স্বচ্ছতা, পুৰ্বানুমান আৰু স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড
প্ৰতিৰক্ষা খণ্ডৰ উত্পাদনী সামৰ্থ্য বৰ্দ্ধনত গুৰুত্ব প্ৰদান কৰা হৈছে : নৰেন্দ্ৰ মোদী

নমস্কাৰ সুধীবৃন্দ,

বাজেট উথ্থাপণৰ পিচত ভাৰত চৰকাৰে বাজেটৰ বিভিন্ন প্ৰস্তাৱসমূহৰ আশু ৰূপায়ণ সম্ভৱ কৰি তোলাৰ বাবে সমাজৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত বিভিন্ন ব্যক্তিৰ দিহা-পৰামৰ্শ গ্ৰহণৰ উদ্দেশ্যে এলানি ৱে’বিনাৰ অনুষ্ঠিত কৰিছে। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক কেনেকৈ সহযোগী অংশীদাৰ কৰি তুলি বাজেটৰ বিভিন্ন দফাসমূহ ৰূপায়ণ কৰিব পৰাকৈ ৰূপৰেখা অংকণ কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আনুষ্ঠিত কৰা এনে এক ৱে’বিনাৰত সংশ্লিষ্ট পক্ষসমূহৰে আলোচনা কৰিবলৈ পাই মই আনন্দিত হৈছো। আপোনালোক আটাইকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে কেনেকৈ আত্মনিৰ্ভশীলতা অৰ্জন কৰিব পাৰিব সেয়া নিৰ্ণয় কৰাৰ বাবে আজিৰ আলোচনা নিতান্তই গুৰুত্বপূৰ্ণ বিবেচিত হ’ব বুলি মই আশা কৰিছো। বাজেটৰ পিচত প্ৰতিৰক্ষা খণ্ডৰ বাবে উজ্জীৱিত হোৱা নতুন সম্ভাৱনাসমূহৰ সন্দৰ্ভত আলোচনা তথ্য সমৃদ্ধ আৰু নতুন চিন্তা উদ্ৰেককাৰী হোৱাটো নিতান্তই বাঞ্চনীয় হ’ব। শান্তিৰ সময়ত আমাৰ যোদ্ধাসকলে গ্ৰহণ কৰা প্ৰশিক্ষণত শৰীৰৰ ঘাম সৰোৱা, আৰু যুদ্ধৰ সময়ত তেজৰ বন্যা বোৱোৱাৰ পৰা বিৰত থকাৰ বাবে কেতবোৰ বাণী লিখি থোৱা আমি প্ৰায়েই দেখিবলৈ পাও। শান্তি আৰু বীৰত্ব প্ৰদৰ্শনৰ বাবে সেয়া হৈছে পূৰ্ব চৰ্ত, বীৰত্বৰ পূৰ্ব চৰ্ত হৈছে সামৰ্থ্য আৰু সামৰ্থ্যৰ পূৰ্ব চৰ্ত হৈছে আগতীয়া প্ৰস্তুতি, বাকীখিনি হ’ব কেৱল সেই প্ৰস্তুতিৰ অনুসৰণহে’। আমাৰ দেশত ইয়াক এনেকৈয়ো ব্যাখ্যা কৰা হয় : ‘সহণশীলতা, ক্ষমা, দয়া কো তভী পূজতা জগ হে’, বল কা দৰ্প চমকতা উছকে পিছে জব জগমগ হে’, অৰ্থা্ত্ : ‘সহণশীলতা, ক্ষমা, দয়াক পৃথিৱীয়ে তেতিয়াহে পূজা কৰে, যেতিয়া সেনাবাহিনীৰ পশ্চাদপটত দৰ্পই চমকনি তুলিব পাৰে’।

