"মহিলাসকল হৈছে নীতি, আনুগত্য, নিৰ্ণায়কতা আৰু নেতৃত্বৰ প্ৰতিফলন"
"আমাৰ বেদ আৰু পৰম্পৰাই মহিলাসকলে ৰাষ্ট্ৰখনক পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম আৰু সমৰ্থৱান হ'ব লাগে বুলি আহ্বান জনাইছে"
"মহিলাৰ প্ৰগতিয়ে সদায়েই ৰাষ্ট্ৰখনৰ সবলীকৰণক শক্তি প্ৰদান কৰে"
"আজি ভাৰতৰ উন্নয়নৰ যাত্ৰাত মহিলাসকলৰ সম্পূৰ্ণ অংশগ্ৰহণত দেশখনে অগ্ৰাধিকাৰ প্ৰদান কৰিছে"
"’ষ্টেণ্ডআপ ইণ্ডিয়া' ৰ অধীনত ৮০ শতাংশৰোধিক ঋণ মহিলাৰ নামত আছে। মুদ্ৰা যোজনাৰ অধীনত আমাৰ ভগ্নী আৰু কন্যাসকলক প্ৰায় ৭০ শতাংশ ঋণ প্ৰদান কৰা হৈছে"

নমস্কাৰ!

মই আপোনালোকৰ লগতে দেশৰ সকলো মহিলাক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ এই উপলক্ষে আপোনালোকৰ মহিলা সতী আৰু সাধীসকলৰ এই অভিনৱ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷

মাতৃ-ভগ্নীসকল,

কচ্চৰ যি ভূমিৰ পৰা আপোনালোক আহিছে, সেই ভূমি শতিকা বছৰ জুৰি নাৰীশক্তি আৰু সামৰ্থ্যৰ প্ৰতীক৷ ইয়াত মাতৃ আশাপুৰা স্বয়ং মাতৃভক্তি হিচাপে বিৰাজমান৷ ইয়াৰ মহিলাসকলে সমগ্ৰ সমাজক কঠিন প্ৰাকৃতিক প্ৰত্যাহ্বান, সকলো বিপৰীত পৰিস্থিতিৰ মাজতে জীয়াই থাকিবলৈ শিকায়, যুঁজিবলৈ শিকায় আৰু জিকিবলৈও শিকায়৷ পানী সংৰক্ষণক লৈ কচ্চৰ মহিলাসকলে যি ভূমিকা পালন কৰিছে, পানী সমিতি গঠন কৰি যি কাম কৰিছে, সেই কাৰ্যক আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সন্মানীত কৰিছে৷ কচ্চৰ মহিলাসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কচ্ছৰ সভ্যতা, সংস্কৃতিকো জীৱন্ত কৰি ৰাখিছে৷ কচ্চৰ ৰং, বিশেষকৈ ইয়াৰ হস্তশিল্প ইয়াৰ এক উৎকৃষ্ট উদাহৰণ৷ এই কলা আৰু এই কৌশলে এতিয়া সমগ্ৰ বিশ্বত এক সুকীয়া চিনাকী দিছে৷ আপোনালোক বৰ্তমান ভাৰতৰ পশ্চিম সীমাৰ অন্তিমখন গাঁৱত আছে৷ ইয়াৰ পাছত কোনো জনপ্ৰাণী নাই৷ তাৰ পাছত আন এখন দেশ আৰম্ভ হয়৷ সীমান্তৱৰ্তী গাঁৱত তাৰ জনসাধাৰণৰ প্ৰতি দেশৰ বিশেষ দায়িত্ব থাকে৷ কচ্চৰ বীৰাংগনাসকলে সদায় এই দায়িত্ব অতি সুন্দৰভাৱে পালন কৰি আহিছে৷ এতিয়া আপোনালোক কালিৰে পৰা তাত আছে, সম্ভৱ আপোনালোকে কাৰোবাৰ পৰা শুনিছে যে ১৯৭১চনত যেতিয়া যুদ্ধ চলি আছিল, যুদ্ধত শত্ৰুৱে ভুজৰ বিমানবন্দৰত আক্ৰমণ চলাইছিল৷ এয়াৰ ষ্ট্ৰীপক বোমা নিক্ষেপ কৰি আমাৰ যি ৰাণৱে আছিল, সেয়া নষ্ট কৰিছিল৷ এনে যুদ্ধৰ সময়ত আৰু এটা ৰাণৱেৰ প্ৰয়োজন আছিল৷ আপোনালোক সকলোৱে গৌৰৱবোধ কৰিব যে কচ্চৰ মহিলাসকলে নিশাৰ ভিতৰতে ৰাণৱে নিৰ্মাণৰ কাম কৰিলে আৰু ভাৰতৰ সেনাক যুঁজ দিবলৈ সহায় কৰি দিলে৷ এয়া ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ ঘটনা৷ তাৰে একাংশ মাতৃ-ভগ্নীয়ে আজিও আমাৰ সৈতে আছে৷ আপোনালোকে অনুসন্ধান কৰিলে জানিব যে তেওঁলোকৰ বহুতৰে বয়সো যথেষ্ট হৈছে৷ মই কেইবাবাৰো তেওঁলোকৰ সৈতে কথা পতাৰ সুযোগ পাইছো৷ অৰ্থাৎ মহিলাসকলে এনে অসাধাৰণ সাহস আৰু সামৰ্থ্যৰ এই ভূমিৰ পৰা আমাৰ মাতৃশক্তিয়ে আজি সমাজৰ বাবে এক সেৱা যজ্ঞ আৰম্ভ কৰিছে৷

মাতৃ-ভগ্নীসকল,

আমাৰ বেদসমূহত মহিলাসকলক 'पुरन्धि: योषा' এই মন্ত্ৰৰে আহ্বান জনাইছে৷ অৰ্থাৎ মহিলাসকলে নিজৰ নগৰ, নিজৰ সমাজৰ দায়িত্ব পালনৰ সামৰ্থ্য আছে, মহিলাসকলে দেশক নেতৃত্ব দিয়ক৷ নাৰী, নীতি, নিষ্ঠা, সিদ্ধান্ত গ্ৰহণৰ শক্তি আৰু নেতৃত্ব প্ৰতিফলিত হৈছে৷ সেইবোৰ প্ৰতিনিধিত্ব কৰিছে৷ সেইবাবে আমাৰ বেদসমূহে আমাৰ পৰম্পৰাই এই আহ্বান দিছে যে নাৰী সক্ষম হওক, সামৰ্থ্যৱান হওক আৰু ৰাষ্ট্ৰক মাৰ্গদৰ্শন কৰক৷ মই এটা কথা কেতিয়াবা কও যে নাৰী তুমি নাৰায়ণী৷ কিন্তু আৰু এটা কথা আমি শুনিছো আমাৰ ইয়াত কোৱা হয় নৰই কাম কৰিলেই নাৰায়ণ হৈ যায়৷ অৰ্থাৎ নৰই নাৰায়ণ হোৱাৰ বাবে কিবা কৰিব লাগিব৷ নৰই কাম কৰিলে নাৰায়ণ হৈ যায়৷ কিন্তু নাৰীৰ ক্ষেত্ৰত কোৱা হৈছে নাৰী তুমি নাৰায়ণী৷ এতিয়া চাওক যে ইয়াৰ মাজত কিমান পাৰ্থক্য আছে৷ আমি কৈ থাকো, কিন্ত যদি আমি ভাৱো যে আমাৰ পূৰ্বপুৰষসকলে পুৰুষসকলক লৈ কিমান গম্ভীৰ চিন্তাধাৰাৰে কৈছিল যে নৰই কাম কৰিলে নাৰায়ণ হৈ যায়৷ কিন্তু মাতৃ-ভগ্নীসকলৰ বাবে কৈছে-নাৰী তুমি নাৰায়ণী৷

মাতৃ-ভগ্নীসকল,

ভাৰত বিশ্বৰ এনে বৌদ্ধিক পৰম্পৰাৰ বাহক, যাৰ অস্তিত্ব তাৰ দৰ্শনতে কেন্দ্ৰিত হৈ আছে৷ আৰু এই দৰ্শনৰ আধাৰ তাৰ আধ্যাত্মিক চেতনাত আছে৷ এই আধ্যাত্মিক চেতনা ইয়াৰ নাৰী শক্তিত কেন্দ্ৰীভূত হৈ আছে৷ আমি সহৰ্ষ ইশ্বৰীয় সত্বাকো নাৰীৰ ৰূপত স্থাপন কৰিছো৷ যেতিয়া আমি ইশ্বৰীয় সত্বাক আৰু ইশ্বৰীয় সত্বাসমূহক স্ত্ৰী আৰু পুৰুষ দুটা ৰূপত চাম, তেতিয়া স্বভাৱগত ভাৱে অগ্ৰাধিকাৰ নাৰী সত্বাক দিও৷ সেয়া লাগিলে সীতা-ৰামেই হওক, ৰাধা-কৃষ্ণই হওক, গৌৰী-গণেশেই হওক বা লক্ষ্মী-নাৰায়ণেই হওক৷ আপোনালোকতকৈ অধিক কোন এই পৰম্পৰাৰ সৈতে পৰিচিত৷ আমাৰ বেদৰ ঘোষা, গোধা, অপালা আৰু লোপমুদ্ৰা এনে বহু নাম আছে, যিবোৰ আমাৰ হৃদয়ত আছে৷ গাৰ্গী আৰু মৈত্ৰেয়ীৰ দৰে বিদুষী মহিলাসকলে বেদান্তৰ গতিক মাৰ্গদৰ্শন কৰে৷ ভাৰতৰ উত্তৰ প্রান্তৰ মীৰাবাঈৰ পৰা আৰুম্ভ কৰি দক্ষিণ প্রান্তত সন্ন্যাসিনী ‘অক্কা মহাদেৱী’লৈকে, ভাৰতৰ দেৱীসকলে ভক্তি আন্দোলনৰ পৰা আৰুম্ভ কৰি জ্ঞান দর্শনলৈকে সমাজত সংস্কাৰ আৰু পৰিৱর্তনক গতি দিছে৷ গুজৰাট আৰু কচ্চৰ এই ভূমিতো ‘সতী তোৰল’, ‘গংগা সতী’, ‘সতী লোয়ণ’, ‘ৰামবাঈ’ আৰু ‘লীৰবাঈ’ৰ দৰে বহু দেৱীৰ নাম আমি জানো, আপোনালোকে সৌৰাষ্ট্রলৈ যাওক, ঘৰে ঘৰে ঘূৰক, এনেকৈ আপোনালোকে প্রতিখন ৰাজ্যৰ, প্রতিটো এলেকালৈ যাওক৷ এইখন দেশত হয়তো এনে কোনো গাঁও নাই, এনে কোনো এলেকা নাই য’ত যিকোনো এগৰাকী ‘গ্রাম দেৱী’ বা ‘কুল দেবী’য়ে তাৰ আস্থাৰ কেন্দ্রত বিৰাজ কৰা নাই৷ এই দেৱীসকলে এই দেশৰ সেই নাৰী চেতনাৰ প্রতীক যিসকলে সনাতন কালৰ পৰা মোৰ সমাজক সৃষ্টি কৰি আহিছে৷ এই নাৰী চেতনাই স্বাধীনতা আন্দোলনৰ সময়তো দেশৰ সন্তানসকলৰ মনত স্বাধীনতাৰ আকাংক্ষাৰ আগ্নেয়গিৰি প্রজ্জ্বলিত কৰি ৰাখিছে৷ আমি ১৮৫৭ চনৰ স্বাধীনতা সংগ্রামৰ কথা মনত ৰাখিব লাগিব। ১৮৫৭ চনৰ স্বাধীনতা সংগ্রামৰ কথা মনত পেলালে, আজি যেতিয়া আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছো, সেইসময়ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰিপ্রেক্ষিতত গঢ় তোলাত মোৰ দেশৰ ভক্তি আন্দোলনে বহুত ডাঙৰ ভূমিকা আছিল। ভাৰতৰ প্রত্যেক কোণৰ পৰা যিকোনো এগৰাকী ঋষি-মুনি, সন্ন্যাসী-আচার্য আৱিৰ্ভাব হৈছে যিসকলে ভাৰতৰ চেতনা প্রজ্জ্বলিত কৰি ৰখাৰ অদ্ভূত কাম কৰি গৈছে৷ তেওঁলোকৰ কামৰ আলোকেৰে সেই চেতনাৰ ৰূপায়ণৰ মাধ্যমেৰে দেশবাসী স্বাধীনতা আন্দোলনত সফল হৈছে৷ আজি আমি এতিয়া এনে সময়ত উপনীত হৈছো, যিসময়ত স্বাধীনতাৰ ৭৫ বছৰ সম্পূর্ণ হৈছে, কিন্তু আমাৰ আধ্যাত্মিক যাত্রা অব্যাহত থাকিব৷ আমাৰ সামাজিক চেতনা, সামাজিক সামর্থ্য, সামাজিক বিকাশ, সমাজত পৰিৱর্তন, সমাজৰ সময়ৰ সৈতে প্রত্যেক নাগৰিকৰ দায়িত্ববোধ যুক্ত হৈছে৷ আজি যেতিয়া ইমান বৃহৎ সংখ্যক সন্নাসী পৰম্পৰাৰ মা-ভনী একত্রিত হৈছে, তেতিয়া আমি ভাৱো যে মই আপোনালোকক সেই কথা কোৱা উচিৎ আৰু আজি মোৰ সৌভাগ্য যে নাৰী চেতনাত সমৃদ্ধ, এনে জাগ্রত মানৱৰ সন্মুখত কথাবোৰ ক’ব পাৰি৷

