Innovation, integrity and inclusion have emerged as key mantras in the field of management: PM
Focus is now on collaborative, innovative and transformative management, says PM
Technology management is as important as human management: PM Modi

জয় জগন্নাথ,

জয় মা ছামালেশ্বৰী !

ওড়িশাৰ ভাই-ভনীসকললৈ অভিনন্দন।

নতুন বৰ্ছৰটো সকলোৰে বাবে সমৃদ্ধিশালী হওক।

ওড়িশাৰ ৰাজ্যপাল সন্মানীয় প্ৰফেচাৰ গণেশ লাল জী, মুখ্যমন্ত্ৰী আৰু মোৰ বন্ধু শ্ৰী নৱীন পাটনাইক মহোদয়, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ ড০ ৰমেশ পোখৰিয়াল নিশাংক জী, ওড়িশাৰ ৰত্ন ভাই ধৰ্মেন্দ্ৰ প্ৰধান জী আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰাংগী জী, ওড়িশা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, আইআইম ছম্বলপুৰৰ অধ্যক্ষ শ্ৰীমতী অৰুন্ধতী ভট্টাচাৰ্য, সঞ্চালক প্ৰফেচাৰ মহাদেও জয়ছোৱাল জী, ফেকাল্টী ষ্টাফ আৰু মোৰ সকলো যুৱ সতীৰ্থসকল।

আজি আইআইএম কেম্পাছৰ আধাৰশিলা স্থাপনৰ লগে লগে ওড়িশাৰ যুৱ প্ৰজন্মৰ বাবে এক শক্তিশালী ভেটিও স্থাপন হ’ল। আইআইএম ছম্বলপুৰৰ স্থায়ী চৌহদে ওড়িশাক ইয়াৰ চহকী ঐতিহ্য আৰু কলা-সংস্কৃতিৰ সমান্তৰালকৈ মেনেজমেণ্টৰ বিশ্বত এক নতুন পৰিচয় দিব। নতুন বছৰৰ আৰম্ভণিতে এই আধাৰশিলা স্থাপনে আমাৰ আনন্দ দুগুণে বৃদ্ধি কৰিছে।

বন্ধুসকল,

বিগত কেইটামান দশকত দেশে এক ট্ৰেণ্ড দেখিবলৈ পাইছে। বৃহৎসংখ্যক বহুজাতিক কোম্পানীয়ে ইয়ালৈ আহে আৰু এই ভূমিৰ পৰা ব্যৱসায় সম্প্ৰসাৰণ কৰে। এই দশক আৰু এই শতিকাত ভাৰতে বিশ্বক নিজৰ প্ৰচুৰ সম্ভাৱনীয়তা প্ৰদৰ্শন কৰিছে। আজিৰ ষ্টাৰ্ট-আপ কাইলৈৰ বহুজাতিক কোম্পানী। এই ষ্টাৰ্ট-আপসমূহৰ প্ৰভাৱ সাধাৰণতে এনেকুৱা চহৰত দেখিবলৈ পোৱা যায়, যাক আমি টায়াৰ-২ অথবা টায়াৰ-৩ চহৰ বুলি কও। ভাৰতীয় যুৱ প্ৰজন্মৰদ্বাৰা গঠিত এই ষ্টাৰ্ট-আপ আৰু নতুন কোম্পানীসমূহক আগুৱাই নিবলৈ শ্ৰেষ্ঠ মেনেজাৰৰ প্ৰয়োজন আছে।

 

বন্ধুসকল,

মই ক’ৰবাত পঢ়িছিলো যে ভাৰতে যোৱা বছৰৰ তুলনাত এই বছৰ ক’ভিডৰ সংকটৰ পাছতো অধিক ইউনিকৰ্নছ উৎপাদন কৰিছে। আজি, কৃষিৰ পৰা মহাকাশ খণ্ডলৈ প্ৰতিটো খণ্ডত নজীৰবিহীন সংস্কাৰৰ বাবে ষ্টাৰ্ট-আপৰ সুযোগ দিনক দিনে বৃদ্ধি পাইছে। আমি এই নতুন সম্ভাৱনাসমূহৰ বাবে নিজকে সাজু কৰিব লাগিব। ভাৰতৰ আশা আৰু আকাংক্ষাৰ সৈতে আপুনি নিজৰ কেৰিয়াৰৰ দিশ নিৰ্ণয় কৰিব লাগিব। ব্ৰেণ্ড ইণ্ডিয়াক এক নতুন গোলকীয় পৰিচয় দিয়াৰ দায়িত্ব আমাৰ যুৱ প্ৰজন্মই গ্ৰহণ কৰা উচিত।

বন্ধুসকল,

আইআইএম ছম্বলপুৰৰ মিছন মন্ত্ৰ হ’ল নতুন উদ্ভাৱন, সম্পূৰ্ণতা আৰু সমগ্ৰতা। এই মন্ত্ৰৰে আপোনালোকে দেশৰ সন্মুখত নিজৰ মেনেজমেণ্ট দক্ষতা প্ৰদৰ্শন কৰিব লাগিব। যি স্থানত আইআইএমৰ স্থায়ী চৌহদ স্থাপন কৰা হৈছে তাত ইতিমধ্যে এখন চিকিৎসা বিশ্ববিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, তিনিখন অন্যান্য বিশ্ববিদ্যালয় আৰু চিআৰপিএফ তথা আৰক্ষীৰ বাবে সৈনিক স্কুল আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে। প্ৰাকৃতিক দিশৰ পৰা এই স্থান অত্যন্ত মনোমোহা। ওড়িশাৰ গৌৱৰ হিৰাকুণ্ড বান্ধ আমাৰ পৰা অধিক দূৰত নহয়। এই বান্ধৰ ওচৰত আছে দেব্ৰিগড় অভয়াৰণ্য। একেদৰে, ছম্বলপুৰী বস্ত্ৰশিল্পও দেশ-বিদেশত প্ৰখ্যাত। বান্ধা-আইকাট ফেব্ৰিক আৰু ইয়াৰ অনন্য পেটাৰ্ণ, ডিজাইন আৰু বয়নপ্ৰণালী অত্যন্ত সুকীয়া। একেদৰে, এই অঞ্চলত যথেষ্ট পৰিমাণে হস্তশিল্পৰ কাম হয়। ছম্বলপুৰৰ স্থানীয় সামগ্ৰীসমূহৰ প্ৰসাৰৰ দায়িত্ব ল’ব লাগিব আইআইএমৰ শিক্ষাৰ্থীসকলে।

বন্ধুসকল,

আপোনালোকে ভালকৈ জানে যে ছম্বলপুৰ আৰু ইয়াৰ সংলগ্ন অঞ্চলসমূহ খনিজ আৰু খনন শক্তিৰ বাবেও বিশেষভাৱে পৰিচিত। দেশৰ এই প্ৰাকৃতিক সম্পদসমূহৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ আপোনালোকে নতুন ধাৰণাৰ ওপৰত কাম কৰিব লাগিব,যাতে এই সম্পদসমূহে সমগ্ৰ অঞ্চলটোৰ বিকাশ সাধন কৰিব পাৰে।

বন্ধুসকল,

মই আপোনালোকক মাত্ৰ কেইটামান উদাহৰণ দিছো। ওড়িশাত কি নাই-বন্য সম্পদ, খনিজ সম্পদ, ৰংগাবাটী সংগীত, জনজাতীয় কলা-সংস্কৃতি, হস্তশিল্প আদিৰে ভৰি আছে।

বন্ধুসকল,

আইআইএমৰ সকলো যুৱ সতীৰ্থই স্থানীয় সামগ্ৰীসমূহক গোলকীয় স্তৰলৈ নিয়াৰ সমাধান উলিয়াব লাগিব। মই আত্মবিশ্বাসী যে আমাৰ আইআইএম প্ৰতিষ্ঠানসমূহে দেশ আত্মনিৰ্ভৰ মিছনৰ দিশত স্থানীয় আৰু গোলকীয় সমন্বয়ৰ সেতু গঢ়িব। বিশ্বৰ প্ৰতিটো চুকে-কোণে বিয়পি থকা আপোনালোকৰ প্ৰাক্তন সতীৰ্থসকলৰ নেটৱৰ্কে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰে। ২০১৪ চনলৈ আমাৰ দেশত ১৩খন আইআইএম আছে। এতিয়া দেশত ২০খন আইআইএম আছে। এই বৃহৎ পৰিমাণৰ প্ৰতিভাৰ ভাণ্ডাৰে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সফলতাত উল্লেখনীয় অৱদান আগবঢ়াব পাৰে।

 

