"ৰাষ্ট্ৰপতিয়ে সংসদৰ উভয় সদনত দূৰদৰ্শী ভাষণত জাতিক দিক নিৰ্দেশনা দিছে"
"সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আৰু আশা আছে"
"আজিৰ সংস্কাৰবোৰ বাধ্যবাধকতাৰ জৰিয়তে নহয়, বৰং দৃড় বিশ্বাসৰ জৰিয়তে সাধন কৰা হয়"
ইউপিএৰ অধীনত ভাৰতক 'লষ্ট ডিকেড' বুলি কোৱা হৈছিল, আনহাতে আজি মানুহে বৰ্তমানৰ দশকটোক 'ভাৰতৰ দশক' বুলি অভিহিত কৰিছে
"ভাৰত গণতন্ত্ৰৰ জননী, শক্তিশালী গণতন্ত্ৰৰ বাবে গঠনমূলক সমালোচনা গুৰুত্বপূৰ্ণ আৰু সমালোচনা 'শুদ্ধি যজ্ঞ'ৰ দৰে"
"গঠনমূলক সমালোচনাৰ পৰিৱৰ্তে, কিছুমান লোকে বাধ্যতামূলক সমালোচনাত লিপ্ত হয়
"১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদেই হৈছে মোৰ 'সুৰক্ষা কৱচ'"
"আমাৰ চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষাক পূৰ্ণ কৰিছে। আমি তেওঁলোকক তেওঁলোকৰ সততাৰ বাবে সন্মান জনাইছোঁ"
"ভাৰতীয় সমাজৰ নেতিবাচকতাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা আছে, কিন্তু ই কেতিয়াও এই নেতিবাচকতাক গ্ৰহণ নকৰে"

সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক এক বক্তব্য আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মাননীয় ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনত তেওঁৰ দূৰদৰ্শী ভাষণৰ জৰিয়তে দেশবাসীক সঠিক নিৰ্দেশনা প্ৰদান কৰিছে। তেওঁ কয় যে তেওঁৰ ভাষণে ভাৰতৰ 'নাৰী শক্তি'ক অনুপ্ৰাণিত কৰে আৰু ভাৰতৰ জনজাতীয় সম্প্ৰদায়সমূহৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু তেওঁলোকৰ মাজত গৌৰৱ বোধৰ অনুভূতিও জাগ্ৰত কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "তেওঁ ৰাষ্ট্ৰক 'সংকল্পৰ পৰা সিদ্ধি'লৈকে উত্তৰণৰ পথত আমাক এক বিতং ব্লুপ্ৰিণ্ট প্ৰদান কৰিছে।"

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নানা ধৰণৰ প্ৰত্যাহ্বান আহি থাকিব পাৰে, কিন্তু ১৪০ কোটি ভাৰতীয়ৰ দৃঢ় সংকল্পৰ দ্বাৰা দেশখনে আমাৰ পথত আহিব পৰা সকলো বাধা অতিক্ৰম কৰিব পাৰে। তেওঁ কয় যে শতিকাত এবাৰ দুৰ্যোগ আৰু যুদ্ধৰ সময়ত দেশখন চম্ভালি লবলৈ প্ৰতিজন ভাৰতীয়ক আত্মবিশ্বাসেৰে ভৰাই তুলিছে। আনকি এনে অস্থিৰতাৰ সময়তো ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে মূৰ দাঙি উঠিছে।

তেওঁ কয় যে আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আৰু আশাৰ সঞ্চাৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীয়ে এই ইতিবাচকতাৰ কৃতিত্ব স্থিৰতা, ভাৰতৰ বৈশ্বিক স্থিতি, ভাৰতৰ বৰ্ধিত সামৰ্থ্য আৰু ভাৰতত উদিত নতুন সম্ভাৱনাক দিয়ে। দেশত কিধৰণৰ বিশ্বাসৰ পৰিৱেশ গঢ়ি উঠিছে তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত বৰ্তমান এনে এখন চৰকাৰ আছে যি স্থিৰ আৰু নিৰ্ণায়ক। তেওঁ এই বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে আজি সংস্কাৰবোৰ বাধ্যবাধকতাৰ দ্বাৰা নহয়, দৃঢ় বিশ্বাসৰ জৰিয়তেহে সাধন কৰা হৈছে। তেওঁ কয়, "বিশ্বই ভাৰতৰ সমৃদ্ধিত নিজৰ সমৃদ্ধি দেখিছে"।

প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ আগৰ দশকটোৰ কথা স্মৰণ কৰি কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনৰ মাজৰ বছৰবোৰ নানান কেলেংকাৰীৰে পূৰ্ণ আছিল আৰু একে সময়তে দেশৰ প্ৰতিটো কোণত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। এই দশকত ভাৰতীয় অৰ্থনীতিৰ অৱনতি ঘটিছিল আৰু আন্তৰ্জাতিক মঞ্চত ভাৰতৰ কণ্ঠ আছিল অতি দুৰ্বল। সেয়ে এই দশকটো চিহ্নিত হৈছিল 'সুযোগ সত্ত্বেও প্ৰতিকূলতা'ৰ দশক ৰূপে।

দেশখন আজি আত্মবিশ্বাসেৰে ভৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বই আশাৰ দৃষ্টিৰে ভাৰতৰ ফালে চাই আছে আৰু ভাৰতৰ স্থিৰতা আৰু সম্ভাৱনাক কৃতিত্ব দিয়ে। তেওঁ লক্ষ্য কৰিছিল যে ইউপিএৰ অধীনত ভাৰতক 'লষ্ট ডিকেড' বুলি কোৱা হৈছিল আনহাতে আজি মানুহে বৰ্তমানৰ দশকটোক 'ভাৰতৰ দশক' বুলি অভিহিত কৰিছে।

ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, শক্তিশালী গণতন্ত্ৰৰ বাবে গঠনমূলক সমালোচনা অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে সমালোচনা হল শুদ্ধিকৰণৰ এক যজ্ঞবিশেষ। প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰি কয় যে গঠনমূলক সমালোচনাৰ পৰিৱৰ্তে কিছুমান লোকে বাধ্যতামূলক সমালোচনাত লিপ্ত হয়। তেওঁ কয় যে যোৱা ৯ বছৰত, আমি এনে সমালোচক দেখিছোঁ যিয়ে যিগঠনমূলক সমালোচনাৰ পৰিৱৰ্তে ভিত্তিহীন অভিযোগত লিপ্ত হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে ধৰণৰ সমালোচনাই কিন্তু দেশবাসীৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিব পৰা নাই। আমি প্ৰথমবাৰৰ বাবে গঠনমূলক কামৰ মাজেৰে দেশবাসীৰ মৌলিক চাহিদা পূৰণত সফল হৈছোঁ। তেওঁ কয় যে তেওঁ এক ৰাজবংশৰ পৰিৱৰ্তে ১৪০ কোটি ভাৰতীয়ৰ পৰিয়ালৰ সদস্য। "১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদ মোৰ 'সুৰক্ষা কৱচ', প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে বঞ্চিত আৰু অৱহেলিত সকলৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা দোহাৰে আৰু দৃঢ়তাৰে কয় যে চৰকাৰৰ আঁচনিৰ সৰ্বাধিক লাভালাভ দলিত, আদিবাসী, মহিলা আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলক দিয়া হৈছে। ভাৰতৰ নাৰী শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ নাৰী শক্তিক শক্তিশালী কৰাৰ বাবে কোনো ধৰণৰ প্ৰচেষ্টাৰ ক্ৰটি কৰা হোৱা নাই। তেওঁ কয় যে যেতিয়া ভাৰতৰ মাতৃসকল শক্তিশালী হয়, তেতিয়া জনসাধাৰণ শক্তিশালী হয় আৰু যেতিয়া জনসাধাৰণ শক্তিশালী হয় তেতিয়া ই সমাজক শক্তিশালী কৰে যাৰ ফলত ৰাষ্ট্ৰ শক্তিশালী হয়। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষা পূৰণ কৰিছে আৰু তেওঁলোকৰ সততাৰ বাবে তেওঁলোকক সন্মান জনাইছে। ভাৰতৰ সাধাৰণ নাগৰিকসকল ইতিবাচকতাৰে পৰিপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যদিও ভাৰতীয় সমাজৰ নেতিবাচকতাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা আছে, তথাপি ই কেতিয়াও এই নেতিবাচকতাক গ্ৰহণ নকৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”