যোৱা ১১ বছৰত এনডিএ চৰকাৰে মহিলা-নেতৃত্বাধীন উন্নয়নক পুনৰ সংজ্ঞায়িত কৰিছেঃ প্ৰধানমন্ত্ৰী
স্বচ্ছ ভাৰতৰ জৰিয়তে মৰ্য্যাদা নিশ্চিতকৰণৰ পৰা আৰম্ভ কৰি জন ধন একাউন্টৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তিলৈকে ভিন্ন পদক্ষেপত আমাৰ নাৰী শক্তিক সবলীকৰণত গুৰুত্ব আৰোপ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত মহিলা-নেতৃত্বাধীন উন্নয়নৰ প্ৰতি চৰকাৰৰ গুৰুত্ব আৰোপৰ কথা উল্লেখেৰে এখনি উন্নত ভাৰতৰ অভিমুখে যাত্ৰাত মহিলাসকলে পালন কৰা ৰূপান্তৰশীল ভূমিকাত আলোকপাত কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকলে এনেকুৱা সময় প্ৰত্যক্ষ কৰিছিল, যি সময়ত তেওঁলোক প্ৰতিটো খোজতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু আজি তেওঁলোকে কেৱল এখনি উন্নত ভাৰতৰ সংকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাই নহয়, বৰঞ্চ শিক্ষাৰ পৰা আৰম্ভ কৰি বাণিজ্যলৈকে প্ৰতিটো ক্ষেত্ৰতে আদৰ্শ দাঙি ধৰিছে। শ্ৰী মোদীয়ে আৰু কয় যে বিগত ১১ বছৰত নাৰী শক্তিৰ সফলতাৰাজি প্ৰতিগৰাকী নাগৰিকৰ বাবেই গৌৰৱৰ কথা হৈ পৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনডিএ চৰকাৰে ধাৰাবাহিকভাৱে প্ৰভাৱশালী পদক্ষেপ গ্ৰহণৰ জৰিয়তে মহিলা-নেতৃত্বাধীন উন্নয়নক পুনৰ সংজ্ঞায়িত কৰিছে। ইয়াৰ ভিতৰত স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে তেওঁলোকৰ মৰ্য্যাদা সুনিশ্চিত, জন ধন একাউন্টৰ জৰিয়তে আৰ্থিক অন্তৰ্ভুক্তি, তৃণমূল পৰ্য্যায়ত সবলীকৰণ কৰা হৈছে।

তেখেতে উজ্জ্বলা যোজনাক এক মাইলৰ খুঁটি হিচাপে অভিহিতকৰণেৰে কয় যে এই প্ৰয়াসে ধোঁৱা-মুক্ত পাকঘৰ প্ৰশস্ত কৰিলে। লগতে তেখেতে মুদ্ৰা ঋণে লাখ-লাখ মহিলাক উদ্যোগী হ’বলৈ আৰু স্বতন্ত্ৰভাৱে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম কৰি তুলিছে বুলি কয়। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত মহিলাৰ নামত গৃহৰ ব্যৱস্থাই তেওঁলোকৰ নিৰাপত্তা আৰু সবলীকৰণৰ ভাৱনাতো উল্লেখযোগ্য প্ৰভাৱ পেলাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে এক ৰাষ্ট্ৰীয় আন্দোলন বুলি আখ্যাাৰে বেটি বচাওঁ বেটি পঢ়াওঁ অভিযানৰ কথাও স্মৰণ কৰে।

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে সকলো খণ্ডতে- বিজ্ঞান, শিক্ষা, ক্ৰীড়া, ষ্টাৰ্টআপ আৰু সশস্ত্ৰ বাহিনী নিৰ্বিশেষে মহিলাসকলে সাফল্য লাভেৰে অনুপ্ৰাণিত কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এলানি প’ষ্টৰ জৰিয়তে এইদৰে কয়;

"আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকলে এনেকুৱা সময় প্ৰত্যক্ষ কৰিছিল, যি সময়ত তেওঁলোক প্ৰতিটো খোজতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু আজি তেওঁলোকে কেৱল এখনি উন্নত ভাৰতৰ সংকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাই নহয়, বৰঞ্চ শিক্ষাৰ পৰা আৰম্ভ কৰি বাণিজ্যলৈকে প্ৰতিটো ক্ষেত্ৰতে আদৰ্শ দাঙি ধৰিছে। বিগত ১১ বছৰত নাৰী শক্তিৰ সফলতাৰাজি প্ৰতিগৰাকী নাগৰিকৰ বাবেই গৌৰৱৰ কথা হৈ পৰিছে।

11YearsOfSashaktNari"

 

"যোৱা ১১ বছৰত এনডিএ চৰকাৰে মহিলা-নেতৃত্বাধীন উন্নয়নক পুনৰ সংজ্ঞায়িত কৰিছে।

আমাৰ নাৰী শক্তিক স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে তেওঁলোকৰ মৰ্য্যাদা সুনিশ্চিত, জন ধন একাউন্টৰ জৰিয়তে আৰ্থিক অন্তৰ্ভুক্তিলৈকে সবলীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। উজ্জ্বলা যোজনাই ধোঁৱা-মুক্ত পাকঘৰ প্ৰশস্ত কৰিলে। মুদ্ৰা ঋণে লাখ-লাখ মহিলাক উদ্যোগী হ’বলৈ আৰু স্বতন্ত্ৰভাৱে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম কৰি তুলিছে। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত মহিলাৰ নামত গৃহৰ ব্যৱস্থাই উল্লেখযোগ্য প্ৰভাৱ পেলাইছে।

কন্যা সন্তানৰ সুৰক্ষাৰ বাবে বেটি বচাওঁ বেটি পঢ়াওঁ এক ৰাষ্ট্ৰীয় আন্দোলনত পৰিণত হয়।

সকলো খণ্ডতে- বিজ্ঞান, শিক্ষা, ক্ৰীড়া, ষ্টাৰ্টআপ আৰু সশস্ত্ৰ বাহিনী নিৰ্বিশেষে মহিলাসকলে সাফল্য লাভেৰে অনুপ্ৰাণিত কৰিছে।

11YearsOfSashaktNari"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুন 2026
June 16, 2026

Viksit Bharat in Action: 12 Years of Roads, AI Unicorns, Export Booms & Unmatched Global Camaraderie"