“বিকশিত ভাৰতৰ বাবে বাজেটে সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীক উপকৃত কৰে আৰু উন্নত ভাৰতৰ পথ প্ৰশস্ত কৰে”
“চৰকাৰে নিয়োগসংযুক্ত উদ্গনি আঁচনি ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা কোটি কোটি নতুন চাকৰিৰ সৃষ্টি হ’ব”
“এই বাজেটে শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন পৰিসৰ কঢ়িয়াই আনে”
“প্ৰতিখন চহৰ, প্ৰতিখন গাঁও আৰু প্ৰতিখন ঘৰতে আমি উদ্যোগী সৃষ্টি কৰিম”
“যোৱা ১০ বছৰত চৰকাৰে নিশ্চিত কৰিছে যে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীয়ে যাতে কৰ ৰেহাই লাভ কৰি থাকে”
“বাজেটে ষ্টাৰ্টআপ আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ বাবে নতুন পথ মুকলি কৰে”
“বাজেটত কৃষকক অধিক গুৰুত্ব দিয়া হৈছে”
‘আজিৰ বাজেটে নতুন সুযোগ, নতুন শক্তি, নতুন কৰ্মসংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগ আনিছে৷ ই উন্নত বিকাশ আৰু উজ্জ্বল ভৱিষ্যত কঢ়িয়াই আনিছে”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰশংসা কৰে।

২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বাজেটৰ বাবে সকলো নাগৰিককে অভিনন্দন জনায় যিয়ে দেশক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাটো নিশ্চিত কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সমগ্ৰ দলটো অভিনন্দনৰ যোগ্য।

“২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে সমাজৰ প্ৰতিটো শ্ৰেণীক সবলীকৰণ কৰিব”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ই গাঁৱৰ দৰিদ্ৰ কৃষকসকলক সমৃদ্ধিৰ পথত আগুৱাই লৈ যাব।” ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰাৰ পাছত নব্য মধ্যবিত্ত শ্ৰেণীৰ উত্থান লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেটে তেওঁলোকৰ সৱলীকৰণত ধাৰাবাহিকতা বৃদ্ধি কৰে আৰু অগণন কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিছে। “এই বাজেটে শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন পৰিসৰ কঢ়িয়াই আনে”, তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন আঁচনিৰে বাজেটখন মধ্যবিত্ত শ্ৰেণী, জনজাতীয় শ্ৰেণী, দলিত আৰু পিছপৰা শ্ৰেণীৰ জীৱন শক্তিশালী কৰাৰ লক্ষ্যক আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে এইবাৰৰ বাজেটখনে মহিলাসকলৰ অৰ্থনৈতিক অংশীদাৰিত্ব নিশ্চিত কৰাৰ লগতে ক্ষুদ্ৰ ব্যৱসায় আৰু এমএছএমইৰ বাবেও এক নতুন পথ নিৰ্ধাৰণ কৰিব। “কেন্দ্ৰীয় বাজেটে উৎপাদনৰ লগতে আন্তঃগাঁথনিকো ইন্ধন যোগাব”, বুলি উল্লে কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ধাৰাবাহিকতা বজাই ৰাখি অৰ্থনৈতিক বৃদ্ধিক নতুন শক্তি প্ৰদান কৰিব বুলি আলোকপাত কৰি কয়।

নিয়োগ আৰু স্বনিয়োজনৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে পিএলআই আঁচনিৰ সফলতাৰ কথা লগতে নিয়োগসংযুক্ত উদ্গনি আঁচনিৰ ওপৰত আলোকপাত কৰে যিয়ে কোটি কোটি চাকৰিৰ সৃষ্টি কৰিব। এই আঁচনিৰ অধীনত এজন যুৱকৰ প্ৰথম চাকৰিৰ প্ৰথম দৰমহা চৰকাৰে বহন কৰিব। তেওঁ উচ্চ শিক্ষাৰ ব্যৱস্থা আৰু ১ কোটি যুৱক-যুৱতীৰ শিকাৰু (ইণ্টাৰ্ণশ্বিপ)ৰ আঁচনিৰ কথাও উল্লেখ কৰে। “আঁচনিৰ অধীনত শীৰ্ষ কোম্পানীসমূহত কাম কৰি যুৱ শিকাৰু (ইণ্টাৰ্ণ)সকলে সম্ভাৱনাৰ নতুন পথ বিচাৰি পাব”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰতিখন চহৰ, প্ৰতিখন গাওঁ আৰু প্ৰতিটো ঘৰতে উদ্যোগী সৃষ্টিৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে মুদ্ৰা ঋণৰ অধীনত জামিনবিহীন ঋণৰ সীমা ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি কৰাৰ কথা কয় যিয়ে ক্ষুদ্ৰ ব্যৱসায়ী, মহিলা, দলিত, পিছপৰা আৰু বঞ্চিতসকলক যথেষ্ট উপকৃত কৰিব।

ভাৰতক বিশ্বৰ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ মধ্যবিত্ত শ্ৰেণীৰ সৈতে এমএছএমইৰ সংযোগ আৰু দৰিদ্ৰ শ্ৰেণীৰ বাবে ইয়াৰ নিয়োগ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে বৃহৎ শক্তি সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰীয়ে বাজেটত ঘোষণা কৰা নতুন আঁচনিৰ বিষয়ে অৱগত কৰে যিয়ে এমএছএমই সমূহৰ ঋণৰ সহজতা বৃদ্ধি কৰিব। “বাজেটত কৰা ঘোষণাসমূহে প্ৰতিখন জিলাৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰিব”, তেওঁ কয়, “ই-কমাৰ্চ, ৰপ্তানি হাব আৰু খাদ্যৰ গুণাগুণ পৰীক্ষণে এক জিলা-এক সামগ্ৰী কাৰ্যসূচীক নতুন গতি প্ৰদান কৰিব।”

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে ভাৰতৰ ষ্টাৰ্টআপ আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ বাবে অসংখ্য সুযোগ কঢ়িয়াই আনে। মহাকাশ অৰ্থনীতিক সজীৱ কৰি তোলাৰ বাবে এক হাজাৰ কোটি টকাৰ কৰ্পাছ ফাণ্ড আৰু এঞ্জেল টেক্স বিলুপ্তিৰ উদাহৰণ দাঙি ধৰে।

“অভিলেখ পৰিমাণ মুলধনী ব্যয় অৰ্থনীতিৰ চালিকা শক্তি হৈ পৰিব”, বুলি উ্ল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ১২টা নতুন ঔদ্যোগিক ন’ড, নতুন উপগ্ৰহ চহৰ আৰু ১৪খন ডাঙৰ চহৰৰ ট্ৰেনজিট পৰিকল্পনাৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে ইয়াৰ দ্বাৰা দেশত নতুন অৰ্থনৈতিক কেন্দ্ৰৰ বিকাশ সম্ভৱ হ’ব আৰু অসংখ্য চাকৰিৰ সৃষ্টি হ’ব।

অভিলেখ প্ৰতিৰক্ষা ৰপ্তানিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এইবাৰৰ বাজেটত ‘আত্মনিৰ্ভৰ’ প্ৰতিৰক্ষা খণ্ড গঢ়ি তোলাৰ বাবে অসংখ্য ব্যৱস্থা আছে। তেওঁ কয় যে ভাৰতৰ প্ৰতি বিশ্বৰ আকৰ্ষণ অহৰহ বৃদ্ধি পাইছে যাৰ ফলত পৰ্যটন উদ্যোগৰ বাবে নতুন পথ মুকলি হৈছে। তেওঁ এইবাৰৰ বাজেটত পৰ্যটনৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে পৰ্যটন উদ্যোগে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে অসংখ্য সুযোগ কঢ়িয়াই আনে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ১০ বছৰত চৰকাৰে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কৰ ৰেহাই নিশ্চিত কৰিছে, আনহাতে এইবাৰৰ বাজেটত আয়কৰ হ্ৰাস, মানক কৰ্তন বৃদ্ধি আৰু টিডিএছৰ নিয়ম সৰল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে এই সংস্কাৰৰ জৰিয়তে কৰদাতাসকলে অধিক ধন সঞ্চয় কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ পূব অঞ্চলৰ সামগ্ৰিক উন্নয়নে ‘পূৰ্বোদয়’ দৃষ্টিভংগীৰ জৰিয়তে নতুন গতি আৰু শক্তি লাভ কৰিব। “পূব ভাৰতত ঘাইপথ, জল প্ৰকল্প আৰু শক্তি প্ৰকল্পৰ দৰে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ উন্নয়নক নতুন গতি প্ৰদান কৰা হ’ব”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, “এই বাজেটৰ এটা ডাঙৰ কেন্দ্ৰবিন্দু হৈছে দেশৰ কৃষকসকল”। বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ আঁচনিৰ পিছত এতিয়া শাক-পাচলি উৎপাদন ক্লাষ্টাৰ প্ৰৱৰ্তন কৰা হৈছে যিয়ে কৃষক আৰু মধ্যবিত্ত শ্ৰেণী উভয়কে সহায় কৰিব। তেওঁ দৃঢ়তাৰে কয়, ‘ভাৰত কৃষি খণ্ডত স্বাৱলম্বী হোৱাটো সময়ৰ আহ্বান৷ সেয়ে কৃষকসকলে দাইল আৰু তৈলবীজৰ উৎপাদন বৃদ্ধি কৰাত সহায়ক হোৱাকৈ ব্যৱস্থা ঘোষণা কৰা হৈছে।”

দৰিদ্ৰতা নিৰাময় আৰু দৰিদ্ৰৰ সবলীকৰণ সম্পৰ্কীয় ডাঙৰ আঁচনিসমূহৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰসকলৰ বাবে প্ৰায় ৩ কোটি ঘৰ আৰু জনজাতীয় উন্নত গ্ৰাম অভিযানৰ বিষয়ে অৱগত কৰে যিয়ে ৫ কোটি জনজাতীয় পৰিয়ালক ১০০ শতাংশ সুবিধা প্ৰদান পদ্ধতিৰে মৌলিক সুবিধাসমূহৰ সৈতে সংযোগ কৰিব। তদুপৰি গ্ৰাম চড়ক যোজনাই ২৫ হাজাৰ নতুন গ্ৰাম্য অঞ্চলক সকলো বতৰৰ উপযোগী পথৰ সৈতে সংযোগ কৰি সকলো ৰাজ্যকে উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে “আজিৰ বাজেটে নতুন সুযোগ, নতুন শক্তি, নতুন কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ সুযোগ আনিছে। ই উন্নত বৃদ্ধি আৰু উজ্জ্বল ভৱিষ্যত কঢ়িয়াই আনিছে।” ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লগতে বিক্ষিত ভাৰতৰ শক্তিশালী ভেটি স্থাপনৰ বাবে বাজেটৰ সম্ভাৱনাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে।

 

 

Click here to read full text speech

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub

Media Coverage

Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance