গীতাই আমাক চিন্তা কৰিবলৈ শিকাই, প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ অনুপ্ৰাণিত কৰে, বিতৰ্কত ভাগ ল’বলৈ সাহস দিয়াৰ লগতে আমাৰ মন মুকলি কৰি ৰখাত সহায় কৰে : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ মাধ্যমৰে স্বামী চিদ্ভৱানানন্দজীৰ ‘ভাগৱদ্ গীতা’ৰ ‘কিণ্ডল’ সংস্কৰণটো আনুষ্ঠানিক ভাবে মুকলি কৰে।

স্বামী চিদ্ভৱানানন্দজীৰ ‘ভাগৱদ্ গীতা’ৰ ‘ই-সংস্কৰণ’টো মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এই প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে এই ‘ই-সংস্কৰণে’ গীতা পৰম্পৰাৰ জ্ঞানগৰ্ভ চিন্তনৰ সৈতে অধিক সংখ্যক যুৱ-যুৱতীক সংযোজিত কৰিব পাৰিব বুলি অভিমত ব্যক্ত কৰে। তেওঁ কয়, এই ‘ই-গ্ৰন্থ’ই সনাতনী গীতা আৰু গৌৰৱোজ্জ্বল তামিল সংস্কৃতিৰ সম্পৰ্ককো প্ৰগাঢ় কৰিব। এই ‘ই-গ্ৰন্থ’ই পৃথিৱীৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা তামিলসকলক গীতা পাঠৰ সহজ সুযোগ প্ৰদান কৰিব বুলিও তেওঁ মন্তব্য কৰে। প্ৰবাসী তামিলসকলে বিভিন্ন ক্ষেত্ৰত লাভ কৰা বিশেষ সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সাফল্যৰ নতুন শিখৰ চোৱাৰ লগতে প্ৰবাসত থাকিও তামিল পৰম্পৰা আৰু সংস্কৃতিৰ মহানতাখিনি অক্ষুন্ন ৰাখি অহাৰ বাবে তেওঁলোকক ভূয়সী প্ৰশংসা কৰে।

স্বামী চিদ্ভৱানানন্দজীলৈ শ্ৰদ্ধা নিবেদন কৰি প্ৰধানমন্ত্ৰীয়ে কয় স্বামী চিদ্ভৱানানন্দজীৰ মন, শৰীৰ আৰু আত্মা ভাৰতৰ পুনৰ জনমৰ বাবে উত্সৰ্গিত আছিল। সকলোৰে ওপৰত ৰাষ্ট্ৰক স্থান দিয়াৰ লগতে মানুহৰ সেৱাত আত্মনিয়োগ কৰাৰ বাবে স্বামী চিদ্ভৱানন্দজীক অনুপ্ৰাণিত কৰিছিল স্বামী বিবেকানন্দই মাদ্ৰাজত প্ৰদান কৰা ভাষণে। প্ৰধানমন্ত্ৰীয়ে কয়, এফালে স্বামীজীক অনুপ্ৰাণিত কৰিছিল স্বামী বিবেকানন্দই আৰু আনহাতে স্বামীজীয়ে তেওঁৰ সদ্-কৰ্মৰাজীৰে পৃথিৱীখনকে অনুপ্ৰাণিত কৰি গৈছিল। প্ৰধানমন্ত্ৰীয়ে সমূহীয়া সেৱা, স্বাস্থ্য সেৱা, শিক্ষাৰ লগতে স্বামী চিদ্ভৱানানন্দজীৰ কৰ্মৰাজী আগুৱাই নিয়াত প্ৰংশসনীয় ভূমিকা পালন কৰাৰ বাবে ‘ৰামকৃষ্ণ মিছন’ৰো শলাগ লয়।

বিষয়বস্তুৰ গভীৰতা, বৈচিত্ৰ্যতা আৰু শিথিলতাই গীতাক সুন্দৰ কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। আচাৰ্য বিনোৱা ভাৱেই গীতাক মাতৃ হিচাপে বৰ্ণনা কৰি যেতিয়াই ‘তেওঁ পিচলি পৰিব খুজিছিল তেতিয়াই তেওঁক গীতাই মাতৃৰ মমতাৰে কোলাত তুলি লৈছিল’ বুলি উল্লেখ কৰাৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। মহাত্মা গান্ধী, লোকমান্য তিলক, মহাকবি সুব্ৰহ্মণ্য ভাৰতীৰ দৰে মহান নেতাসকল গীতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁ কয়, গীতাই আমাক চিন্তা কৰিবলৈ শিকায়, প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ অনুপ্ৰাণিত কৰে, বিতৰ্কত ভাগ ল’বলৈ সাহস দিয়াৰ লগতে আমাৰ মগজুক মুকলি কৰি ৰখাত সহায় কৰে। গীতাৰ দ্বাৰা অনুপ্ৰাণিতসকল সদায়ে প্ৰকৃতিৰ প্ৰতি স্নেহশীল আৰু গণতান্ত্ৰিক মনস্কৰ হয় বুলিও অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

‘শ্ৰীমদ্ ভাগৱত গীতা’ৰ জন্ম হৈছিল সংঘাত আৰু প্ৰচণ্ড নিৰাশাৰ মাজত আৰু আজিৰ পৰিস্থিতিত মানৱজাতিয়েও এতিয়া তেনেধৰণৰ সংঘাত আৰু প্ৰত্যাহ্বানৰ মাজেৰেই আগবাঢ়িবলগীয়া হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, গীতা এক ভাৱনাৰ অন্বেষণ যিয়ে নিৰাশাৰ পৰা বিজয়লৈ কৰা যাত্ৰাক প্ৰতিবিম্বিত কৰে। পৃথিৱীয়ে যি মুহূৰ্তত এক মহাকাব্যিক গোলকীয় মহামাৰীৰ সৈতে কঠিন যুঁজত অৱতীৰ্ণ হোৱাৰ লগতে সুদূৰপ্ৰসাৰী অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ বাবে দুৰ্বাৰ প্ৰয়াসত লিপ্ত হ’বলগীয়া হৈছে সেই মুহূৰ্তত ‘শ্ৰীমদ্ ভাগৱত গীতা’ অতিকে প্ৰাসংগিক হৈ উঠিছে বুলিও মন্তব্য কৰে। তেওঁ কয় মানৱ জাতিয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ পৰা বিজয়ী হ’ব পৰাকৈ আকৌ এবাৰলৈ শক্তি সামৰ্থ্য প্ৰদান কৰাৰ লগতে দিক-দৰ্শনো কৰাব ‘শ্ৰীমদ্ ভাগৱত গীতা’ই। তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা ‘জাৰ্ণেল অব কাৰ্ডিঅ’লজী’য়ে ক’ভিড মহামাৰীৰ সময়ত গীতাৰ প্ৰাসংগিকতাক লৈ কৰা দীঘলীয়া মন্তব্যৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, শ্ৰীমদ্ গীতাৰ মুখ্য বাৰ্তাই হৈছে কৰ্ম, কাৰণ নিষ্কৰ্মা হৈ থকাতকৈ কৰ্ম কৰাতো বহু গুণে শ্ৰেয়। প্ৰসংগক্ৰমে তেওঁ কয়, ‘আত্মনিৰ্ভৰ ভাৰতে’ কেৱল আমাৰ বাবেই সম্পদ আৰু প্ৰমূল্যৰ সৃষ্টি নকৰিব বৰং এয়া পৃথিৱীৰ মংগলৰ বাবেইহে হ’ব। ক’ভিড-ৰ প্ৰতিষেধক বিকশিত কৰাৰ বাবে আমাৰ বিজ্ঞানীসকলে গ্ৰহণ কৰা তত্পৰতাৰ কথা স্মৰণ কৰি তেওঁ কয় যে গীতাৰ শিকনিকে সাৰোগত কৰিয়েই সমগ্ৰ মানৱ জাতিক ক’ভিডৰ পৰা পৰিত্ৰাণ দিবলৈকে তেওঁলোকে প্ৰতিষেধক বিকশিত কৰি উলিয়ালে।

প্ৰধানমন্ত্ৰীয়ে ৰাইজক, বিশেষকৈ যুৱ-প্ৰজন্মক ‘শ্ৰীমদ্ ভাগৱত গীতা’ৰ শিক্ষা গ্ৰহণৰ আহ্বান জনায়। কাৰণ এই শিক্ষা নিতান্তই ব্যৱহাৰিক আৰু সংপৃক্ত হ’ব পৰা বিধৰ। তেওঁ কয়, দ্ৰুতগতিৰে ধাৱমান পৃথিৱীখনত গীতাই প্ৰশান্তি আৰু শান্তিৰ মৰুদ্যান স্বৰূপ। ই আমাৰ মনৰ পৰা ভয় আঁতৰাই কৰ্মত নিমগ্ন হোৱাৰ অৱকাশ প্ৰদান কৰে। গীতাৰ প্ৰতিটো অধ্যায়েই কিবা নহয় কিবা প্ৰদান কৰাৰ লগতে আমাৰ মনত ইতিবাচকতাৰ উন্মেষ ঘটায় তেওঁ মন্তব্য কৰে।

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future