মহামহিম কাইছ আল ইউছুফ, বাণিজ্য মন্ত্ৰী,

উদ্যোগ আৰু বিনিয়োগ প্ৰসাৰ,

দুয়োখন দেশৰ প্ৰতিনিধি,

ব্যৱসায় জগতৰ নেতা,

ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!

নমস্কাৰ।

 

সাত বছৰৰ পাছত ওমান ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছে। আজি আপোনালোক সকলোৰে সৈতে মত বিনিময় কৰাৰ সুযোগ পাইছো।

আপোনালোকৰ মৰমৰ  উষ্মতাই মোক এই ব্যৱসায়িক শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ ক্ষেত্ৰত  উৎসাহিত কৰিছে। আজিৰ শীৰ্ষ সন্মিলনে নতুন দিশ, নতুন গতি প্ৰদান কৰিব আৰু ভাৰত-ওমান অংশীদাৰিত্বক নতুন উচ্চতাত উপনীত হোৱাত সহায় কৰিব।  ইয়াত আপোনালোক সকলোৰে এক বৃহৎ ভূমিকা আছে।

 

বন্ধুসকল,

 

আপোনালোকে  ভাৰত আৰু ওমানৰ ব্যৱসায় তথা  বাণিজ্যক প্ৰতিনিধিত্ব কৰে। শতিকাজুৰি চহকী ইতিহাসৰ  উত্তৰাধিকাৰ আপোনালোক। সভ্যতাৰ আৰম্ভণিৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে ইজনে- সিজনৰ লগত সামুদ্ৰিক বাণিজ্যত জড়িত হৈ পৰিছিল।

প্ৰায়ে কোৱা হয় যে সাগৰৰ দুটা পাৰ দূৰৈত থাকে  যদিও মাণ্ডৱী আৰু মাস্কটৰ মাজত আৰব সাগৰে এখন মজবুত দলং নিৰ্মাণ কৰিছে। ই এনে এখন দলং যিয়ে আমাৰ সম্পৰ্কক শক্তিশালী কৰিছে, আমাৰ সংস্কৃতি আৰু অৰ্থনীতিক শক্তিশালী কৰিছে। আজি আমি নিশ্চিতভাৱে ক’ব পাৰো যে সাগৰৰ ঢৌ সলনি হয়, ঋতু সলনি হয়, কিন্তু ভাৰত-ওমানৰ বন্ধুত্ব প্ৰতিটো ঋতুৰ লগে লগে অধিক শক্তিশালী হৈ পৰে, প্ৰতিটো ঢৌৰ লগে লগে নতুন উচ্চতাত উপনীত হয়।

 

বন্ধুসকল,

বিশ্বাসৰ ভেটিত নিৰ্মিত আমাৰ সম্পৰ্ক,  বন্ধুত্ব সময়ৰ লগে লগে বৃদ্ধি পাইছে আৰু সময়ৰ লগে লগে গভীৰো হৈ আহিছে।

আজি আমাৰ কূটনৈতিক সম্পৰ্কৰ  সত্তৰ বছৰ সম্পূৰ্ণ হৈছে। এয়া কেৱল সত্তৰ বছৰৰ উদযাপন নহয়; ই এক মাইলৰ খুঁটি চিহ্নিত কৰিছে যাৰ পৰা আমি আমাৰ শতিকা পুৰণি ঐতিহ্যক এক সমৃদ্ধিশালী ভৱিষ্যতলৈ লৈ যাব লাগিব।

বন্ধুসকল,

আজি আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছো,  যাৰ প্ৰতিধ্বনি আগন্তুক দশকবোৰলৈ অনুৰণিত হৈ থাকিব। বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে (চিআইপিএ) একবিংশ শতিকাত আমাৰ অংশীদাৰিত্বত নতুন আত্মবিশ্বাস আৰু শক্তি যোগাইছে। ই আমাৰ ভাগ-বতৰা কৰা ভৱিষ্যতৰ এক নক্সা। ই আমাৰ বাণিজ্যক নতুন গতি প্ৰদান কৰিব, বিনিয়োগক নতুন আত্মবিশ্বাস দিব, আৰু প্ৰতিটো খণ্ডতে সুযোগৰ নতুন দুৱাৰ মুকলি কৰিব।

চিআইপিএই আমাৰ যুৱক-যুৱতীসকলৰ বাবে বৃদ্ধি, উদ্ভাৱন, আৰু নিয়োগৰ বাবে অসংখ্য নতুন সুযোগ সৃষ্টি কৰিব। এই চুক্তিখন কাগজৰ পৰা কাৰ্যকৰীকৰণলৈ  যোৱাটো নিশ্চিত কৰাত আপোনালোক সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ নীতি আৰু উদ্যোগে একেলগে কাম কৰিলেহে অংশীদাৰিত্বই ইতিহাসৰ সৃষ্টি কৰে।

