Every Indian is proud of our armed forces and brave soldiers, says PM Modi #MannKiBaat
Blue helmet-wearing Indian soldiers have been contributing to world peace since decades: PM Modi #MannKiBaat
Every Indian, irrespective of what his region, caste, religion or language; is always ready to support our soldiers and express joy towards their success: PM #MannKiBaat
India can say with pride that the army derives its strength not only from men but also from women. Today, the Women are empowered, and also armed: PM Modi #MannKiBaat
The Indian Air Force is at the forefront of relief and rescue work during times of disasters, says PM Modi #MannKiBaat
India to celebrate Mahatma Gandhi's 150th birth anniversary for two years: PM Modi #MannKiBaat
Bapu gave an inspirational mantra to all of us which is known as Gandhi Ji’s Talisman. This Mantra is extremely relevant today: PM during #MannKiBaat
The strong personality of Pt. Lal Bahadur Shastri is identified with his slogan of 'Jai Jawan, Jai Kisan': PM Modi #MannKiBaat
Shastri ji’s gentle persona will always continue to fill us with immense pride, says PM Modi #MannKiBaat
#MannKiBaat PM Modi congratulates the people of India on the success of the 'Swachhata Hi Seva' movement
Come and let's 'Run for Unity' on 31st October, so that citizens from every class of society could join together and strengthen our efforts for a united India, says PM Modi #MannKiBaat
#MannKiBaat Sardar Patel always worked for the unity of the country throughout his lifetime, says PM Modi
NHRC, which is set to celebrate its 25th anniversary, has promoted Indian Vedic Values of Sarve Bhavantu Sukhinah: PM Modi #MannKiBaat

মোৰ মৰমৰ দেশবাসী সকল, নমস্কাৰ৷ বোধহয় এনেকুৱা ভাৰতীয় কমেই ওলাব যি আমাৰ সৈন্যবাহিনীক লৈ গৌৰৱ নকৰিব৷ প্ৰত্যেক ভাৰতীয়ই যিকোনো জাতি, ধৰ্ম, পন্থ অথবা ভাষা নিৰ্বিশেষে- আমাৰ সৈনিকসমূহৰ প্ৰতি নিজৰ সন্তোষ অভিব্যক্ত আৰু সমৰ্থন প্ৰদৰ্শনৰ বাবে সদায়েই তৎপৰ হৈ থাকে৷ কালি ভাৰতৰ এশ পঁচিশ কোটি দেশবাসীয়ে পৰাক্ৰম দিৱস উদযাপন কৰিলে৷ আমি ২০১৬ বৰ্ষত হোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা স্মৰণ কৰিলো৷ সন্ত্ৰাসবাদীসকলে আমাৰ দেশত সূচনা কৰা প্ৰক্সি যুদ্ধৰ প্ৰত্যুত্তৰ আমাৰ সৈন্যই দিছিল৷ দেশৰ বিভিন্ন প্ৰান্তত আমাৰ সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শনী অনুষ্ঠিত কৰিলে যাতে দেশৰ অধিকতম নাগৰিকে বিশেষকৈ তৰুণ প্ৰজন্মই আমাৰ শক্তিৰ বিষয়ে জানিব পাৰে৷ আমি কিমান সক্ষম আৰু কিদৰে আমাৰ প্ৰাণ সংকটত পেলাই আমি দেশবাসীৰ ৰক্ষা কৰোঁ৷ পৰাক্ৰম পৰ্বৰ দৰে দিৱসে তৰুণ প্ৰজন্মক আমাৰ সশস্ত্ৰ বাহিনীৰ গৌৰৱপূৰ্ণ ঐতিহ্য সোঁৱৰণ কৰায়৷ আৰু দেশৰ একতা আৰু অখণ্ডতা সুনিশ্চিত কৰাৰ বাবে আমাক প্ৰেৰণাও প্ৰদান কৰে৷ মইও বীৰৰ ভূমি ৰাজস্থানৰ যোধপুৰৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলো৷ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমাৰ সৈন্যই সেই সকলোকে প্ৰত্যুত্তৰ দিব যিসকলে আমাৰ ৰাষ্ট্ৰৰ শান্তি আৰু উন্নতিৰ পৰিৱেশ নষ্ট কৰাৰ প্ৰয়াস কৰিব৷ আমি শান্তিত বিশ্বাসী আৰু ইয়াক উৎসাহ প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ কিন্তু সন্মানৰ সৈতে মধ্যস্থতা কৰি আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ওপৰত কেতিয়াও নহয়৷ ভাৰত সদায়েই শান্তিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আৰু সমৰ্পিত৷ বিংশ শতাব্দীত দুখনকৈ বিশ্বযুদ্ধত আমাৰ এক লাখতকৈও অধিক সৈন্যই শান্তিৰ প্ৰতি সৰ্বোচ্চ বলিদান দিছিল আৰু তেতিয়া, যেতিয়া আমাৰ যুদ্ধৰ সৈতে একো সম্পৰ্কই নাছিল৷ আমাৰ দৃষ্টি কাৰো ভূমিৰ ওপৰত নাছিল৷ এয়াই আমাৰ শান্তিৰ প্ৰতি প্ৰতিশ্ৰুতি আছিল৷ কিছুদিন পূৰ্বে ২৩ ছেপ্টেম্বৰত আমি ইজৰাইলত হাইফা যুদ্ধৰ এশ বৰ্ষ সমাপ্তিত মহীশূৰ, হায়দৰাবাদ আৰু যোধপুৰ লেঞ্চাৰৰ আমাৰ বীৰ সৈনিকসকলক সোঁৱৰণ কৰিলো যিসকলে আক্ৰমণকাৰীসকলৰ পৰা হাইফাক মুক্তি প্ৰদান কৰিছিল৷ এয়াও শান্তিৰ দিশৰ আমাৰ সৈনিকৰ দ্বাৰা সমাপন হোৱা এক পৰাক্ৰম আছিল৷ আজিও ৰাষ্ট্ৰসংঘৰ বিভিন্ন শান্তি প্ৰক্ৰিয়া বাহিনীত ভাৰতে সকলোতকৈ অধিক সৈন্য প্ৰেৰণ কৰে৷ দশকজুৰি আমাৰ বাহাদুৰ সৈন্যই নীলা হেলমেট পিন্ধি বিশ্বত শান্তি বৰ্তাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

মোৰ মৰমৰ দেশবাসীসকল, আকাশৰ কথা শুনিবলৈ শুৱলা, ইয়াত কোনো সন্দেহ নাই যে আকাশত নিজক শক্তিৰ পৰিচয় দি ভাৰতীয় বায়ুসেনাই দেশবাসীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ আমাক সুৰক্ষিত অনুভৱ কৰোৱাইছে৷ গণতন্ত্ৰ দিৱসৰ সময়চোৱাত জনতাই পেৰেডৰ যিটো অংশৰ বাবে অধৈৰ্য হৈ প্ৰতীক্ষা কৰি থাকে তাৰ ভিতৰত এটা হ’ল ফ্লাই পাষ্ট য’ত আমাৰ বায়ুসৈন্যই অসাধাৰণ কাৰনামাৰ সৈতে নিজৰ শক্তি প্ৰদৰ্শন কৰে৷ ৮ অক্টোবৰ তাৰিখে আমি ‘বায়ুসেনা দিৱস’ পালন কৰোঁ৷ ১৯৩২ চনত ছয়জন পাইলট আৰু ১৯ বায়ু সৈনিকৰ এটা সৰু আৰম্ভণিৰে সৈতে আমাৰ বায়ুসেনা আজি একবিংশ শতিকাৰ সকলোতকৈ সাহসী আৰু শক্তিশালী বায়ুসেনাৰ ৰূপে চিহ্নিত হৈছে৷ এয়া নিজৰ মাজতেই এক স্মৰণীয় যাত্ৰা৷ দেশৰ বাবে নিজৰ সেৱা প্ৰদান কৰা সকলো বায়ু যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালক মই নিজৰ হৃদয়ৰ গভীৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ৷ ১৯৪৭ চনত যেতিয়া পাকিস্তানৰ আক্ৰমণকাৰীয়ে এক অপ্ৰত্যাশিত আক্ৰমণ আৰম্ভ কৰিছিল তেতিয়া এই বায়ুসেনাই শ্ৰীনগৰক আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিবলৈ এয়া সুনিশ্চিত কৰিছিল যে ভাৰতীয় সৈনিক আৰু উপকৰণ যুদ্ধস্থলীলৈ যাতে সময়ত উপস্থিত হ’ব পাৰে৷ বায়ুসেনাই ১৯৬৫ চনতো আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিছিল৷ ১৯৭১ চনৰ বাংলাদেশৰ স্বতন্ত্ৰতাৰ যুদ্ধৰ বিষয়ে কোনে নাজানে? ১৯৯৯ চনত কাৰ্গিলক বহিৰাগতৰ হাতোৰাৰ পৰা মুক্ত কৰোৱাত বায়ুসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ টাইগাৰ হিলত শত্ৰুৰ ঠিকনাত দিন-ৰাতি বোমাবৰ্ষণ কৰি বায়ুসেনাই তেওঁলোকৰ ধূলি উৰুৱাই দিছিল৷ সাহায্য অথবা ৰক্ষা কাৰ্যই হওক অথবা দুৰ্যোগ প্ৰৱন্ধন, আমাৰ বায়ুযোদ্ধাৰ সাহসিক কাৰ্যৰ প্ৰতি দেশ কৃতজ্ঞ৷ ধুমুহা, বানপানীৰ পৰা আৰম্ভ কৰি জংগলৰ জুইৰ দৰে প্ৰাকৃতিক বিপদ পৰ্যন্ত সমাধান কৰা আৰু দেশপবাসীক সহায় কৰাৰ তেওঁলোকৰ এক অদম্য উৎসাহ আছে৷ দেশত লিংগ সমতা অৰ্থাৎ স্ত্ৰী পুৰুষৰ সমতা সুনিশ্চিত কৰাৰ বাবে বায়ুসেনাই এক অনন্য উদাহৰণ দাঙি ধৰিছে আৰু নিজৰ বিভাগৰ প্ৰত্যেকখন দুৱাৰ দেশৰ কন্যাসকলৰ বাবে মুকলি কৰি দিছে৷ এতিয়া বায়ুসেনাই মহিলাসকলক short service commission ৰ সৈতে permanent commission ৰ বিকল্পও প্ৰদান কৰি আছে৷ এই ঘোষণা এই বৰ্ষৰ যোৱা ১৫ আগষ্টত মই লালকিল্লাৰ পৰা কৰিছিলো৷ ভাৰতে গৰ্বেৰে ক’ব পাৰে যে ভাৰতৰ সেনাত সশস্ত্ৰ বাহিনীত কেৱল পুৰুষৰ শক্তিয়েই নহয়, স্ত্ৰী শক্তিও আছে৷ নাৰী সশক্ত হোৱাৰ লগতে সশস্ত্ৰও হৈছে৷

মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে নেভিৰ আমাৰ এক বিষয়া অভিলাস টোমীয়ে জীৱন-মৃত্যুৰ যুঁজ দি আছিল৷ সমগ্ৰ দেশ টোমীক কিদৰে বচোৱা যায় তাৰ বাবে উদ্বিগ্ন হৈ আছিল৷ আপোনালোকে জানে যে অভিলাস টোমী এজন সাহসী বীৰ৷ তেওঁ অকলেই কোনো আধুনিক প্ৰযুক্তি অবিহনে এখন সৰু নাৱত বিশ্ব ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল৷ বিগত ৮০ দিনত তেওঁ দক্ষিণ ভাৰত মহাসাগৰত Golden Globe Race অংশগ্ৰহণ কৰাৰ বাবে সমুদ্ৰত নিজৰ গতিৰে আগবাঢ়ি আছিল কিন্তু ভয়ানক সামুদ্ৰিক ধুমুহাই তেওঁৰ সন্মুখত বিপত্তিৰ সৃষ্টি কৰিছিল৷ ভাৰতীয় নৌসেনাৰ এই বীৰজনে যুঁজি থাকিল, যুঁজি থাকিল৷ জীৱনত হাৰ নামানি তেওঁ পানীৰ মাজত অনাহাৰে যুঁজি থাকিল৷ সাহস, সংকল্পশক্তি, পৰাক্ৰমৰ এক অদ্ভুত উদাহৰণ- কিছুদিন পূৰ্বে অভিলাসক সমুদ্ৰৰ পৰা ৰক্ষা কৰি অনাৰ পিছত মই তেওঁৰ সৈতে ফোনত কথা পাতিলো৷ আগতেও টোমীক মই লগ পাইছিলো৷ ইমান বিপদৰ পৰা হাতসাৰি অহাৰ পিছতো তেওঁৰ যি উৎসাহ আছিল, তেওঁৰ যি উদ্দীপনা আছিল আৰু পুনৰবাৰ এনেকুৱাই এক পৰাক্ৰমী কাম কৰাৰ সংকল্পৰ কথা তেওঁ মোক যি ক’লে সেয়া দেশৰ তৰুণ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস৷ মই অভিলাস টোমীৰ উত্তম স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁৰ এই সাহস, তেওঁৰ পৰাক্ৰম, তেওঁৰ সংকল্প শক্তি- যুঁজা আৰু জিকাৰ শক্তিয়ে আমাৰ দেশৰ তৰুণ প্ৰজন্মক নিশ্চয় প্ৰেৰণা দিব৷

