সন্মানীয় চেঞ্চেলৰ কাৰ্ল নেহমাৰ,

দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ।

প্ৰথমে মই মই উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে চেঞ্চেলৰ নেহমাৰক ধন্যবাদ জনাইছো। মোৰ তৃতীয় কাৰ্যকালৰ আৰম্ভণিতে অষ্ট্ৰিয়া ভ্ৰমণ কৰাৰ সুযোগ পাইমই সুখী। মোৰ এই ভ্ৰমণ ঐতিহাসিক আৰু বিশেষ। ৪১ বছৰৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিছে। এইটোও এটা সুখকৰ সংযোগ যে এই ভ্ৰমণ এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া আমাৰ পাৰস্পৰিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে।

 

বন্ধুসকল,

গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত আধাৰিত বিশ্বাস আমাৰ সম্পৰ্কৰ শক্তিশালী ভেটি। পাৰস্পৰিক বিশ্বাস আৰু উমৈহতীয়া স্বাৰ্থৰ দ্বাৰা আমাৰ সম্পৰ্ক শক্তিশালী হৈছে। আজি চেঞ্চেলৰ নেহমাৰ আৰু মোৰ মাজত এটা অতি ফলপ্ৰসূ কথোপকথন হয়। আমি আমাৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে নতুন সম্ভাৱনা চিনাক্ত কৰিছো। আমি সিদ্ধান্ত লৈছো যে সম্পৰ্কবোৰক কৌশলগত দিশ দিয়া হ'ব। আগন্তুক দশকৰ বাবে সহযোগিতাৰ এক পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। এয়া কেৱল অৰ্থনৈতিক সহযোগিতা আৰু বিনিয়োগত সীমাবদ্ধ নহয়। আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱন, নৱীকৰণযোগ্য শক্তি, হাইড্ৰজেন, পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টামৰ দৰে ক্ষেত্ৰত পৰস্পৰৰ সামৰ্থ্য সংযোগ কৰাৰ বাবে কাম কৰা হ'ব। দুয়োখন দেশৰ যুৱ শক্তি আৰু ধাৰণাক সংযোগ কৰিবলৈ ষ্টাৰ্ট-আপ মাধ্যম দ্ৰুত গতিত আগবঢ়োৱা হ'ব। গতিশীলতা আৰু প্ৰব্ৰজন অংশীদাৰিত্বৰ ওপৰত ইতিমধ্যে বুজাবুজি হৈছে। ইয়াৰ জৰিয়তেবৈধ প্ৰব্ৰজন আৰু দক্ষ কৰ্মশক্তিৰ চলাচলত সহায় হব। সাংস্কৃতিক আৰু শিক্ষানুষ্ঠানসমূহৰ মাজৰ আদান-প্ৰদানক উৎসাহিত কৰা হ'ব।

বন্ধুসকল,

আমি থিয় হৈ থকা এই ভৱনটো অতি ঐতিহাসিক। ঊনবিংশ শতিকাত ইয়াত ঐতিহাসিক ভিয়েনা কংগ্ৰেছ আয়োজন কৰা হৈছিল। সেই সন্মিলনে ইউৰোপক শান্তি আৰু স্থিৰতাৰ দিশ প্ৰদৰ্শন কৰিছিল।ইউক্ৰেইনৰ সংঘৰ্ষ হওঁক বা পশ্চিম এছিয়াৰ পৰিস্থিতিয়ে হওঁক, চেন্সেলৰ নেহমাৰ আৰু মই বিশ্বৰ সকলো সংঘৰ্ষৰ বিষয়ে দীঘলীয়াকৈ কথা পাতিছো। মই আগতেও কৈছো যে এয়া যুদ্ধৰ সময় নহয়। যুদ্ধক্ষেত্ৰত সমস্যাসমাধান কৰিব নোৱাৰি। য'তেই নহওঁক, নিৰীহ লোকৰ প্ৰাণহানিহোৱাটো গ্ৰহণযোগ্য নহয়। ভাৰত আৰু অষ্ট্ৰিয়াই শীঘ্ৰেই শান্তি আৰু স্থিৰতা ওভতাই অনাৰ বাবে আলোচনা আৰু কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে আমি একেলগে সকলো সম্ভৱ সহযোগিতা আগবঢ়াবলৈ সাজু।

 

বন্ধুসকল,

মানৱ সমাজে সন্মুখীন হোৱা জলবায়ু পৰিৱৰ্তন তথা সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ বিষয়েও আজি আমি মত পোষণ কৰিছো। আমি অষ্ট্ৰিয়াক আন্তৰ্জাতিক সৌৰ মিত্ৰতা, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট, জৈৱ ইন্ধন মিত্ৰতাৰ দৰে আমাৰ পদক্ষেপত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। আমি দুয়োপক্ষই সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দিছো। আমি সন্মত যে এয়া কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয়। ইয়াক কোনো ধৰণে ন্যায়সঙ্গত কৰিব নোৱাৰি। আমি ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহক সমসাময়িক আৰু কাৰ্যকৰী কৰি তুলিবলৈ সংস্কাৰ কৰিবলৈ সন্মত হৈছো।

বন্ধুসকল,

অনাগত মাহত অষ্ট্ৰিয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব। গণতন্ত্ৰৰ মাতৃ আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ জনসাধাৰণৰ হৈ মই চেঞ্চেলৰ নেহমাৰ আৰু অষ্ট্ৰিয়াৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। কিছু সময়ৰ পাছত আমি দুয়োখন দেশৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক লগ কৰিম। মই অষ্ট্ৰিয়াৰ মাননীয় ৰাষ্ট্ৰপতিক লগ পোৱাৰ সৌভাগ্য লাভ কৰিম। আকৌ এবাৰ, মই চেঞ্চেলৰ নেহমাৰৰ বন্ধুত্বৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আপোনাক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছো। বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership