আৰ্য্য সমাজৰ ১৫০ বছৰীয়া জয়ন্তী কেৱল কোনো বিশেষ সম্প্ৰদায় বা পন্থৰ এক উপলক্ষ নহয়— বৰঞ্চ এয়া সমগ্ৰ ৰাষ্ট্ৰৰ বৈদিক পৰিচয়ৰে গভীৰভাৱে সম্পৰ্কীয় এক উদযাপনঃ প্ৰধানমন্ত্ৰী
আৰ্য্য সমাজে নিৰ্ভীকভাৱে ভাৰতীয়ত্বৰ মৰ্মক সমৰ্থন আৰু প্ৰচাৰ কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
স্বামী দয়ানন্দ জী এগৰাকী দূৰদৰ্শী, এজন মহান ব্যক্তি আছিলঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে বহনক্ষম উন্নয়নৰ সন্ধানত এক আগশাৰীৰ বিশ্ব কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী

গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত জী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, জ্ঞান জ্যোতি মহোৎসৱ উদযাপন কমিটিৰ অধ্যক্ষ সুৰেন্দ্ৰ কুমাৰ আৰ্য্য জী, ডিএভি কলেজ পৰিচালনা কমিটিৰ অধ্যক্ষ পুনম সুৰী জী, জ্যেষ্ঠ আৰ্য্য সন্ন্যাসী স্বামী দেৱব্ৰত সৰস্বতী জী, ভিন্ন আৰ্য্য প্ৰতিনিধি সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ, দেশ আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ আৰ্য্য সমাজৰ নিষ্ঠাবান সদস্যসকল, ভদ্ৰলোক-মহিলাসকল!

মই প্ৰথমেই পলমকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি চৰ্দাৰ চাহাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে একতা নগৰৰ ষ্টেচু অৱ ইউনিটিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেয়েহে ইয়াত উপস্থিত হোৱাত পলম হ’ল। মই ইয়াত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে অনুতপ্ত হৈছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। যেতিয়াই মই এনে সমাৱেশৰ মাজলৈ আহোঁ, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰোঁ। এই অনুভূতিৰ কাৰণ হৈছে স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ। মই স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত আপোনালোক সকলো চিন্তকৰ সৈতে মোৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোন আছে। আপোনালোকে মোক বাৰে-বাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ দিছে। যেতিয়াই মই আপোনালোকক লগ পাওঁ আৰু আপোনালোকৰ সৈতে যোগাযোগ কৰোঁ, তেতিয়াই মোৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।

 

 

বন্ধুসকল,

যোৱা বছৰ গুজৰাটৰ মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ জন্মস্থানত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল, য’ত মই ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অংশগ্ৰহণ কৰিছিলোঁ। ইয়াৰ পূৰ্বে মোৰ দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ ২০০ সংখ্যক জয়ন্তী উদযাপনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰাৰ সৌভাগ্য হৈছিল। বৈদিক গীত আৰু পবিত্ৰ হাৱন অনুষ্ঠানৰ শক্তি এতিয়াও মাত্ৰ কালিৰ দৰে অনুভূত হয়।

বন্ধুসকল,

পূৰ্বৰ অনুষ্ঠানৰ সময়ত সকলো অংশগ্ৰহণকাৰীয়ে মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ দ্বি-শতবাৰ্ষিকী উদযাপন দুবছৰ ‘বিচাৰ যজ্ঞ’ হিচাপে অব্যাহত ৰখাৰ সংকল্প লৈছিল। এই নিৰৱচ্ছিন্ন বৌদ্ধিক প্ৰসাদ সম্পূৰ্ণ সময়লৈকে অব্যাহত থকাত মই সন্তোষ পাইছোঁ। এই সময়ছোৱাত গ্ৰহণ কৰা প্ৰচেষ্টা আৰু কাৰ্য্যসূচী সম্পৰ্কে মই নিয়মিতভাৱে জানিবলৈ পাইছিলোঁ। আজি পুনৰবাৰ আৰ্য্য সমাজৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা বৰ্ষ উদযাপনৰ সময়ত মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পালোঁ। মই স্বামী দয়ানন্দ সৰস্বতী জীৰ চৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰণাম জনাইছোঁ। মই এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এই উপলক্ষে স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিবলৈ লাভ কৰা সুযোগ সৌভাগ্যৰ কথা।

 

বন্ধুসকল,

আৰ্য্য সমাজৰ ১৫০ বছৰীয়া জয়ন্তী কেৱল কোনো বিশেষ সম্প্ৰদায় বা পন্থৰ এক উপলক্ষ নহয়— বৰঞ্চ এয়া সমগ্ৰ ৰাষ্ট্ৰৰ বৈদিক পৰিচয়ৰে গভীৰভাৱে সম্পৰ্কীয় এক উদযাপন। এয়া ভাৰতীয় দাৰ্শনিক পৰম্পৰাৰ সৈতে জড়িত, যি গংগাৰ প্ৰবাহৰ দৰেই আত্মশুদ্ধিৰ শক্তিৰ অধিকাৰী। এই অনুষ্ঠান আৰ্য্য সমাজে ধাৰাবাহিকভাৱে সাধন কৰা সমাজ সংস্কাৰৰ মহান উত্তৰাধিকাৰেৰে বদ্ধমূল। এই আন্দোলনে অসংখ্য স্বাধীনতা সংগ্ৰামীক মতাদৰ্শগত শক্তি প্ৰদান কৰিছিল। আৰ্য্য সমাজৰ পৰা প্ৰেৰণা লাভ কৰি স্বাধীনতা সংগ্ৰামৰ বাবে সম্পূৰ্ণৰূপে নিজকে উৎসৰ্গা কৰা বিপ্লৱীসকলৰ ভিতৰত লালা লাজপত ৰায় আৰু শ্বহীদ ৰামপ্ৰসাদ বিছমিল অন্যতম আছিল। ৰাজনৈতিক কাৰণত, স্বাধীনতা আন্দোলনত আৰ্য্য সমাজে উল্লেখযোগ্য ভূমিকা পালন কৰা সত্বেও প্ৰাপ্য স্বীকৃতি লাভ নকৰিছিল। 

বন্ধুসকল,

আৰম্ভণিৰে পৰাই আৰ্য্য সমাজ অটল দেশপ্ৰেমিকসকলৰ অনুষ্ঠান হৈ আহিছে। আৰ্য্য সমাজে নিৰ্ভীকভাৱে ভাৰতীয়ত্বৰ মৰ্মক সমৰ্থন আৰু প্ৰচাৰ কৰি আহিছে। সেয়া ভাৰতবিৰোধী মতাদৰ্শই হওঁক, বিদেশী মতবাদ জাপি দিয়াৰ প্ৰয়াসেই হওঁক, বিভাজনকাৰী মানসিকতাই হওঁক বা সাংস্কৃতিক বাতাবৰণক প্ৰদূষিতকৰণৰ প্ৰচেষ্টাই হওঁক, আৰ্য্য সমাজ সদায় সেইসমূহক প্ৰত্যাহ্বান জনাবলৈ থিয় দিছে। আৰ্য্য সমাজে ১৫০ বছৰ সম্পূৰ্ণৰ লগে-লগে সমাজ আৰু ৰাষ্ট্ৰ উভয়ে দয়ানন্দ সৰস্বতী জীৰ মহান আদৰ্শক গাম্ভীৰ্য্যপূৰ্ণ আৰু অৰ্থপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্য্যত পৰম সন্তোষ পাইছোঁ।

বন্ধুসকল,

মই ধৰ্মীয় জাগৰণৰ জৰিয়তে ইতিহাসৰ গতিপথক নতুন দিশ প্ৰদান কৰা স্বামী শ্ৰদ্ধানন্দৰ দৰে আৰ্য্য সমাজৰ সকলো পণ্ডিতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এনে মহান আত্মাসমূহৰ শক্তি আৰু আশীৰ্বাদ এই ঐতিহাসিক মুহূৰ্তত অনুভূত হৈছে। মই মঞ্চৰ পৰাই এনে অগণিত আত্মাক প্ৰণাম জনাই তেওঁলোকৰ স্মৃতিক সন্মান জনাইছোঁ।