মোৰ মৰমৰ দেশবাসীসকল, ২ অক্টোবৰ আমাৰ ৰাষ্ট্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ দিন৷ এয়া কণ কণ শিশুসকলেও জানে৷ এই বৰ্ষৰ ২ অক্টোবৰৰ দিনটোৰ এক বিশেষ গুৰুত্ব আছে৷ এতিয়াৰে পৰা দুবছৰ পৰ্যন্ত আমি মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তীৰ নিমিত্তে বিশ্বজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিম৷ মহাত্মা গান্ধীৰ চিন্তাধাৰাই সমগ্ৰ বিশ্বকে উৎসাহিত কৰিছে৷ ডঃ মাৰ্টিন লুথাৰ কিঙেই হওক অথবা নেলচন মেণ্ডেলাৰ দৰে মহান ব্যক্তি, সকলো গান্ধীজীৰ চিন্তাধাৰাৰ দ্বাৰা শক্তি প্ৰাপ্ত কৰিছে আৰু নিজৰ জনতাৰ সমতা আৰু সন্মানৰ অধিকাৰ প্ৰদান কৰাৰ বাবে দীঘলীয়া যুদ্ধত অৱতীৰ্ণ হ’ব পাৰিছে৷ আজিৰ ‘মন কি বাত’ত মই আপোনালোকৰ সৈতে বাপুৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যৰ চৰ্চা কৰিব বিচাৰিছোঁ যাক দেশবাসীয়ে জনাটো উচিত৷ ১৯৪১ চনত মহাত্মা গান্ধীয়ে Constructive Programme অৰ্থাৎ গঠনাত্মক কাৰ্যক্ৰমৰ ৰূপত কিছুমান চিন্তাধাৰাৰ কথা লিখা আৰম্ভ কৰিলে৷ পিছলৈ ১৯৪৫ চনত যেতিয়া স্বতন্ত্ৰতা সংগ্ৰাম অধিক শক্তিশালী হৈ পৰিল, তেতিয়া তেওঁ সেই চিন্তাধাৰাৰ সংশোধনী ৰূপ প্ৰস্তুত কৰিলে৷ পূজ্য বাপুয়ে কৃষক, গাঁও, শ্ৰমিকৰ অধিকাৰৰ ৰক্ষা, স্বচ্ছতা, শিক্ষাৰ প্ৰসাৰৰ দৰে অনেক বিষয়ত নিজৰ বিচাৰধাৰা দেশবাসীৰ সন্মুখত উত্থাপন কৰিলে৷ ইয়াক গান্ধী চাৰ্টাৰ (Gandhi Charter)বুলিও জনা যায়৷ পূজ্য বাপু লোক সংগ্ৰাহক আছিল৷ জনতাৰ সৈতে জড়িত হোৱা, তেওঁলোকক জড়িত কৰোৱাটো বাপুৰ এক বিশেষত্ব আছিল, এয়া তেওঁৰ স্বভাৱত আছিল৷ এয়া তেওঁৰ ব্যক্তিত্বৰ সকলোতকৈ অনন্য বিশেষত্বৰ ৰূপত সকলোৱে অনুভৱ কৰিছে৷ তেওঁ প্ৰত্যেক ব্যক্তিক এয়া অনুভৱ কৰাইছিল যে তেওঁ দেশৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু নিতান্তই আৱশ্যক৷ স্বতন্ত্ৰতা সংগ্ৰামত তেওঁৰ সকলোতকৈ অধিক যোগদান এয়াই আছিল যে তেওঁ ইয়াক এক ব্যাপক আন্দোলনলৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছিল৷ স্বতন্ত্ৰতা সংগ্ৰামৰ আন্দোলনত মহাত্মা গান্ধীৰ আহ্বানত সমাজৰ সকলো ক্ষেত্ৰৰ, সকলো বৰ্গৰ লোকে নিজকে সমৰ্পিত কৰিছিল৷ বাপুয়ে আমাক সকলোকে এক প্ৰেৰণাদায়ক মন্ত্ৰ প্ৰদান কৰিছিল যাক প্ৰায়েই গান্ধীজীৰ তালিস্মান হিচাপে জনা যায়৷ তাত গান্ধীজীয়ে কৈছিল, ‘‘মই আপোনালোকক এটা মন্ত্ৰ দিছোঁ, যেতিয়াই আপোনালোকৰ নিজৰ ওপৰত সন্দেহ হ’ব অথবা নিজৰ ওপৰত অহংকাৰ হ’ব তেতিয়া এই কথাফাঁকি লাগু কৰিব, যি সকলোতকৈ অধিক দুখীয়া আৰু দুৰ্বল মানুহ আপুনি দেখিছে, তেওঁৰ মুখখন মনত পেলাও আৰু নিজৰ হৃদয়ক সোধক যে যি পদক্ষেপ আপুনি গ্ৰহণ কৰিবলৈ ওলাইছে, সেয়া সেই মানুহজনৰ বাবে কিমান উপযোগী৷ তাৰ পৰা কিবা লাভ হ’বনে? তাৰ পৰা তেওঁ নিজৰ জীৱন আৰু ভাগ্য কাবু কৰি ৰাখিব পাৰিব নে? অৰ্থাৎ ইয়াৰ পৰা সেই কোটি কোটি লোকে স্বৰাজ লাভ কৰিবনে নে যাৰ পেটত ভোক আছে, আত্মা অতৃপ্ত হৈ আছে৷ তেতিয়া আপুনি দেখিব যে আপোনাৰ সন্দেহৰ ডাৱৰ আঁতৰি গৈছে আৰু অহংকাৰ সমাপ্ত হৈ গৈছে৷’’