বন্ধুসকল,

কৰ্ম পদ্ধতিৰ পৰিৱৰ্তনৰ সৈতে মেনেজমেণ্ট দক্ষতাৰ চাহিদাও সলনি হৈছে। এতিয়া টপ ডাউন অথবা টপ হেভী মেনেজমেণ্টৰ পৰিৱৰ্তে সহযোগিতামূলক, উদ্ভাৱনমূলক আৰু পৰিৱৰ্তনকামী মেনেজমেণ্টৰ সময় আহি পৰিছে। ফলত অধিক মানৱ ব্যৱস্থাপনাৰ সমান্তৰালকৈ অধিক প্ৰযুক্তিগত ব্যৱস্থাপনাও প্ৰয়োজনীয় হৈ পৰিছে।

ক’ৰোনা সংক্ৰমণৰ সময়ছোৱাত প্ৰযু্ক্তিৰ উদ্যম আৰু টীমৱৰ্কৰে দেশে কিদৰে কাম কৰিছে, ১৩০ কোটি দেশবাসীক সুৰক্ষিত কৰিবলৈ কিদৰে দায়িত্ব পালন কৰা হৈছিল, কিধৰণে পদক্ষেপ লোৱা হৈছিল-এই সকলো দিশত গৱেষণাৰ প্ৰয়োজন আছে আৰু তথ্য-পাতি প্ৰস্তুত কৰা উচিত। কিদৰে ১৩০কোটি জনতাৰ এখন দেশে সময় সময়ে নতুন নতুন পদক্ষেপ হাতত লৈছিল ? কিদৰে ভাৰতে অতি কম সময়ৰ ভিতৰত ক্ষমতা আৰু সক্ষমতাক বিস্তাৰিত কৰিছিল? এই সকলোবোৰতে আছিল মেনেজমেণ্টৰ মহান শিক্ষা। ক’ভিডৰ সময়ছোৱাত পিপিই কিটছ, মাস্ক আৰু ভেণ্টিলেটৰ্ছৰ স্থায়ী সমাধান পোৱা গ’ল।

বন্ধুসকল,

আমি এহাতে সমস্যা এটাক গ্ৰহণ কৰিছো আৰু অন্যহাতে আন এটা সমস্যাৰ স্থায়ী সমাধান কৰিছো। প্ৰত্যাহ্বানটো হ’ল নতুন বিতৰক সন্দৰ্ভত। আমি ১০,০০০ নতুন গেছ বিতৰকক নিযুক্তি দিছো। আমি সমগ্ৰ দেশত নতুন বটলিং প্লেণ্টছ সংস্থাপন কৰিছো। আমি ইয়াৰ শুধৰণি ঘটাইছো। পাইপ-লাইন কেপাচিটী আছিল প্ৰত্যাহ্বান। আমি এই ক্ষেত্ৰত কোটি কোটি টকা ব্যয় কৰিছো আৰু আজিও কাম কৰি আছো। দৰিদ্ৰ উপভোক্তাক বাছনি কৰাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ স্বচ্ছতাৰ কাম কৰিছো, বিশেষকৈ উজ্জ্বলা যোজনা মুকলিৰ ক্ষেত্ৰত।

বন্ধুসকল,

দেশত আজি ২৮কোটিৰো অধিক গেছ সংযোগ আছে। ২০১৪ৰ পূৰ্বে ১৪কোটি গেছ সংযোগহে আছিল। বিষয়টো চিন্তা কৰক, ৬০ বছৰত ১৪কোটি গেছ সংযোগ। ইয়াৰ বিপৰীতে, যোৱা ৬বছৰত আমি দেশত ১৪কোটিৰো অধিক গেছ সংযোগ আগবঢ়াইছো। এতিয়া, মানুহে ৰন্ধন গেছৰ বাবে শাৰী পতা বা বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজন নাই। ওড়িশাত উজ্জ্বলা যোজনাৰ অধীনত প্ৰায় ৫০লাখ দৰিদ্ৰ পৰিয়ালে গেছ সংযোগ লাভ কৰিছে।

বন্ধুসকল,

মই আশা কৰিছো যে আপোনালোকৰ আৰু আইআইএম ছম্বলপুৰৰ প্ৰচেষ্টাই আত্মনিৰ্ভৰশীল ভাৰতৰ অভিযানক সফল কৰি তুলিব। এই শুভ কামনাৰে বহুত বহুত ধন্যবাদ। নমস্কাৰ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।