India is working to become a $5 trillion economy: PM Modi in Houston #HowdyModi
Be it the 9/11 or 26/11 attacks, the brainchild is is always found at the same place: PM #HowdyModi
With abrogation of Article 370, Jammu, Kashmir and Ladakh have got equal rights as rest of India: PM Modi #HowdyModi
Data is the new gold: PM Modi #HowdyModi
Answer to Howdy Modi is 'Everything is fine in India': PM #HowdyModi
We are challenging ourselves; we are changing ourselves: PM Modi in Houston #HowdyModi
We are aiming high; we are achieving higher: PM Modi #HowdyModi

কেনে আছে বন্ধুসকল?

মোৰ সন্মুখৰ যি দৃশ্য দেখিবলৈ পাইছো, এই পৰিৱেশ অকল্পনীয়৷ যেতিয়াই টেক্সাছৰ কথা চৰ্চা হয়, সকলো ডাঙৰ কৰি তোলা, বিশাল কৰি তোলা ইত্যাদিবোৰ টেক্সাছৰ স্বভাৱত আছে৷ আজি টেক্সাছৰ এই প্রাণশক্তি ইয়াতো প্ৰতিফলিত হৈছে। এই বিশাল জনসমুদ্রৰ উপস্থিতি কেৱল সংখ্যাৰে গণনা কৰিব পৰা নাযাব, আজি ইয়াত আমি এক নতুন ইতিহাস ৰচনা হোৱা দেখিছো৷ আৰু এক নতুন ৰসায়নো প্ৰত্যক্ষ কৰিছো৷

এনআৰজিৰ ‘এনার্জি’, ভাৰত আৰু আমেৰিকাৰ মাজত ক্ৰমৱর্ধমান ‘ছিনার্জীৰ সাক্ষী’স্বৰূপ৷ ৰাষ্ট্ৰপতি ট্রাম্প ইয়ালৈ অহা আৰু আমেৰিকাৰ মহান গণতন্ত্রৰ ৰিপাবলিকানেই হওক ডেম’ক্রেটেই হওক—বিভিন্ন দলৰ প্ৰতিনিধিসকলৰ উপস্থিতি, প্ৰত্যেকৰ মুখত ভাৰতৰ বাবে প্ৰশংসাসূচক বক্তব্য আৰু শুভেচ্ছা, ষ্টেনি এইচ হোৱে চিনেটৰ জন কর্নিন আৰু অন্যান্য মাননীয় ব্যক্তিসকলে ভাৰতৰ উন্নয়ন সম্পর্কে যি কথা কৈছে, যিদৰে প্ৰশংসা কৰিছে, সেয়া আমেৰিকাত বসবাসকৰা ভাৰতীয়সকলৰ সামর্থ্য আৰু তেওঁলোকৰ সাফল্যৰ সন্মানকে প্ৰতিফলিত কৰিছে৷ এয়া ১৩০ কোটি ভাৰতীয়ৰ বাবেও সন্মানৰ কথা৷

নির্বাচিত জনপ্ৰতিনিধিসকলক বাদ দিও বহু আমেৰিকান বন্ধু আজিৰ এই অনুষ্ঠানলৈ আহিছে৷ মই প্ৰতিগৰাকী ভাৰতীয়ৰ হৈ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো৷ এই অনুষ্ঠানৰ আয়োজকসকলকো অভিনন্দন জনাইছো৷ মোক জনাইছে যে ইয়াৰ বাবে আৰু বহু লোকৰ নাম পঞ্জীয়নভূক্ত কৰিছিল, কিন্তু স্থানৰ অভাৱত হাজাৰ হাজাৰ লোক ইয়ালৈ আহিব নোৱাৰিলে৷ যিসকল আহিব নোৱাৰিলে, মই ব্যক্তিগতভাবে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো৷
দুদিন পূৰ্বে হঠাৎ পৰিস্থিত সলনি হোৱাৰ পাছত অতি কম সময়ৰ ভিতৰত পৰিস্থিতি চম্ভালাৰ বাবে মই টেক্সাছ প্ৰশাসনৰ বহুত বহুক প্ৰশংসা কৰিছো৷ তেওঁলোকে সকলো ব্যৱস্থা সুচাৰুৰূপে সম্পন্ন কৰিছে৷ আজি যিদৰে ৰাষ্ট্ৰপতি ট্রাম্পে কৈছে, তাৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে হিউষ্টন শক্তিশালী৷

বন্ধুসকল,

এই অনুষ্ঠানৰ নাম ‘হাওডি মোদী’ .অৰ্থাৎ ‘মোদী কেনে আছে?’ কিন্তু, মোদী অকলে একো নহয়। মই ১৩০ কোটি ভাৰতীয়ৰ আদেশত কাম কৰি থকা একন সাধাৰণ মানুহ৷ সেইবাবেই যেতিয়া আপোনালোকে সোধে ‘মোদী কেনে আছে?’ তেতিয়া মোৰ মনত ভাৱ হয়, এই প্ৰশ্নৰ সঠিক উত্তৰ হ’ল ভাৰতত সকলো ভালেই আছে৷ চব খুব ভাল(বেংগলী), আন্তা বাগুন্দী (তেলেগু), এল্লাম ছৌক্কিয়াম (তামিল), এল্লাম ছাওখীয়াম (মালয়ালাম), ছব ছাংগা ছি (পাঞ্জাৱী), বাধা জা মাজামা চে(গুজৰাটী)৷

বন্ধুসকল, আমেৰিকাত বসবাস কৰা মোৰ বন্ধুসকলে হয়তো আচৰিত হৈছে যে মই কি কৈছো? ৰাষ্ট্ৰপতি ট্রাম্প আৰু মোৰ প্রিয় আমেৰিকান বন্ধুসকল, মই বিভিন্ন ভাষাত এইটোকে কৈছো যে সকলো ভালেই আছে৷ আমাৰ উদাৰ আৰু গণতান্ত্ৰিক সমাজে হয়তো ভালোদৰেই জানে যে বহু শতিকা ধৰি আমাৰ দেশৰ হাজাৰ হাজাৰ ভাষা আৰু হাজাৰ দোৱানৰ লোকসকলে সহ-অস্তিস্তৰ ভাৱনাৰে আগুৱাই গৈছিল৷ আৰু বৰ্তমানো কোটি কোটি মানুহে নিজৰ মাতৃভাষাতে কথা কয়৷ বন্ধুসকল, কেৱল ভাষাই নহয়, আমাৰ দেশত বিভিন্ন ধর্ম, অসংখ্য সম্প্ৰদায়, বিভিন্ন পূজা-পদ্ধতি, হাজাৰ হাজাৰ আঞ্চলিক খাদ্য, বিভিন্ন সাজ-পাৰ, বৈচিত্র্যময় পৰিৱেশ আৰু ঋতুয়ে আমাৰ দেশক অতুলনীয় কৰি তুলিছে৷ বৈচিত্র্যৰ মাজত ঐক্যই হ’ল আমাৰ ঐতিহ্য—এয়াই আমাৰ বৈশিষ্ট্য৷

ভাৰতবৰ্ষৰ এই বৈচিত্র্যই আমাৰ স্পন্দিত গণতন্ত্রৰ ভেঁটি। এয়াই আমাৰ শক্তি আৰু প্রেৰণা। আমি য’লৈকে যাও, বৈচিত্র্য আৰু গণতন্ত্রৰ চাৰিত্রিক বৈশিষ্ট্যক লৈ যাও৷ আজি এই ষ্টেডিয়ামত উপৱিষ্ট ৫০ হাজাৰতকৈও অধিক ভাৰতীয়ই এই মহান পৰম্পৰাৰ প্ৰতিনিধি স্বৰূপে ইয়াতো সমবেত হৈছে৷ আপোনালোকৰ মাজত এনে বহু আছে, যিসকলে গণতন্ত্রৰ আটাইতকৈ ডাঙৰ উৎসৱ ২০১৯ৰ সাধাৰণ নির্বাচনত সক্রিয়ভাবে অংশগ্ৰহণ কৰিছে৷

প্ৰকৃততে এইটো এনে নির্বাচন আছিল, যি সমগ্ৰ বিশ্বত ভাৰতীয় গণতন্ত্রৰ শক্তিৰ বিজয়ধ্বজা উৰুৱাইছে। এই নির্বাচনত ৬১ কোটিতকৈও অধিক ভোটদাতাই অংশগ্ৰহণ কৰে৷ আমেৰিকাৰ মুঠ জনসংখ্যাৰ প্রায় দুগুণ৷ তেওঁলোকৰ ভিতৰত ৮ কোটি তৰুণ-তৰুণী আছে, যিসকলে প্ৰথমবাৰ ভোটদান কৰিছে৷ ভাৰতৰ গণতন্ত্রৰ ইতিহাসত এইবাৰ সর্বাধিক মহিলা ভোটদাতাই ভোটদান কৰাৰ লগতে সর্বাধিক মহিলা জনপ্ৰতিনিধিও নির্বাচিত হৈ আহিছে৷

বন্ধুসকল, ২০১৯ৰ সাধাৰণ নির্বাচনে আৰু এটি নতুন ৰেকর্ড গঢ়িছে৷ ৬০ বছৰৰ পাছত সংখ্যাগৰিষ্ঠ ভোটত নির্বাচিত কোনো চৰকাৰে পাঁচ বছৰ সম্পূর্ণ কৰাৰ পাছত আকৌ আগৰ তুলনাত অধিক আসনত জয়ী হৈছে৷ এইবোৰ কিয় হৈছে? কাৰ বাবে হৈছে? এয়া মোদীৰ বাবে নহয়— এই সকলোবোৰ ভাৰতীয়সকলৰ ইচ্ছাতহে হৈছে৷

বন্ধুসকল, ভাৰতবাসীৰ অন্যতম চাৰিত্রিক বৈশিষ্ট্য হৈছে অপাৰ ধৈর্য্য শক্তি৷ কিন্তু একবিংশ শতিকাত দেশক নতুন উচ্চতালৈ নিয়াৰ বাবে আমি দেশৰ উন্নয়নৰ ক্ষেত্রত অতিকে অধৈৰ্য্য৷ আজি ভাৰতত সর্বাধিক চর্চিত শব্দ হল-উন্নয়ন। বৰ্তমান ভাৰতৰ মন্ত্ৰ হ’ল – ‘সবকা সাথ, সবকা বিকাশ’। বৰ্তমান ভাৰতৰ আটাইতকৈ ডাঙৰ নীতি হ’ল-গণঅংশীদাৰিত্ব। আজি ভাৰতত সর্বাধিক উচ্চাৰিত ধ্বনি হ’ল – সংকল্প ছে সিদ্ধি আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ সংকল্প হ’ল – নতুন ভাৰত৷

ভাৰতে আজি নতুন ভাৰতৰ সপোনা বাস্তবায়িত কৰাৰ বাবে ৰাতি-দিনে পৰিশ্ৰম কৰিছে। ইয়াৰ ভিতৰত আটাইটকৈ ডাঙৰ কথাটো হ’ল আমি আনৰ সৈতে নহয়, নিজৰ মাজতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছো৷ আমি নিজৰ সন্মুখতে প্ৰত্যাহ্বান তুলি ধৰিছো, নিজক সলনি কৰিছো৷

বন্ধুসকল, বৰ্তমান ভাৰত পূৰ্বৰ তুলনাত দ্রুতগতিত আগুৱাই যাব বিচায়। আজি ভাৰতে একাংশ লোকৰ এনে ভাৱনাক প্ৰত্যাহ্বান জনাইছে, যিসকলে ভাবিছিল যে ভাৰতত কোনো পৰিৱর্তন হোলাটো অসম্ভৱ৷

বিগত পাঁচ বছৰত ১৩০ কোটি ভাৰতীয় একেলগ হৈ প্ৰতিটো ক্ষেত্রত এনে সুফল পাইছে, যি পূৰ্বতে কোনেও কল্পনাও কৰিব পৰা নাছিল৷ আমি উচ্চ লক্ষ্য স্থিৰ কৰিছো, উচ্চতম লক্ষ্যত উপনীত হৈছো৷

ভাই-ভনীসকল,

বিগত সাত দশকত দেশত গ্রামীণ শৌচালয় ৩৮% শতাংশ আছিল৷ পাঁচ বছৰত আমি ১১ কোটিতকৈও অধিক শৌচালয় নির্মাণ কৰিছো৷ আজি ৯৯% শতাংশ গ্রামীণ শৌচালয় নিৰ্মাণ কৰা হৈছে৷ দেশত ৫৫ শতাংশ লোকৰ ঘৰত ৰন্ধন গেছৰ সংযোগ আছিল, পাঁচ বছৰৰ ভিতৰত আমি সেয়া ৯৫ শতাংশলা বৃদ্ধি কৰিছো৷ মাত্ৰ পাঁচ বছৰত ১৫ কোটিতকৈও অধিক লোকক ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে৷ ভাৰতত গ্রামীণ পথ যোগাযোগ আছিল ৫৫ শতাংশ৷ বিগত পাঁচ বছৰত সেয়া আমি ৯৭ শতাংশ লৈ বদ্ধি কৰিছো৷ মাত্ৰ পাঁচ বছৰত আমি দেশৰ গ্রামাঞ্চলত ২ লাখ কিলোমিটাৰতকৈ অধিক পথ নির্মাণ কৰিছো৷ পাঁচ বছৰ পূৰ্বে দেশত ৫০ শতাংশতকৈও কম লোকৰ বেংক একাউণ্ট আছিল। আমি পাঁচ বছৰত প্রায় ১০০ শতাংশ পৰিয়ালক বেংকিং ব্যৱস্থাৰ সৈতে জড়িত কৰিছো৷ পাঁচ বছৰত আমি ৩৭ কোটিতকৈও অধিক লোকৰ নতুন বেংক একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছো৷

বন্ধুসকল, বৰ্তমান জনসাধাৰণে মৌলিক প্ৰয়োজনীয়তাক লৈ কমকৈ ভাৱিবলগীয়া হোৱাৰ বাবে তেওঁলোকে ডাঙৰ ডাঙৰ সপোন দেখিব পাৰিছে৷ সেইবোৰ সপোন বাস্তবায়িত কৰাৰ বাবে তেওঁলোকে সকলো শক্তি প্ৰয়োগ কৰিছে।

বন্ধুসকল, আমি ব্যৱসায় কৰা সহজ কৰি তোলাত যিমান গুৰুত্ব দিও, ‘সহজ জীৱন যাপনকো সিমানেই গুৰুত্ব দিও৷ ইয়াৰ মাধ্যম হ’ল সবলীকৰণ৷ যেতিয়া দেশত সাধাৰণ জনতা সবল হ’ব, তেতিয়াই দেশৰ সামাজিক আৰু অর্থনৈতিক উন্নয়ন দ্রুতগতিত সম্ভৱ হ’ব৷

মই আজি আপোনালোকক উদাহৰণ দিছো৷ বন্ধুসকল, আজি-কালি কোৱা হয় যে ডেটাই হ’ল নতুন ইন্ধন৷ আপোনালোক হিউষ্টনৰ বাসিন্দা৷ আপোনালোকে এই ইন্ধন সম্পর্কে ভালদৰে জানে৷ মই ইয়াৰ লগতে এটি নতুন কথা যোগ কৰিছো–ডেটাই হ’ল নতুন সোণ৷ বৰ্তমান সমগ্ৰ বিশ্বতে…অলপ ভালকৈ মন দি শুনক৷ বৰ্তমান সমগ্ৰ বিশ্বত আটাইতকৈ কম দামত যিখন দেশত ‘ডেটা’ পোৱা যায় সেইখন দেশৰ নাম হ’ল ভাৰত৷ আজি ভাৰতত ১ জিবি ডেটাৰ মূল্য হ’ল মাত্ৰ ২৫–৩০ছেন্ট বা ১ ডলাৰৰ এক-চতুর্থাংশ। অথচ সমগ্ৰ বিশ্বত ১জিবি ডেটাৰ গড় মূল্য ইয়াতকৈ ২৫–৩৯ গুণ অধিক৷
এই কম মূল্যৰ ডেটাই ভাৰতত ডিজিটেল ইণ্ডিয়াৰ এক নতুন পৰিচয় দাখি ধৰিছে। এই ডেটা ভাৰতত প্ৰশাসনক পুনৰ সংজ্ঞায়িত কৰিছে৷ আজি ভাৰতত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ প্রায় ১০ হাজাৰ সেৱা অনলাইনৰ মাধ্যমে ব্যৱহাৰ কৰা হয়৷

বন্ধুসকল, এটা সময় আছিল, যেতিয়া পাচপোর্ট বনাবলৈ দুই-তিনি মাহ লাগিছিল৷ এতিয়া এক সপ্তাহতকৈও কম সময়ত পাছপোর্ট ঘৰত আহি পায়৷ আগতে ভিছা পাবলৈ কিমান সমস্যা হৈছিল সেয়া আপোনালোকে ভালোদৰেই জানে। কিন্তু আজি আমেৰিকাই হ’ল ভাৰতত ই-ভিছাৰ সৰ্বাধিক ব্যৱহাৰকাৰীসকলৰ অন্যতম।

বন্ধুসকল, এটা সময় আছিল, যেতিয়া নতুন কোম্পানীৰ পঞ্জীয়ন কৰিবলৈ দুই–তিনি সপ্তাহ লাগিছিল৷ এতিয়া ২৪ ঘণ্টাৰ ভিতৰতে পঞ্জীয়ন হয়।

এটা সময় আছিল যে কৰ প্ৰদান কৰিবলৈ মুৰ বেয়া হৈ যায় আৰু প্ৰদত্ত কৰ বাবদ ৰিটাৰ্ণ পাবলৈ কেইবা মাহ লাগি গৈছিল৷ এই ক্ষেত্রত এতিয়া কেনে পৰিৱর্তন আহিছে, সেয়া শুনিলে আপোনালোক আচৰিত হ’ব৷ এই বছৰ ৩১ আগষ্টত এদিনতে প্রায় ৫০ লাখ লোকে অনলাইনযোগে কৰ প্ৰদান কৰিছে৷ মই এদিনৰ কথাই কৈছো৷ অর্থাৎ, মাত্ৰ এদিনতে হিউষ্টনৰ জনসংখ্যাৰ দুগুণতকৈও অধিক লোকে কৰ প্ৰদান কৰিছে৷ এতিয়া প্ৰদত্ত কৰ বাবদ ৰিটাৰ্ণযোগ্য ধন ৭–১০ দিনৰ ভিতৰতে পোনপটীয়াকৈ বেংক একাউণ্টত সোমায়৷

