ক’ৰোনা সংকটৰ সময়ছোৱাত আত্মনিৰ্ভৰতাৰ অভিমুখে ভাৰতৰ ষ্টাৰ্টআপসমূহৰ বৰঙণিক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘প্ৰাৰম্ভঃ ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ সম্বোধন কৰে।
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৪৫ শতাংশ ষ্টাৰ্টআপ ২ আৰু ৩ টায়াৰ চহৰসমূহত আছে, যিয়ে স্থানীয় পণ্যসমূহৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে কাম কৰি আছে। প্ৰতিখন ৰাজ্যই স্থানীয় সম্ভাৱনা অনুসৰি ষ্টাৰ্টআপসমূহক সমৰ্থন আৰু পুষ্টি যোগাই আছে আৰু দেশখনৰ ৮০ শতাংশ জিলা এতিয়া ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানৰ অংশ হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসাধাৰণে তেওঁলোকৰ আহাৰ সন্দৰ্ভত অধিক সজাগ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত খাদ্য আৰু কৃষি ক্ষেত্ৰত নতুন সম্ভাৱনাৰ কথা উল্লেখ কৰে। এই খণ্ডটোৰ বিকাশৰ অৰ্থে ভাৰতে বিশেষ মনোযোগ প্ৰদান কৰিছে কিয়নো এক লাখ কোটিৰ কেপিটেল বেছৰ জৰিয়তে এটা এগ্ৰি ইন্ফ্ৰা ফাণ্ড সৃষ্টি কৰা হৈছে। এই নতুন উপায়েৰে, ষ্টাৰ্টআপে কৃষকসকলৰ সৈতে সংঘবদ্ধ হৈছে আৰু উত্তম সুচলতা আৰু মানদণ্ডৰে ফাৰ্মৰপৰা টেবুললৈ পণ্য লৈ যোৱাত এটা মূল ভূমিকা পালন কৰি আছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনা সংকটটোৰ সময়ছোৱাত আত্মনিৰ্ভৰতাত এইসমূহৰ বৰঙণিৰ কথা উল্লেখ কৰে। ছেনিটাইজাৰ, পিপিই কিট আৰু সম্পৰ্কীয় যোগান শৃংখলৰ উপলব্ধতা নিশ্চিতকৰণত ষ্টাৰ্টআপে এটা মূল ভূমিকা পালন কৰিছিল। গ্ৰচাৰি, দুৱাৰদলিত মেডিচিন প্ৰদান, ফ্ৰন্টলাইন কৰ্মীসকলৰ যাতায়াত আৰু অনলাইন অধ্যয়ন সমলৰ দৰে স্থানীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত এইসমূহে এটা বিশেষ ভূমিকা পালন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিকূলতাত সুযোগৰ সন্ধান আৰু দুৰ্যোগৰ সময়ত বিশ্বাস প্ৰোথিতৰ পদ্ধতিত ষ্টাৰ্টআপৰ উদ্দীপনাক প্ৰশংসা কৰে।


