আয়ুষ্মান ভাৰত আঁচনিৰপৰা অসমৰ ১.২৫ কোটি লোক উপকৃত হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতীয় চাহৰ গৰিমা ম্লান কৰিবলৈ ষড়যন্ত্ৰ সফল নহ’বঃ প্ৰধানমন্ত্ৰী
অসম মালা প্ৰকল্পই সকলো গাঁৱলৈ বিস্তৃত পথ আৰু যোগাযোগ ব্যৱস্থাৰ নেটৱৰ্কৰ সপোন পূৰণ কৰিবঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

 

অসমৰ জনপ্ৰিয় মুখ্য মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰী ৰামেশ্বৰ তেলী জী, অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীমান হিমন্ত বিশ্ব শৰ্মা জী, শ্ৰী অতুল বৰা জী, শ্ৰী কেশৱ মহন্ত জী, শ্ৰী ৰঞ্জিত দত্ত জী, ‘বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজন’ৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো জী, অন্য সাংসদসকল, বিধায়কসকল আৰু মোৰ প্ৰিয় ভাই-ভনীসকল।

মোৰ ভাই-ভনী সকল, তোমালোকৰ কি খবৰ, ভালেই আছাতো? খুলুমবাই নোথামোনহা মাবোৰে দঁ! যোৱাটো মাহত অসমলৈ আহোতে সমাজৰ দুখীয়া, পিড়ীত, বঞ্চিত আৰু সমাজৰ পিচপৰা লোকসকলক মাটিৰ পত্তা বিতৰণ কৰাৰ অনুষ্ঠানত ভাগ লোৱাৰ এক সৌভাগ্য ঘটিছিল। তেতিয়া মই কৈছিলো যে অসমৰ ৰাইজৰ স্নেহ আপোনালোকৰ ভালপোৱা ইমানেই গভীৰ যে সেই ভালপোৱাই মোক অসমলৈ অহাৰ বাবে অনুপ্ৰাণিত কৰি থাকে। এয়া আকৌ এবাৰ মই আপোনালোকক প্ৰণাম কৰিবলৈকে আহিছো। আপোনালোকক দৰ্শন কৰিবলৈ আহিছো। ঢেকীয়াজুলিক ইমান সুন্দৰকৈ সজোৱা হৈছে যে মই কালি সামাজিক মাধ্যমত সেয়া দেখা পাইছো, আৰু এই বিষয়ে মই ‘টুইটো’ কৰিছো। ইমানবোৰ চাকি আপোনালোকে প্ৰজ্বলন কৰিছে। এই আপোনত্ব প্ৰদৰ্শন কৰাৰ বাবে মই অসমৰ জনতাৰ চৰণত প্ৰণাম জনাইছো। মই অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ জী, হিমন্ত জী, ৰঞ্জিত দত্ত জী, চৰকাৰত থকা আৰু ‘ভাজপা’ সংগঠনৰ সকলো সদস্যৰে সহযোগিতাৰ শলাগ লৈছো। তেওঁলোকে ইমান দ্ৰুতগতিৰে অসমৰ উন্নয়ণ, অসমৰ সেৱাত নিমগ্ন হৈছে যে মই বিকাশৰ এনে কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰাৰ বাবে ইয়ালৈ বাৰে বাৰে অহাৰ সুযোগ পাই থাকিব পাৰিছো। আজিৰ দিনটোতো মোৰ বাবে আৰু এটা কথাৰ বাবেও গুৰুত্বপূৰ্ণ। আজি মই শোণিতপুৰ-ঢেকীয়াজুলিৰ এই পবিত্ৰ ভূমিক প্ৰণাম জনোৱাৰ সুযোগ লাভ কৰিছো। এই ঠাই ৰুদ্ৰপদ মন্দিৰৰ সমীপবৰ্তী বহু শতাব্দী পুৰণি ইতিহাসৰে সমৃদ্ধ স্থান। এই স্থানতে অসমীয়া ৰাইজে অক্ৰমণকাৰীক প্ৰতিহত কৰিছিল, নিজৰ একতা, নিজৰ শক্তি, নিজৰ শৌৰ্যৰ পৰিচয় প্ৰদান কৰিছিল। ১৯৪২ চনত এই স্থানতে অসমৰ স্বাধীনতা সেনানীয়ে দেশৰ স্বাধীনতাৰ বাবে, তিৰংগ পতাকাৰ সন্মান ৰক্ষাৰ বাবে প্ৰাণ বলিদান দিছিল। আমাৰ এইসকল শ্বহীদৰ পৰাক্ৰমক লৈ ভূপেন হাজৰিকা জীয়ে কৈছিল-

ভাৰত সিংহ আজি জাগ্ৰত হৈছে।

প্ৰতি ৰক্ত বিন্দুতে

সহস্ৰ শ্বহীদৰ

সাহস প্ৰতিজ্ঞাও উজ্জ্বল হৈছে।

 

অৰ্থাত, আজি ভাৰতৰ সিংহ জাগ্ৰত হৈছে। এই শ্বহীদৰ তেজৰ এটি এটি বিন্দুত, তেওঁলোকৰ সাহসে আমাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰি তুলিছে। সেয়ে, শ্বহীদসকলৰ শৌৰ্যৰ সাক্ষী শোণিতপুৰৰ এই ধৰাই, অসমৰ এই অতীতে বাৰে বাৰে মোৰ মনটো অসমীয়াৰ গৌৰৱগাঁথাৰে ভৰাই তুলিছে।

বন্ধুসকল,

আমি সদায়ে এই কথা শুনি আহিছো, দেখি আহিছো যে দেশৰ প্ৰথম পুৱাৰ আৰম্ভণী পূৰ্বোত্তৰতে হয়। পিচে, এয়াও সত্য যে এই পূৰ্বোত্তৰ আৰু অসমে উন্নয়ণৰ পুৱা প্ৰত্যক্ষ কৰাৰ বাবে বহু দীঘলীয়া অপেক্ষা কৰিবলগীয়া হ’ল। হিংসা, অভাৱ, সমস্যাজৰ্জৰতা,, পক্ষপাতিত্ব, সংঘৰ্ষ, এই সকলো কথাকে পিচত এৰি থৈ এতিয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলেই উন্নয়ণৰ পথেৰে অগ্ৰসৰ হ’বলৈ ধৰিছে। আৰু অসমে এই ক্ষেত্ৰত প্ৰধান ভূমিকাত অৱতীৰ্ণ হৈছে। ঐতিহাসিক ‘বড়ো বুজাবুজি চুক্তিৰ পিচত অলপতে ‘বড়ো টেৰিটৰিয়েল কাউন্সিল’ৰ নিৰ্বাচনে ইয়াত বিকাশ আৰু বিশ্বাসৰ নতুন অধ্যায় ৰচনা কৰিলে। আজিৰ দিনটোও অসম আৰু অসমৰ ভৱিষ্যতৰ বাবে আহিবলগীয়া বহুত বৃহত পৰিৱৰ্তনৰ সাক্ষী হৈ ৰ’ব। আজি বিশ্বনাথ আৰু চৰাইদেউত এখনকৈ চিকিত্সা মহাবিদ্যালয়ৰ উপহাৰ অসমে লাভ কৰাৰ লগতে ‘অসম মালা’ৰ জৰিয়তে আধুনিক আন্তঃগাঁথনিৰ বুনিয়াদৰো আধাৰশিলা স্থাপন হ’ল।

অসমৰ বিকাশৰ যাত্ৰাত আজি এক উল্লেখনীয় দিন। এই বিশেষ দিনটোত মই অসমবাসীক আন্তৰিক অভিনন্দন জনাইছো।

