অসমে উন্নয়নৰ নতুন গতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে কৃষকৰ কল্যাণক সকলো প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুত ৰাখিছেঃ প্ৰধানমন্ত্ৰী
কৃষি কাৰ্যৰ প্ৰসাৰ আৰু কৃষকক সহায়ৰ বাবে প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰতা অভিযানৰ দৰে পদক্ষেপ আৰম্ভ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
সবকা সাথ, সবকা বিকাশৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ আমাৰ প্ৰচেষ্টাই দুখীয়া লোকসকলৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰিছেঃ প্ৰধানমন্ত্ৰী

উজনিৰ ৰাইজ কেনে আছো? আপোনালোকক মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা যাচিছোঁ।

 

অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল,  ভিতৰৰ তুলনাত পেণ্ডেলৰ  বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।

চাও লুং চ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে বীৰৰ এই ভূমি, ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিং আৰু যোদ্ধা নাৰী সতী সাধনীৰ এই ভূমি, অসমৰ এই মহান উজনিৰ মাটিৰ প্ৰতি শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

 

বন্ধুসকল,

 

মই দেখিছোঁ যে আপোনালোক সকলোৱে ইমান বৃহৎ সংখ্যাত , দূৰ-দূৰণিৰ আহি উপস্থিত হৈছে।  ইয়াত আপোনালোকৰ উৎসাহ, আপোনালোকৰ উত্তেজনা আৰু মৰমৰ বৰষুণ হৈছে। বিশেষকৈ, মোৰ আই আৰু ভগ্নীসকল, আপোনালোকে ইমান বিপুল সংখ্যাত যি মৰম আৰু আশীৰ্বাদ কঢ়িয়াই আনিছে সেয়া আমাৰ বাবে  সৰ্বাধিক শক্তি, এক আচৰিত অনুভৱ। মোৰ বহু ভগ্নী অসমৰ চাহ বাগিচাৰ সুগন্ধি লৈ ইয়াত আহি উপস্থিত হৈছে। চাহৰ এই সুগন্ধিয়ে অসমৰ সৈতে মোৰ সম্পৰ্কত এক অতি বিশেষ অনুভূতিৰ ভাব জগাই তোলে।  আপোনালোক সকলোকে প্ৰণাম জনাইছো। এই মৰম আৰু আদৰৰ বাবে আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বন্ধুসকল,

আজি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ডাঙৰ দিন। বহু প্ৰত্যাশিত নামৰূপ আৰু ডিব্ৰুগড়ৰ সপোন অৱশেষত আজি বাস্তৱত পৰিণত হৈছে  আৰু এই সমগ্ৰ অঞ্চলতে আৰম্ভ হৈছে উদ্যোগিক প্ৰগতিৰ এক নতুন অধ্যায়। মাত্ৰ অলপ আগতে ইয়াত এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমি পূজন কৰিলো। ডিব্ৰুগড়লৈ অহাৰ আগতে গুৱাহাটীত এয়াৰপৰ্ট টাৰ্মিনেল এটাও উদ্বোধন কৰিলোঁ। আজি সকলোৱে কৈছে যে অসমে উন্নয়নৰ নতুন গতি লাভ কৰিছে। মই আপোনালোকক ক’ব বিচাৰিছো, আপোনালোকে  এতিয়া যি দেখিছে, যি অনুভৱ কৰিছে, এয়া মাত্ৰ আৰম্ভণিহে।

 

আমি অসমক বহু আগুৱাই নিব লাগিব; আমি আপোনালোক সকলোকে লগত লৈ আগবাঢ়িব লাগিব। আহোম ৰাজত্বৰ সময়ত অসমৰ যি শক্তি আৰু ভূমিকা আছিল; উন্নত ভাৰতৰ সমানেই শক্তিশালী ভূমিত পৰিণত হ’ব অসম৷ নতুন উদ্যোগ আৰম্ভ কৰা, আধুনিক আন্তঃগাঁথনি নিৰ্মাণ, অৰ্ধপৰিবাহী আৰু ইয়াৰ উৎপাদনৰ উন্নতি, কৃষি খণ্ডত নতুন সুযোগ, চাহ বাগিচা আৰু ইয়াৰ শ্ৰমিকৰ অগ্ৰগতি আৰু পৰ্যটনৰ ক্ৰমবৰ্ধমান সম্ভাৱনাৰ লগে লগে অসম প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িছে। এই আধুনিক সাৰ উদ্যোগৰ  বাবে আপোনালোক সকলোৰে লগতে দেশৰ সকলো কৃষক ভাই-ভনীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

লগতে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ বাবে আপোনালোকক অভিনন্দন জনাইছো। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ অধীনত উদ্যোগ আৰু সংযোগৰ এই সহযোগিতাই অসমৰ আকাংক্ষা পূৰণ কৰাৰ লগতে আমাৰ যুৱক-যুৱতীসকলক ডাঙৰ সপোন দেখাৰ বাবেও অনুপ্ৰাণিত কৰিছে।

বন্ধুসকল,

আমাৰ দেশৰ কৃষক, আমাৰ অন্ন দাতাই এখন উন্নত ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে আমাৰ চৰকাৰে কৃষকৰ স্বাৰ্থক সৰ্বোচ্চ স্থানত  ৰাখি দিনে নিশাই কাম কৰি আছে। ইয়াত আপোনালোক সকলোৱে কৃষক অনুকূল আঁচনিৰ সুবিধা লাভ কৰি আছে। কৃষি কল্যাণমূলক আঁচনিৰ মাজতো আমাৰ কৃষকসকলে সাৰৰ নিৰন্তৰ যোগান ধৰাটোও গুৰুত্বপূৰ্ণ। এই ইউৰিয়া প্লাণ্টে অনাগত বছৰবোৰত ইয়াক নিশ্চিত কৰিব। এই সাৰ প্ৰকল্পৰ বাবে প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব। ইয়াত প্ৰতি বছৰে ১২ লাখ মেট্ৰিক টনতকৈ অধিক সাৰ উৎপাদন কৰা হ’ব। ইয়াত যেতিয়া উৎপাদন হ’ব তেতিয়া যোগান দ্ৰুত হ’ব আৰু লজিষ্টিক খৰচ কমি যাব।

বন্ধুসকল,

নামৰূপৰ এই গোটে হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপন আৰু স্ব-নিয়োগৰ সুবিধাও সৃষ্টি কৰিব। প্লাণ্টটোৱে কাম আৰম্ভ কৰাৰ লগে লগে ইয়াতেই বহুতে স্থায়ী চাকৰি পাব। ইয়াৰ উপৰি উদ্যোগটোৰ সৈতে জড়িত ৰক্ষণাবেক্ষণ, যোগান, আৰু নিৰ্মাণকে ধৰি বহু পৰিমাণৰ কাম হ’ব। এই সকলোবোৰ ক্ষেত্ৰতে স্থানীয় লোকে, আৰু বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন বিচাৰি পাব।

ভাতৃ-ভগ্নীসকল

এবাৰ ভাবি চাওকচোন, কিয় কৃষকৰ কল্যাণৰ কাম বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতহে হৈ আছে? আমাৰ নামৰূপ দশক দশক ধৰি সাৰ উৎপাদনৰ কেন্দ্ৰ হৈ আহিছে। এসময়ত ইয়াত উৎপাদিত সাৰে উত্তৰ-পূৰ্বাঞ্চলৰ পথাৰত শক্তি প্ৰদান কৰিছিল, খেতিয়কৰ শস্যক সহায় কৰিছিল। আনকি দেশৰ বহু ঠাইত যেতিয়া সাৰৰ যোগান প্ৰত্যাহ্বান হৈ পৰিছিল, তেতিয়াও নামৰূপ কৃষকসকলৰ বাবে আশাৰ বতৰা হৈয়েই থাকিল। কিন্তু পুৰণি কাৰখানাবোৰৰ প্ৰযুক্তি কালক্ৰমত পুৰণি হৈ পৰিল, কংগ্ৰেছ চৰকাৰে ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।

 

ফলত নামৰূপ প্লাণ্টৰ বহু ইউনিট এই কাৰণতে বন্ধ হৈ পৰে। সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ কৃষকসকলে ক্ষতিগ্ৰস্ত হৈছিল  আৰু সমগ্ৰ দেশৰ কৃষকসকলেও অসুবিধাৰ সন্মুখীন হৈছিল; তেওঁলোকৰ আয়ৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছিল আৰু খেতি কৰাটো ক্ৰমান্বয়ে প্ৰত্যাহ্বানজনক হৈ পৰিছিল। অৱশ্যে এই সমস্যা সমাধানৰ বাবে কংগ্ৰেছ দলে একো নকৰিলে; তেওঁলোক উদাসীন হৈ থাকিল। আজি আমাৰ ডাবল ইঞ্জিন চৰকাৰে কংগ্ৰেছ দলে সৃষ্টি কৰা এই সমস্যাবোৰেই সমাধান কৰি আছে।

বন্ধুসকল,

ঠিক অসমৰ দৰেই দেশৰ আন ৰাজ্যতো বহুতো সাৰ কাৰখানা বন্ধ হৈ গৈছিল। তেতিয়াৰ কৃষকৰ দুৰ্দশাৰ কথা মনত আছেনে? ইউৰিয়াৰ বাবে কৃষকসকলে দীঘলীয়া শাৰী পাতি থিয় হ’বলগীয়া হৈছিল। ইউৰিয়াৰ দোকানত আৰক্ষী মোতায়েন কৰিবলগীয়া হৈছিল। আৰক্ষীয়ে কৃষকক লাঠিচাৰ্জ কৰিছিল।

 

ভাতৃ-ভগ্নীসকল

 

কংগ্ৰেছে যি পৰিস্থিতি অধিক বেয়া কৰি তুলিছিল, সেই পৰিস্থিতিৰ উন্নতিৰ বাবে আমাৰ চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে।তেওঁলোকে ইমান বেয়াকৈ কৰিলে, ইমানেই বেয়াকৈ যে, ১১ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো মোৰ আৰু বহুত কাম আছে। কংগ্ৰেছৰ দিনত সাৰ কাৰখানা বন্ধ হৈ আছিল। আনহাতে আমাৰ চৰকাৰে গোড়খপুৰ, সিন্দি, বাৰাউনী, ৰামাগুণ্ডাম আদি ঠাইত বহু প্লাণ্ট আৰম্ভ কৰিছে। ব্যক্তিগত খণ্ডকো এই ক্ষেত্ৰত উৎসাহিত কৰা হৈছে। আজি ইয়াৰ ফলস্বৰূপে আমি অদূৰ ভৱিষ্যতে ইউৰিয়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ দিশত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছো।

 

বন্ধুসকল,

 

২০১৪ চনত দেশত মাত্ৰ ২২৫ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হৈছিল। সেই সংখ্যাটো মনত আছেনে? অংকটো মনত আছেনে? আপোনালোকে মোক ১০-১১ বছৰ আগতে দায়িত্ব দিছিল, তেতিয়া উৎপাদন আছিল ২২৫ লাখ মেট্ৰিক টন। এই সংখ্যাটো মনত ৰাখিব। যোৱা ১০-১১ বছৰত কঠোৰ পৰিশ্ৰম কৰি আমি উৎপাদন প্ৰায় ৩০৬ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰিছো। কিন্তু আমি ইয়াতেই ৰৈ থাকিব নালাগে, কাৰণ এতিয়াও বহু কাম বাকী আছে।

 

তেতিয়া তেওঁলোকে কৰিবলগীয়া কামটো তেওঁলোকে কৰা নাছিল, আৰু সেইবাবেই এতিয়া অলপ অতিৰিক্ত কষ্ট কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত আমাক প্ৰতি বছৰে প্ৰায় ৩৮০ লাখ মেট্ৰিক টন ইউৰিয়াৰ প্ৰয়োজন। আমি ৩০৬ পালোঁ, আৰু ৭০-৮০ কৰিব লাগিব। কিন্তু মই দেশবাসীক আশ্বাস দিছো, আমি যিদৰে কঠোৰ পৰিশ্ৰম কৰিছো, যি ধৰণে পৰিকল্পনা কৰিছো আৰু মোৰ কৃষক ভাই-ভনীসকলে আমাক যিদৰে আশীৰ্বাদ দিছে, আমি এই ব্যৱধান অতি সোনকালে পূৰণৰ ক্ষেত্ৰত কোনো য'তি  নপৰাকৈ ৰাখিম। সেইবাবেই অলপ অতিৰিক্ত কষ্ট কৰিব লগা হৈছে।

 

ভাতৃ-ভগ্নীসকল

 

আপোনালোকক আৰু এটা কথা কব বিচাৰিছো, আপোনাৰ স্বাৰ্থৰ প্ৰতি আমাৰ চৰকাৰ অতি সংবেদনশীল। আনকি আমি বহিঃৰাজ্যৰ পৰা অধিক মূল্যত আমদানি কৰিবলগীয়া ইউৰিয়াও আমি সেই বোজা আমাৰ কৃষকৰ ওপৰত পৰিবলৈ নিদিওঁ। বিজেপি চৰকাৰে নিজেই খৰচ হোৱা ৰাজসাহায্য প্ৰদান কৰে। ভাৰতৰ কৃষকসকলে মাত্ৰ ৩০০ টকাত ইউৰিয়াৰ বেগ এটা পায়, কিন্তু সেই এটা বেগৰ বাবে ভাৰত চৰকাৰে আন দেশক, আমি য’ৰ পৰা আমদানি কৰো, প্ৰায় ৩০০০ টকা দিব লাগে। এতিয়া ভাবি চাওকচোন আমি ৩০০০ টকাত কিনি ৩০০ টকাত বিক্ৰী কৰো।

আমি এই সমগ্ৰ বোজা দেশৰ কৃষকৰ ওপৰত পৰিবলৈ নিদিওঁ। এই সমগ্ৰ খৰচ চৰকাৰে নিজেই বহন কৰে, যাতে মোৰ খেতিয়ক ভাই-ভনীসকলে বোজা বহন কৰিব নালাগে। কিন্তু মই মোৰ কৃষক ভাই-ভনীসকলকো ক’ব বিচাৰিছো যে আপোনালোকেও মোক সহায় কৰিব লাগিব আৰু সেই সহায় কেৱল মোৰ বাবেই নহয়, আপোনালোকৰ বাবেও, মোৰ কৃষক ভাই-ভনীসকলৰ বাবেও, আৰু সেয়া হ’ল পৃথিৱী মাতৃক ৰক্ষা কৰা। আমি পৃথিৱী মাতৃক ৰক্ষা নকৰিলে আমি যিমানেই বেগ ইউৰিয়া ব্যৱহাৰ নকৰোঁ কিয়, বিনিময়ত তেওঁ আমাক একো নিদিয়ে।

 

যেনেকৈ আমি বেমাৰত থাকোঁতে সঠিক মাত্ৰাত ঔষধ খাব লাগে – যদি আমাক দুটা বড়িৰ প্ৰয়োজন হয় আৰু চাৰিটা সেৱন কৰা  হয়, তেন্তে ই আমাৰ শৰীৰক সহায় কৰাৰ পৰিৱৰ্তে ক্ষতি কৰিব – পৃথিৱী মাতৃৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। যদি আমি কেৱল আমাৰ ওচৰ-চুবুৰীয়াই কৰি আছে বুলিয়েই অত্যধিক পৰিমাণৰ সাৰ যোগ কৰি থাকিম তেন্তে পৃথিৱী মাতৃয়ে আমাৰ বিৰুদ্ধে থিয় দিব। পৃথিৱী মাতৃক বলপূৰ্বক ইউৰিয়া খুৱাই হত্যা কৰাৰ আমাৰ কোনো অধিকাৰ নাই। তেওঁ  আমাৰ মা, এই মাতৃক আমিও ৰক্ষা কৰিব লাগিব।

বন্ধুসকল,

আজি বীজৰ পৰা বজাৰলৈকে কৃষকৰ লগত থিয় দিছে বিজেপি চৰকাৰ। কৃষি কৰ্মৰ বাবে পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰা হৈছে, যাতে কৃষকে ঋণ বিচাৰি ঘূৰি ফুৰিব নালাগে। এই পৰ্যন্ত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত প্ৰায় ৪ লাখ কোটি টকা কৃষকৰ একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সংখ্যাটো আপোনালোকৰ মনত আছেনে?

 

নে পাহৰি গৈছে? মোৰ দেশৰ কৃষকৰ একাউণ্টত পোনপটীয়াকৈ ৪ লাখ কোটি টকা জমা হৈছে। এইবাৰ কৃষকক সহায়ৰ বাবে ৩৫ হাজাৰ কোটি টকাৰ দুখন নতুন আঁচনি আৰম্ভ কৰা হৈছে – ৩৫ হাজাৰ কোটি টকা! প্ৰধানমন্ত্ৰী ধন ধন কৃষি যোজনা আৰু দলহন আত্মা নিৰ্ভৰ (দাইল আত্মনিৰ্ভৰশীলতা) অভিযানে কৃষিক উন্নীত কৰিব।

 

বন্ধুসকল,

 

আমি কৃষকৰ প্ৰতিটো প্ৰয়োজনৰ কথা  মনত ৰাখি কাম কৰি আছো। প্ৰতিকূল বতৰৰ বাবে শস্যৰ ক্ষতি হ’লে কৃষকসকলে ফছল বীমা যোজনাৰ জৰিয়তে সহায় লাভ কৰিছে। কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰিবলৈ ক্ৰয় ব্যৱস্থা উন্নত কৰা হৈছে। আমাৰ চৰকাৰৰ দৃঢ় বিশ্বাস যে আমাৰ কৃষকসকল শক্তিশালী হ’লেহে দেশখন আগবাঢ়িব, আৰু আমি ইয়াৰ বাবে সকলো প্ৰচেষ্টা চলাইছো।

 

বন্ধুসকল,

 

কেন্দ্ৰত আমাৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত আমি কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা পশুপালক আৰু মীনপালকলৈও সম্প্ৰসাৰিত কৰিলোঁ। কিষাণ ক্ৰেডিট কাৰ্ড, কে চি চি, কে চি চিৰ সুবিধা পোৱাৰ পিছত আমাৰ পশুপালক, আমাৰ মীন পালক, সকলোৱে বহুত সুবিধা লাভ কৰিছে। এই পৰিসংখ্যাও মনত ৰাখিব, কেচিচিৰ জৰিয়তে এই বছৰ কৃষকক ১০ লাখ কোটি টকাতকৈ অধিক সাহায্য দিয়া হৈছে। ১০ লাখ কোটি টকা। জৈৱ সাৰৰ ওপৰত জি এছ টি হ্ৰাস পোৱাৰ ফলত কৃষকসকলেও যথেষ্ট লাভাৱান্বিত হৈছে।

 

 

ভাৰতীয় কৃষকক প্ৰাকৃতিক কৃষিৰ বাবেও উল্লেখযোগ্য উৎসাহ প্ৰদান কৰিছে বিজেপি চৰকাৰে। আৰু মই বিচাৰিম যে অসমত কিছুমান জিলা ওলাব লাগে যিয়ে ১০০% প্ৰাকৃতিক খেতি কৰে। বুজিছে, অসমে ভাৰতক দিশ দেখুৱাব পাৰে। অসমৰ কৃষকে দেশক পথ প্ৰদৰ্শন কৰিব পাৰে। আমি ৰাষ্ট্ৰীয় কৃষি অভিযান আৰম্ভ কৰিছো, আৰু আজি লাখ লাখ কৃষকে ইয়াত যোগদান কৰিছে। ম‍ই

 

 যোৱা কেইবছৰমানৰ পৰা দেশত ১০ হাজাৰ কৃষক উৎপাদক সংস্থা - এফ পি অ’ গঠন হৈছে। উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব দি আমাৰ চৰকাৰে খাদ্য তেল, বিশেষকৈ পাম অইলৰ সৈতে জড়িত এক অভিযানো আৰম্ভ কৰিছে। এই অভিযানে ভাৰতক খোৱাতেলৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাই নহয় ইয়াৰ কৃষকৰ আয়ো বৃদ্ধি কৰিব।

বন্ধুসকল,

আমাৰ এই অঞ্চলত বৃহৎ সংখ্যক চাহ বাগিচাৰ কৰ্মীও আছে। খোদ বিজেপি চৰকাৰেই অসমৰ সাড়ে সাত লাখ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে জনধন বেংক একাউণ্ট খুলিছিল। এতিয়া বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত হোৱাৰ বাবে এই শ্ৰমিকসকলে তেওঁলোকৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে ধন লাভ কৰিব পাৰিব। আমাৰ চৰকাৰে চাহ বাগিচা অঞ্চলত বিদ্যালয়, পথ, বিদ্যুৎ, পানী আৰু চিকিৎসালয়ৰ সা-সুবিধা বৃদ্ধি কৰি আছে।

 

বন্ধুসকল,

 

সবকা সাথ সবকা বিকাশৰ মন্ত্ৰ লৈ আমাৰ চৰকাৰ আগবাঢ়িছে। আমাৰ এই দৃষ্টিভংগীয়ে আমাৰ দেশৰ দৰিদ্ৰ লোকৰ জীৱনলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। যোৱা ১১ বছৰত আমাৰ প্ৰচেষ্টা, আঁচনি, আঁচনি ৰূপায়ণৰ বাবে ২৫ কোটি লোক, এই সংখ্যাটোও মনত ৰাখিব, ২৫ কোটি মানুহ দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। দেশত এটা নব্য মধ্যবিত্ত শ্ৰেণীৰ উত্থান ঘটিছে। এনে হৈছে কাৰণ ভাৰতবৰ্ষৰ দৰিদ্ৰ পৰিয়ালৰ জীৱন ধাৰণৰ মান বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে উন্নত হৈ আহিছে। শেহতীয়া কিছু পৰিসংখ্যা পোহৰলৈ আহিছে, যিবোৰে ভাৰতত ঘটি থকা পৰিৱৰ্তনৰ ইংগিত দিয়ে।

 

বন্ধুসকল,

 

এই সকলোবোৰ কথা সংবাদ মাধ্যমত অতি উপযোগী, গতিকে মই আপোনালোকক আহ্বান জনাইছো যে মই আপোনালোকক কোৱা কথাখিনি মনত ৰাখিব আৰু আনকো শ্বেয়াৰ কৰক।

বন্ধুসকল,

আগতে গাঁৱে-ভূঞে দৰিদ্ৰ পৰিয়ালত দহটা পৰিয়ালৰ ভিতৰত এটাৰো মটৰ চাইকেল নাছিল। ১০ জনৰ ভিতৰত ১ জনৰো নাছিল। শেহতীয়া সমীক্ষা অনুসৰি গাঁওখনত বসবাস কৰা প্ৰায় আধা পৰিয়ালত এতিয়া বাইক বা গাড়ী আছে। কেৱল এয়াই নহয়, প্ৰায় প্ৰতিখন ঘৰতে মোবাইল ফোন আহি পৰিছে। এসময়ত “বিলাসী” বুলি গণ্য কৰা ফ্ৰীজৰ দৰে বস্তুবোৰ এতিয়া আমাৰ নব্য মধ্যবিত্তৰ ঘৰবোৰতো দেখা গৈছে।

আজি ই গাঁৱৰ পাকঘৰতো ঠাই পাইছে। নতুন তথ্য অনুসৰি স্মাৰ্টফোন থকাৰ পিছতো গাঁৱে-ভূঞে টিভি থকাৰ ধাৰাও বৃদ্ধি পাইছে। এই পৰিৱৰ্তন নিজাববীয়াকৈ হোৱা নাছিল। এই ৰূপান্তৰ দেশৰ দৰিদ্ৰ লোকৰ সবলীকৰণৰ ফল, আৰু উন্নয়নৰ সুফল এতিয়া দুৰ্গম অঞ্চলত বসবাস কৰা আটাইতকৈ দৰিদ্ৰ লোকসকলেও পাইছে। 

বন্ধুসকল,

 