 

বন্ধুসকল,

আমাৰ ভাৰত বহু দিশত অনন্য— ইয়াৰ ভূমি, ইয়াৰ সভ্যতা আৰু ইয়াৰ বৈদিক পৰম্পৰা যুগ-যুগ ধৰি চিৰন্তন হৈয়েই আছে। যেতিয়াই নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হয় আৰু সময়ে নতুন প্ৰশ্ন উত্থাপন কৰে, তেতিয়াই উত্তৰ লৈ কোনোবা এগৰাকী মহান ব্যক্তিত্বৰ উন্মেষ ঘটে। কোনোবা ঋষি, দৰ্শক বা পণ্ডিত সদায় সমাজৰ পথ প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহে। স্বামী দয়ানন্দ সৰস্বতী জী এনে পৰম্পৰাৰ তেনে এজন মহৰ্ষি আছিল। স্বামী দয়ানন্দ জীৰ জন্ম হৈছিল ঔপনিৱেশিক বশৱৰ্তী কালত, যেতিয়া শতিকাজুৰি দাসত্বই ৰাষ্ট্ৰ আৰু সমাজখনক ভেঙুচালি কৰিছিল। চিন্তা আৰু প্ৰতিফলনৰ ঠাইত অন্ধবিশ্বাস আৰু সামাজিক দুষ্টতাই ঠাই লৈছিল তথা ঔপনিৱেশিক শাসনক ন্যায্যতা প্ৰদান কৰিবলৈ ব্ৰিটিছে ভাৰতীয় পৰম্পৰা আৰু বিশ্বাসক হেয়জ্ঞান কৰিছিল। এনে পৰিস্থিতিত সমাজে নতুন, মৌলিক ধাৰণা প্ৰকাশ কৰাৰ সাহস হেৰুৱাই পেলাইছিল। এই কঠিন সময়তে এজন যুৱক তপস্বীৰ উত্থান ঘটিছিল, তেওঁ হিমালয়ৰ দুৰ্গম আৰু প্ৰতিকূল ভূখণ্ডত গভীৰ আধ্যাত্মিক অনুশীলন কৰিছিল, কঠোৰ তপস্যাৰ জৰিয়তে নিজকে পৰীক্ষা কৰিছিল। উভতি অহাৰ লগে-লগে তেওঁ হীনমন্যতাত আবদ্ধ ভাৰতীয় সমাজখনক জগাই তুলিছিল। যি সময়ত সমগ্ৰ ব্ৰিটিছ প্ৰতিষ্ঠান ভাৰতীয় পৰিচয়ক তুচ্ছজ্ঞান কৰাত ব্যস্ত আছিল, সামাজিক আদৰ্শ আৰু নৈতিকতাৰ অৱনতিক আধুনিকীকৰণ হিচাপে উপস্থাপন কৰা হৈছিল, সেই সময়তে এইগৰাকী আত্মবিশ্বাসী ঋষিয়ে তেওঁৰ সমাজখনক আহ্বান জনাইছিল— “বেদলৈ ঘূৰি আহক!” স্বামী দয়ানন্দ জী ঔপনিৱেশিক শাসনৰ যুগত দমন হোৱা ৰাষ্ট্ৰীয় চেতনাক পুনৰ জাগ্ৰত কৰা এজন উল্লেখযোগ্য ব্যক্তি।

বন্ধুসকল,

স্বামী দয়ানন্দ সৰস্বতী জীয়ে হৃদয়ংগম কৰিছিল যে ভাৰতৰ উন্নতিৰ বাবে ঔপনিৱেশিক শাসনৰ শিকলি ছিঙি পেলোৱা কাৰ্য্যই যথেষ্ট নহয়—বৰঞ্চ ভাৰতেও নিজৰ সমাজখনক বান্ধি ৰখা শিকলি ছিঙিব লাগিব। স্বামী দয়ানন্দ জীয়ে জাতিভিত্তিক বৈষম্য আৰু অস্পৃশ্যতাক বিৰোধ কৰিছিল। তেওঁ নিৰক্ষৰতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল আৰু বেদ-শাস্ত্ৰৰ ব্যাখ্যা বিকৃত তথা ভেজাল কৰাসকলক প্ৰত্যাহ্বান জনাইছিল। তেওঁ বিদেশী আখ্যানৰ মুখামুখি হৈছিল আৰু শাস্ত্ৰৰ্থৰ পৰম্পৰাগত প্ৰথাৰ জৰিয়তে সত্যক ৰক্ষা কৰিছিল। স্বামী দয়ানন্দ জী আছিল এজন দূৰদৰ্শী ঋষি, যিয়ে ব্যক্তিগত আৰু সমাজ উভয়ৰে উন্নয়নত নাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি নাৰীক ঘৰতে আৱদ্ধ কৰি ৰখা মানসিকতাক প্ৰত্যাহ্বান জনাইছিল। তেওঁৰ প্ৰেৰণাত আৰ্য্য সমাজৰ বিদ্যালয়সমূহে স্ত্ৰী শিক্ষা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল আৰু জলন্ধৰত আৰম্ভ হোৱা ছোৱালী বিদ্যালয়খন অতি সোনকালেই এখন পূৰ্ণাংগ মহিলা মহাবিদ্যালয়লৈ ৰূপান্তৰিত হৈছিল। এনে আৰ্য্য সমাজৰ অনুষ্ঠানত শিক্ষা লাভ কৰা লাখ-লাখ কন্যাই এতিয়া ৰাষ্ট্ৰৰ ভেটি সুদৃঢ় কৰি তুলিছে।

বন্ধুসকল,

মঞ্চত দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা জী উপৱিষ্ট হৈছে। মাত্ৰ দুদিন পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে ৰাফেল যুদ্ধ বিমানেৰে উৰা মাৰিছিল, স্কোৱাড্ৰন নেতা শিৱাংগী সিঙৰ সৈতে তেওঁ এই কাৰ্য্য সম্পন্ন কৰিছিল। আজি ভাৰতৰ কন্যাই যুদ্ধ বিমান উৰুৱাইছে। আধুনিক কৃষিকাৰ্য্যত “ড্ৰোন দিদি” হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতত এতিয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক মহিলা ষ্টেম (STEM) স্নাতক আছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মহিলাসকলে নেতৃত্বৰ ভূমিকা ক্ৰমান্বয়ে গ্ৰহণ কৰিছে। ভাৰতৰ প্ৰধান গৱেষণা প্ৰতিষ্ঠানসমূহৰ মহিলা বিজ্ঞানীসকলে মংগলযান, চন্দ্ৰযান আৰু গগনযান আদি মহাকাশ অভিযানত মূল ভূমিকা পালন কৰিছে। এনে ৰূপান্তৰ সাধনেৰে দেশখন সঠিক পথত আগবাঢ়িছে আৰু স্বামী দয়ানন্দ জীৰ সপোন পূৰণৰ সংকল্প গ্ৰহণ কৰিছে।

