পিএমএনআৰএফৰ পৰা এককালীন সাহায্য প্ৰদানৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মৰ্মান্তিক ঘটনাত আপোনজনক হেৰুওৱাসকললৈ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

শ্ৰী মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘এক্স’ত পোষ্ট কৰিছে :

"দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা ঘটনা অত্যন্ত মৰ্মান্তিক। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।

পিএমএনআৰএফৰ পৰা এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য দিয়া হ'ব : প্ৰধানমন্ত্ৰী।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy