প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান ৰব জেটেনৰ উপস্থিতিত লেইডেন বিশ্ববিদ্যালয়ৰ পুথিভঁৰালে আজি একাদশ শতিকাৰ চোলা তামৰ প্লেট ভাৰত চৰকাৰক পুনৰ অৰ্পণ কৰে।

চোলা তামৰ প্লেট হৈছে ২১ খন ডাঙৰ প্লেট আৰু ৩ খন সৰু প্লেটৰ এটা গোট। চোলা ৰজাসকলে খ্ৰীষ্টীয় একাদশ শতিকাৰ সময়ছোৱাত জাৰি কৰা ৰাজকীয় চনদ অনুসৰি তামিলনাডুৰ নাগাপট্টিনামৰ চুলামণিৱৰ্ম-বিহাৰ নামৰ বুদ্ধ বিহাৰক আনাইমংগলম গাঁওখন উপহাৰ দিয়াৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছিল। প্লেটসমূহত তামিল আৰু সংস্কৃত ভাষাত লিখা লিপি আছে।

এই চোলা তামৰ প্লেটবোৰ পুনৰুদ্ধাৰ কৰাৰ কথাই বিশেষ তাৎপৰ্য্য বহন কৰিছে। কাৰণ এইবোৰ কেৱল অতীতৰ শিল্পকৰ্ম নহয়, বৰঞ্চ ভাৰতৰ ঐতিহ্য আৰু সভ্যতাৰ এক অমূল্য কাহিনী ইয়াৰ সৈতে জৰিত হৈ আছে । এই প্লেটবোৰৰ ঘৰলৈ ঘূৰাই অনাৰ বিষয়টোৰ সৈতে ভাৰতবাসীৰ গভীৰ আবেগিক সম্পৰ্ক আছে।

A joyous moment for every Indian!
— Narendra Modi (@narendramodi) May 16, 2026
Chola Copper Plates dating back to the 11th Century will be repatriated to India from the Netherlands. Took part in the ceremony for the same in the presence of Prime Minister Rob Jetten.
The Chola Copper Plates are a set of 21 large plates… pic.twitter.com/Zwu0QFc2ZJ
இந்தியர் அனைவருக்கும் ஒரு மகிழ்ச்சிகரமான தருணம்!
— Narendra Modi (@narendramodi) May 16, 2026
11-ம் நூற்றாண்டைச் சேர்ந்த சோழர்கால செப்பேடுகள், நெதர்லாந்தில் இருந்து இந்தியாவிற்குத் திரும்பவும் கொண்டுவரப்பட இருக்கின்றன. இது தொடர்பான விழாவில் பிரதமர் ராப் ஜெட்டன் அவர்களுடன் இணைந்து பங்கேற்றேன்.
சோழர் கால செப்பேடுகள், 21… pic.twitter.com/af4NWacMwt


