয়ে নতুনকৈ আহিবলীয়া বিষয়াগৰাকীৰ বাবে এক টোকা এৰি থৈ গৈছিল। এই টোকা পঢ়িয়েই নতুনকৈ অহা বিষয়াগৰাকীয়ে সেই পদৰ, সেই কাৰ্যালয়ৰ কিম্বা সেই অঞ্চলৰ খুটি-নাটি, সা-সমস্যা, প্ৰত্যাহ্বান আদিৰ বিষয়ে অৱগত হোৱাৰ ক্ষেত্ৰত বহুত সুবিধাতো হৈছিলেই, চৰকাৰী কাম-কাজৰো ধাৰাবাহিকতা অক্ষুন্ন থাকিছিল। এনে বহু ভাল  অনুশীলন আমাৰ পুৰণি দিনত আছিল, যিবোৰক অকৌ আমি আমাৰ দৈনন্দিন কাম-কাজত দোহৰাৰ পৰম্পৰা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে। পুৰণি দিনৰ ভাল ব্যৱস্থাবোৰক আধুনিক প্ৰযুক্তিৰ সৈতে বিজড়িত কৰি আমি সেইবোৰক আৰু অধিক সমৃদ্ধ কৰিব লাগিব, আৰু অধিক শক্তিশালী কৰি ল’ব লাগিব। প্ৰযুক্তিক আমি বিকল্প হিচাপে ব্যৱহাৰ নকৰি উদ্দীপক হিচাপে প্ৰয়োগ কৰাত গুৰুত্ব দিয়া উচিত। ‘ফীড-বেক মেকানিজম’, মেল-মিটিংৰ পুৰণি পদ্ধতিৰ সৈতে আমি ‘ছ’চিয়েল মিডিয়া’ৰো বিশেষ প্ৰয়োগ কৰিব পাৰো। ‘ছ’চিয়েল মিডিয়া’ক বিশ্বাসযোগ্য মঞ্চ বুলি মানি লোৱাত অসুবিধা আছে যদিও এক আহিলা হিচাপে ইয়াৰো সহায় আমি ল’ব পাৰো। আৰু এটা কথা ঠিক, আমাৰ সিদ্ধান্ত, আমাৰ নীতিৰ প্ৰসংগত ৰাইজৰ পৰা যেনে ধৰণৰ মতামত, প্ৰতিক্ৰিয়া আহে, সেইবোৰৰ নিৰ্মোহ, নিৰপেক্ষ বিশ্লেষণো সিমানেই জৰুৰী হয়। কথাবোৰ আমি ভাল পোৱা ধৰণৰেই চাবলৈ, ভাল পোৱা ধৰণৰেই শুনিবলৈ বিচাৰিলে নহ’ব। আমি আমাৰ কামৰ প্ৰতিক্ৰিয়া শুনাৰ বাবেও নিজকে সাজু কৰি ৰাখিব পাৰিব লাগিব। ইয়ে আমাৰ দৃষ্টিকোণক গভীৰতা প্ৰদান কৰিব।

বন্ধুসকল, চৰকাৰী ব্যৱস্থাত থাকি থাকি আমি কেতিয়াবা কেতিয়াবা আৰু এটা ভুল কৰি পেলাও। সকলো সময়তে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থাকি থাকি আমি বাহিৰতো সকলোবোৰ ঠিকে-ঠাকেই আছে বুলি ধৰি ল’বলৈ ধৰো। আমাৰ একোটা সীমিত সামাজিক-চক্ৰ গঢ়ি উঠে, য’ত আমাৰ দৰে ব্যক্তিসকলেই থাকে। ইয়াৰ ফলতে আমি বহু সময়ত সামান্য সমস্যা একোটাৰো সঠিক সম্ভেদ নাপাও। সেয়ে আমি যি সেৱাতে নাথাকো কিয়, আমি আমাৰ ‘কম্ফৰ্ট জ’ন’ৰ পৰা বাহিৰলৈ ওলাই আহি সাধাৰণ জনতাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ আৱশ্যকতা থাকিব। ইয়ে আমাক উপযুক্ত নীতি-নিয়ম ৰূপায়ণ কৰাত সহায় কৰিব।

বন্ধুসকল, আমি এটা কথা বুজিব লাগিব যে মন্ত্ৰালয়েই হওক কিম্বা পৌৰ নিগমেই হওক অথবা চৰকাৰী বিভাগেই হওক, আমি এক সেৱা প্ৰদান কৰোতাহে। সেৱা প্ৰদান কৰোতাৰ বাবে উপভোক্তাসকলেই সৰ্বোপৰি হোৱা উচিত। যেতিয়াই আমি এই কথা বুজিব পাৰিম, তেতিয়াই ‘ছাপ্লাই চেইন মেনেজমেণ্ট’ত মানৱ সম্পদৰ ‘ইণভেণ্টৰী’ত, প্ৰযুক্তিত প্ৰতিটো পৰ্যায়ত প্ৰয়োজনীয় পৰিৱৰ্তন সম্পাদিত হ’বলৈ ধৰিব। আৰু যেতিয়াই সেৱা প্ৰদান প্ৰক্ৰিয়ালৈ পৰিৱৰ্তন আহিব তেতিয়াই জীৱন আপোনা-আপুনিকৈয়ে সহজ হৈ পৰিব।