বন্ধুসকল,

মোক প্ৰায়ে স্বামী দয়ানন্দ জীৰ এক বিশেষ চিন্তাই ভবাই তোলে। যি চিন্তাক ময়ো সঘনাই আনৰ আগত ব্যক্ত কৰোঁ। স্বামী জীয়ে কৈছিল, যিজন ব্যক্তিয়ে কম খৰচ কৰে আৰু সৰ্বাধিক অৱদান আগবঢ়ায়, তেওঁ সঁচাকৈয়ে পৰিপক্ক। এই কেইটামান শব্দত ইমানেই গভীৰ জ্ঞান আছে যে হয়তো ইয়াৰ ব্যাখ্যা কৰিবলৈ সম্পূৰ্ণ কিতাপ লিখিব পৰা যাব। এটা ধাৰণাৰ প্ৰকৃত শক্তি কেৱল তাৰ অৰ্থতেই নহয়, ই কিমান দিন অব্যাহত থাকে আৰু কিমান জীৱনক ৰূপান্তৰিত কৰে, তাৰ মাজতেই নিহিত হৈ আছে। যেতিয়া আমি এই মাপকাঠিত মহৰ্ষি দয়ানন্দ জীৰ চিন্তাধাৰাৰ মূল্যায়ন কৰোঁ আৰু আৰ্য্য সমাজৰ নিষ্ঠাবান অনুগামীসকলক পৰ্য্যবেক্ষণ কৰোঁ, তেতিয়া স্পষ্ট হৈ পৰে যে তেওঁৰ ধাৰণাসমূহ সময়ৰ লগে-লগে অধিক উজ্জ্বল হৈ পৰিছে।

ভ্ৰাতৃ-ভগ্নীসকল,

স্বামী দয়ানন্দ সৰস্বতী জীয়ে তেওঁৰ জীৱনকালতে পৰোপকাৰিণী সভা প্ৰতিষ্ঠা কৰিছিল। স্বামীজীয়ে ৰোপণ কৰা বীজটো গুৰুকুল কাংগ্ৰী, গুৰুকুল কুৰুক্ষেত্ৰ, ডিএভি আৰু আন-আন শিক্ষা কেন্দ্ৰকে ধৰি বহু ডাল থকা বিশাল বৃক্ষত পৰিণত হৈছে, যিসমূহে নিজ-নিজ ক্ষেত্ৰত অধ্যৱসায়ীভাৱে কাম কৰি আছে। যেতিয়াই ৰাষ্ট্ৰখন সংকটৰ সন্মুখীন হৈছিল, তেতিয়াই আৰ্য্য সমাজৰ সদস্যসকলে নিস্বাৰ্থভাৱে নাগৰিকৰ সেৱাত নিজকে উৎসৰ্গা কৰিছে। বিভাজনৰ ভয়াবহতাৰ সময়ত সকলো হেৰুৱাই ভাৰতত উপস্থিত হোৱা শৰণাৰ্থীসকলক সহায়, পুনৰ্বাসন আৰু শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আৰ্য্য সমাজে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল— এই অৱদান ইতিহাসত লিপিবদ্ধ হৈ আছে। আজিও প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত ভুক্তভোগীক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আৰ্য্য সমাজ আগৰণুৱা হৈ আছে।

 

ভ্ৰাতৃ-ভগ্নীসকল,

গুৰুকুল পৰম্পৰাক ৰক্ষা কৰা কাৰ্য্য আৰ্য্য সমাজৰ একাধিক অৱদানৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান। ভাৰতে এসময়ত নিজৰ গুৰুকুলৰ শক্তিৰ বাবে জ্ঞান আৰু বিজ্ঞানৰ শিখৰত থিয় দিছিল। ঔপনিৱেশিক শাসনৰ সময়ত এই ব্যৱস্থাৰ ওপৰত ইচ্ছাকৃতভাৱে আক্ৰমণ চলোৱা হৈছিল, যাৰ ফলত জ্ঞানৰ ধ্বংস, মূল্যবোধৰ খহনীয়া, নতুন প্ৰজন্ম দুৰ্বল হৈ পৰিছিল। ধ্বংসপ্ৰাপ্ত গুৰুকুল পৰম্পৰাক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছিল আৰ্য্য সমাজ। কেৱল পৰম্পৰা ৰক্ষা কৰাই নহয়, আধুনিক শিক্ষাক একত্ৰিত কৰি সময়ৰ লগে-লগে ইয়াক পৰিশোধন কৰিছিল। দেশে এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে শিক্ষাক মূল্যবোধ আৰু চৰিত্ৰ গঠনৰ সৈতে পুনৰ সংযোগ কৰিছে, ভাৰতৰ পবিত্ৰ জ্ঞান পৰম্পৰা ৰক্ষা কৰাৰ বাবে মই আৰ্য্য সমাজৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ।