বন্ধুসকল,

অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক উপকৰণ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ শতাব্দী জোৰা অভিজ্ঞতা আছে। স্বাধীনতাৰ আগতে আমাৰ কেবাশ টোপ নিৰ্মাণ কাৰখানা আছিল। দুয়োখন বিশ্বযুদ্ধত ভাৰতৰ পৰা বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৰপ্টানী কৰা হৈছিল। পিচে, বহু কাৰণত, এই ব্যৱস্থাটোক যিমান শক্তিশালী কৰি তুলিব লাগিছিল সেই প্ৰয়াস কৰা নহ’ল। পৰিস্থিতি এনে হ’লগৈ যে তেনেই সৰু অস্ত্ৰ এটাৰ বাবেও আমি আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ’লগৈ। আজিৰ তাৰিখত ভাৰত পৃথিৱীৰ অন্যতম বৃহত্ অস্ত্ৰ আমদানীকাৰী দেশ। এয়া কিন্তু কেতিয়াও গৌৰৱ কৰিব পৰা কথা নহয়। ভাৰতৰ মানুহৰ যে দক্ষতা নাই সেয়া কিন্তু সত্য নহয়। ভাৰতীয় মানুহৰ সামৰ্থ্য নোহোৱাও নহয়।

মন কৰিবচোন, ক’ৰোনা আৰম্ভ হোৱাৰ সময়ত ভাৰতে ‘ভেণ্টিলেটৰ’ নিৰ্মাণ কৰাই নাছিল। কিন্তু আজিৰ তাৰিখত ভাৰতে কেবা সহস্ৰ ‘ভেণ্টিলেটৰ’ নিৰ্মাণ কৰে। যি ভাৰতে মঙল গ্ৰহলৈ যোৱাৰ সামৰ্থ্য বহণ কৰিছে, সেই ভাৰতে আধুনিক অস্ত্ৰ-শস্ত্ৰও নিৰ্মাণ কৰিব পাৰিব। পিচে, আমদানী কৰোটোকেই সহজ বুলি গণ্য কৰা হল। মানুহৰ স্বভাৱেই তেনে, সহজটোকেই আকোৱালি ল’ব খোজে, সহজে পাব পৰাটোকে ধৰিব খোজে। আপোনালোকৰ ঘৰবোৰতো চাবচোন, দৈনন্দিন জীৱনত আমি বহু বিদেশ সামগ্ৰী ব্যৱহাৰ কৰো। প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো একে কথাৰে পুৰাবৃত্তি ঘটিল। পিচে, আজিৰ ভাৰতে পৰিস্থিতি সলোৱাৰ বাবে কৰ্মৰত হৈছে।

এতিয়া, ভাৰতে ক্ষমতা আৰু সামৰ্থ্য ত্বৰান্বিত কৰাৰ কামত নিজকে ব্ৰতী কৰিছে। এটা সময় আছিল আমাৰ যুজাৰু বিমান ‘তেজছ’ নিৰ্মাণৰ বাবেও আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। কিন্তু আজি আমাৰ চৰকাৰে ‘তেজছ’ বিকশিত কৰাৰ বাবে আমাৰ অভিযন্তা আৰু বিজ্ঞানীসকলৰ সামৰ্থ্যৰ ওপৰত আস্থা স্থাপন কৰিছে আৰু তাৰ সুবাদতে আজি সুন্দৰ ভাবে ‘তেজছে’ আমাৰ আকাশত পাখি মেলিব পাৰিছে। কে-সপ্তাহ মানৰ আগতে মাত্ৰ ‘তেজছ’ৰ বাবে ৪৮,০০০কোটি টকাৰ এটি ফৰমাইছ দিয়া হৈছে। ইয়াৰ সুবাদত এই ক্ষেত্ৰত বহু সংখ্যক ‘এমএছএমই’-য়ে মূৰ দাঙি উঠিব আৰু বাণিজ্যক পৰিসৰো বিশাল হৈ উঠিব। ‘বুলেট-প্ৰূফ’ জেকেটৰ বাবে আমাৰ জোৱানসকলে দীৰ্ঘ দিন ধৰি অপেক্ষা কৰিব লাগিছিল। আজি, আমি কেৱল আমাৰ বাবেই ‘বুলেট-প্ৰূফ’ জেকেট নিৰ্মাণ নকৰো, বৰং আন দেশসমূহলৈ যোগান ধৰাৰ বাবেও আমাৰ সামৰ্থ্য বৃদ্ধি কৰিছো।