মাতৃ-ভগ্নীসকল,

যি দেশত এই ভূমিক ‘মাতৃ’ জ্ঞান কৰে, সেই দেশত মহিলাসকলৰ উন্নয়নে দেশৰ সলবীকৰণত সকলো সময়তে শক্তিশালী কৰে৷ বৰ্তমান মহিলাসকলৰ জীৱন উন্নত কৰাটো দেশে অগ্রাধিকাৰ দিছে৷ বৰ্তমান ভাৰতৰ উন্নয়ন যাত্রাত মহিলাসকলৰ সম্পূর্ণ অংশীদাৰিত্ব সুনিশ্চিত কৰাটো অগ্রাধিকাৰ দিয়া হৈছে৷ সেইবাবে মোৰ মাতৃ-ভগ্নীসকলৰ বিভিন্ন সমস্যা কম কৰাৰ লক্ষ্যৰে আমি আৰু অধিক জোৰ দি কাম কৰিছো৷ মোৰ দেশত এনে পৰিস্থিতি আছিল যি কোটি কোটি মাতৃ-ভগ্নীয়ে শৌচ কৰাৰ বাবে ঘৰৰ বাহিৰলৈ হৈ মুকলি ঠাইলৈ যাবলগীয়া হৈছিল৷ ঘৰত শৌচালয় নথকাৰ বাবে তেওঁলোকে কিমান কষ্ট সহ্য কৰিবলগীয়া হৈছিল, সেয়া মই আপোনালোকৰ সন্মুখত শব্দৰে বর্ণনা কৰাৰ প্রয়োজন নাই। মোৰ চৰকাৰে দায়িত্ব লৈ মহিলাসকলৰ এই কষ্ট অনুধাৱন কৰি সেয়া দূৰ কৰাৰ চেষ্টা কৰিলে। দেশৰ দায়িত্ব লৈয়ে প্রথম বছৰৰ ১৫ আগষ্টত লালকিল্লাৰ প্রাচীৰৰ পৰা মই এই সমস্যাৰ কথা দেশবাসীৰ সন্মুখত দাঙি ধৰিলো আৰু আমি সমগ্ৰ দেশত ‘স্বচ্ছ ভাৰত মিচন’ আন্দোলন আৰুম্ভ কৰি তাৰ জৰিয়তে ১১ কোটিৰো অধিক শৌচালয় নির্মাণ কৰিলো৷ এতিয়া বহুতে ভাৱিব যে এইটোনো  কি কাম৷ কিন্তু এয়াই বাস্তৱ যে এই কাম আগতে কোনেও কৰিব পৰা নাছিল৷ আপোনালোক সকলোৱে দেখিছে যে গাঁৱে গাঁৱে মাতৃ-ভগ্নীসকলে খৰি আৰু গোৱৰেৰে চৌকা জ্বলাই ৰান্ধিবলগীয়া হৈছিল৷ ধোঁৱাৰ সমস্যা মহিলাসকলে নিজৰ নিয়তি বুলি ভাৱিছিল৷ এই সমস্যাৰ পৰা মুক্তি দিয়াৰ বাবেই আমি দেশৰ ৯ কোটিতকৈ অধিক মহিলাক ‘উজ্জ্বলা যোজনা’ৰ জৰিয়তে ৰন্ধন গেছ সংযোগ প্ৰদান কৰিছো আৰু তেওঁলোকক ধোঁৱাৰ পৰা মুক্তি দিছো৷ আগতে মহিলাসকল, বিশেষকৈ দুখীয়া মহিলাসকলৰ বেংক একাউণ্টো নাছিল৷ ইয়াৰ ফলত তেওঁলোক আর্থিকভাৱে সকলো সময়তে দুর্বল আছিল৷ মোৰ চৰকাৰে ২৩ কোটি মহিলাক ‘জন ধন’ একাউণ্টৰ জৰিয়তে বেংকৰ সৈতে যুক্ত কৰিলে। নহ’লে, আগতে আমি জানো যে মাতৃ-ভগ্নীসকলে কিদৰে ৰান্ধনীঘৰত টেমাত ভৰাই বা অন্য কোনো মচলাৰ টেমাত টকা-পইচা লুকুৱাই ৰাখিছিল৷ চাউলৰ ডাব্বাৰ চলত সুমুৱাই ৰাখিছিল৷ বৰ্তমান আমি এনে ব্যবস্থা কৰিছো, যাতে মাতৃ-ভগ্নীসকলে তেওঁলোকৰ জমা টকা বেংকত জমা কৰিব পাৰে আৰু সুদ পায়৷ বৰ্তমান গাঁৱে গাঁৱে মহিলাসকলে আত্মনিৰ্ভৰ গোট গঠন কৰি সৰু সৰু উদ্যোগৰ জৰিয়তে গ্রাম্য অর্থনীতিকো গতি প্রদান কৰিছে৷ মোৰ দেশৰ মহিলাসকল মাজত দক্ষতাৰ কোনো অভাৱ নাই, কেতিয়াও নাছিল৷ কিন্তু এতিয়া সেই দক্ষতাই তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ শক্তি বৃদ্ধি কৰিছে। মোৰ ভগ্নী-কন্যাসকল