প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত ভাৰতৰ বিকাশক গঢ় দিয়া, উদ্ভাৱনক প্ৰসাৰিত কৰা আৰু দেশক বিভিন্ন খণ্ডত বিশ্বৰ আগশাৰীৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ভৱিষ্যতৰ লক্ষ্যৰ এক শৃংখলাৰ ৰূপৰেখা দাঙি ধৰে।

প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল কথাসমূহ হ’ল:

১। ইজ অফ লিভিং মিছন: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিছন মোডত ‘ইজ অফ লিভিং’ অৰ্থাৎ জীৱনৰ সুচলতা লাভৰ বাবে নিজৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ এক পদ্ধতিগত মূল্যায়ন আৰু বুনিয়াদী আন্তঃগাঁথনি আৰু সেৱাৰ উন্নতিৰ জৰিয়তে চহৰ অঞ্চলৰ জীৱনৰ মান উন্নত কৰাৰ কথা কয়।

২। নালন্দাৰ পুনৰুদ্ধাৰ: প্ৰধানমন্ত্ৰীয়ে উচ্চ শিক্ষা আৰু গৱেষণাক প্ৰসাৰিত কৰি ভাৰতক বিশ্ব শিক্ষা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰি প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ মনোভাৱ পুনৰুজ্জীৱিত কৰাৰ কথা কয়। ই ২০২৪ চনত নালন্দা বিশ্ববিদ্যালয় মুকলি হোৱাৰ ওপৰত আধাৰিত।

৩। মেড ইন ইণ্ডিয়া চিপ-অৰ্ধপৰিবাহী উৎপাদন: প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে অৰ্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হ’বলৈ ভাৰতৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ইয়াৰ উদ্দেশ্য হৈছে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা।

৪। স্কিল ইণ্ডিয়া: প্ৰধানমন্ত্ৰীয়ে বাজেট ২০২৪ৰ কথা উল্লেখ কৰি ভাৰতৰ যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দি আৰু ভাৰতক বিশ্বৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ঘোষণা কৰা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহৰ ওপৰত আলোকপাত কৰে।

৫। ঔদ্যোগিক নিৰ্মাণৰ কেন্দ্ৰ: প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে দেশৰ বিশাল সম্পদ আৰু দক্ষ কৰ্মশক্তিৰ সুবিধা লৈ ভাৰতক বিশ্বব্যাপী নিৰ্মাণ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছে।

৬। ‘ভাৰতত ডিজাইনবিশ্বৰ বাবে ডিজাইন’: প্ৰধানমন্ত্ৰীয়ে থলুৱা ডিজাইনৰ ক্ষমতাক প্ৰশংসা কৰে আৰু এনে সামগ্ৰী প্ৰস্তুত কৰাৰ আগ্ৰহ প্ৰকাশ কৰে যি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।

৭। বিশ্বব্যাপী গেমিং বজাৰত অগ্ৰগতি: প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ভাৰতে মেড ইন ইণ্ডিয়া গেমিং সামগ্ৰী সৃষ্টি কৰিবলৈ নিজৰ চহকী প্ৰাচীন ঐতিহ্য আৰু সাহিত্যৰ সুবিধা অৱশ্যেই ল’ব লাগিব। তেওঁ কয় যে ভাৰতীয় পেছাদাৰীসকলে কেৱল খেলতে নহয় বৰং গেমিং সৃষ্টিৰ ক্ষেত্ৰতো বিশ্বব্যাপী গেমিং বজাৰৰ নেতৃত্ব কৰা দৰকাৰ। তেওঁ কয় যে ভাৰতীয় খেলে সমগ্ৰ বিশ্বতে নিজৰ পৰিচয় সৃষ্টি কৰিব লাগে।

৮। সেউজ চাকৰি আৰু সেউজ হাইড্ৰজেন মিছন: প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ভাৰতে চলাই থকা প্ৰচেষ্টাসমূহত সেউজ চাকৰিৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে দেশে এতিয়া সেউজ বিকাশ আৰু সেউজ নিয়োগৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰি আছে। ইয়াৰ দ্বাৰা পৰিৱেশ সংৰক্ষণত অৰিহণা যোগোৱাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব। প্ৰধানমন্ত্ৰীয়ে সেউজ হাইড্ৰ’জেনৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু নবীকৰণযোগ্য শক্তিৰ দৰে ক্ষেত্ৰত দীৰ্ঘস্থায়ী কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে।

৯। সুস্থ ভাৰত অভিযান: প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰতে ‘সুস্থ ভাৰত’ৰ পথত অগ্ৰসৰ হোৱা দৰকাৰ, যাৰ শুভাৰম্ভণি ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ উদ্ঘাটনৰ লগে লগে হৈছে।

১০। ৰাজ্যিক পৰ্যায়ৰ বিনিয়োগ প্ৰতিযোগিতা: প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰসমূহক আহ্বান জনায় যে তেওঁলোকে বিনিয়োগ আকৰ্ষণ কৰিবলৈ, সুশাসনৰ আশ্বাস দিয়া আৰু আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি আস্থা ঘূৰাই আনিবলৈ স্পষ্ট নীতি প্ৰণয়ন কৰিব লাগে।

১১। গ্লোবেল ষ্টেণ্ডাৰ্ড হিচাপে ভাৰতীয় মানদণ্ড: প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ভাৰতৰ পৰিচিতি গুণগত মানৰ প্ৰতি দায়বদ্ধতাৰ বাবে হ’ব লাগে। তেওঁ কয় যে ভাৰতীয় মানদণ্ডই আন্তঃৰাষ্ট্ৰীয় মানদণ্ড হোৱাৰ আকাংক্ষা কৰিব লাগে।

১২। জলবায়ু পৰিৱৰ্তনৰ লক্ষ্য: প্ৰধানমন্ত্ৰীয়ে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা আহৰণ কৰাৰ ভাৰতৰ অভিলাষী লক্ষ্যৰ কথা দোহাৰে। তেওঁ কয় যে ভাৰতে জি-২০ দেশৰ ভিতৰত  পেৰিছ চুক্তিৰ লক্ষ্য পূৰণ কৰা একমাত্ৰ দেশ।

১৩। চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণ: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ৫ বছৰৰ ভিতৰত চিকিৎসাৰ ৭৫ হাজাৰ নতুন আসন সংযোজন কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে। ইয়াৰ লক্ষ্য হৈছে দেশৰ চিকিৎসা শিক্ষাৰ ক্ষমতা বৃদ্ধি কৰা আৰু স্বাস্থ্য পেছাদাৰীসকলৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰা।

১৪। ৰাজনীতিত যুৱক-যুৱতীসকলক অন্তৰ্ভুক্ত কৰা: প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে এক লাখ যুৱক-যুৱতীক ৰাজনৈতিক ব্যৱস্থালৈ অনাৰ আহ্বান জনায়, বিশেষকৈ যিসকলৰ পৰিয়ালত ৰাজনীতিৰ কোনো ইতিহাস নাই সেই লোকসকলক। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে ভাই-ভতিজাবাদ আৰু জাতিবাদৰ কু-অভ্যাসৰ বিৰুদ্ধে যুঁজ দিয়া আৰু যুৱক-যুৱতীসকলক ভাৰতীয় ৰাজনীতিত অন্তৰ্ভুক্ত কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Ali Falih Kadhim al-Zaidi on assuming office as Prime Minister of Iraq
May 16, 2026

The Prime Minister, Shri Narendra Modi, congratulated Falih Kadhim al-Zaidi on assuming office as Prime Minister of Iraq. Shri Modi remarked that India highly values its longstanding and friendly ties with Iraq and remains firmly committed to further strengthening our bilateral ties in all areas.

Shri Modi posted on X:

“Heartiest congratulations to Ali Falih Kadhim al-Zaidi on assuming office as Prime Minister of Iraq.

India highly values its longstanding and friendly ties with Iraq and remains firmly committed to further strengthening our bilateral ties in all areas.

I extend my best wishes to him and look forward to working together for the shared progress and prosperity of our two nations.”