মোৰ মৰমৰ দেশবাসীসকল, গান্ধীজীৰ আন এষাৰ মন্ত্ৰও আজিও সিমানেই গুৰুত্বপূৰ্ণ হৈ আছে৷ আজি দেশত বৃদ্ধি হোৱা মধ্যবিত্ত, তেওঁলোকৰ বৃদ্ধি হোৱা আৰ্থিক প্ৰগতি, বৃদ্ধি হোৱা ক্ৰয় ক্ষমতা, আমি কিবা ক্ৰয় কৰিবলৈ গ’লে সামান্য সময়ৰ বাবেও বাপুক স্মৰণ কৰোঁ নেকি! পূজ্য বাপুৰ সেই মন্ত্ৰফাঁকিৰ কথা স্মৰণ কৰিব পাৰে! আমি কিবা ক্ৰয় কৰাৰ সময়ত এই কথা চিন্তা কৰোঁনে ইয়াৰ পৰা দেশৰ কোনজন নাগৰিকৰ লাভ হ’ব? কাৰ চেহেৰাত সন্তোষে দেখা দিব! কোন ভাগ্যশালী হ’ব যাৰ আপোনাৰ ক্ৰয়ৰ দ্বাৰা প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে লাভ হ’ব! আৰু দৰিদ্ৰতকৈ দৰিদ্ৰতমৰ লাভ হ’লে মই অধিক সুখী হ’ম৷ গান্ধীজীৰ এই মন্ত্ৰফাঁকি স্মৰণ কৰি অনাগত দিনত যেতিয়াই কিবা এটা কিনিব, গান্ধীজীৰ ১৫০তম জয়ন্তী পালনৰ অৰ্থে আমি এয়া নিশ্চয়কৈ প্ৰত্যক্ষ কৰিম যে আমাৰ প্ৰতিটো ক্ৰয়ৰ দ্বাৰা কোনোবা নহয় কোনোবা এজন দেশবাসীৰ যাতে কল্যাণ হয় আৰু যিজনে মূৰৰ ঘাম মাটিত পেলাইইছে, যিজনে নিজৰ টকা বিনিয়োগ কৰিছে, যিজনে নিজৰ প্ৰতিভা বিনিয়োগ কৰিছে সকলোৰে কিবা নহয় কিবা প্ৰকাৰে লাভ হ’ব লাগে৷ এয়াইতো গান্ধীজীৰ মূলমন্ত্ৰ, এয়াইতো গান্ধীজীৰ বাৰ্তা আৰু মোৰ বিশ্বাস যে যি সকলোতকৈ দুৰ্বল মানুহ, তেওঁৰ জীৱনত আপোনাৰ এটা সৰু পদক্ষেপে বৃহৎ পৰিণাম কঢ়িয়াই আনিব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল, যেতিয়া গান্ধীজীয়ে কৈছিল যে পৰিষ্কাৰ হৈ থাকিলে স্বতন্ত্ৰতা পাবাই৷ বোধহয় তেওঁও তেতিয়া ভবা নাছিল যে-এয়া কিদৰে হ’ব- কিন্তু এয়া হ’ল, ভাৰতে স্বতন্ত্ৰতা পালে৷ এইদৰেই আজি আমি ভাবিব পাৰো যে মোৰ এই ক্ষুদ্ৰ কাৰ্যৰ দ্বাৰা মোৰ দেশৰ আৰ্থিক উন্নতিত, আৰ্থিক সশক্তিকৰণত, দুখীয়াক দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰাত মোৰ এক অৱদান থাকিব পাৰে আৰু মই জানো যে এয়াই প্ৰকৃত দেশভক্তি, এয়াই পূজ্য বাপুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি৷ যিদৰে বিশেষ উপলক্ষসমূহত খাদী আৰু হস্ততাঁতৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে চিন্তা কৰা হয়, ইয়াৰ দ্বাৰা অনেক শিপিনীয়ে সাহায্য পায়৷ কোৱা হয় যে লাল বাহাদুৰ শাস্ত্ৰীজীয়ে খাদীৰ পুৰণা অথবা ফটা-চিটা কাপোৰসমূহো ইমান ভালকৈ থৈছিল কিয়নো তাত কাৰোবাৰ শ্ৰম লুকাই আছে৷ তেওঁ কৈছিল, এই খাদীৰ কাপোৰসমূহ পৰিশ্ৰমেৰে নিৰ্মাণ কৰা হৈছে- ইয়াৰ এডাল এডাল সুতা কামত আহিব লাগে৷ দেশৰ প্ৰতি প্ৰেম আৰু দেশবাসীৰ প্ৰতি প্ৰেমৰ এই ভাৱনা সৰু কান্ধৰ সেই মহামানৱৰ শিৰাই শিৰাই বৈ আছিল৷ দুদিনৰ পিছত পূজ্য বাপুৰ সৈতে আমি শাস্ত্ৰীজীৰো জয়ন্তী পালন কৰিম৷ শাস্ত্ৰীজীৰ নাম মনলৈ অহাৰ লগে লগেই ভাৰতবাসীৰ মনত এক শ্ৰদ্ধাৰ ভাৱ জাগি উঠে৷ তেওঁৰ সৌম্য ব্যক্তিত্ব প্ৰতিজন দেশবাসীক সদায়েই গৌৰম্বান্বিত কৰে৷

লাল বাহাদুৰ শাস্ত্ৰীজীৰ এই বিশেষত্ব আছিল যে বাহিৰত তেওঁ অত্যাধিক বিনয়ী হ’লেও ভিতৰৰ পৰা অতিশয় দৃঢ় আছিল৷ তেওঁৰ ‘জয় জৱান জয় কিসান’ৰ ধ্বনি তেওঁৰ বিৰাট ব্যক্তিত্বৰ পৰিচয় আছিল৷ ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ নিঃস্বাৰ্থ তপস্যাৰ প্ৰতিফলতেই প্ৰায় ডেৰ বছৰৰ সংক্ষিপ্ত কাৰ্যকালত তেওঁ দেশৰ সৈন্য আৰু কৃষকসকলক সফলতাৰ শিখৰলৈ লৈ যোৱাৰ মন্ত্ৰ দি থৈ গৈছিল৷

মোৰ মৰমৰ দেশবাসীসকল, আজি যেতিয়া আমি পূজ্য বাপুৰ স্মৰণ কৰি আছোঁ, এয়া স্বাভাৱিক যে স্বচ্ছতাৰ কথা আমি নোকোৱাকৈ থাকিব নোৱাৰোঁ৷ ১৫ ছেপ্টেম্বৰৰ পৰা ‘স্বচ্ছতা হি সেৱা’ অভিযানৰ শুভাৰম্ভ কৰা হৈছে৷ কোটি কোটি লোকে এই অভিযানৰ সৈতে জড়িত হৈছে আৰু মইও দিল্লীৰ আম্বেদকাৰ বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ সৈতে শ্ৰমদান কৰাৰ সুযোগ লাভ কৰিলো৷ মই সেই বিদ্যালয়লৈ গ’লো যাৰ স্থাপনা স্বয়ং পূজ্য বাবা চাহেবে কৰিছিল৷ দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ১৫ তাৰিখে এই শ্ৰমদানৰ সৈতে জড়িত হ’ল৷ সংস্থাসমূহেও ইয়াত আগবাঢ়ি আহি যোগদান কৰিলে৷ স্কুলীয়া শিক্ষাৰ্থী, কলেজৰ শিক্ষাৰ্থী, এনচিচি, এনএছএছ, যুৱ সংগঠন, সংবাদ মাধ্যম, উদ্যোগজগতৰ সকলোৱে স্বচ্ছতাৰ শ্ৰমদান প্ৰদান কৰিলে৷ মই ইয়াৰ বাবে এই সকলো স্বচ্ছতা প্ৰেমী দেশবাসীক হৃদয়েৰে অশেষ অভিনন্দন জনাইছোঁ৷ আহক এটা ফোন কল শুনো-