বন্ধুসকল,

‘প্ৰতিৰক্ষা প্ৰধান’ৰ পদ সৃষ্টিৰ পিচৰে পৰা খণ্ডটোৰ বাবে সম্পন্ন কৰিব লগা উপকৰণ ক্ৰয় প্ৰক্ৰিয়াত সমতা স্থাপন কৰা, নমুনা পৰীক্ষণ আৰু পৰীক্ষণ, উপকৰণৰ সংযোজন আৰু সেৱাৰ প্ৰক্ৰিয়া তেনেই সহজ হৈ পৰাৰ লগতে প্ৰতিৰক্ষা বাহিনীৰ সকলো বিভাগৰ সহযগিতাৰে এই প্ৰক্ৰিয়াই দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। সেনাবাহিনীৰ আধুনিকীকৰণৰ প্ৰতিশ্ৰুতিবদ্ধতাক এইবাৰৰ বাজেটে আৰু অধিক শক্তি প্ৰদান কৰিলে। এইবেলিৰ বাজেটত প্ৰায় ডেৰ দশকৰ পিচত প্ৰতিৰক্ষা খণ্ডৰ বাবে নিৰ্দ্ধাৰিত পুঁজিৰ পৰিমাণ ১৯শতাংশ হাৰে বৃদ্ধি কৰা হৈছে। ইফালে, স্বাধীনতাৰ পিচত এই প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষা খণ্ডত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃ্দ্ধিত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ব্যক্তিগত খণ্ডক উত্সাহিত কৰাৰ বাবে চৰকাৰে স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশ প্ৰদানৰ বাবে যাৱতীয় পদক্ষেপো গ্ৰহণ কৰিছে।

বন্ধুসকল,

প্ৰতিৰক্ষাখণ্ডত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক লৈ উদ্ভৱ হোৱা চিন্তাকো মই বুজি পাও। অৰ্থনীতিৰ অন্যান্য ক্ষেত্ৰ্সমূহৰ তুলনাত প্ৰতিৰক্ষা খণ্ডৰ বিভিন্ন পৰ্যায়ত চৰকাৰৰ হস্তক্ষেপ নিতান্তই অধিক। চৰকাৰ হ’ল একমাত্ৰ কিনোতা, চকাৰেই উত্পাদকো আৰু চৰকাৰৰ অনুমতি নোলোৱাকৈ এনে সামগ্ৰীৰ ৰপ্টানী কৰাটোও সম্ভৱ নহয়। আৰু এয়া নিতান্তই স্বাভাৱিকো, কাৰণ ই দেশৰ নিৰাপত্তাৰে জড়িত প্ৰসংগ। পিচে, একেটা সময়তে এটা কথাও মানি ল’ব লাগিব যে ব্যক্তিগত খণ্ডৰ সহযোগিতা অবিহণে ২১শতিকাৰ প্ৰতিৰক্ষা সামগ্ৰীৰ উত্পাদনী বাতবৰণটোৱে উদ্গতি কৰিব নোৱাৰে। এই কথা মই বাৰুকৈয়ে বুজো আৰু এতিয়া চৰকাৰৰ সকলো অংগই এই কথাত সহমত ব্যক্তও কৰিছে। সেয়ে, ২০১৪ চনৰ পৰৱৰ্তি সময়ছোৱাত আমি স্বচ্ছতা, পূৰ্বানুমান সম্ভৱতা আৰু স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশ প্ৰদান কৰাৰ বাবে খণ্ডটোত এটাৰ পিচত এটা পদক্ষেপ গ্ৰহণ কৰি আহিছো। অনুজ্ঞা পত্ৰ বাতিলকৰণ, নিয়ন্ত্ৰণমুক্তকৰণ, ৰপ্টানী বৰ্দ্ধন, বিদেশী বিনিয়োগৰ বাবে উদাৰীকৰণৰ দৰে আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰি আহিছো। আৰু মই নেতৃত্ব আৰু সেনাবাহিনীসমূহৰ পৰা ব্যাপক সহাঁৰি আৰু সহযোগিতা লাভ কৰি আহিছো বুলিও ক’ব বিচাৰিম। তেওঁলোকেও এইবোৰ প্ৰসংগত গুৰুত্ব প্ৰদান কৰাৰ লগতে এই অভিযানক আগুৱাই নিয়াত মনোনিৱেশ কৰিছে।