বন্ধুসকল,

“কৃণ্বন্ত বিশ্ব আৰ্য্যম” অৰ্থাৎ “সমগ্ৰ জগতক উন্নত কৰি উদাৰ চিন্তাৰ দিশত পৰিচালিত কৰোঁ আহক।” স্বামী দয়ানন্দ জীয়ে এই শ্লোকটোক আৰ্য্য সমাজৰ পথ-প্ৰদৰ্শক মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল। এই পদটোৱেই এতিয়া ভাৰতৰ উন্নয়ন যাত্ৰাৰ মূল মন্ত্ৰ হিচাপে কাম কৰিছে— ভাৰতৰ প্ৰগতিয়ে বিশ্ব কল্যাণত অৰিহণা যোগায় আৰু ইয়াৰ সমৃদ্ধিয়ে মানৱতাৰ সেৱা কৰে। ভাৰত বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত এক আগশাৰীৰ বিশ্বব্যাপী কণ্ঠত পৰিণত হৈছে। স্বামীজীয়ে বেদলৈ ঘূৰি অহাৰ আহ্বান জনাইছিল। ভাৰতে এতিয়া বিশ্ব মঞ্চত বৈদিক আদৰ্শ আৰু জীৱনশৈলীৰ পোষকতা কৰিছে। “মিছন লাইফ”-এ বিশ্বব্যাপী সমৰ্থন লাভ কৰিছে। “এক সূৰ্য্য, এক বিশ্ব, এক গ্ৰীড”-ৰ দৃষ্টিভংগীৰ জৰিয়তে ভাৰতে স্বচ্ছ শক্তিক বিশ্বব্যাপী আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জৰিয়তে যোগাসনে ১৯০ খনৰো অধিক দেশত স্থান পাইছে, যোগাত্মক জীৱনশৈলী আৰু পৰিবেশ সচেতনতাক প্ৰসাৰিত কৰিছে। বৰ্তমান বিশ্বব্যাপী আগ্ৰহ লাভ কৰা “মিছন লাইফ”-ৰ দৰে বিশ্বব্যাপী পদক্ষেপসমূহ দীৰ্ঘদিন ধৰি আৰ্য্য সমাজৰ সদস্যসকলৰ অনুশাসিত জীৱনৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। মই সৰল জীৱন-যাপনৰ প্ৰতি আপোনাসৱৰ দায়বদ্ধতা, সেৱামুখী মূল্যবোধ, পৰম্পৰাগত ভাৰতীয় সাজ-পোছাকৰ প্ৰতি অগ্ৰাধিকাৰ, পৰিবেশৰ প্ৰতি চিন্তা, ভাৰতীয় সংস্কৃতিৰ প্ৰসাৰৰ প্ৰতি আগ্ৰহৰ মনোভাৱক প্ৰশংসা কৰোঁ।

সেয়ে ভ্ৰাতৃ-ভগ্নীসকল,

ভাৰতে “সর্বে ভবন্তু সুখিনঃ”-ৰ আদৰ্শেৰে বিশ্ব কল্যাণক আগুৱাই নিয়াৰ লগতে বিশ্বৰ ভ্ৰাতৃ হিচাপে নিজৰ ভূমিকা সুদৃঢ়কৰণৰ লগে-লগে আৰ্য্য সমাজৰ প্ৰতিজন সদস্যই স্বাভাৱিকতে এই অভিযানৰ সৈতে সংপৃক্ত হৈ পৰিছে। মই তেওঁলোকৰ অৱদানক আন্তৰিকতাৰে প্ৰশংসা কৰিছোঁ আৰু শলাগ লৈছোঁ।

