প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেদৰ কালজয়ী জ্ঞানৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ
"ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।"
সুভাশিতমত এইবুলি কোৱা হৈছে- ‘জ্ঞানীসকলে কয় যে এই পৃথিৱীখন এটা চিৰন্তন আঁহত গছৰ দৰে, যাৰ ওপৰত শিপা আৰু তলত শাখাসমূহ আছে। ইয়াৰ পাতবোৰ হৈছে বেদ। যিজনে সাংসাৰিক অস্তিত্বৰ এই গছজোপাক বুজি পায়, তেওঁক বেদৰ জ্ঞানী বুলি কোৱা হয়।’
শ্ৰী মোদীয়ে কয় যে জ্ঞানৰ দীপে কেৱল অজ্ঞতাৰ অন্ধকাৰ আঁতৰ কৰাই নহয়, বৰং সমগ্ৰ বিশ্বক পোহৰাই তোলে আৰু মহৰ্ষি দয়ানন্দ সৰস্বতী জী ইয়াৰ এক জীৱন্ত উদাহৰণ।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
‘জ্ঞানৰ আলোকে কেৱল অজ্ঞতাৰ অন্ধকাৰ আঁতৰ কৰাই নহয়, বৰং সমগ্ৰ বিশ্বক পোহৰাই তোলে আৰু মহৰ্ষি দয়ানন্দ সৰস্বতী জী ইয়াৰ এক জীৱন্ত উদাহৰণ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।’
ज्ञान का दीपक ना केवल अज्ञानता के अंधकार को मिटाता है, बल्कि समस्त जगत को आलोकित भी करता है। महर्षि दयानंद सरस्वती जी का दिव्य व्यक्तित्व इसका साक्षात उदाहरण है।
— Narendra Modi (@narendramodi) February 12, 2026
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।। pic.twitter.com/GdH2fKj1xf