বন্ধুসকল,

ভাৰতৰ প্ৰগতি সদায় ভাগ-বতৰা কৰা প্ৰগতিৰ কাহিনী। ভাৰত যেতিয়া বিকশিত হয় ,  তেতিয়া ই নিজৰ বন্ধুক নিজৰ বৃদ্ধিৰ অংশীদাৰ কৰি তোলে। আজি আমি ঠিক তেনেকুৱাই কৰি আছো।

আজি ভাৰত দ্ৰুতগতিত তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে। ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ বাবে সুযোগ আহিছে যদিও ওমানৰ বাবে ইয়াৰ সুবিধা আৰু বেছি।

কাৰণ আমি কেৱল ঘনিষ্ঠ বন্ধু নহয়, সামুদ্ৰিক প্ৰতিবেশীও। আমাৰ মানুহে ইজনে সিজনক চিনি পায়, আমাৰ ব্যৱসায়িক সম্প্ৰদায়বোৰৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ বিশ্বাস আছে আৰু আমি ইজনে সিজনৰ বজাৰবোৰৰ বিষয়ে  ভালদৰে বুজি পাওঁ। গতিকে ভাৰতৰ বৃদ্ধিৰ যাত্ৰাত ওমানৰ বাবে সুযোগৰ  বিশালতা  আছে।

 

বন্ধুসকল,

আজি ব্যৱসায়িক জগতত ভাৰতৰ অৰ্থনীতিৰ স্থিতিস্থাপকতাৰ বিষয়ে আলোচনা কৰা হৈছে। মানুহে প্ৰায়ে প্ৰশ্ন কৰে, "ইমান অনিশ্চয়তা আৰু বিশ্ব অৰ্থনীতি সংকটৰ  সন্মুখীন হোৱাৰ সময়ত ভাৰতে বিশ্বত ৮ শতাংশতকৈ অধিক বৃদ্ধি কেনেকৈ লাভ কৰিছে?" মূল কাৰণটো ক’ম।

আচলতে যোৱা ১১ বছৰত ভাৰতে কেৱল নিজৰ নীতিয়েই সলনি কৰা নাই; ইয়াৰ অৰ্থনৈতিক ডি এন এও সলনি হৈছে।

কেইটামান উদাহৰণ দিওঁ: সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) ভাৰতক এক সংহত, ঐক্যবদ্ধ বজাৰলৈ ৰূপান্তৰিত কৰিছে। ইনছলভেন্সি আৰু দেউলীয়া সংহিতাই বিত্তীয় অনুশাসন আনিছে, স্বচ্ছতাক প্ৰসাৰিত কৰিছে, আৰু বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰিছে। একেদৰে আমি কৰ্পৰেট কৰ সংস্কাৰৰ পন্থা  ৰূপায়ণ কৰিলোঁ। ইয়াৰ ফলত ভাৰত বিশ্বৰ অন্যতম প্ৰতিযোগিতামূলক বিনিয়োগৰ গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে।

বন্ধুসকল,

আপোনালোকে হয়তো শেহতীয়াকৈ শ্ৰম সংস্কাৰৰ কথা শুনিছে। আমি ডজন ডজন শ্ৰমিক সংহিতাক মাত্ৰ চাৰিখনত  একত্ৰিত কৰিছো। এয়া ভাৰতৰ ইতিহাসৰ অন্যতম বৃহৎ শ্ৰম সংস্কাৰ।

বন্ধুসকল,

যেতিয়া নীতি স্পষ্ট হৈ পৰে, তেতিয়া উৎপাদনে নতুন আত্মবিশ্বাসেৰে গতি  লাভ কৰে। এফালে আমি নীতি আৰু প্ৰক্ৰিয়া সংস্কাৰ ৰূপায়ণ কৰিছো, আনহাতে আনফালে ভাৰতত উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে উৎপাদন সম্পৰ্কীয় উদগনিও প্ৰদান কৰিছো। এনে প্ৰচেষ্টাৰ বাবেই বিশ্বজুৰি মেক ইন ইণ্ডিয়া অভিযানক লৈ  উৎসাহৰ সৃষ্টি হৈছে।

বন্ধুসকল,

ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে এই সংস্কাৰসমূহক আৰু অধিক শক্তিশালী কৰি তুলিছে। শাসন ​​ব্যৱস্থা কাগজবিহীন হৈ পৰিছে, অৰ্থনীতি নগদ ধনবিহীন হৈ পৰিছে আৰু ব্যৱস্থাটো বহুত বেছি কাৰ্যক্ষম, স্বচ্ছ আৰু ভৱিষ্যদ্বাণী কৰিব পৰাৰ যোগ্য হৈ পৰিছে।

ডিজিটেল ইণ্ডিয়া কেৱল এটা প্ৰকল্প নহয়; ইয়াৰ উপৰি ই বিশ্বৰ আটাইতকৈ ডাঙৰ ‘অন্তৰ্ভুক্তিৰ বিপ্লৱ’। ই জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰিছে  আৰু  কামক নতুন স্তৰত উপনীত কৰিছে। ভাৰতত নিৰ্মাণ হৈ থকা আধুনিক ভৌতিক আন্তঃগাঁথনিয়ে ইয়াৰ অধিক উন্নতি সাধন কৰিছে। সংযোগৰ উন্নতিৰ বাবে ভাৰতত লজিষ্টিক খৰচ ক্ৰমাগতভাৱে হ্ৰাস পাইছে।

 

বন্ধুসকল,

 

বিশ্বই স্বীকাৰ কৰিছে যে ভাৰত বিনিয়োগৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থান। তদুপৰি ভাৰত এক নিৰ্ভৰযোগ্য, ভৱিষ্যতৰ প্ৰতি সাজু অংশীদাৰ। ওমানে এই কথা ভালদৰে বুজি পায় আৰু ইয়াৰ শলাগ লয়।

আমাৰ যৌথ বিনিয়োগ পুঁজিয়ে বহু বছৰ ধৰি দুয়োখন দেশতে বিনিয়োগক প্ৰসাৰিত কৰি আহিছে। শক্তি, তেল আৰু গেছ, সাৰ, স্বাস্থ্য, পেট্ৰ’কেমিকেল, সেউজ শক্তি, প্ৰতিটো খণ্ডতে নতুন সুযোগৰ উন্মেষ ঘটিছে।

কিন্তু বন্ধুসকল, ভাৰত আৰু ওমান কেৱল এইখিনিকলৈয়েই  সন্তুষ্ট নহয়। আমি  আৰাম অনুভৱ কৰিব পৰা পৰিমণ্ডলত বাস কৰিব পৰা নাই। ভাৰত-ওমানৰ অংশীদাৰিত্বক আমি পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব লাগিব। ইয়াৰ বাবে দুয়োখন দেশৰ ব্যৱসায়িক জগতখনে নিজৰ বাবে কিছুমান ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব।

আপোনালোকৰ কামটো অলপ সহজ কৰি দিওঁ। কিছু প্ৰত্যাহ্বান জনাওঁ। সেউজ শক্তিত আমি একেলগে ডাঙৰ কিবা এটা কৰিব পাৰোনে? অহা পাঁচ বছৰত আমি পাঁচটা বৃহৎ সেউজ প্ৰকল্প আৰম্ভ কৰিব পাৰিমনে? আমি সেউজ হাইড্ৰজেন, সেউজ এমোনিয়া, সৌৰ উদ্যান, শক্তি সংৰক্ষণ আৰু স্মাৰ্ট গ্ৰীডৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰিব লাগিব।

 

বন্ধুসকল,

 

শক্তি সুৰক্ষাৰ দৰেই খাদ্য সুৰক্ষাও গুৰুত্বপূৰ্ণ বিষয় । ভৱিষ্যতে এইটো এটা ডাঙৰ বিশ্বজোৰা  প্ৰত্যাহ্বান হিচাপে পৰিগণিত হ’ব। আমি একেলগে ভাৰত-ওমান কৃষি উদ্ভাৱন হাব গঢ়ি তুলিব পাৰোনে? ইয়াৰ দ্বাৰা ওমানৰ খাদ্য সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতীয় কৃষি প্ৰযুক্তি বিশ্ব বজাৰলৈ অনাত সহায়ক হ’ব।

বন্ধুসকল,

কৃষি মাত্ৰ এটা খণ্ড। একেদৰে প্ৰতিটো খণ্ডতে উদ্ভাৱনক প্ৰসাৰিত কৰাটো গুৰুত্বপূৰ্ণ। এই প্ৰেক্ষাপটত আমি এখন "ওমান–ভাৰত উদ্ভাৱন সেতু" প্ৰতিষ্ঠা কৰিব পাৰোনে? আমি অহা দুবছৰত ২০০ টা ভাৰতীয় আৰু ওমানী ষ্টাৰ্টআপক সংযোগ কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব।

 

আমি যৌথ ইনকিউবেটৰ, ফিনটেক ছেণ্ডবক্স, এআই আৰু চাইবাৰ সুৰক্ষা লেব স্থাপন কৰিব লাগিব আৰু সীমা অতিক্ৰম কৰি উদ্যোগৰ পুঁজিৰ প্ৰসাৰ ঘটাব লাগিব।

বন্ধুসকল,

এইবোৰ কেৱল ধাৰণা নহয়, এয়া আমন্ত্ৰণ।

 

আমন্ত্ৰণ—বিনিয়োগ কৰিবলৈ।

আমন্ত্ৰণ—উদ্ভাৱন কৰিবলৈ।

আমন্ত্ৰণ—একেলগে ভৱিষ্যত গঢ়ি তুলিবলৈ।

 

নতুন প্ৰযুক্তি, নতুন শক্তি, নতুন সপোনৰ শক্তিৰে এই পুৰণি বন্ধুত্বক আগুৱাই লৈ যাওঁ আহক।

 

"শুক্ৰণ জজী--লন!"

 

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুন 2026
June 17, 2026

PM Narendra Modi's Dual Legacy: Commanding Global Respect While Delivering Health Miracles, Rail Revolution & Digital Leadership