গণতান্ত্ৰিক সমাজবাদী গণৰাজ্য শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ হৰিণী অমৰসূৰ্য্যই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁক উষ্ম আদৰণি জনাই এই ভ্ৰমণে ভাৰত-শ্ৰী লংকাৰ ঐতিহাসিক আৰু বহু-মুখী সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব বুলি কয়।
প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰে এপ্ৰিলত শ্ৰীলংকালৈ চৰকাৰী ভ্ৰমণৰ কথা স্মৰণ কৰে। উক্ত ভ্ৰমণকালত তেখেত ৰাষ্ট্ৰপতি অনুৰ কুমাৰ দিশানায়কৰ সৈতে সহযোগিতাৰ সকলো ক্ষেত্ৰ সামৰি ফলপ্ৰসূ আলোচনাত মিলিত হৈছিল।
দুয়োগৰাকী নেতাই শিক্ষা, প্ৰযুক্তি, উদ্ভাৱন বিকাশৰ সহযোগিতা আৰু মাছমৰীয়াৰ কল্যাণ সাধনকে প্ৰমুখ্য কৰি একাধিক ক্ষেত্ৰত সহযোগিতাক সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে আলোচনা কৰে।
ভাৰত আৰু শ্ৰী লংকাৰ মাজৰ বিশেষ সম্পৰ্কত আলোকপাতেৰে প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ উমৈহতীয়া উন্নয়ন যাত্ৰাত একেলগে কাম কৰিবলৈ ভাৰতৰ অংগীকাৰৰ কথা দোহাৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি দিশানায়কলৈ উষ্ম শুভেচ্ছা জনাই যোগাযোগ অব্যাহত ৰখাৰ আগ্ৰহ প্ৰকাশ কৰে।
Glad to welcome Prime Minister of Sri Lanka, Ms. Harini Amarasuriya. Our discussions covered a broad range of areas, including education, women's empowerment, innovation, development cooperation and welfare of our fishermen. As close neighbours, our cooperation holds immense… pic.twitter.com/5ARYRVl5Ts
— Narendra Modi (@narendramodi) October 17, 2025


