“এখন স্বচ্ছ ভাৰত ২০১৯ত মহাত্মা গান্ধীৰ ১৫০বাৰ্ষিক জন্মদিনৰ প্ৰতি ভাৰতবাসীৰ ডাঙৰ শ্ৰদ্ধাঞ্জলি হ’ব৷” নতুন দিল্লীৰ ৰাজপথত স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভ কৰি কয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ২০১৪ৰ ২ অক্টোবৰত দেশজুৰি স্বচ্ছ ভাৰত অভিযানক এক ৰাষ্ট্ৰীয় আন্দোলন হিচাপে শুভাৰম্ভ কৰা হয়৷
স্বচ্ছতাৰ গণ আন্দোলনক নেতৃত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক মহাত্মা গান্ধীৰ এক স্বচ্ছ আৰু সুস্থ-সবল ভাৰতৰ সপোনক বাস্তবায়িত কৰিবলৈ আহ্বান জনায়৷ শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই মন্দিৰ মাৰ্গ আৰক্ষী থানাৰ চৌহদ পৰিষ্কাৰ কৰে৷ লেতেৰা পৰিষ্কাৰ কৰিবলৈ হাতত ঝাৰু লৈ স্বচ্ছ ভাৰত অভিযানক দেশজুৰি এক গণ আন্দোলন হিচাপে গঢ় দি প্ৰধানমন্ত্ৰীয়ে কয় প্ৰতিগৰাকী লোকে নিজেও আৱৰ্জনা পেলাব নালাগে আৰু আনকো পেলাব দিব নালাগে৷ তেওঁ সকলোকে ‘লেতেৰা নকৰোঁ, আনকো কৰিব নিদিও’ শীৰ্ষক মন্ত্ৰ পাঠ কৰোৱায়৷ শ্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে স্বচ্ছ অভিযানত অংশগ্ৰহণৰ বাবে ৯গৰাকী লোকক আমন্ত্ৰণ জনোৱাৰ লগতে এই ৯গৰাকী লোকক আৰু ৯জনক এই প্ৰচেষ্টাৰ প্ৰতি আসক্ত কৰাবলৈ আহ্বান জনায়৷

এই অভিযানত অংশগ্ৰহণৰ বাবে সকলো লোকক আমন্ত্ৰণ কৰি ইয়াক এক ৰাষ্ট্ৰীয় অভিযান হিচাপে গঢ়িবলৈ আহ্বান জনায়৷ স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে দেশবাসীৰ মাজত দায়বদ্ধতাৰ মনোভাৱ জগাই তোলা হৈছে৷ দেশজুৰি স্বচ্ছতাৰ এই কাৰ্যসূচীত নাগৰিকসকলে অংশগ্ৰহণৰ ফলত মহাত্মা গান্ধীৰ ‘স্বচ্ছ ভাৰত’ৰ সপোনে এক আকাৰ লৈছে৷
প্ৰধানমন্ত্ৰীয়ে কথা আৰু কামেৰে স্বচ্ছ ভাৰতৰ বাৰ্তা বিলোৱাত সহায় কৰিছে৷ তেওঁ বাৰাণসীতো এক স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰে৷ তেওঁ স্বচ্ছ ভাৰত অভিযানৰ অধীনত গংগা নদীৰ আছিঘাটত হাতত কোৰ লৈ আৱৰ্জনা পৰিষ্কাৰ কৰে৷ প্ৰধানমন্ত্ৰীৰ সৈতে এই স্বচ্ছতা অভিযানত সহস্ৰাধিক স্থানীয় লোকে যোগদান কৰে৷ অনাময় ব্যৱস্থাৰ গুৰুত্ব উপলব্ধি কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একে সময়তে ভাষণ উন্নত শৌচালয় নথকাৰ বাবে ভাৰতৰ একাংশ পৰিয়ালে সন্মুখীন হোৱা স্বাস্থ্যজনিত সমস্যাৱলীৰ বিষয়েও অৱগত কৰে৷

সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে স্বচ্ছতাৰ এই গণ আন্দোলনত যোগদানৰ বাবে আগবাঢ়ি আহিছে৷ চৰকাৰী বিষয়াৰ পৰা জোৱানলৈ, বলীউদৰ তাৰকাৰ পৰা ক্ৰীড়াবিদলৈ, উদ্যোগপতিৰ পৰা আধ্যাত্মিক গুৰু্লৈ, সকলোৱে এই মহান কৰ্মত নামি পৰিছে৷ দেশৰ কোটি কোটি লোকে দৈনিক চৰকাৰী বিভাগ, বেচৰকাৰী সংস্থা আৰু স্থানীয় সমূদায়ে স্বচ্ছতাৰ প্ৰচেষ্টাৰ সৈতে জড়িত হৈ পৰিছে৷ দেশজুৰি বাটৰ নাট আৰু সংগীতৰ মাধ্যমেৰে স্বেচ্ছাই স্বচ্ছতা অভিযানৰ অধীনত সুস্থ পৰিৱেশ গঢ় দিয়াৰ সজাগতা বৃদ্ধি প্ৰচেষ্টা হাতত লৈছে৷


প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানত দেশবাসী আৰু বিভিন্ন সংস্থা আৰু অনুষ্ঠানে অংশগ্ৰহণ কৰাৰ লগতে এক স্বচ্ছ ভাৰত গঢ়ি তোলাত আগবঢ়োৱা অৱদানৰ বাবে সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰে৷ শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মেডিয়াৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলক সদায় মুকলিকৈ প্ৰশংসা কৰে৷ দেশৰ নাগৰিকসকলে গ্ৰহণ কৰা স্বচ্ছ ভাৰতৰ চাফাই কাম-কাজৰ আলোকপাত কৰাৰ বাবে ‘#মাইক্লিনইণ্ডিয়া’ৰো শুভাৰম্ভ কৰা হয়৷
দেশবাসীৰ অভূতপূৰ্ব সঁহাৰিত স্বচ্ছ ভাৰত অভিযান এক ‘জন আন্দোলন’ত পৰিণত হয়৷ বিশাল সংখ্যক জনতাই এক স্বচ্ছ আৰু পৰিষ্কাৰ ভাৰত গঢ়াৰ বাবে সংকল্প গ্ৰহণ কৰিছে৷ স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণিৰ পাছত হাতত ঝাৰু লৈ আৱৰ্জনা পৰিষ্কাৰ কৰা, অনাময়ত গুৰুত্ব দিয়া আৰু এক সুস্থ পৰিৱেশ বৰ্তাণ ৰখাটো অভ্যাসত পৰিণত হৈছে৷ প্ৰতিগৰাকী লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা আৰম্ভ কৰাৰ লগতে ‘স্বচ্ছতাই দেশ সেৱা’ বাৰ্তাও প্ৰচাৰত সহায় কৰিছে৷