বন্ধুসকল, মই এইমাত্ৰ আপোনালোকৰ সৈতে কথা হওতে ‘মেনেজমেণ্ট’ৰ প্ৰচলিত ভাষাৰ ব্যৱহাৰ কৰিছিলো, আৰু এয়া এই বাবেই কৰিছিলো, কিয়নো কেতিয়াবা কেতিয়াবা কোনো কথা বুজিবলৈ ‘নৌন টু আননৌন’ৰ দিশে আগবাঢ়াতো বৰ সৰল হৈ পৰে, ই এক ধৰণৰ সুগম বুদ্ধিও। পিছে, এই সকলৰে ওপৰত আৰু সকলোতকৈ গভীৰ হ’ল—আমাৰ মনৰ ভাৱনা, আমাৰ মনৰ বেদনা, আমাৰ মনৰ সংবেদনা। এটা চিন্তা কিন্তু আমাৰ সকলো সময়তে, সকলো মুহূৰ্ততে থাকিব লাগিব, অস্তিত্বৰ সৈতে বিজড়িত হৈ পৰিব লাগিব। কি বাৰু সেই চিন্তা!

বন্ধুসকল, আপোনালোকৰ মন মস্তিষ্কত এটা কথা স্পষ্ট হৈ যোৱা উচিত যে আজি আপুনি যি স্থানত উপনীত হৈছেহি এই সকলোবোৰ কিন্তু আপোনালোকক দেশেহে  দিছে, আপোনালোকৰ সমাজেহে দিছে, এইখন দেশৰ কোটি কোটি জনতাইহে দিছে। এইখন দেশ আপোনাৰ, এইখন দেশৰ মানুহবোৰ আপোনালোকৰ নিজৰ। এই সেৱাত নিযুক্তি লাভ কৰি আপুনি যি লাভ কৰিছে তাত কিন্তু কোনোবা দুখীয়াৰ ঘামৰ সুবাসো বিজড়িত হৈ আছে।

বন্ধুসকল, আমি দেশৰ দুখীয়া-দৰিদ্ৰৰ, দেশৰ জনতাৰ ওচৰত ঋণী, সেই ঋণ আমি পৰিশোধ কৰিব লাগিব। আৰু এই ঋণ পৰিশোধ কৰাৰ বাবে আমাৰ হাতত এটাই পথ আছে আৰু সেয়া হ’ল—আমি দেশৰ জনতাৰ জীৱন সহজ-সৰল কৰি তুলিব লাগিব। এয়া তেওঁলোকৰ প্ৰাপ্য, যাক প্ৰদান কৰাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব, আমি অহোপুৰুষাৰ্থ কৰিব লাগিব।

বন্ধুসকল, আজিৰ নতুন ভাৰতে অধিক পোৱাৰ বাবে আকাংক্ষা কৰে, আজিৰ ভাৰত অধীৰো আৰু বিকাশৰ বাবে আগতকৈ অধিক উদ্গ্ৰীবো। আজিৰ ভাৰতৰ নাগৰিকসকল আগতকৈ অধিক সচেতনো। তেওঁলোক অধিক সক্ৰিয়, অধিক সচেষ্ট আৰু হয়তো অধিক স্পৰ্শকাতৰো। চৰকাৰৰ এটা আহ্বানতে, কোনো এটা কামৰ বাবে সহযোগিতা বিচাৰিলেই সমগ্ৰ দেশবাসী সানন্দে আগবাঢ়ি আহে। এনে পৰিস্থিতিত দেশবাসীৰ দৈনন্দিন জীৱন স্বাচ্চন্দ্যপূৰ্ণ কৰি তোলাৰ বাবে আমাৰো দায়িত্ব বাঢ়ে। ইয়াৰ বাবে আমি সক্ৰিয়তাৰে কাম কৰিব লাগিব। সৰ্ব-সাধাৰণ ৰাইজে যাতে কথাই কথাই চৰকাৰৰ সৈতে যুঁজিবলগীয়া নহয় সেই কথা আমি নিশ্চিত কৰিব লাগিব। সাধাৰণ মানুহৰ জীৱন যাতে চৰকাৰ হেঁচাত পেপুঁৱা লাগিবলগীয়া নহয় সেই কথা নিশ্চিত কৰিব লাগিব।

চৰ্দাৰ পেটেলৰ এই প্ৰতিমূৰ্তিটো বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি বুলি সকলোৱে অৱগত। কিন্তু আমাৰ বাবে ই কেৱল ওখই নহয়, বৰং আহিবলগীয়া যুগ যুগৰ বাবে প্ৰেৰণা প্ৰদান কৰিব পৰা প্ৰতিমূৰ্তিও। এইটো প্ৰতিমূৰ্তিৰ পৰা আমি প্ৰেৰণা লৈ, নতমস্তক হৈ, তেওঁৰ আদৰ্শৰে আগুৱাই যোৱাৰ সংকল্প গ্ৰহণ কৰি, এই নৰ্মদা আইৰ আশীৰ্বাদ শিৰত লৈ আমি ইয়াৰ পৰা প্ৰস্থান কৰিম। এই আশাৰেই আপোনালোক সকলোলৈকে শুভকামনা জনাই সামৰিলো।

আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronics output hits ₹13 lakh crore; Vaishnaw eyes No. 2 export spot

Media Coverage

India’s electronics output hits ₹13 lakh crore; Vaishnaw eyes No. 2 export spot
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the virtues of truth, service, learning and action
June 18, 2026

The Prime Minister, Shri Narendra Modi said that wealth follows truthfulness, fame follows selfless service, knowledge follows constant practice and wisdom follows action. He noted that these values play a vital role in shaping individual character and contributing to collective progress.

The Prime Minister shared a Sanskrit Subhashitam-

“सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।

अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी।।”

The Prime Minister wrote on X;