‘‘নমস্কাৰ৷ মোৰ নাম শৌতান সিং, জিলা-বিকানেৰ, তহচীল- পুগল, ৰাজস্থানৰ পৰা কৈ আছোঁ৷ মই দুয়োটা চকুৰে দেখা নাপাওঁ, মই সম্পূৰ্ণ অন্ধ৷ মই ক’ব বিচাৰিছোঁ যে ‘মন কি বাত’ত স্বচ্ছ ভাৰতৰ যি পদক্ষেপ মোদীজীয়ে গ্ৰহণ কৰিছে সেয়া অতিশয় সুন্দৰ৷ আমি অন্ধ লোকে মলত্যাগৰ সময়ত যথেষ্ট কষ্ট পাওঁ৷ এতিয়া প্ৰতিটো ঘৰতে শৌচালয় নিৰ্মাণ হৈছে আৰু আমাৰ সুবিধা হৈছে৷ এয়া অতিশয় সুন্দৰ পদক্ষেপ আৰু আগলৈও যাতে এই কাম চলি থাকে৷’’

বহুত বহুত ধন্যবাদ! আপুনি এক ডাঙৰ কথা ক’লে, সকলোৰে জীৱনত স্বচ্ছতাৰ এক বিশেষ স্থান আছে আৰু ‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত আপোনাৰ ঘৰত শৌচালয় নিৰ্মাণ হ’ল আৰু তাৰ দ্বাৰা যেতিয়া আপোনাৰ সুবিধা হৈ আছে, আমাৰ বাবে ইয়াতকৈ সুখৰ কথা আৰু কি হ’ব পাৰে? আৰু বোধহয় এই অভিযানৰ সৈতে জড়িত লোকৰো এই ধাৰণা নহ’ব যে এক প্ৰজ্ঞাচক্ষুৰ দৰে আপুনি চাব নোৱাৰে, কিন্তু শৌচালয় নোহোৱাৰ পূৰ্বে আপুনি কিমান কষ্টেৰে জীৱন নিৰ্বাহ কৰিছিল আৰু শৌচালয় হোৱাৰ পিছত ই আপোনাৰ বাবে এক বৰদান হৈ পৰিল, বোধহয় আপুনিও এই পদক্ষেপৰ সৈতে জড়িত হৈ ফোন নকৰিলে স্বচ্ছতা অভিযানৰ সৈতে জড়িত লোকৰ মনলৈ এনে সংবেদনশীল পদক্ষেপ নাহিলহেঁতেন৷ মই আপোনাৰ ফোনৰ বাবে বিশেষ ৰূপত আপোনাক ধন্যবাদ প্ৰদান কৰিছোঁ৷

মোৰ মৰমৰ দেশবাসীসকল, ‘স্বচ্ছ ভাৰত অভিযান’ কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে এক সফল কাহিনী হিচাপে প্ৰসিদ্ধ হৈছে যাৰ বিষয়ে সকলোৰে মুখে মুখে৷ এইবাৰ ভাৰতে ইতিহাসত বিশ্বৰ সকলোতকৈ ডাঙৰ সন্মিলনৰ আয়োজন কৰিছে৷ ‘মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় স্বচ্ছতা সন্মিলন’ অৰ্থাৎ ‘Mahatma Gandhi International Sanitation Convention’, বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনাময় মন্ত্ৰী আৰু এই ক্ষেত্ৰৰ বিশেষজ্ঞসকলে একগোট হৈ স্বচ্ছতাৰ সৈতে জড়িত নিজৰ প্ৰয়োগ আৰু অনুভৱৰ বিষয়ে সদৰী কৰিব৷ ‘Mahatma Gandhi International Sanitation Convention’ৰ সমাপন ২ অক্টোবৰ ২০১৮ তাৰিখে বাপুৰ ১৫০তম জয়ন্তী সমাৰোহৰ শুভাৰম্ভৰ সৈতে আৰম্ভ হ’ব৷

মোৰ মৰমৰ দেশবাসীসকল, সংস্কৃতত এক উদ্ধৃতি আছে, ‘‘ন্যায়মুলঃ স্বৰাজ্যঃ স্বাত’’ অৰ্থাৎ স্বৰাজৰ মূলতে ন্যায় হয়৷ যেতিয়াই ন্যায়ৰ বিষয়ে আলোচনা হয় তেতিয়াই মানৱ অধিকাৰৰ ভাৱ তাত সম্পূৰ্ণৰূপে সমাহিত হয়৷ শোষিত, পীড়িত আৰু বঞ্চিতসকলৰ স্বতন্ত্ৰতা, শান্তি আৰু তেওঁলোকক ন্যায় সুনিশ্চিত কৰোৱাৰ বাবে এয়া বিশেষৰূপে অনিবাৰ্য৷ ডঃ বাবা চাহেব আম্বেদকাৰৰ দ্বাৰা প্ৰদান কৰা সংবিধানত দুখীয় মূল অধিকাৰৰ ৰক্ষাৰ বাবে ব্যৱস্থা কৰা হৈছে৷ তেওঁৰ দৃষ্টিকোণৰ দ্বাৰাই উৎসাহিত হৈ ১২ অক্টোবৰ ১৯৯৩ চনত ‘ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ’ অৰ্থাৎ ‘National Human Rights Commission’ (NHRC) ’ৰ গঠন কৰা হৈছিল৷ কিছুদিনৰ পিছতেই এনএইচআৰচিৰ ২৫ বৰ্ষ সমাপ্ত হ’ব, এনএইচআৰচিয়ে কেৱল মানৱ অধিকাৰৰ ৰক্ষা কৰাই নহয়, মানৱীয় গৰিমা বৃদ্ধিৰো কাম কৰিছে৷ আমাৰ প্ৰাণ প্ৰিয় নেতা আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমান অটল বিহাৰী বাজপেয়ীজীয়ে স্পষ্ট ৰূপত কৈছিল যে মানৱ অধিকাৰ আমাৰ বাবে কোনো পৰৰ অৱধাৰণা নহয়৷ আমাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰতীক চিহ্নত বৈদিনক যুগৰ আদৰ্শ সূত্ৰ ‘‘সৰ্বে ভৱন্তু সুখিনঃ’’ অংকিত কৰা হৈছে৷ এনএইচআৰচিয়ে মানৱ অধিকাৰৰ পৰা আৰম্ভ কৰি ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে, লগতে ইয়াৰ অপব্যৱহাৰ হোৱাও ৰোধ কৰিছে৷ ২৫ বছৰৰ এই যাত্ৰাত এই সংস্থাই দেশবাসীৰ মাজত এক আশা, এক বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিছে৷ এক সুস্থ সমাজৰ বাবে, উত্তম লোকতান্ত্ৰিক মূল্যবোধৰ বাবে মই জানো যে এয়া এক অতিশয় আশাপ্ৰদ ঘটনা৷ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত মানৱ অধিকাৰ কামৰ সৈতে ২৬খন ৰাজ্যতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে৷ এখ সমাজৰ ৰূপত আমি মানৱ অধিকাৰ গুৰুত্বক বুজি পোৱাটো আৰু আচৰণৰ অংশ কৰাটো প্ৰয়োজনীয়- এয়াই ‘সকলোৰে সৈতে-সকলোৰে বিকাশ’ৰ আধাৰ৷

মোৰ মৰমৰ দেশবাসীসকলস অক্টোবৰ মাহ হওক, জয় প্ৰকাশ নাৰায়ণ জীৰ জন্ম-জয়ন্তী হওক, ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াজীৰ জন্ম শতাব্দী প্ৰাৰম্ভ হোৱা হওক- এই সকলো মহাপুৰুষে আমাক প্ৰেৰণা দিয়ে আৰু আমি তেওঁলোকক সেৱা জনাইছোঁ৷ ৩১ অক্টোবৰ চৰ্দাৰ চাহাবৰ জয়ন্তী, মই পৰৱৰ্তী ‘মন কি বাত’ত বিস্তাৰিত ৰূপত ইয়াৰ বিষয়ে ক’ম কিন্তু আজি মই উল্লেখ কৰিব বিচাৰিছোঁ যে কিছু বছৰৰ পৰা চৰ্দাৰ চাহাবৰ জয়ন্তীত ৩১ অক্টোবৰত ‘ৰাণ ফৰ ইউনিটী’, ভাৰতৰ সৰু-বৰ চহৰত, গাঁৱত ‘একতাৰ বাবে দৌৰ’, ইয়াৰ আয়োজন কৰা হৈছে৷ এই বৰ্ষতো আমি প্ৰত্যয়পূৰ্ব নিজৰ গাঁৱত, চহৰত, মহানগৰত ‘ৰাণ ফৰ ইউনিটী’ৰ আয়োজন কৰিম৷ ‘একতাৰ বাবে দৌৰ’ এয়াইতো চৰ্দাৰ চাহাবৰ, তেওঁক স্মৰণ কৰাৰ উত্তম পথ কাৰণ তেওঁ সমগ্ৰ জীৱন দেশৰ একতাৰ বাবে কাম কৰিলে৷ মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে ৩১ অক্টোবৰত ‘ৰাণ ফৰ ইউনিটী’ৰ জৰিয়তে সমাজৰ প্ৰতিটো শ্ৰেণী, দেশৰ সকলো বৰ্গকে একতাৰ সূতাৰে বান্ধিবলৈ আমাৰ প্ৰয়াসক শক্তি প্ৰদান কৰক, এয়াই তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী হ’ব৷

মোৰ মৰমৰ দেশবাসীসকল, নৱৰাত্ৰিয়েই হওক, দুৰ্গা পূজাই হওক, বিজয়া দশমীয়েই হওক, এই পৱিত্ৰ পৰ্ব উপলক্ষে মই আপোনালোক সকলোকে হৃদয়েৰে অশেষ শুভকামনা জনাইছোঁ৷ ধন্যবাদ৷   

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's strong growth outlook intact despite global volatility: Govt

Media Coverage

India's strong growth outlook intact despite global volatility: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister urges MPs to vote in favour of Nari Shakti Vandan Adhiniyam Amendment, Calls it Historic Opportunity
April 17, 2026

The Prime Minister, Shri Narendra Modi, has highlighted that a discussion is currently underway in Parliament on the amendment to the Nari Shakti Vandan Adhiniyam, noting that deliberations continued till 1 AM last night.