বন্ধুসকল,

কোনো ব্যক্তিয়ে সেনাৰ সাজ পৰিধান কৰিলে বোলে প্ৰবল শক্তি অনুভৱ কৰে, কাৰণ তেওঁলোকৰ বাবে যুদ্ধ হৈছে জীৱন অথবা মৰণ। তেওঁলোকে তেওঁলোকৰ জীৱনক বিপদাপন্ন কৰি দেশক সুৰক্ষা প্ৰদান কৰে। যদি তেওলোকেই ‘আত্মনিৰ্ভৰ ভাৰত’ গঢ়াৰ বাবে আগবাঢ়ি আহে তেন্তে বাতাবৰণ যে ইতিবাচক আৰু উদ্দীপণাপূৰ্ণ হৈ উঠিব সেই কথা চাগৈ আপোনালোকেও অনুভৱ কৰিব পাৰিব। আপোনালোকেও চাগৈ জানেই যে প্ৰতিৰক্ষাৰে জড়িত, যিবোৰ সামগ্ৰী আমি স্থানীয় উদ্যোগীৰ সহযোগত নিজেই উত্পাদন কৰিব পাৰো তেনে, ১০০বিধ গুৰুত্বপূৰ্ণ সামগ্ৰীৰ এক তালিকা ভাৰতে যুগুতাই উলিয়াইছে, যাক ‘নেতিবাচক’ বুলি অভিহিত কৰা হৈছে। উদ্যোগসমূহে যাতে এইসমূহ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ পৰিকল্পনা কৰিব পাৰে তাৰ বাবে সময় নিৰ্দ্ধাৰিত সূচীও যুগুতাই উলিওৱা হৈছে।

বন্ধুসকল,

পৃথিৱীৰ বহু সৰু সৰু দেশে ইমান দিনে তেওঁলোকৰ সুৰক্ষাক লৈ ইমান উদ্বিগ্ন হোৱা নাছিল। পিচে, পৰিৱৰ্তিত গোলকীয় পৰিৱেশটোত নতুনকৈ সন্মুখীন হোৱা প্ৰত্যহ্বানসমূহৰ পৰিপ্ৰেক্ষিতত, তেনে ধৰণৰ সৰু সৰু দেশেও এতিয়া তেওঁলোকৰ সুৰক্ষাক লৈ চিন্তিত হবলগীয়াত পৰিছে, তেওঁলোকৰ বাবেও এতিয়া নিৰাপত্তা এক অতিকে গুৰুত্বপূৰ্ণ প্ৰসংগ হৈ উঠিছে। আমাৰ কম-ব্যয় সম্পন্ন উত্পাদনী সামৰ্থ্যৰ বাবেই তেনেধৰণৰ সৰু সৰু আৰু দুখীয়া দেশসমূহে তেওঁলোকৰ নিৰাপত্তা-প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে ভাৰতলৈ দৃষ্টি দিয়াটো তেনেই স্বাভাৱিক। মান সম্পন্ন উত্পাদনৰ বাবে আমাৰ সামৰ্থ্য আছেই, আমি কেৱল আগুৱাই যোৱাটোহে কথা। এনেবোৰ দেশক সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতে বৃহত ভূমিকা পালন কৰিব লাগিব আৰু তাৰ বাবে ভাৰতৰ বিকশিত প্ৰতিৰক্ষা খণ্ডৰ বিশেষ ভূমিকা আৰু বৃহত্ সম্ভাৱনা আছে। আজিৰ তাৰিখত আমি ৪০খনৰো অধিক দেশলৈ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্টানী কৰো। আমদানী-নিৰ্ভৰ দেশৰ পৰিচিতিৰ পৰা আমি পৃথিৱীৰ অন্যতম অগ্ৰণী প্ৰতিৰক্ষা সামগ্ৰী ৰপ্টানীকৰোতা দেশ হিচাপে নিজকে পৰিচিত কৰাৰ বাবে প্ৰয়াস কৰিব লাগিব, আৰু এয়া সম্ভৱ কৰিব লাগিব আপোনালোকক লগত লৈ।

বৃহত্ উদ্যোগৰ লগতে মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবেও এক সুস্থ প্ৰতিৰক্ষা সামগ্ৰী উত্পানী বাতাবৰণেযে নিতান্তই গুৰুত্ব বহণ কৰে সেই কথা আমি মনত ৰাখিব লাগিব। সময়ৰ সৈতে তাল মিলাই দ্ৰুত পৰিৱৰ্তন সাধন কৰাৰ লগতে আৰু আমাৰ প্ৰতিৰক্ষা ব্যৱস্থাটোক সদা-সষ্টম কৰি ৰখাৰ বাবে আমাৰ ‘ষ্টাৰ্টআপ’ প্ৰতিষ্ঠানসমূহে আমাক প্ৰয়োজনীয় উদ্ভাৱন আগবঢ়াই আহিছে। সমগ্ৰ উত্পাদনী খণ্ডটোৰ ৰাজহাড়ৰ দৰেই ‘এমএছএমই’’সমূহে কাম কৰি আহিছে। আজি সম্পাদিত হোৱা সংস্কাৰ অভিযানে এমএছএমই’সমূহক অধিক স্বাধীনতা প্ৰদান কৰাৰ লগতে পৰিসৰ সম্প্ৰসাৰণৰ বাবেও উত্সাহিত কৰিছে। সমগ্ৰ বাতাবৰণটোক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত ইন্ধনৰ দৰে ভূমিকা পালন কৰাৰ ক্ষেত্ৰত এইসমূহ ‘এমএছএমই’য়ে মজলীয়া আৰু বৃহত্ উত্পাদনী গোটসমূহক সহায় কৰে। এই নতুন চিন্তা আৰু নতুন দষ্টিভংগী আকৌ আমাৰ দেশৰ যুৱ-প্ৰজন্মৰ বাবেও অতিকে গুৰুত্বপূৰ্ণ। ‘আইডিইএক্স’ৰ দৰে মঞ্চসমূহে আমাৰ ‘ষ্টাৰ্টআপ’ প্ৰতিষ্ঠানসমূহৰ লগতে যুৱ উদ্যোগীসকলক এই দিশত উত্সাহ প্ৰদান কৰি আহিছে। আজিৰ তাৰিখত দেশত নিৰ্মাণ কৰা প্ৰতিৰক্ষা ক’ৰিডৰসমূহে স্থানীয় উদ্যোগী আৰু উত্পাদসকলকো সহায় কৰিব। আমাৰ দেশৰ প্ৰতিৰক্ষা খণ্ডৰ স্বয়ংসম্পূৰ্ণতাক ‘জোৱান’ আৰু ‘ন-জোৱান’(যুৱ-প্ৰজন্ম)ৰ সবলীকৰণ হিচাপেও বিবেচনা কৰা উচিত হ’ব।