যাতে আগুৱাই যাব পাৰে, মোৰ ভগ্নীসকলে যাতে তেওঁলোকৰ সপোন বাস্তবায়িত কৰিব পাৰে, তেওঁলোকক ইচ্ছা অনুসৰি নিজৰ মতে কিছু কাম কৰিব পাৰে, সেইবাবে চৰকাৰে বিভিন্ন মাধ্যমেৰে তেওঁলোকক আর্থিক সাহাৰ্যও প্রদান কৰিছে। বৰ্তমান ‘ষ্টেণ্ড-আপ ইণ্ডিয়া’ৰ জৰিয়তে ৮০ শতাংশ ঋণ আমাৰ মাতৃ-ভগ্নীসকলৰ নামতে দিয়া হৈছে৷ ‘মুদ্রা যোজনা’ৰ জৰিয়তে প্রায় ৭০ শতাংশ ঋণ আমাৰ ভগ্নী-কন্যাসকলৰ নামত দিয়া হৈছে আৰু এই ঋণৰ পৰিমাণ হৈছে কেইবা হাজাৰ কোটি টকা। আন এক বিশেষ কাম হৈছে, যাৰ কথা আমি আপোনালোকৰ সন্মুখত উল্লেখ কৰিব বিচাৰিছো৷ আমাৰ চৰকাৰে ‘পিএম আৱাস যোজনা’ৰ জৰিয়তে ২ কোটিৰো অধিক ঘৰ নিৰ্মাণ কৰিছে। কাৰণ, আমাৰ এটা সপোন আছিল ভাৰতৰ প্রতিগৰাকী দুখীয়া লোকৰ মুৰৰ ওপৰৰ ছাঁদ থাকিব, নিজৰ এটা পকী ঘৰ থাকিব৷ মুৰৰ ওপৰত পকী ছাঁদ থাকিব আৰু ঘৰটোও কেৱল চাৰিখন বেৰৰ ঘৰ নহয়। এনে ঘৰ হ’ব, য’ত শৌচালয় থাকিব, এনে ঘৰ হ’ব য’ত নলৰ জৰিয়তে পানী আহিব, এনে ঘৰ হ’ব য’ত বিদ্যুৎ সংযোগ থাকিব, এনে ঘৰ হ’ব যাৰ ভিতৰত আপোনালোকৰ সকলো প্রাথমিক সা-সুবিধা থাকিব, ৰন্ধন গেছৰ সংযোগৰ দৰে সকলো সুবিধা ঘৰৰ ভিতৰতে থাকিব৷ আমি চৰকাৰৰ দায়িত্ব লোৱাৰ পাছত ২ কোটিৰো অধিক দুখীয়া পৰিয়ালৰ বাবে ইতিমধ্যে ২ কোটি ঘৰ নিৰ্মাণ কৰিছো৷ এই পৰিসংখ্যা বহুত ডাঙৰ৷ এতিয়া ২ কোটি ঘৰ নিৰ্মাণ কৰি দিয়াটো কম কথা নহয়! এটা ঘৰ নিৰ্মাণ কৰিবলৈ কিমান টকা লাগে? আপোনালোকে হয়তো ভাবিছে, কিমাননো লাগে-ডেৰ লাখ, দুই লাখ, আঢ়ৈ লাখ, তিনি লাখ টকা৷ সৰু এটা ঘৰ হোৱা মানেই দুখীয়া লোকসকল লাখপতি হোৱা৷ তাৰ মানে যি ২ কোটি মহিলাৰ নামত এই চৰকাৰে নিৰ্মাণ কৰি দিয়া ঘৰৰ স্বত্ত্বাধিকাৰ দিয়া হৈছে, সেই ২ কোটি দুখীয়া মহিলা ইতিমধ্যে লাখপতি হৈছে৷ যেতিয়া আমি ‘লাখপতি’ শব্দটো শুনো, তেতিয়া কিমান ডাঙৰ বুলি ভাৱো, কিমান ধনী বুলি ভাৱো৷ কিন্তু এবাৰ দুখীয়া লোকসকলৰ প্রতি সমবেদনা থাকিলে, মনত কাম কৰাৰ ইচ্ছা থাকিলে কিদৰে কাম হয়, তাৰ প্রমাণ আজি এই ২ কোটি মাতৃ-ভগ্নীয়ে ঘৰৰ স্বত্ত্বাধিকাৰ পাইছে৷ এটা সময় আছিল, যেতিয়া মহিলাসকলৰ নামত কোনো ভূমি নাছিল, কোনো দোকান নাছিল, কোনো ঘৰ নহৈছিল৷ ক’ৰবাত হৈ শোধক, এই ঘৰ কাৰ নামত? তেতিয়া মহিলাসকলে উত্তৰ দিছিল, মোৰ স্বামীৰ নামত, মোৰ ভাইৰ নামত বা মোৰ ল’ৰাৰ নামত৷ দোকান কাৰ নামত? একেই উত্তৰ- স্বামীৰ নামত, ল’ৰাৰ নামত বা ভাইৰ নামত। ঘৰৰ বাবে গাড়ী কিনাই হওক বা স্কুটাৰ, কাৰ নামত? স্বামীৰ নামত, ল’ৰাৰ নামত বা ভাইৰ নামত। মহিলাসকল নামত কোনো ঘৰ নাছিল, গাড়ী নাছিল, একোৱেই নাছিল৷ আমি প্রথমবাৰলৈ সিদ্ধান্ত লৈছো যে সম্পত্তিৰ স্বত্তাধিকাৰ মাতৃ-ভগ্নীসকলৰ নামত হ’ব৷ সেইবাবেই আমি এইধৰণৰ গুৰুত্বপূর্ণ পদক্ষেপ লৈছো আৰু ইয়াত যেতিয়াই আইনী মালিকীস্বত্ত আহে, তেতিয়া তেওঁলোকৰ মনত যি শক্তি আহে, ইয়াকে সবলীকৰণ বুলি কোৱা হয়৷ এতিয়া যেতিয়া ঘৰতে আর্থিক সিদ্ধান্ত লোৱাৰ প্রশ্ন আহে, তেতিয়া মাতৃ-ভগ্নীসকলে ইয়াত অংশগ্রহণ কৰে৷ তেওঁলোকক অংশীদাৰিত্ব এতিয়া বহুত বাঢ়িছে। নহ’লে আগতে কি হৈছিল? ঘৰতে ল’ৰা আৰু পিতৃয়ে কিছু ব্যৱসায়-বাণিজ্য লৈ কথা পাতিছিল আৰু মা যদি ৰান্ধনীঘৰৰ পৰা আহি কোনো মতামত ৰাখে, তৎক্ষণাৎ তেওঁক কোৱা হৈছিল– যোৱা যোৱা, তুমি ৰান্ধনীশালত কাম কৰা৷ মই ল’ৰাৰ সৈতে কথা পাতিছো! অর্থাৎ, এই সমাজত কন্যাসকল একো নহয়, এনে স্থিতি আমি দেখিছো৷ আজি মাতৃ-ভগ্নীসকলে সবলীকৰণ হৈ কয়, নহয় এইটো ভুল কৰিছে৷ এনেদৰে কৰিলে লোকচান হ’ব। এইদৰে কৰক৷ এইদৰে কৰিলে লাভ হ’ব। বৰ্তমান তেওঁলোকৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে৷ মাতৃ-ভগ্নীসকল, কন্যাসকলে আগতে ইমানেই সক্ষম আছিল, কিন্তু আগতে তেওঁলোকৰ সপোনবোৰৰ সন্মুখত পুৰণি ভাৱনা আৰু অব্যৱস্থাৰ বান্ধোন আছিল। কন্যাসকলে কোনো কাম কৰিলে, চাকৰি কৰিলে, তেওঁলোকক বহুত সময় গর্ভৱতী হোৱাৰ কাৰণে চাকৰি এৰিবলগীয়া হৈছিল৷ যি সময় তেওঁলোকৰ জীৱনৰ আটাইতকৈ অধিক ছুটী আৰু বিশ্রামৰ প্রয়োজন, টকাৰো প্রয়োজন, সেই সময়তে তেওঁলোকে বাধ্য হৈ চাকৰি এৰিবলগায়া হৈছিল৷ তাৰফলত তেওঁলোকৰ মনত যি কষ্ট হয়, সেইটো তেওঁলোকৰ গর্ভৰ সন্তানৰ স্বাস্থ্যৰ ওপৰতো প্রভাৱ পেলাইছিল৷ কিমান কন্যাই যি ‘মহিলা অপৰাধ’ বা কর্মক্ষেত্রত যৌন শোষণৰ ভয়ত কাম এৰিবলগীয়া হৈছিল৷ আমি এই সকলো পৰিস্থিতি পৰিৱর্তনৰ বাবে বহু পদক্ষেপ লৈছো৷ আমি মাতৃত্বকালীন ছুটী ১২ সপ্তাহৰ পৰা বৃদ্ধি কৰি ২৬ সপ্তাহ কৰিছো৷ অর্থাৎ, ৫২ সপ্তাহে যিহেতু এবছৰ হয়, তাৰ আধা ২৬ সপ্তাহৰ ছুটি মঞ্জুৰ কৰিছো৷ আমি কর্মক্ষেত্রত মহিলাসকলক নিৰাপত্তা বৃদ্ধিৰ বাবে কঠোৰ আইন প্রণয়ন কৰিছো৷ আমাৰ দেশত আমাৰ চৰকাৰে ধর্ষণৰ বিৰুদ্ধে বহু কঠোৰ পদক্ষেপ লৈছো৷ ধর্ষণৰ দৰে জঘন্য অপৰাধৰ বাবে ফাঁচীৰ দৰে ব্যৱস্থাও কৰা হৈছে৷ এইদৰে কন্যা আৰু পুত্ৰ সমান বুলি ভাৱি চৰকাৰে কন্যাৰ বিয়াৰ বয়সো বৃদ্ধি কৰি ২১ বছৰ কৰাৰ পদক্ষেপ হৈছে। সংসদত আমি এই প্রস্তাৱ উত্থাপন কৰিছো৷ বৰ্তমান দেশৰ সেনাবাহিনীতো ছোৱালীৰ ডাঙৰ ভূমিকাক উৎসাহ যোগোৱা হৈছে, সৈনিক স্কুলসমূহত কন্যাৰ নাভর্তি কৰা আৰম্ভ হৈছে৷

মাতৃ-ভগ্নীসকল,

নাৰীশক্তি সবলীকৰণৰ এই যাত্ৰাক দ্রুতগতিতে আগুৱাই নিয়াটো আমাৰ সকলোৰে দায়িত্ব। আপোনালোক সকলোৰে ইমান ভালপোৱা মোৰ ওপৰত আছে, আপোনালোকে ইমান আশীর্বাদ দিছে, আপোনালোকৰ মাজতে মই লালন-পালন হৈছো৷ আপোনালোকৰ মাজৰ পৰাই মই আহিছো৷ সেইবাবে বৰ্তমান ইচ্ছা হয় আপোনালোকক কেইটামন অনুৰোধ জনাও, কেইটামান বিষয়ৰ সন্দৰ্ভত আপোনালোকক কও, আপোনালোকেও মোক সহায় কৰক৷ এতিয়া কি কৰিব লাগিব? আমি আপোনালোকক কেইটামান দায়িত্ব পালনৰ বাবে অনুৰোধ জনাম৷ মোৰ যি কেইজন মন্ত্রী ইয়ালৈ আহিছে, মোৰ কর্মকর্তাও আছে, তেওঁলোকে হয়তো কিবা কথা কৈছে, অথবা পাছত ক’ব৷ মোৰ কথা হ’ল অপুষ্টি লৈ৷ আমি য’তেই নাথাকো কিয়, আমি গৃহস্থ হওক বা সন্ন্যাসী হওক, কিন্তু ভাৰতৰ সন্তান-সন্ততিসকলে যদি অপুষ্টিত ভোগে মোৰ  মনত তাক লৈ যন্ত্রণা নিশ্চয় হয়। যন্ত্রণা হোৱা উচিৎ নে অনুচিৎ কওক? আমি বৈজ্ঞানিক পদ্ধতিৰে এই সমস্যাৰ সমাধান কৰিব নোৱাৰো নে? আমি সামান্য দায়িত্ব ল’ব নোৱাৰো নে? সেইবাবে মই কৈছো অপুষ্টিৰ বিৰুদ্ধে দেশত এক বৃহৎ অভিযান চলিছে। সেই অভিযানত আপোনালোকৰ ফালৰ পৰাও বৃহৎ সাহায্য বিচাৰিলো৷ আমি জানো যে ‘বেটি বচাও, বেটি পঢ়াও’ অভিযানক আগুৱাই নিয়াৰ ক্ষেত্রতে আপোনালোকে বৃহৎ ভূমিকা পালন কৰিছে। অধিক সংখ্যক কন্যাই নিয়মীয়াকৈ স্কুললৈ যায়, তেওঁলোকে যাতে পঢা-শুনা আধাতে এৰি নিদিয়ে তেওঁলোকে শিক্ষা সম্পূর্ণ কৰে, সেইবাবে আপোনালোকে একেৰাহে তেওঁলোকৰ সৈতে কথা কোৱা উচিৎ৷ স্কুল ছুটী ল’ৰা-ছোৱালীক মাতি আমি তেওঁলোকৰ সৈতে কথা পাতিব লাগিব৷ আপোনালোকে মঠ, মন্দিৰত য’তে তেওঁলোকৰ পায়, তেওঁলোকক প্রেৰণা যোগাব৷ এতিয়া চৰকাৰে আন এক অভিযান আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে, য’ত ছোৱালীবোৰৰ স্কুল প্রৱেশৰ উৎসৱ পালন কৰিব পৰা যায়৷ এই ক্ষেত্রতো আপোনালোকৰ সক্রিয় অংশীদাৰিত্বই যথেষ্ট সহায় কৰিব৷ এনে আন এটা বিষয় হ’ল– ‘ভোকেল ফৰ লোকেল’৷ আপোনালোকে হয়তো মোৰ মুখৰ পৰা বাৰে বাবে এই শব্দটো শুনিছে৷ আপোনালোকে মোক কওক মহাত্মা গান্ধী আমাৰ কি কৈ গৈছিল, কিন্তু আমি সকলোৱে পাহৰি গৈছো৷ বৰ্তমান বিশ্বৰ যি অৱস্থা আমি দেখিছো, আজি বিশ্বে সেই দেশ আগুৱাই যাব পাৰিব, যিসকলে নিজৰ ভৰিত থিয় দি আছে। যিসকলে বাহিৰৰ পৰা সামগ্ৰী কিনি আনি দিন কটায়, তেওঁলোকে একো কৰিব নোৱাৰে৷ সেইবাবে মোৰ এই ‘ভোকেল ফৰ লোকেল’ৰ আহ্বান। আমাৰ অর্থনীতিৰ সৈতে জড়িত আন এক গুৰুত্বপূর্ণ বিষয় এতিয়া হৈ পৰিছে। ইয়াৰ সৈতে নাৰী সবলীকৰণো অতি গভীৰ সম্পর্ক আছে। আমি যদি নিবিড়ভাৱে পর্যালোচনা কৰো, তেতিয়াহ’লে দেখিব যে অধিকাংশ স্থানীয় সামগ্ৰীৰ শক্তি মহিলাসকলৰ হাতত থাকে। সেইবাবে আপোনালোকে নিজৰ সম্বোধনত, নিজৰ সজাগতা অভিযানত মানুহক স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে নিশ্চিভাৱে উৎসাহিত কৰিব৷ মানুহে যাতে নিজৰ ঘৰতে স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰে৷ আপোনালোকৰ যিমান ভক্ত আছে, তেওঁলোকক কওক, ভাই, তোমাৰ ঘৰতে বিদেশী সামগ্ৰী কিমানবোৰ আছে আৰু ভাৰতত প্ৰস্তুত কৰা সামগ্ৰী কিমানবোৰ আছে? হিচাপ কৰি কোৱা৷ অলপ ভালদৰে চালে বুজিব পাৰি, আমাৰ প্রত্যেকৰে ঘৰতে বহু সৰু সৰু বিদেশী সামগ্ৰী সৌমাই গৈছে। আমাৰ দেশৰ জনতাই এইবোৰ বনাব নোৱাৰে নে, আমাৰ দেশত এইবোৰ উৎপাদন নহয়৷ যেনেকৈ বহুতৰ ঘৰতে বিদেশী ছাতি আছে। এই ছাতিতো আমাৰ দেশতো প্ৰস্তুত কৰা হয়। বহু শতিকা ধৰি আমাৰ দেশত ছাতি তৈয়াৰ হৈ আহিছে৷ বিদেশী ছাতি কিনাৰ প্রয়োজন কি? সম্ভৱতঃ এনেকুৱাও হ’ব পাৰে যে আমাৰ দেশত তৈয়াৰ কৰা ছাতি কিনিলে ২-৪টকা অধিক লাগিব, কিন্তু ইয়াৰ জৰিয়তে আমাৰ কিমান দুখীয়া লোকৰ উপাৰ্জন বাঢ়িব কওকচোন? সেইবাবে মই কও যে বাহিৰৰ পৰা অনা সামগ্ৰী কিনা চখ ত্যাগ কৰক৷ আপোনালোকে এনে জীৱন বাচনি কৰক, এনে সামগ্ৰী ব্যৱহাৰ কৰক, যিবোৰ দেশত প্ৰস্তুত কৰা আৰু যিবোৰ কিনিলে দেশৰ শ্রমিকসকল, হস্তশিল্পীসকল উপকৃত হয়৷ এইদৰে আপোনালোকে আপোনালোকৰ ভক্তসকলকো প্রেৰণা যোগাব পাৰে৷ সাধাৰণ জনতাক আপোনালোকে পথ দেখাব পাৰে৷ ইয়াৰ কাৰণ ভাৰতত প্ৰস্তুত হোৱা সামগ্ৰী, ভাৰতৰ মাটিৰে প্ৰস্তুত কৰা সামগ্ৰী, যিবোৰ ভাৰতৰ শিল্পীসকলৰ পৰিশ্রম আৰু ঘাম মিহলি থাকে, এনে সামগ্ৰীৰ স্বার্থত যেতিয়া মই ‘ভোকেল ফৰ লোকেল’ক কথা কও, তেতিয়া বহুতে ভাৱে, দীপাৱলীত মাটিৰ চাকি কিনিলে বুজো স্বদেশী সামগ্ৰী কিনা হৈ গ’ল। কেৱল দীপাৱলীৰ চাকি কিনিলে নহ’ব ভাই, ঘৰতে ব্যৱহাৰ কৰা প্রতিটো সামগ্ৰীৰ দিশত আপোনালোকে ভাৱক৷ কেৱল দীপাৱলীৰ চাকিৰ কথা নাভাৱে৷ সকলো ধৰণৰ দেশীয় সামগ্ৰী যদি আপোনালোকে ক্ৰয় কৰে, আমাৰ তাঁতি মাতৃ-ভগ্নীসকলেৰ প্ৰস্তুত কৰা, আমাৰ হস্তশিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰী এতিয়া ভাৰত চৰকাৰৰ জিইএম পোৰ্টেলো ন্যায্যমূল্য পাব৷ আপোনালোকে জিইএম পোৰ্টেল সম্পর্কে সকলোকে কওক৷ ভাৰত চৰকাৰে এনে এটা পোৰ্টেল প্ৰস্তুত কৰিলে, যাৰ সহায়ত যি কোনো লোকে দূৰ-দুৰণিৰ যি কোনো অঞ্চলৰ পৰা তেওঁৰ প্রয়োজনীয় সামগ্ৰী আনিব পাৰে বা নিজৰ উৎপাদিত সামগ্ৰী চৰকাৰক বিক্ৰী কৰিব পাৰে৷ এয়া এক বহুত ডাঙৰ কাম হৈছে৷ মোৰ অনুৰোধ, যেতিয়াই আপোনালোকে সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ মুখামুখি হ’ব, তেওঁলোকৰ সৈতে কথা পাতিব, তেতিয়া নাগৰিকসকলৰ কর্তব্যৰ ওপৰত জোৰ দিয়াৰ কথা নিশ্চিতভাৱে কোৱা উচিৎ৷ নাগৰিকৰ ধর্মৰ কথা তেওঁলোকক মনত পেলাই দিয়া উচিৎ। আপোনালোকেতো আনকি মানুহক তেওঁলোকৰ পিতৃধর্ম, মাতৃধর্ম সম্পর্কে ক’ব পাৰে৷ এইবাৰ দেশৰ বাবে প্রয়োজনীয় নাগৰিকৰ ধর্মৰ কথাও কওক৷ সংবিধানত নিহিত এই ভাৱনাক আমি সকলোৱে মিলি শক্তিশালী কৰিব লাগিব৷ এই ভাৱনাক শক্তিশালী কৰিয়েই আমি নতুন ভাৰত নির্মাণৰ লক্ষ্য অর্জন কৰিব পাৰিম৷ মোৰ দৃঢ় বিশ্বাস যে দেশবাসীক আধ্যাত্মিক আৰু সামাজিক ক্ষেত্রত নেতৃত্ব দিয়াৰ সময়ত আপোনালোকে প্রত্যেকজন লোকক ৰাষ্ট্র নির্মাণৰ এই যাত্ৰাৰ সৈতে যুক্ত কৰিব৷ আপোনালোকৰ আশীর্বাদ আৰু পথ প্রদর্শনৰ জৰিয়তে আমি নতুন ভাৰতৰ সপোনবোৰ দ্রুতগতিত বাস্তবায়িত কৰিব পাৰিব৷ আপোনালোকে দেখিছে, ভাৰতৰ এই সীমান্তৱর্তী গাঁৱৰ দৃশ্যই আপোনালোকৰ মনত কিমান আনন্দ দিছে। হয়তো আপোনালোকৰ মাজৰে বহুতে ‘শ্বেত ৰান’ ঘুৰি চাবলৈ গৈছে৷ কোনো কোনোৱে হয়তো আজি যাব৷ এই ৰানৰ এটা নিজা সৌন্দর্য আছে আৰু তাত বহুতৰ আধ্যাত্মিক অনুভৱো হয়। অলপ সময় খোজকাঢ়ি দূৰৈত গৈ বহক৷ এটা নতুন চেতনা অনুভৱ কৰিব৷ মোৰ এই অভিজ্ঞতা আছে। কাৰণ, এটা সময়ত মই তাত দীর্ঘদিন এইদৰে নিজৰ মনত শান্তি পাইছো৷ মই দীর্ঘ সময় ধৰি এই মাটিৰ সৈতেই জড়িত থকা এজন ব্যক্তি। আপোনালোকে যেতিয়া ইয়ালৈ আহিছে, তেতিয়া আপোনালোকে অৱশ্যে দেখিব যে তাত এটা বিশেষ অভিজ্ঞতা, বিশেষ অনুভৱ অৱশ্যে হয়। সেই অনুভৱৰ অভিজ্ঞতা আপোনালোকে লাভ কৰক৷ মই আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷ মোৰ একাংশ বন্ধু তাত আছে৷ আপোনালোকে তেওঁলোকৰ সৈতে ঘনিষ্ঠভাৱে কথা পাতক৷ সমাজৰ বাবেও আপোনালোক আগুৱাই আহক৷ স্বাধীনতা আন্দোলনত সন্ত পৰম্পৰাই বহুত ডাঙৰ ভূমিকা পালন কৰিছিল। স্বাধীনতাৰ ৭৫ বছৰ পাছতো দেশক আগুৱাই নিয়াৰ ক্ষেত্রত সন্ত পৰম্পৰাক আগুৱাই আহিবলৈ আহ্বান জনাইছো৷ নিজৰ দায়িত্বক আপোনালোকে সামাজিক দায়িত্ব হিচাপে পালন কৰক৷ আপোনালোকৰ প্রতি মোৰ এয়াই আশা। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Scan, withdraw, done: EPFO 3.0 plans instant PF access via ATMs and UPI

Media Coverage

Scan, withdraw, done: EPFO 3.0 plans instant PF access via ATMs and UPI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi meets representatives of Janjati Suraksha Manch
May 28, 2026

The Prime Minister, Shri Narendra Modi met representatives of Janjati Suraksha Manch in New Delhi today.

The Prime Minister appreciated their dedication towards the tribal society.

During the interaction, discussions were held on various issues related to the development and empowerment of tribal communities.

The Prime Minister wrote on X;

“नई दिल्ली में आज जनजाति सुरक्षा मंच के प्रतिनिधियों से मुलाकात का अवसर मिला। आदिवासी समाज के लिए इनका समर्पण भाव बहुत सराहनीय है। इस दौरान जनजातीय समुदायों के विकास और उनके सशक्तिकरण से जुड़े विभिन्न विषयों पर सार्थक चर्चा हुई।”