বন্ধুসকল,

স্বামী দয়ানন্দ সৰস্বতী জীয়ে প্ৰজ্জ্বলন কৰা চাকিগছিয়ে বিগত ১৫০ বছৰ ধৰি আৰ্য্য সমাজৰ জৰিয়তে সমাজখনক পথ প্ৰদৰ্শন কৰি আহিছে। স্বামীজীয়ে আমাৰ সকলোৰে মাজত এক গভীৰ দায়িত্ববোধৰ সৃষ্টি কৰিছিল। মই আৰ্য্য সমাজৰ পৰা লাভ কৰা মৰম আৰু সমৰ্থনক স্বীকাৰ কৰিছোঁ। আৰ্য্য সমাজে ইতিমধ্যে ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰচেষ্টাত অপৰিসীম অৰিহণা যোগাইছে যদিও দেশৰ বৰ্তমানৰ কিছুমান অগ্ৰাধিকাৰৰ কথা দোহাৰিব বিচাৰিছোঁ। মই প্ৰথমে স্বদেশী অভিযানৰ কথা ক’ব খুজিছোঁ। ইয়াৰ সৈতে আৰ্য্য সমাজৰ ঐতিহাসিক সম্পৰ্ক আছে। ৰাষ্ট্ৰখনে পুনৰবাৰ থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ দায়িত্ব আকোৱালি লোৱাৰ লগে-লগে আৰু ভকেল ফৰ লোকেল হোৱাৰ লগে-লগে এই অভিযানত আৰ্য্য সমাজৰ ভূমিকা অধিক তাৎপৰ্য্যপূৰ্ণ হৈ পৰিছে।

 

বন্ধুসকল,

ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিসমূহ ডিজিটাইজিং আৰু সংৰক্ষণৰ লক্ষ্যৰে কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ শুভাৰম্ভ কৰা হৈছে। এই জ্ঞানৰ বিশাল ভঁৰালটোক তেতিয়াহে প্ৰকৃততে সুৰক্ষিত কৰিব পৰা যাব, যেতিয়া নৱ প্ৰজন্মই ইয়াৰ সৈতে সংযোগ স্থাপন কৰিব আৰু ইয়াৰ তাৎপৰ্য্য বুজিব। মই আৰ্য্য সমাজক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। বিগত ১৫০ বছৰ ধৰি আৰ্য্য সমাজ ভাৰতৰ পবিত্ৰ প্ৰাচীন গ্ৰন্থসমূহ আৱিষ্কাৰ আৰু সংৰক্ষণৰ কামত নিয়োজিত হৈ আহিছে। এই শাস্ত্ৰসমূহৰ মৌলিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আৰ্য্য সমাজৰ সদস্যসকলৰ বহু প্ৰজন্মৰ প্ৰচেষ্টাৰ মই শলাগ লৈছোঁ। জ্ঞান ভাৰতম মিছনে এতিয়া এই প্ৰচেষ্টাক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ উন্নীত কৰিব। মই আৰ্য্য সমাজক ইয়াক নিজৰ অভিযান বুলি গণ্য কৰিবলৈ আহ্বান জনাইছোঁ। মই আপোনাসৱক গুৰুকুল আৰু প্ৰতিষ্ঠানৰ জৰিয়তে পাণ্ডুলিপি অধ্যয়ন আৰু গৱেষণাত যুৱক-যুৱতীসকলক জড়িত কৰিবলৈ আহ্বান জনালোঁ।

বন্ধুসকল,

মহৰ্ষি দয়ানন্দ জীৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে মই যজ্ঞত ব্যৱহৃত শস্যৰ কথা ক’ব খুজিছোঁ। যজ্ঞত পৰম্পৰাগতভাৱে ব্যৱহৃত শস্য “শ্ৰী অন্ন”-ৰ তাৎপৰ্য্য হৈছে পবিত্ৰ আৰু সেয়েহে ভাৰতৰ প্ৰাচীন পৰম্পৰা শ্ৰী অন্নক প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। এই শস্যসমূহৰ এটা মূল বৈশিষ্ট্য হ’ল ইয়াৰ খেতি প্ৰাকৃতিকভাৱে কৰা হয়। প্ৰাকৃতিক কৃষি এসময়ত ভাৰতৰ অৰ্থনীতিৰ এক প্ৰধান স্তম্ভ আছিল আৰু বিশ্বই পুনৰবাৰ ইয়াৰ গুৰুত্ব স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। মই আৰ্য্য সমাজক প্ৰাকৃতিক কৃষিৰ অৰ্থনৈতিক আৰু আধ্যাত্মিক দুয়োটা মাত্ৰাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাইছোঁ।

বন্ধুসকল,

আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে জল সংৰক্ষণ। দেশে জল জীৱন অভিযানৰ জৰিয়তে প্ৰতিখন গাঁৱলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে কাম কৰি আছে। এয়া হৈছে বিশ্বৰ অন্যতম অনন্য অভিযান। অৱশ্যে ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ পানী সংৰক্ষণ কৰিলেহে পানী যোগান ব্যৱস্থা ফলপ্ৰসূ হ’ব। ইয়াৰ বাবে চৰকাৰে ড্ৰিপ ইৰিগেচনক প্ৰসাৰিত কৰি ৬০ হাজাৰৰো অধিক অমৃত সৰোবৰ খন্দাৰ কাম হাতত লৈছে। মই সমাজক চৰকাৰৰ সমান্তৰালকৈ এই প্ৰচেষ্টাসমূহক সক্ৰিয়ভাৱে সমৰ্থন কৰিবলৈ আহ্বান জনাইছোঁ। প্ৰতিখন গাঁৱতে পুখুৰী, হ্ৰদ, নাদ আদি পৰম্পৰাগতভাৱে উপলব্ধ। এইসমূহ সময়ৰ লগে-লগে অৱহেলিত হৈ শুকাই গৈছে। এই প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষিত কৰাৰ বাবে নিৰন্তৰ জনসচেতনতাৰ প্ৰয়োজন আছে। “এক পেড় মা কে নাম” অভিযানে অদ্যপি সফলতা লাভ কৰিছে। ই এক হ্ৰস্বম্যাদী পদক্ষেপ নহয়, বৰঞ্চ বনানীকৰণৰ বাবে এক স্থায়ী আন্দোলন। মই আৰ্য্য সমাজৰ সদস্যসকলক এই অভিযানৰ সৈতে যিমান পাৰি সিমান লোকক সংযোগ কৰিবলৈ আহ্বান জনাইছোঁ।

বন্ধুসকল,

আমাৰ বেদত কৈছেঃ “সংগচ্চধ্বম সম্বদধ্বম সম ভো মননসী জনতম।” এই শ্লোকে আমাক একেলগে অগ্ৰসৰ হ’বলৈ, একেলগে কথা পাতিবলৈ আৰু ইজনে সিজনৰ মনটো বুজিবলৈ শিকায়। যিয়ে ইজনে-সিজনৰ চিন্তাৰ প্ৰতি পাৰস্পৰিক সন্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বৈদিক আমন্ত্ৰণক ৰাষ্ট্ৰীয় আহ্বান হিচাপেও চাব লাগিব। মই সকলোকে ৰাষ্ট্ৰৰ সংকল্পক নিজৰ বুলি গ্ৰহণ কৰিবলৈ আৰু আপোনাসৱক অংশগ্ৰহণৰ মনোভাৱেৰে সামূহিক প্ৰচেষ্টাক আগুৱাই নিবলৈ আহ্বান জনাইছোঁ। বিগত ১৫০ বছৰ ধৰি আৰ্য্য সমাজে এই মনোভাৱক ধাৰাবাহিকভাৱে মূৰ্ত কৰি ৰাখিছে। মই আপোনাসৱক ইয়াক অবিৰতভাৱে শক্তিশালী কৰিবলৈ আহ্বান জনাইছোঁ। মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ চিন্তাধাৰাই মানৱ কল্যাণৰ পথ আলোকিত কৰি থাকিব বুলি মই বিশ্বাসী। আৰ্য্য সমাজৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে মই পুনৰবাৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে অশেষ ধন্যবাদ জনালোঁ। নমস্কাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."