“বিশ্ব অৰ্থনীতিলৈ সুস্থিৰতা, আত্মবিশ্বাস আৰু বিকাশ ঘূৰাই অনাটো বিশ্বৰ আগশাৰীৰ অৰ্থনীতি আৰু মুদ্ৰা ব্যৱস্থাৰ ৰক্ষকসকলৰ ওপৰত নিৰ্ভৰশীল”
“আপোনালোকৰ আলোচনাত বিশ্বৰ আটাইতকৈ দুৰ্বল নাগৰিকসকলক গুৰুত্ব প্ৰদান কৰক”
“কেৱল এক সৰ্বাংগীন এজেণ্ডা সৃষ্টি কৰিহে বিশ্ব অৰ্থনৈতিক নেতৃত্বই বিশ্বৰ আস্থা ঘূৰাই আনিব পাৰে”
“আমাৰ জি-২০ অধ্যক্ষতাৰ বিষয়বস্তু-এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”এ এক সামূহিক দৃষ্টিভংগীক প্ৰসাৰিত কৰে
“ভাৰতে ইয়াৰ ডিজিটেল পেমেণ্ট পৰিস্থিতিতন্ত্ৰত এক অতি সুৰক্ষিত, অতি বিশ্বাসযোগ্য আৰু অতি কাৰ্যক্ষম ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি সৃষ্টি কৰিছে”
“আমাৰ ডিজিটেল পেমেণ্ট পৰিস্থিতিতন্ত্ৰক বিনামূলীয়া ৰাজহুৱা সম্পত্তি হিচাপে বিকশিত কৰা হৈছে”
“ইউপিআই আন বহু দেশৰ বাবেও উদাহৰণ হ’ব পাৰে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথম বৈঠকত ভাষণ আগবঢ়ায়৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত এইখনেই প্ৰথম মন্ত্ৰী পৰ্যায়ৰ আলোচনা আৰু তেওঁ ফলপ্ৰসূ বৈঠকৰ বাবে সকলোকে শুভেচ্ছাও জ্ঞাপন কৰে। বৰ্তমান সময়ত বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে কয় যে যি সময়ত বিশ্বই গুৰুতৰ অৰ্থনৈতিক অসুবিধাৰ সন্মুখীন হৈছে, সেই সময়ত আজিৰ বৈঠকৰ অংশগ্ৰহণকাৰীসকলে বিশ্ব বিত্ত আৰু অৰ্থনীতিৰ নেতৃত্বক প্ৰতিনিধিত্ব কৰিছে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰী আৰু বিশ্ব অৰ্থনীতিৰ ওপৰত ইয়াৰ পাছৰ প্ৰভাৱ, বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনা, বিশ্বৰ যোগান শৃংখলত ব্যাঘাত জন্মা, বৰ্ধিত মূল্য, খাদ্য আৰু শক্তিৰ সুৰক্ষা, অস্থায়ী ঋণৰ মাত্ৰাই বহু দেশৰ জীৱন ধাৰণ ক্ষমতাত পেলোৱা প্ৰভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহে দ্ৰুত সংস্কাৰ কৰিব নোৱাৰাৰ বাবে হোৱা বিশ্বাসৰ অৱনতি ঘটাৰ উদাহৰণ দাঙি ধৰে। শ্ৰী মোদীয়ে কয় যে বিশ্ব অৰ্থনীতিৰ সুস্থিৰতা, আত্মবিশ্বাস আৰু বিকাশ ঘূৰাই অনাটো এতিয়া বিশ্বৰ আগশাৰীৰ অৰ্থনীতি আৰু মুদ্ৰা ব্যৱস্থাৰ ৰক্ষকসকলৰ ওপৰত নিৰ্ভৰশীল।

ভাৰতীয় অৰ্থনীতিৰ স্পন্দনশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ অৰ্থনীতিৰ ভৱিষ্যতৰ প্ৰতি ভাৰতীয় গ্ৰাহক আৰু উৎপাদকসকলৰ আশাবাদৰ ওপৰত আলোকপাত কৰি একেধৰণৰ ইতিবাচক মনোভাৱ বিশ্ব পৰ্যায়লৈ প্ৰেৰণ কৰাৰ লগতে সদস্য অংশগ্ৰহণকাৰীসকলে প্ৰেৰণা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে সদস্যসকলক বিশ্বৰ অতি দুৰ্বল নাগৰিকসকলৰ ওপৰত আলোচনাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় আৰু বিশ্ব অৰ্থনৈতিক নেতৃত্বই সৰ্বাংগীন এজেণ্ডা সৃষ্টি কৰিহে বিশ্বৰ আস্থা ঘূৰাই আনিব পাৰে বুলি জোৰ দিয়ে। “আমাৰ জি-২০ অধ্যক্ষতাৰ বিষয়বস্তু-এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”,এ এই সৰ্বাংগীন দৃষ্টিভংগীক প্ৰসাৰিত কৰে, প্ৰধানমন্ত্ৰীয়ে কয়।

বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন অতিক্ৰম কৰিলেও বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অগ্ৰগতি লেহেমীয়া হোৱা যেন লাগে বুলি প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে৷ তেওঁ জলবায়ু পৰিৱৰ্তন আৰু উচ্চ ঋণৰ মাত্ৰাৰ দৰে বিশ্বজুৰি প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে বহুপক্ষীয় উন্নয়ন বেংকসমূহক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

বিত্তৰ জগতত প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান আধিপত্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কেনেকৈ ডিজিটেল পেমেণ্টে ক’ৰোনা মহামাৰীৰ সময়ত স্বৰ্শবিহীন আৰু নিৰৱচ্ছিন্ন লেনদেন সম্ভৱ কৰি তুলিছিল সেই কথা দোঁহাৰে। তেওঁ অংশগ্ৰহণকাৰী সদস্যসকলক ডিজিটেল বিত্তত ইয়াৰ অস্থিৰতা আৰু অপব্যৱহাৰৰ সম্ভাৱ্য আশংকা নিয়ন্ত্ৰণ কৰিবলৈ মানদণ্ড বিকশিত কৰাৰ লগতে প্ৰযুক্তিৰ শক্তিক অন্বেষণ আৰু ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে বিগত কেইবছৰমানৰ পৰা নিজৰ ডিজিটেল পেমেণ্ট পৰিস্থিতিতন্ত্ৰত এক অতি সুৰক্ষিত, অতি বিশ্বাসযোগ্য, আৰু অতি কাৰ্যক্ষম ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি সৃষ্টি কৰিছে। “আমাৰ ডিজিটেল পেমেণ্ট পৰিস্থিতিতন্ত্ৰক মুক্ত ৰাজহুৱা মংগল হিচাপে বিকশিত কৰা হৈছে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই দেশৰ শাসন ব্যৱস্থা, বিত্তীয় অন্তৰ্ভুক্তি আৰু জীৱন-যাপনৰ সহজতাক আমূল পৰিৱৰ্তন সাধন কৰিছে। ভাৰতৰ প্ৰযুক্তিৰ ৰাজধানী বেংগালুৰুত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় গ্ৰাহকে ডিজিটেল পেমেণ্ট কেনেদৰে আকোৱালি লৈছে তাৰ প্ৰত্যক্ষ অভিজ্ঞতা অংশগ্ৰহণকাৰীসকলে লাভ কৰিব পাৰে। ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত সৃষ্টি হোৱা নতুন ব্যৱস্থাৰ বিষয়েও তেওঁ অৱগত কৰে যিটোৱে জি-২০ৰ অতিথিসকলক ভাৰতৰ মাৰ্গদৰ্শক ডিজিটেল পেমেণ্ট প্লেটফৰ্ম ইউপিআই ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। “ইউপিআই আন বহু দেশৰ বাবেও উদাহৰণ হ’ব পাৰে। আমি আমাৰ অভিজ্ঞতা বিশ্বৰ সৈতে ভাগ-বতৰা কৰিলে সুখী হ’ম আৰু জি-২০ ইয়াৰ বাবে এক বাহক হ’ব পাৰে”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ছেপ্টেম্বৰ 2026
September 15, 2026

A Mandate of Performance: Civic Wins, IPO Surge and Neighbourly Power Reflect Faith in PM Modi’s Leadership