বন্ধুসকল,

এটা সময় আছিল দেশৰ নিৰাপত্তাৰ প্ৰসংগ মাটি, পানী আৰু আকাশৰে বিজড়িত হৈ আহিছিল। এতিয়া কিন্তু জীৱনৰ প্ৰায় প্ৰতিটো পৰ্যায়লৈ ইয়াৰ পৰিসৰ সম্প্ৰসাৰিত হৈছে। আৰু, সন্ত্ৰাসবাদৰ দৰে প্ৰসংগৰ উপস্থিতিয়েই ইয়াৰ প্ৰধান কাৰণ। সেইদৰে, চাইবাৰ আক্ৰমণৰ ৰূপত আন এক নতুন ভাবুকিয়ে নিৰাপত্তাৰ সামগ্ৰিক প্ৰেক্ষাপটটোক সলনি কৰি দিছে। এটা সময় আছিল নিৰাপত্তাৰ বাবে বিশাল পৰিমাণৰ অস্ত্ৰ-ভাণ্ডাৰ আমদানী কৰিবলগীয়া হৈছিল। এতিয়া পৰিৱেশ এনে হৈছে যে এটা সৰু কোঠাত সংস্থাপিত এটা সৰু কম্পিউটাৰো দেশৰ নিৰাপত্তাৰ বাবে ভাবুকি হ’ব পাৰে আৰু সেয়ে আমি লগতে পৰম্পৰাগত প্ৰতিৰক্ষা উপকৰণৰ লগতে ২১শতিকাৰ প্ৰযুক্তিৰে সঞ্চালিত উপকৰণৰে ভৱিষ্যত-দৰ্শী দৃষ্টিভংগী লৈ আমি কাম কৰিব লাগিব। আৰু এতিয়া তাৰ বাবে বিনিয়োগ কৰিব লাগিব।

সেয়ে, আজি আমি উচ্চতৰ শিক্ষা প্ৰতিষ্ঠান, গৱেষণা প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আৰু আমাৰ শিক্ষায়তনিক জগতখনত প্ৰতিৰক্ষা-সম্পৰ্কীয় পাঠ্যক্ৰম, প্ৰতিৰক্ষা দক্ষতা পাঠ্যক্ৰম সংযোজিত কৰাৰ লগতে দক্ষতা বিকাশ আৰু মানৱ সম্পদ উন্নয়ণৰ দৰে প্ৰসংগত গুৰুত্ব প্ৰদান কৰাতো নিতান্তই প্ৰয়োজনীয়তা আছে। এই প্ৰসংগত গৱেষণা আৰু উদ্ভাৱনকো গুৰুত্ব দিব লাগিব। ভাৰতৰ প্ৰয়োজনীয়তাসমূহক হৃদয়ংগম কৰি এইসমূহ পাঠ্যক্ৰম যুগুতাব লাগিব। পৰম্পৰাগত প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত থকা সমাবেশী জোৱানসকলৰ দৰেই শিক্ষায়তনিক ক্ষেত্ৰৰ এইসকল, গৱেষক আৰু প্ৰতিৰক্ষা বিশেষজ্ঞকো আমি এক দৃষ্টিৰে চোৱাৰ পৰম্পৰা গঢ়িব লাগিব। এনে প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি পদক্ষেপসমূহ গ্ৰহণ কৰিব লাগিব। আশা কৰো আপোনালোকে এই দিশেৰেও কথাবোৰ বিবেচনা কৰি আগবাঢ়িব।

বন্ধুসকল,

আজিৰ আলোচনা আৰু গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত আৰু চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ অংশীদাৰিত্বৰে এক সময়-নিৰ্দ্ধাৰিত কৰ্ম পৰিকল্পনা আৰু যথোপযুক্ত পথ-মানচিত্ৰ যুগুতাই উলিয়াবলৈ মই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ লগতে আপোনালোক আটাইকে আহ্বান জনাইছো। আজিৰ ৱে’বিনাৰত আপোনালোকে আগবঢ়াব লগা বিশিষ্ট চিন্তা আৰু দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে আপোনালোকে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে মই আপোনালোক সকলোলৈকে শুভকামনা জনালো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”