দৰিদ্ৰ, আদিবাসী, যুৱক-যুৱতী, মহিলাৰ বাবে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ। সেইবাবেই, আমাৰ চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দশক দশক ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলাবলৈ কাম কৰি আছে। আমাৰ চৰকাৰে সদায় অসমৰ পৰিচয় আৰু সংস্কৃতিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে। প্ৰতিখন মঞ্চতে বিজেপি চৰকাৰে অসমীয়া গৌৰৱৰ প্ৰতীকক উজ্জ্বল কৰি তুলিছে। গতিকে, আমি গৌৰৱেৰে মহাবীৰ লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছো, অসমৰ গৌৰৱ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছো। আমি অসমৰ কলা-কৃষ্টি, আৰু অসমৰ গামোছা (পৰম্পৰাগত গামোছা)ক বিশ্বব্যাপী স্বীকৃতি দিছো। মাত্ৰ কেইদিনমানৰ আগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ডাঙৰীয়াই ভাৰত ভ্ৰমণ কৰিছিল আৰু তেওঁ দিল্লীত থাকোঁতে মই গৌৰৱেৰে তেওঁক অসমীয়া ক’লা চাহ উপহাৰ দিছিলোঁ। অসমৰ সন্মান আৰু স্বাভিমান বৃদ্ধি কৰা প্ৰতিটো কামকে আমি অগ্ৰাধিকাৰ দিওঁ।

কিন্তু ভাই-ভনীসকল,

বিজেপিয়ে এইবোৰ কাম কৰিলে কংগ্ৰেছ দলেই বেছি কষ্ট পায়। আপোনালোকৰ হয়তো মনত আছে, আমাৰ চৰকাৰে ভূপেন দাক ভাৰতৰত্ন দিওঁতে কংগ্ৰেছে মুকলিকৈ বিৰোধিতা কৰিছিল। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কৈছিল যে মোদীয়ে নৃত্যশিল্পী আৰু গায়কক ভাৰতৰত্ন দিছে। কোৱা, এয়া ভূপেন দাৰ প্ৰতি  অপমান নে নহয়? শিল্প-সংস্কৃতিক অপমান কৰা নে নহয়? অসমক অপমান কৰা নে নহয়? এই কাম কংগ্ৰেছে দিনে নিশাই কৰে, অপমান কৰি। আমি যেতিয়া অসমত এটা অৰ্ধপৰিবাহী ইউনিট স্থাপন কৰিছিলো তেতিয়া কংগ্ৰেছে তাৰো বিৰোধিতা কৰিছিল। পাহৰি নাযাব, ইমান দশক ধৰি চাহ জনগোষ্ঠীৰ পৰা আমাৰ ভাই-ভনীক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কংগ্ৰেছ চৰকাৰেই আছিল! বিজেপি চৰকাৰে তেওঁলোকক মাটিৰ অধিকাৰ আৰু মৰ্যাদাৰ জীৱন দুয়োটাকে দিলে। আৰু মই নিজেও চাহ বিক্ৰেতা, নকৰিলে কোনে কৰিব? এই কংগ্ৰেছে এতিয়াও জাতীয় বিৰোধী চিন্তাধাৰাৰ প্ৰচাৰ চলাই আছে। এইসকল লোকে সেই বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক অসমৰ বনভূমিত সংস্থাপন কৰিব বিচাৰে। যাৰ বাবে তেওঁলোকৰ ভোট বেংক শক্তিশালী হয়, আপুনি নষ্ট হ’লেও তেওঁলোকে চিন্তা নকৰে, তেওঁলোকে নিজৰ ভোট বেংক শক্তিশালী কৰিব লাগিব।

 

ভাই-ভনীসকল,

কংগ্ৰেছ দলৰ অসম বা অসমৰ জনসাধাৰণৰ প্ৰতি, আপোনালোকৰ পৰিচয়ৰ প্ৰতি কোনো চিন্তা নাই। তেওঁলোকে কেৱল ক্ষমতা, চৰকাৰ, আগতে কৰা প্ৰথাবোৰ অব্যাহত ৰখাৰ প্ৰতিহে আগ্ৰহী। সেইবাবেই তেওঁলোকে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বেছি ভাল পায়। কংগ্ৰেছেই অবৈধ অনুপ্ৰৱেশকাৰীক সংস্থাপন কৰিছিল, আৰু কংগ্ৰেছেই তেওঁলোকক সুৰক্ষা দিছে। সেইবাবেই, ভোটাৰ তালিকা পুনৰীক্ষণৰ বিৰোধিতা কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছে চলোৱা এই বিষাক্ত তুষ্টিকৰণ আৰু ভোট-বেংক ৰাজনীতিৰ পৰা আমি অসমক ৰক্ষা কৰিব লাগিব। আজি মই আপোনালোকক এটা নিশ্চয়তা দিছো, অসমৰ পৰিচয়, আৰু অসমৰ সন্মান ৰক্ষা কৰিবলৈ বিজেপি তীখাৰ দৰে আপোনালোকৰ লগত থিয় দিছে।