বন্ধুসকল,

একত্ৰ প্ৰয়াস, একত্ৰ সংকল্পৰ দ্বাৰা কেনে সাফল্য অৰ্জন কৰিব পৰা যায় তাৰ সুন্দৰ উদাহৰণ হৈছে অসম। আপোনালোকৰ চাগৈ পাঁচ বছৰৰ আগৰ সেই দিনবোৰৰ কথা ভালকৈয়ে মনত আছে, সেইবোৰ সময়ত অসমৰ ভিতৰুৱা অঞ্চলসমূহত একোখন ভাল হাস্পটালৰ কথা কেৱল একোটা সপোন সদৃশ আছিল। ভাল হাস্পটাল, ভাল চিকিতসা মানেই যেন ঘণ্টাৰ পিচত ঘণ্টা ধৰি কৰা অপেক্ষা আৰু অগণন সমস্যা লানি। মোক অসমৰ বহু লোকে জানিবলৈ দিয়া মতে তেতিয়া বোলে কোনো ধৰণৰ ‘মেডিকেল ইমাজেন্সী’ নহাৰ বাবে ঈশ্বৰৰ ওচৰত বাৰম্বাৰ প্ৰাৰ্থনা কৰি থকাতো অসমৰ বহু অঞ্চলৰ মানুহৰ বাবে দৈনন্দিন কথাত পৰিণত হৈছিল। পিচে, এই সমস্যা এতিয়া অতি দ্ৰুত গতিৰে সমাধান হোৱাৰ দিশে আগবাঢ়িবলৈ ধৰিছে। এতিয়া এই পাৰ্থক্যক বহুত সহজেই চাব পাৰি, অনুভৱ কৰিব পাৰি। স্বাধীনতাৰ সাত দশকৰ পিচত, অৰ্থাত ২০১৬ চন পৰ্যন্ত অসমত কেৱল ৬খন চিকিত্সা মহাবিদ্যালয় আছিল। পিচে, এই পাঁচোটা বছৰতে অসমত ৬খন চিকিত্সা মহাবিদ্যাল স্থাপনৰ কাম আৰম্ভ কৰা হৈছে। আজি উত্তৰ অসম আৰু উজনি অসমৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ আৰু চৰাইদেউত দুখন চিকিত্সা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ল।

এইসমূহ চিকিত্সা মহাবিদ্যালয় আধুনিক চিকিত্সা, স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে থন ধৰিতো উঠিবই, আগন্তুক বছৰদিয়েকত এইসমূহৰ পৰাই মোৰ সহস্ৰ ন-জোৱানে চিকিত্সক হৈ নিজৰ পৰিচিতি দাঙি ধৰিবলৈ সক্ষমো হ’ব। আপোনালোকে চাওকচোন, ২০১৬ চন পৰ্যন্ত ‘এমবিবিএছ’-ৰ আসন মাত্ৰ সাতশহে আছিল। পিচে, এই নতুন মহাবিদ্যালয়সমূহ আৰম্ভ হৈ উঠিলেই অসমে প্ৰতিবছৰে ১৬শকৈ নতুন চিকিত্সক লাভ কৰিবলৈ সক্ষম হ’ব। আৰু মোৰতো আৰু এটা সপোন আছে। বহু সাহসী সপোন যেনেই চাগৈ লাগিব, কিন্তু মোৰ দেশৰ গাঁওসমূহত, মোৰ দেশৰ দুখীয়া পৰিয়ালৰ মেধাৱী ল’ৰা-ছোৱালীৰ সংখ্যা কেতিয়াও কম নাছিল। বৰঞ্চ তেওঁলোকে চাগৈ পাবলগীয়া সুযোগৰ পৰা বঞ্চিতহে হৈছিল। স্বাধীন ভাৰতে এতিয়া যেতিয়া ৭৫টা বছৰত ভৰি দিলেহি, তেতিয়া মোৰ সপোনটো হ’ল দেশৰ প্ৰতিখন ৰাজ্যত কমেও এখন চিকিত্সা মহাবিদ্যালয়ে মাতৃভাষাৰে পাঠদান কৰাৰ পৰম্পৰা আৰম্ভ কৰকচোন। কি, অসমীয়া ভাষাত পঢ়ি কোনোবা ভাল ডাক্তৰ হ’বগৈ নোৱাৰিবগৈনে বাৰু? স্বাধীনতাৰ ৭৫ বৰ্ষ পূৰ্ণ হোৱাৰ মুহূৰ্তত সেয়ে, নিৰ্বাচনৰ পিচত যেতিয়া অসমত নতুন চৰকাৰ গঠন হ’ব, মই ইয়াত অসমৰ ৰাইজৰ তৰফৰ পৰা আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে অসমতো এখন চিকিত্সা মহাবিদ্যালয়ত আমি স্থানীয় ভাষাৰে পাঠদান কৰাৰ ব্যৱস্থা কৰিম। এখন কাৰিকৰী মহাবিদ্যালয়তো স্থানীয় ভাষাৰে পঢ়োৱাৰ ব্যৱস্থা কৰিম। আৰু লাহে লাহে ইয়াৰ সংখ্যা বাঢ়িবলৈ ধৰিব। কোনেও বধা দি ৰাখিব নোৱাৰিব তেওঁলোকক। এইসকল চিকিত্সক অসমৰ ভিন ভিন প্ৰান্তত, ভিতৰুৱা অঞ্চলসমূহত সেৱা আগবঢ়োৱাৰ বাবে নিয়োজিত হ’ব। ইয়াৰ দ্বাৰাও নিৰাময়ৰ সুবিধা হ’ব, ৰাইজৰ চিকিত্সাৰ বাবে দূৰলৈ যোৱা প্ৰয়োজন নোহোৱা হ’ব।

বন্ধুসকল,

এতিয়া গুৱাহাটীত ‘এইমছ’ৰ কামো দূৰন্ত গতিত আগবাঢ়ি আছে। ইয়াৰ কাম আগন্তুক ডেৰটা বছৰত সম্পূৰ্ণ হৈ উঠিব। ‘এইমছ’ৰ চৌহদত এইটো শৈক্ষিক বৰ্ষতে ‘এমবিবিএছ’-ৰ প্ৰথমটো ছাত্ৰ-ছাত্ৰীৰ দলৰ শিক্ষাও আৰম্ভ হৈছে। আগন্তুক বছৰ দিয়েকৰ ভিতৰতে ইয়াৰ নতুন চৌহদ সম্পূৰ্ণ হৈ উঠিলেই গুৱাহাটী আধুনিক স্বাস্থ সেৱাৰ অগ্ৰণী কেন্দ্ৰৰ ৰূপত থন ধৰি উঠিব। ‘এইমছ-গুৱাহাটী’য়ে কেৱল অসমৰে নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জীৱনলৈয়ে এক বহুত ডাঙৰ পৰিৱৰ্তন সম্ভৱ কৰি তুলিব। আজি মই যেতিয়া ‘এইমছ’ৰ কথা ক’বলৈ লৈছো তেতিয়াই মই আপোনালোকক এটা প্ৰশ্নও সুধিব বিচাৰিছো। দেশত শাসন কৰা আগৰ চৰকাৰসমূহে গুৱাহাটীত এখন ‘এইমছ’ হ’লে ইয়াৰ জনসাধাৰণৰ কিমান লাভ হ’ব সেই কথা বাৰু বুজি পোৱা নাছিল নেকি? তেওঁলোক উত্তৰ-পূবৰ পৰা ইমানেই দূৰৈত আছিল যে তেওঁলোকে আপোনালোকৰ সমস্যাৰ উমানেই পোৱা নাছিল।

বন্ধুসকল,

আজি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অসমৰ বিকাশৰ বাবে নিষ্ঠাসহকাৰে কাম কৰি থকা হৈছে। অসমেও দেশৰ অন্য প্ৰান্তৰ সৈতে কান্ধত কান্ধ মিলাই অগ্ৰসৰ হৈছে। ‘আয়ুষ্মান যোজনা’ই হওক, ‘জনৌষধী কেন্দ্ৰ’ই হওক, ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডাইলেছিছ কাৰ্যক্ৰমে’ই হওক অথবা ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ই হওক, দেশৰ সাধাৰণ জনতাৰ জীৱনলৈ যি পৰিৱৰ্তন অহা দেখিবলৈ পাইছে সেই পৰিৱৰ্তন, সেই সংস্কাৰ অসমতো পৰিস্ফূত হৈছে। আজি অসমত ‘আয়ুষ্মান ভাৰত’-ৰ লাভ প্ৰায় এক কোটি দুখীয়া দৰিদ্ৰই লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ চাৰে তিনিশ হাস্পটাল এই যোজনাৰে জড়িত হৈ আছে বুলি মোক জানিবলৈ দিয়া হৈছে। ইমান কম দিনতে অসমৰ ডেৰ লাখ দুখীয়া লোকে ‘আয়ুষ্মান ভাৰত’-ৰ জৰিয়তে বিনামূলীয়া চিকিত্সা সেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিছে। এই সমূহ যোজনাৰ দ্বাৰা অসমৰ দুখীয়া ৰাইজৰ চিকিত্সাৰ বাবদ হ’বলগীয়া কোটি কোটি টকা খৰছ নোহোৱাকৈ বাচি গৈছে। ‘আয়ুষ্মান ভাৰত যোজনা’ৰ লগতে অসম চৰকাৰৰ ‘অটল অমৃত অভিযান’ৰ দ্বাৰাও লাভ হৈছে। এই যোজনাত দুখীয়াসকলৰ লগতে সাধাৰণ শ্ৰেণীৰ ৰাইজেও কম কিস্তিৰ বিনিময়ত স্বাস্থ্য বীমাৰ সুযোগ গ্ৰহণ কৰিব পাৰিছে। ইয়াৰ উপৰি অসমৰ কোণে কোণে ‘স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰ’ স্থাপন কৰা হৈছে, যিবোৰ কেন্দ্ৰই গাঁৱৰ দুখীয়া ৰাইজৰ প্ৰাথমিক স্বাস্থ্যৰ চিন্তা মূৰ পাতি লৈছে। এইবোৰ কেন্দ্ৰত এই পৰ্যন্ত অসমৰ ৫৫লাখ ভাই-ভনীয়ে প্ৰাথমিক চিকিত্সা সেৱা গ্ৰহণ কৰিছে বুলি মই জানিব পাৰিছো।

বন্ধুসকল,

স্বাস্থ্য সেৱাৰ দৰে সংবেদনশীল আৰু আধুনিক সুবিধাসমূহৰ গুৰুত্বৰ কথা শেহতীয়া ভাবে ক’ৰোনা মহামাৰীৰ সংকটৰ সময়ত দেশে বাৰুকৈয়ে অনুভৱ কৰিব পাৰিলে। দেশে ক’ৰোনাৰ সৈতে যেনেকৈ যুঁজ দিলে, যিমান প্ৰভাৱশালী ভাবে ভাৰতে প্ৰতিষেধকৰ অভিযান অব্যাহত ৰাখিছে, সেই কথাক লৈ আজি পৃথিৱীয়ে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। ক’ৰোনাৰ পৰা শিক্ষা লৈ দেশে প্ৰতিগৰাকী দেশবাসীক সুৰক্ষিত ৰখাৰ বাবে, জীৱন সহজ কৰি তোলাৰ বাবে আৰু দ্ৰুত গতিৰে কাম কৰিবলৈ আৰম্ভ কৰি দিছে। এই কথা এইবেলিৰ বাজেটখনতো প্ৰতিবিম্বিত হৈছে। বাজেটত এইবাৰ স্বাস্থ্য শিতানত হ’বলগীয়া খৰছৰ পৰিমাণ অভুপূৰ্ব ৰূপত বৃদ্ধি কৰাৰ প্ৰস্তাৱ উথ্থাপিত কৰা হৈছে। চৰকাৰে এই কথাও নিশ্চিত কৰিব খুজিছে যে এতিয়া দেশৰ ৬০০ৰো অধিক জিলাত ‘সংহত পৰীক্ষাগাৰ’ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বহুত ডাঙৰ লাভ দেশৰ সৰু সৰু জনপদ তথা গাঁৱৰ বাসিন্দাসকলে আদায় কৰিব পাৰিব। তেওঁলোকে চিকিত্সা সংক্ৰান্তীয় পৰীক্ষণৰ বাবে আৰু দূৰৰ চহৰ-নগৰলৈ ঢাপলি মেলাৰ প্ৰয়োজন নহ’ব।

বন্ধুসকল,

অসমৰ সমৃদ্ধি, ইয়াৰ প্ৰগতিৰ এক বহুত ডাঙৰ কেন্দ্ৰ অসমৰ চাহবাগানসমহো হয়। শোণিতপুৰৰ ৰঙা চাহতো এনেও ইয়াৰ অনন্য সুগন্ধৰ বাবে বিশেষ ভাবেই জনাজাত। শোণিতপুৰ আৰু অসমৰ চাহৰ সোৱাদ কিমান সুন্দৰ এই কথা মোতকৈ আন কোনে বাৰু ভালকৈ জানিব? সেয়ে মই সদায়ে চাহ উদ্যোগৰ প্ৰগতিক সমগ্ৰ অসমৰ প্ৰগতিৰে সংগতি ৰাখি চৰ্চা কৰাৰ পোষকতা কৰি আহিছো। এই দিশত অসম চৰকাৰে বহুবোৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা দেখি মোৰ ভাল লাগিছে। শেহতীয়া ভাবে কালি ‘অসম চাহ বাগিছা ধন পুৰস্কাৰ মেলা আঁচনিৰ’ অধীনত অসমৰ চাৰে সাত লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্টত বহুকোটি টকা প্ৰত্যক্ষ ভাবে জমা কৰা হৈছে। চাহ বাগিছাত কাম কৰা গৰ্ভৱতী মহিলাসকলক এক যোজনাৰ জৰিয়তে পোণপতীয়া ভাবে সহায় আগবঢ়াই অহা হৈছে। চাহ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ স্বাস্থ্যৰ চোৱাচিতাৰ বাবে, পৰীক্ষণ আৰু নিৰাময়ৰ বাবে চাহবাগিছাসমূলৈকে সম্পূৰ্ণ চিকিত্সা ইউনিটৰ সৈতে মোবাইল চিকিত্সা ভেন প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে, বিনামূলীয়াকৈ ঔষধ যোগানৰো ব্যৱস্থা কৰা হৈছে। অসম চৰকাৰৰ এই প্ৰয়াসৰে সংযোজিত কৰি এইবাৰৰ বাজেটতো চাহ বাগিছাত কাম কৰা আমাৰ ভাই-ভনীসকলৰ বাবে হাজাৰ কোটি টকাৰ এক বিশেষ যোজনা ঘোষণা কৰা হৈছে। চাহ-শ্ৰমিকসকলৰ বাবে এক হাজাৰ কোটি টকা। এই ধনেৰে আপোনালোকে পাবলগীয়া সুবিধাসমূহৰ পৰিসৰ বৃদ্ধি কৰা হ’ব, আমাৰ চাহ শ্ৰমিকসকলৰ জীৱন আৰু অধিক সহজ-সাধ্য হৈ উঠিব।

বন্ধুসকল,

আজি মই যেতিয়া অসমৰ চাহ শ্ৰমিকৰ কথা কৈ আছো, মই এইসময়ত দেশৰ বিৰুদ্ধে অব্যাহত থকা ষড়যন্ত্ৰৰ কথাও আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছো। আজি দেশৰ বিৰুদ্ধে শতৰু-শলা সকলে এনে এক পৰ্যায় পাইছেগৈ যে ভাৰতৰ চাহকো তেওঁলোকে বাদ দিয়া নাই। আপোনালোকে চাগৈ বাতৰিসমূহত নিশ্চয় শুনিছেই, এইসকল ষড়যন্ত্ৰকাৰীয়ে কৈ আছে ভাৰতীয় চাহৰ সুনাম বিনষ্ট কৰিব লাগিব। এনে কিছুমান দস্তাবেজ প্ৰকাশিত হৈছে যে কিছুমান বিদেশী শক্তিয়ে, চাহৰ সৈতে ভাৰতৰ যি পৰিচিতি বিজড়িত হৈ আছে তাক পৃথিৱীৰ সন্মুখত ধূলিস্যাত্ কৰাৰ বাবে পৰিক্ল্পনা যুগুতাইছে। ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ অপেক্ষাত আছে এওঁলোক। এনে আক্ৰমণ কি আপোনালোকে মানি ল’ব? এই আক্ৰমণৰ পিচত মনে মনে থাকিবনে আপোনালোক? এনে আক্ৰমণকৰীক প্ৰশংসা কৰোতাসকলক সহ্য কৰিবনে আপোনালোকে? সকলোকে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। যিয়ে ভাৰতৰ চাহক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে, আৰু এই কথা জানিও যিসকলে মনে মনে বহি আছে, এই সকলো ৰাজনীতক দলক প্ৰতিখন চাহ বাগিছাই উত্তৰ বিচাৰিব। ভাৰতৰ চাহ-পান কৰা সকলো ব্যক্তিয়েই উত্তৰ বিচাৰিব। মই অসমৰ বুকুৰ পৰা এইসকল ষড়যন্ত্ৰকাৰীক ক’ব বিচাৰিছো, তোমালোকৰ যিমান মন যায় ষড়যন্ত্ৰ কৰি যোৱা, কিন্তু দেশে এনে ষড়যন্ত্ৰক সফল হ’বলৈ কেতিয়াও নিদিয়ে। মোৰ চাহকৰ্মীসকলে এই যুঁজত বিজয় সাব্যস্ত কৰিবই।

বন্ধুসকল,

আজি অসমৰ প্ৰতিটো প্ৰান্তত ইমানবোৰ কাম চলি আছে, প্ৰতিটো বৰ্গ আৰু প্ৰতিটো অঞ্চলৰ উন্নয়ণ হৈ আছে, পিচে, অসমৰ সামৰ্থ্য আৰু অধিক বঢ়াটোৰো নিতান্তই প্ৰয়োজনীয়তা আছে। অসমৰ সামৰ্থ্য বাঢ়িবলৈ হ’লে ইয়াৰ অধুনিক পথ-ঘাট আৰু আন্তঃগাঁথনিৰ বিশেষ ভূমিকা থাকিব। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি ‘ভাৰত মালা’ প্ৰকল্পৰ আৰ্হিতে ‘অসম মালা’ প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। আগন্তুক ১৫টা বছৰত অসমত আহল-বহল হাইৱে’-ৰ জালিকা সৃষ্টি কৰা, ইয়াৰ প্ৰতিখন গাঁৱৰ পথবোৰ ঘাইপথৰে সংযোজিত কৰা, ইয়াৰ পথসমূহ আধুনিক চহৰৰ পথসমূহৰ দৰেই আধুনিক কৰি গঢ়ি তোলাৰ দৰে আপোনালোকে দেখা এই সপোনবোৰক ‘অসম মালা’ প্ৰকল্পই দিঠকত পৰিণত কৰিব। ইয়ে অসমৰ সামৰ্থ্য বৰ্দ্ধন কৰিব। বিগত বছৰ দিয়েকত অসমত হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হৈছে। নতুন নতুন দলং নিৰ্মাণ কৰা হৈছে। আজি ‘ভূপেন হাজৰিকা সেঁতু’ আৰু ‘শৰাইঘাটৰ দলং’ অসমৰ আধুনিক পৰিচিতিৰ অংগ হৈ উঠিছে। অনাগত দিনত এই কাম আৰু অধিক দ্ৰুততাৰে সম্পন্ন কৰা হ’ব। বিকাশ আৰু প্ৰগতিৰ গতি বৃদ্ধি কৰাৰ বাবে এইবাৰৰ বাজেটত আন্তঃগাঁথনি নিৰ্মাণ শিতানত অভূতপূৰ্ব ভাবে গুৰুত্ব আৰোপ কৰা হৈছে। যেতিয়া হাইৱে’ উন্নত হ’ব, পথ সংযোগ উন্নত হ’ব, তেতিয়া বেহা-বেপাৰ আৰু উদ্যোগ বাঢ়িব, পৰ্যটনো বাহিব। ইয়াৰ দ্বাৰা আমাৰ যুৱ-প্ৰজন্মৰ বাবে কৰ্ম-সংস্থানৰ সম্ভাৱনা বাঢ়িব, অসমৰ উন্নয়ণে নতুন গতি লাভ কৰিব।

বন্ধুসকল,

অসমৰ প্ৰসিদ্ধ কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ কবিতাৰ পংক্তি-

 

মেৰী নয়া ভাৰত কী,

নয়া ছবি,

জাগা ৰে,

জাগা ৰে,

 

আজি এই পংক্তিক সাকাৰ কৰি আমি নতুন ভাৰতক জাগ্ৰত কৰিব লাগিব। এইখন নতুন ভাৰত আত্মনিৰ্ভৰ হ’ব। এইখন নতুন ভাৰতে অসমক নতুন শিখৰলৈ লৈ যাব। এই শুভকামনাৰে, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ! বহুত বহুত শুভকামনা! দুয়োটা হাতৰ মুঠি জোৰকৈ ধৰি মোৰ সৈতে উচ্চাৰণ কৰক, ভাৰত মাতা কী—জয়। ভাৰত মাতা কী—জয়। ভাৰত মাতা কী—জয়। বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.