He stated that all misconceptions surrounding the amendment have been addressed with logical responses, and every concern raised by members has been resolved. The Prime Minister added that necessary information, wherever lacking, has also been provided to all members, ensuring that issues of opposition have been clarified.

Emphasising that the issue of women’s reservation has witnessed political debates for nearly four decades, the Prime Minister said that the time has now come to ensure that women, who constitute half of the country’s population, receive their rightful representation.

He observed that even after decades of independence, the low representation of women in the decision-making process is not appropriate and needs to be corrected.

The Prime Minister informed that voting in the Lok Sabha is expected shortly and urged all political parties to take a thoughtful and sensitive decision by voting in favour of the women’s reservation amendment.

Appealing on behalf of the women of the country, he urged all Members of Parliament to ensure that no action hurts the sentiments of Nari Shakti. He noted that crores of women are looking towards the Parliament, its intent, and its decisions.

The Prime Minister called upon MPs to reflect upon their families-mothers, sisters, daughters, and wives—and listen to their inner conscience while making the decision.

He described the amendment as a significant opportunity to serve and honour the women of the nation and urged members not to deprive them of new opportunities.

Expressing confidence, the Prime Minister said that if the amendment is passed unanimously, it will further strengthen Nari Shakti as well as the country’s democracy.

Calling it a historic moment, he urged all members to come together to create history by granting rightful representation to women, who form half of India’s population.

The Prime Minister wrote on X;

“संसद में इस समय नारीशक्ति वंदन अधिनियम में संशोधन पर चर्चा चल रही है। कल रात भी एक बजे तक चर्चा चली है।

जो भ्रम फैलाए गए, उनको दूर करने के लिए तर्कबद्ध जवाब दिया गया है। हर आशंका का समाधान किया गया है। जिन जानकारियों का अभाव था, वो जानकारियां भी हर सदस्य को दी गई हैं। किसी के मन में विरोध का जो कोई भी विषय था, उसका भी समाधान हुआ है।

महिला आरक्षण के इस विषय पर देश में चार दशक तक बहुत राजनीति कर ली गई है। अब समय है कि देश की आधी आबादी को उसके अधिकार अवश्य मिलें।

आजादी के इतने दशकों बाद भी भारत की महिलाओं का निर्णय प्रक्रिया में इतना कम प्रतिनिधित्व रहे, ये ठीक नहीं।

अब कुछ ही देर लोकसभा में मतदान होने वाला है। मैं सभी राजनीतिक दलों से आग्रह करता हूं… अपील करता हूं...

कृपया करके सोच-विचार करके पूरी संवेदनशीलता से निर्णय लें, महिला आरक्षण के पक्ष में मतदान करें।

मैं देश की नारी शक्ति की तरफ से भी सभी सदस्यों से प्रार्थना करूंगा… कुछ भी ऐसा ना करें, जिनसे नारीशक्ति की भावनाएं आहत हों।

देश की करोड़ों महिलाओं की दृष्टि हम सभी पर है, हमारी नीयत पर है, हमारे निर्णय पर है। कृपया करके नारीशक्ति वंदन अधिनियम में संशोधन का साथ दें।”

“मैं सभी सांसदों से कहूंगा...

आप अपने घर में मां-बहन-बेटी-पत्नी सबका स्मरण करते हुए अपनी अंतरात्मा को सुनिए ...

देश की नारीशक्ति की सेवा का, उनके वंदन का ये बहुत बड़ा अवसर है।

उन्हें नए अवसरों से वंचित नहीं करिए।

ये संशोधन सर्वसम्मति से पारित होगा, तो देश की नारीशक्ति और सशक्त होगी… देश का लोकतंत्र और सशक्त होगा।

आइए… हम मिलकर आज इतिहास रचें। भारत की नारी को… देश की आधी आबादी को उसका हक दें।”

"Parliament is discussing a historic legislation that paves the way for women’s reservation in legislative bodies. The discussions, which began yesterday, lasted till around 1 AM and have continued since the House proceedings began this morning.

The Government has addressed all apprehensions and misconceptions relating to the legislation with facts and logic. All concerns have been addressed and any gaps in information have also been filled.

For nearly four decades, this issue of women’s reservation in legislative bodies has been inordinately delayed. Now is the time to ensure that half of the nation’s population receives its rightful due in decision making. Even after so many decades of Independence, it is not right that women in India have such limited representation in this area.

In a short while from now, voting will take place in the Lok Sabha. I urge and appeal to all political parties to reflect carefully and take a sensitive decision by voting in favour of women’s reservation.

On behalf of our Nari Shakti, I also request all members not to do anything that may hurt the sentiments of women across India. Crores of women are watching us…our intent and our decisions. I once again request that everyone support the amendments to the Nari Shakti Vandan Adhiniyam.”

"I would like to appeal to all Members of Parliament…

Please reflect upon your conscience, remembering the women in your own families.

The legislation to ensure women’s reservation in legislative bodies is a significant opportunity to do justice to women of our nation.

Please do not deprive our Nari Shakti of new opportunities.

If this amendment is passed unanimously, it will further empower the women of our country and strengthen our democracy.

Let us come together today to create history.

Let us ensure that the women of India, who are half of the nation’s population, receive their rightful due.”