 

বন্ধুসকল,

 

আপোনালোকৰ আশীৰ্বাদেই হৈছে উন্নত ভাৰত গঢ়াত মোৰ শক্তি। তোমাৰ মৰম মোৰ আটাইতকৈ ডাঙৰ সম্পদ। আৰু সেইবাবেই তোমাৰ বাবে প্ৰতিটো মুহূৰ্ত জীয়াই থকাত মই আনন্দ বিচাৰি পাওঁ। এখন উন্নত ভাৰত গঢ়াত পূব ভাৰত, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা ধাৰাবাহিকভাৱে বাঢ়ি গৈ আছে। মই আগতেও কৈছো যে পূব ভাৰত ভাৰতৰ উন্নয়নৰ বৃদ্ধিৰ ইঞ্জিন হৈ পৰিব। নামৰূপৰ এই নতুন ইউনিট এই ৰূপান্তৰৰ নিদৰ্শন। ইয়াত উৎপাদিত সাৰ কেৱল অসমৰ পথাৰতে সীমাবদ্ধ নাথাকিব। ই বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, আৰু পূব উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিব। এইটো সৰু কথা নহয়। দেশৰ সাৰৰ প্ৰয়োজনীয়তাত উত্তৰ-পূৰ্বাঞ্চলৰ এই অৱদান। নামৰূপৰ দৰে প্ৰকল্পই দেখুৱাইছে যে আগন্তুক সময়ত উত্তৰ-পূৰ্বাঞ্চল আত্মনিৰ্ভৰশীল ভাৰতৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব। ই সঁচাকৈয়ে "অষ্টলক্ষ্মী" (লক্ষ্মী দেৱীৰ আঠটা ৰূপ) হৈ পৰিব। এই নতুন সাৰ কাৰখানাৰ  বাবে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো। মোৰ লগত কওক:

 

ভাৰত মাতা কি জয়।

 

ভাৰত মাতা কি জয়।

 

আৰু এই বছৰ বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হ’ল, আমাৰ বাবে এক অতি গৌৰৱৰ মুহূৰ্ত। আহক আমি সকলোৱে কওঁ:

 

বন্দে মাতৰম।

 

বন্দে মাতৰম।

 

বন্দে মাতৰম।

 

বন্দে মাতৰম।

 

বন্দে মাতৰম।

 

বন্দে মাতৰম।

 

বন্দে মাতৰম।

 

বন্দে মাতৰম।

 

বন্দে মাতৰম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to President of India, Smt. Droupadi Murmu
June 20, 2026

The Prime Minister, Shri Narendra Modi has extended warm birthday greetings to the President of India, Smt. Droupadi Murmu.

The Prime Minister said that her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Shri Modi noted that through her many years in public life, the President has served the nation in an outstanding manner and has been especially passionate about the wellbeing of the underprivileged and marginalised.

The Prime Minister stated that her steadfast dedication to India’s development is very motivating.

Shri Modi prayed for her long and healthy life in the service of the nation and said that he looks forward to meeting her later in the day at a programme in Odisha.

The Prime Minister wrote on X;

“Warm birthday greetings to the President of India, Smt. Droupadi Murmu Ji. Her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Through her many years in public life, she has served the nation in an outstanding manner, especially passionate about the wellbeing of the underprivileged and marginalised. Her steadfast dedication to India’s development is very motivating.

May she be blessed with a long and healthy life in the service of the nation. I look forward to meeting her later today at the programme in Odisha.

@rashtrapatibhvn”