প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত ৩৫সংখ্যক আছিয়ান সন্মিলন, ১৪সংখ্যক পূব এছিয়া সন্মিলন আৰু ১৬সংখ্যক ভাৰত-আছিয়ান সন্মিলনৰ আজৰি সময়ত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল(অৱসৰপ্ৰাপ্ত) প্ৰায়ুৎ চান-অ’-চাক সাক্ষাৎ কৰে৷

বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি পৰ্যালোচনা কৰে আৰু মতপোষণ কৰে যে সময়ে সময়ে হৈ থকা উচ্চ পৰ্যায়ৰ বৈঠক আৰু বিভিন্ন পৰ্যায়ৰ মত-বিনিময়ে দেশ দুখনৰ সম্পৰ্কত ইতিবাচক প্ৰভাৱ পেলাইছে৷ প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্ৰত সুযোগ সম্প্ৰসাৰিত কৰিবলৈ দুয়োখন ৰাষ্ট্ৰই সহমত প্ৰকাশ কৰে৷ যোৱা বছৰ দ্বিপাক্ষিক বাণিজ্যত হোৱা ২০% বৃদ্ধিক আদৰণি জনাই নেতা দুগৰাকীয়ে বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ পথ বিচাৰি ব্যৱসায়িক কৰ্মকৰ্তাসকলক আলোচনা কৰিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত লয়৷

প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত যোগাযোগ ব্যৱস্থা বৃদ্ধিৰ উপায় সন্দৰ্ভতো আলোচনা কৰে৷ দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত বৃদ্ধি পোৱা বায়ু পথ যোগাযোগ ব্যৱস্থাক আদৰণি জনায়৷ বেংকক আৰু গুৱাহাটীৰ মাজত পোনপটীয়া বিমানৰ চলাচল আৰম্ভ হোৱাক লৈও তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰে৷ নেতা দুগৰাকীয়ে থাইলেণ্ডৰ ৰানং বন্দৰ আৰু ভাৰতৰ কলকাতা, চেন্নাই আৰু বিশাখাপট্টনমৰ মাজত সহযোগিতাৰ চুক্তি চূড়ান্ত কৰে৷

তেওঁলোকে পাৰস্পৰিক লাভালাভৰ সৈতে জড়িত আঞ্চলিক আৰু বহুপাক্ষিক বিষয় সন্দৰ্ভতো মতবিনিময় কৰে৷ আছিয়ান সম্পৰ্কীয় বৈঠকলৈ আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ আছিয়ান বৈঠকত অধ্যক্ষতা কৰাৰ বাবেও থাই প্ৰধানমন্ত্ৰীক মোদীয়ে অভিনন্দন জনায়৷

ভাৰত আৰু থাইলেণ্ড হ’ল ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কযুক্ত ঘনিষ্ঠ সামুদ্ৰিক চুবুৰীয়া দেশ৷ ভাৰতৰ এক্ট ইষ্ট পলিচীৰ সৈতে থাইলেণ্ডৰ ‘লুক ৱেষ্ট পলিচী’ৰ সাদৃশ্য আছে৷ ইয়ে দেশ দুখনৰ সম্পৰ্ক অধিক দৃঢ় আৰু মজবুত কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions

Media Coverage

India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.