পৰীক্ষা পে চৰ্চা ২০২১ প্ৰতিযোগিতাত নিজকে পঞ্জীকৃত কৰক
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভাৰ্চুৱেল অনুষ্ঠানত সমবেত হোৱাৰ আকৰ্ষণীয় সুবিধা লাভ কৰক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২১ত শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকৰ সৈতে ভাৱ-বিনিময় কৰিব৷ এইবাৰ কাৰ্যসূচী সম্পূৰ্ণ অনলাইন হ’ব আৰু সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি থাকিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ সৈতে তেওঁলোকে পৰীক্ষাৰ উদ্বিগ্নতাৰ পৰা কিদৰে মুক্ত হ’ব সেই বিষয়ে কথা পাতিব৷ 

পৰীক্ষা পে চৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকক আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

পৰীক্ষা পে চৰ্চা ২০২১ প্ৰতিযোগিতাত শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলক বৃহৎ সংখ্যাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে, ‘‘আমাৰ সাহসী পৰীক্ষা যোদ্ধাসকলে তেওঁলোকৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোৱাৰ প্ৰাক্-মুহূৰ্তত এইবাৰৰ ‘পৰীক্ষা পে চৰ্চা ২০২১’ সম্পূৰ্ণ অনলাইন হ’ব আৰু ই বিশ্বৰ সকলো শিক্ষাৰ্থীৰ বাবে মুকলি হ’ব৷ আহক, এইবাৰৰ পৰীক্ষাত হাঁহি আৰু নিৰুদ্বেগৰ সৈতে অৱতীৰ্ণ হও!

পৰীক্ষা পে চৰ্চা ২০২১ৰ বাবে উৎসাহ

পৰীক্ষা পে চৰ্চা ২০২১ত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হোৱাই নহয়, তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ পৰা  কিদৰে চিন্তামুক্তভাৱে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰি সেই সন্দৰ্ভত বিভিন্ন উপায় জানিবলৈও উত্ৰাৱল হোৱা দেখা গৈছে৷ আুপুনিও প্ৰধানমন্ত্ৰীক প্ৰশ্ন সোধাৰ অৱকাশ লাভ কৰিব পাৰে, তেওঁৰ পৰা বিভিন্ন উপায় আৰু মূল্যৱান পৰামৰ্শ লাভ কৰক৷

পৰীক্ষা পে চৰ্চা ২০২১ প্ৰতিযোগিতাত কিদৰে অংশগ্ৰহণ কৰিব?

পৰীক্ষা পে চৰ্চা ২০২১ত অংশগ্ৰহণ কৰিবলৈ মাইগভ প্লেটফ’ৰ্মত নিজকে পঞ্জীয়ন কৰক৷ পিপিচি ২০২১ত এটা প্ৰতিযোগিতাৰ জৰিয়তে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলক বাচনি কৰা হ’ব৷ পিপিচি ২০২১ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ innovateindia.mygov.in/ppc-2021/ পৰিদৰ্শন কৰক৷

পিপিচি ২০২১ বিজেতাৰ বাবে বিশেষ বঁটা…

পিপিচি ২০২১ প্ৰতিযোগিতাৰ বিজেতাই পৰীক্ষা পে চৰ্চা ২০২১ত পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ কৰিবলৈ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব৷ প্ৰতিগৰাকী বিজেতাই পৰীক্ষা পে চৰ্চা কিটৰ লগতে বিশেষভাৱে ডিজাইন কৰা চাৰ্টিফিকেট লাভ কৰিব৷

‘পৰীক্ষাৰ যোদ্ধা’ হওক

‘পৰীক্ষা পে চৰ্চা’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱচামৰ মাজত নিৰুদ্বেগ পৰিৱেশ গঢ়ি তোলাৰ বাবে ‘পৰীক্ষাৰ যোদ্ধা’ শীৰ্ষক এক বৃহৎ আন্দোলনৰ অংশ৷

‘‘শিক্ষালাভ আনন্দদায়ক, পৰিপূৰ্ণ আৰু নিৰন্তৰ যাত্ৰাৰ দৰে হোৱা উচিত’’ এই বাৰ্তাটোৱেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গ্ৰন্থখনত উল্লেখ আছে৷ নমো এপত থকা ‘পৰীক্ষা যোদ্ধা’ অধ্যায়ত প্ৰধানমন্ত্ৰীয়ে গ্ৰন্থখনত উল্লেখ কৰা প্ৰতিটো গুৰুত্বপূৰ্ণ বাৰ্তাৰ বিষয়ে বৰ্ণনা কৰা আছে৷ 

‘পৰীক্ষাৰ যোদ্ধা’ শীৰ্ষক গ্ৰন্থখনৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ উদ্বিগ্নতাৰ পৰা মুক্ত কৰিবলৈ ২৫টা মন্ত্ৰ প্ৰদান কৰিছে৷ ‘‘যোদ্ধা হোৱা, উদ্বিগ্ন নহ’বা’’ এই আপ্ত বাক্যশাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ গ্ৰন্থখনত গুৰুত্ব প্ৰদান কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে  শিক্ষাৰ্থীসকলক জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনাইছে, ইয়াৰ জৰিয়তে পৰীক্ষাৰ নম্বৰ স্বয়ংক্ৰিয়ভাৱে আহিব৷ জ্ঞান আহৰণ প্ৰক্ৰিয়াক পুৰস্কাৰ লাভজনক অভিজ্ঞতা বুলি অভিহিত কৰি তেওঁ শিক্ষাৰ্থীসকলক জ্ঞান আহৰণৰ জৰিয়তে কোনো প্ৰশ্নই কঠিন হৈ নাথাকে বুলি গ্ৰন্থখনৰ এটা অধ্যায়ত উল্লেখ কৰিছে৷ 

 পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ প্ৰথম সংস্কৰণ ১৬ ফেব্ৰুৱাৰী ২০১৮ তাৰিখে নতুন দিল্লীৰ তালকাটৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল৷  দ্বিতীয় সংস্কৰণো ২৯ জানুৱাৰী ২০১৯ তাৰিখে তালকটাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আৰু ২০ জানুৱাৰী ২০২০ তাৰিখে তৃতীয় সংস্কৰণ অনুষ্ঠিত হৈছিল৷

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