ভাই-ভনীসকল, যিকোনো দ্রুত উন্নয়নশীল দেশত সাধাৰণ নাগৰিকৰ বাবে বিভিন্ন সামাজিক প্ৰকল্প থকাৰ প্ৰয়োজন আছে। দৰিদ্ৰ জনগণৰ বাবে বিভিন্ন ‘কল্যানমূলক আঁচনি’ আৰম্ভ কৰাৰ লগতে নতুন ভাৰত নির্মাণৰ বাবে কেতবোৰ কিছু বিষয় ‘বিদায়’ দিয়া হৈছে৷ আমি ‘ৱেলফেয়াৰ’ক যিমান গুৰুত্ব দিছো, ‘ফেয়াৰৱেল’কো সিমানেই গুৰুত্ব দিছো৷
অহা ২ অক্টোবৰত যেতিয়া আমি মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিম, তাৰ লগতে ভাৰতক মুকলি স্থানত মলত্যাগকো ‘বিদায়’ জনাম। বিগত পাঁচ বছৰত ভাৰতে ১৫০০তকৈও অধিক পুৰণি আইনক ‘বিদায়’ জনাইছে। দেশত কেইবা ডজন কৰৰ জাল আছিল, সেইবোৰে দেশত বাণিজ্যঅনুকূল পৰিৱেশ গঢ়ি তোলাত প্ৰতিবন্ধক হৈছিল। আমাৰ চৰকাৰে এই কৰৰ জালকো ‘বিদায়’ দি জিএছটি ৰূপায়ণ কৰিছে৷

বহু বছৰৰ পাছত দেশত ‘এক দেশ, এক কৰ’ ব্যৱস্থাৰ সপোন বাস্তবায়িত হৈছে। বন্ধুসকল, আমি দুর্নীতিকো প্ৰত্যাহ্বান জনাইছো৷ দুর্নীতিক প্ৰতিটো স্তৰত ‘বিদায়’ জনোৱাৰ বাবে এটাৰ পাছত এটা পদক্ষেপ হাতত লৈছো৷ বিগত দুই-তিন বছৰত ভাৰতত চাৰে তিনি লাখ ভুৱা কোম্পানীক ‘বিদায়’ দিয়া হৈছে৷ সেইদৰে, সমগ্ৰ দেশত চৰকাৰী সেৱা গ্ৰহণকাৰী ৮ কোটিৰো অধিক ভুৱা নামক বিদায় দিয়া হৈছে৷ এইবোৰৰ নাম কেৱল কাগজত আছিল আৰু এইবোৰৰ নামত কোটি কোটি টকাৰ সেৱা আবণ্টন হ’লহেতেন৷

বন্ধুসকল, আপোনালোকে জানি আচৰিত হ’ব, এই ভুৱা নামবোৰক বিদায় দিয়াৰ ফলত দেশৰ প্রায় ডেৰ লাখ কোটি টকা অর্থাৎ প্রায় ২০ বিলিয়ন ইউএছ ডলাৰ ৰাহি হৈছে৷ আমি দেশত একটি স্বচ্ছ বাস্তু ব্যৱস্থা গঢ়ি তুলিছো, যাতে উন্নয়নৰ দ্বাৰা প্ৰত্যেক ভাৰতীয়ই লাভবান হয়৷ দেশৰ কোনো ভাই-ভনী উন্নয়নৰ পৰা বঞ্চিত হৈ থাকিব–সেয়া আমি মানি ল’ব নোৱাৰো৷

৭০ বছৰ ধৰি দেশৰ সন্মুখত আন এটি ডাঙৰ সমস্যা আছিল, যাক আমি শেহতীয়াকৈ বিদায় দিছো৷ আপোনালোকে নিশ্চয় বুজিছে, সেয়া হ’ল সংবিধানৰ ৩৭০ ধাৰা। ইয়াৰ ফলত, জম্মু, কাশ্মীৰ আৰু লাডাখৰ জনগণ উন্নয়ন মূল সুঁতিৰ পৰা,, সমান অধিকাৰৰ পৰা বঞ্চিত আছিল৷ ইয়াৰ ফলত সন্ত্রাসবাদ আৰু বিচ্ছিন্নতাবাদক উৎসাহ যোগোৱাসকলে নিজৰ শক্তি বৃদ্ধি কৰিছিল৷

এতিয়া ভাৰতৰ সংবিধানে দেশৰ সকলো নাগৰিকক যি অধিকাৰ প্ৰদান কৰিছে, জম্মু, কাশ্মীৰ আৰু লাডাখৰ জনতাইও সেইবোৰ অধিকাৰ লাভ কৰিব৷ তাৰ মহিলা, শিশু আৰু দলিতসকলে বিভিন্ন বৈষম্যৰ পৰা মুক্ত হৈছে৷

বন্ধুসকল, আমাৰ সংসদত উচ্চ আৰু নিম্ন সদনত ঘণ্টাৰ পাছত ঘণ্টা আলোচনা হৈছে৷ সেই আলোচনা সমগ্ৰ পৃথিৱীৰ লোকসকলে পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰিছে৷ এতিয়াও আমাৰ ৰাজ্যসভাত আমাৰ দলৰ সংখ্যাগৰিষ্ঠতা নাই। তৎসত্ত্বেও লোকসভা আৰু ৰাজ্যসভাত ৩৭০ ধাৰা বিলোপ সংক্রান্ত সংশ্লিষ্ট সিদ্ধান্ত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে গৃহীত হৈছে৷ মই আপোনালোক সকলোকে অনুৰোধ জনাও যে ভাৰতৰ সকলো সাংসদৰ বাবে থিয় হৈ সন্মান জনাওক৷ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷

ভাৰতে নিজৰ দেশত যি কৰিছে, তাক লৈ কিছুমান মানুহৰ সমস্যা হৈছে, যিসকলে নিজৰ দেশকো ঠিকমতে চম্ভালিব পৰা নাই। তেওঁলোকে ভাৰতৰ প্ৰতি ঘৃণাকেই নিজৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু কৰি লৈছে৷ তেওঁলোক এনে মানুহ, যিসকলে অশান্তি বিচাৰে, সন্ত্রাসক সমর্থন কৰে, সন্ত্রাসক লালন-পালন কৰে। এতিয়া সমগ্ৰ পৃথিৱীয়ে তেওঁলোকক খুব ভালকৈ জানে। আমেৰিকাত ৯/১১ হওক অথবা মুম্বাইত ২৬/১১ৰ ষড়যন্ত্ৰকাৰীসকল ক’ত আছে৷?

বন্ধুসকল, এতিয়া সময় আহিছে, সন্ত্রাসবাদৰ বিৰুদ্ধে আৰু সন্ত্রাসবাদক উৎসাহ যোগানকাৰীসকলৰ বিৰুদ্ধে ফলপ্ৰসূ যুঁজ দিব লাগিব৷ মই এতিয়া সজোৰে ক’ব বিচাৰো যে এই যুঁজত ৰাষ্ট্ৰপতি ট্রাম্পে পূর্ণ শক্তিৰে সন্ত্রাসৰ বিৰুদ্ধে থিয় হৈছে৷ এবাৰ সন্ত্রাসৰ বিৰুদ্ধে যুঁজ দিয়া ৰাষ্ট্ৰপতি ট্রাম্পৰ এই মনোবলকো আমি সকলোৱে মিলি থিয় হৈ সন্মান জনাম৷ ধন্যবাদ, ধন্যবাদ বন্ধুসকল৷

ভাই-ভনীসকল, ভাৰতত এতিয়া বহুত কিবা-কিবি হৈছে, বহুখিনি সলনি হৈছে আৰু বহুত কৰাৰ ইচ্ছা লৈ আমি আগুৱাই গৈছো৷ নতুন প্ৰত্যাহ্বান লৈ সেইবোৰ বাস্তবায়িত কৰা সংকল্পৰে আমি কাম কৰিছো৷ দেশৰ এই ভাৱনা লৈ কিছুদিন পূৰ্বে মই এটি কবিতা লিখিছো তাৰ দুটি পংক্তি শুনাইছো৷ হাতত বেছি সময় নাই, সেয়ে সম্পূৰ্ণ নকৰো–

‘যত সমস্যাৰ পাহাড় আছে,

সেইবোৰেই মোৰ মনোবলৰ মীনাৰ’৷

বন্ধুসকল, আজি ভাৰতে কোনো প্ৰত্যাহ্বান মোকাবিলা নকৰাকৈ এৰি দিয়া নাই৷ ভাৰতে আজি সামান্য ক্ৰমবর্ধমান পৰিৱর্তনত বিশ্বাস নকৰে৷ যিকোনো সমস্যাৰ পূর্ণ সমাধান বিচাৰে৷ সেই বাবে অসম্ভৱ বু ভৱা বহুত কাম ভাৰতে সম্ভৱ কৰি দেখুৱাইছে৷

বন্ধুসকল, আজি ভাৰত ৫ ট্রিলিয়ন ডলাৰ অর্থনীতিৰ দেশ হোৱাৰ বাবে কঁকালত টঙালি বান্ধিছে৷ আমি আন্তঃগাঁথনি, বিনিয়োগ আৰু ৰপ্তানি বৃদ্ধিক অগ্রাধিকাৰ দিছো৷ আমি জনকেন্দ্ৰিক, উন্নয়নকেন্দ্ৰিক তথা বিনিয়োগকেন্দ্ৰিক পৰিবেশ গঢ়ি তোলাৰ পথত অগ্ৰসৰ হৈছো৷ আমি আন্তঃগাথনি উন্নয়নৰ বাবে প্রায় ১.৩ ট্রিলিয়ন ডলাৰ ব্যয় ধাৰ্য কৰিছো৷

বন্ধুসকল, বিগত পাঁচ বছৰত সমগ্ৰ বিশ্বত যিমান অর্থনৈতিক অনিশ্চয়তাই নাথাকক কিয়, ভাৰতৰ উন্নয়নৰ হাৰ ৭.৫ শতাংশ বৰ্তী আছে৷ লক্ষ্য কৰিব ভাৰতৰ পূর্বৰ কোনো চৰকাৰৰ সম্পূর্ণ শাসনকালৰ গড় উন্নয়ন হাৰ ইমান অগ্ৰসৰ হোৱা নাছিল৷ এই প্ৰথম একেলগে কম মুদ্রাস্ফীতি, কম ৰাজহ ঘাটি আৰু অধিক উন্নয়ন সুনিশ্চিত কৰা হৈছে৷

আজি বিশ্বৰ শ্রেষ্ঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ভাৰত৷ ২০১৪–১৯ৰ ভিতৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ প্রায় দুগুণ বৃদ্ধি পাইছে৷ বৰ্তমান, আমি একক ব্ৰেণ্ডৰ খুচুৰা সামগ্ৰীৰ ক্ষেত্রত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নিয়ম-কানুন সৰল কৰিছো৷

কয়লা উৎপাদন আৰু কণ্টেক্ট মেনুফেকচাৰিঙৰ ক্ষেত্রত বৰ্তমান প্ৰত্যক্ষ বিদেশী বিনিয়োগ ১০০ শতাংশ কৰা হৈছে৷ কালি মই হিউষ্টনৰ এনআৰজি ছেণ্টাৰত চিইঅ’সকলৰ সৈতে মিলিত হৈছো৷ তেওঁলোক প্ৰত্যেকেই ভাৰতত কর্পোৰেট কৰ বহুত কম কৰাৰ সিদ্ধান্তক লৈ উৎসাহিত হৈছে৷ তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি বুজিব পাৰিছো যে এই সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নেতৃত্বৰ বাবে ইতিবাচক বার্তা আনিছে। এই সিদ্ধান্তই ভাৰতক আৰু অধিক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগী কৰি তুলিব৷

বন্ধুসকল,

ভাৰতীয়সকলৰ বাবে আমেৰিকা, আমেৰিকাত আৰু আমেৰিকানসকলৰ বাবে ভাৰত এতিয়া আগুৱাই যোৱাৰ অপাৰ সম্ভাৱনাই দেখা দিছে৷ ৫ ট্রিলিয়ন ডলাৰ অর্থনীতিৰ বাবে নতুন ভাৰতৰ অভিযান আৰু ৰাষ্ট্ৰপতি ট্রাম্পৰ নেতৃত্বত আমেৰিকাৰ মজবুত অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাই বিশেষ সূযোগ প্ৰদান কৰিব৷

ৰাষ্ট্ৰপতি ট্রাম্পে ভাষণ প্ৰসংগত যি অর্থনৈতিক আশ্চর্যসমূহৰ কথা কৈছে, সেইবোৰে সোণত সুৱগা চৰাব৷ অহা ২-৩ দিনৰ ভিতৰত ৰাষ্ট্ৰপতি ট্রাম্পৰ সৈতে মোৰ নিবিড় আলোচনা হ’ব৷ মই আশা কৰো তাৰ পৰাও কেতবোৰ ইতিবাচক ফল পাম৷ আনকি ৰাষ্ট্ৰপতি ট্রাম্পে মোক ‘টাফ নেগ’ছিয়েটৰ’ বুলি আখ্যা দিছে৷ কিন্তু তেওঁ নিজেই দৰ প্ৰত্যক্ষভাৱে উদ্যোগৰ পর্যায়ত উপনীত কৰিব পাৰে আৰু মই তেওঁৰ পৰা বহুত কথা শিকিছো৷

বন্ধুসকল,

এক উন্নত ভৱিষ্যতৰ বাবে আমাৰ এই অগ্ৰগতি বৰ্তমান আৰু অধিক ত্বৰান্বিত হ’ব৷ আপোনালোকৰ দৰে বন্ধুসকলে ইয়াৰ গুৰুত্বপূর্ণ চালিকাশক্তি হৈ উঠিছে৷ আপোনালোকে নিজৰ জন্মভূমিৰ পৰা ইমান দূৰৈত আছে, কিন্তু দেশৰ চৰকাৰ আপোনালোকৰ দূৰৈত নাই৷

বিগত পাঁচ বছৰত আমি প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় বংশোদ্ভৱসকলৰ সৈতে বার্তালাপৰ অর্থ আৰু পদ্ধতি সলনি কৰিছো৷ এতিয়া বিদেশত ভাৰতীয় দূতাবাসসমূহ কেৱল চৰকাৰী বিভাহ নহয়, সেইবোৰে সংশ্লিষ্ট দেশত বসবাসকৰা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় বংশোদ্ভৱসকলৰ নিকটতম বন্ধুৰ ভূমিকা পালন কৰিছে। বিদেশত কর্মৰত বন্ধুসকলৰ বাবে তেওঁলোকৰ স্বার্থ সুৰক্ষাত নিয়মিত কাম কৰি আহিছে। ‘সহায়’, ‘ই-মাইগ্রেট’, বিদেশ যোৱাৰ পূৰ্বে ‘প্রি-ডিপার্চাৰ’ প্ৰশিক্ষণ, প্ৰবাসী ভাৰতীয়ৰ বাবে বীমা প্ৰকল্পৰ সংস্কাৰ, সকলো পিআইঅ’ কার্ডক অ’চিআই কার্ডৰ সুবিধা প্ৰদান, বিদেশত বসবাস কৰি থকা ভাৰতীয় আৰু বিদেশলৈ যোৱা দেশবাসীৰ বাবে অতি সহায়ক হৈ উঠিছে। আমাৰ চৰকাৰে ভাৰতীয় সমূদায় কল্যান পূঁজি’ শক্তিশালী কৰিছে। বিদেশৰ বহুত নতুন চহৰত প্ৰবাসী ভাৰতীয় সহাক কেন্দ্ৰ খোলা হৈছে৷
ভাই-ভনীসকল, আজি এই মঞ্চৰ পৰা যি বার্তা বাহিৰ হৈছে, সেয়া একবিংশ শতিকাত বহুত নতুন পৰিভাষা আৰু নতুন সম্ভাৱনাৰ জন্ম দিব৷ আমাৰ সম-গণতান্ত্রিক মূল্যবোধৰ শক্তি আছে৷ উভয় দেশত নৱনির্মাণৰ সংকল্প আছে, যি আমাৰ দুয়োকে অৱশ্যেই এক উজ্জ্বল ভৱিষ্যতৰ দিশত আগুৱাই লৈ যাব৷

মাননীয় ৰাষ্ট্ৰপতি, মই বিচাৰো যে আপুনি সপৰিয়ালে ভাৰতলৈ আহক আৰু আমাক আদৰণী জনোৱাৰ সুযোগ দিয়ক৷ আমাৰ দুয়োজনৰ এই বন্ধুত্ব ভাৰত আৰু আমেৰিকাৰ যৌথ সপোন আৰু উজ্জ্বল ভৱিষ্যতক নতুন শিখৰত উপনীত কৰিব৷ মই ৰাষ্ট্ৰপতি ট্রাম্প, ইয়াত উপস্থিত থকা সকলো আমেৰিকান ৰাজনীতিবিদ, সামাজিক আৰু বাণিজ্যিক জগতৰ সকলো নামী-দামী নেতাক ইয়ালৈ অহাৰ বাবে পুনৰবাৰ বহুত বহুত আন্তৰিক কৃতজ্ঞতা জনাইছো। টেক্সাছৰ চৰকাৰ তথা ইয়াৰ স্থানীয় প্ৰশাসনকো বহুত বহুত ধন্যবাদ জনাইছো৷

ধন্যবাদ হিউষ্টন, ধন্যবাদ আমেৰিকা,

আপোনালোক সকলোকে ঈশ্বৰে মংগল কৰক৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From Vajpayee to Modi: India’s growing influence at the G-7 Summit

Media Coverage

From Vajpayee to Modi: India’s growing influence at the G-7 Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"