"আজিৰ ৰোজগাৰ মেলা হৈছে অসমৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি দায়ৱদ্ধতাৰ প্ৰতিফলন"
"আমি সকলোৱে আজাদী কা অমৃত কালত আমাৰ দেশক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছো"
"চৰকাৰী প্ৰণালীবোৰে বৰ্তমান সময় অনুসৰি নিজকে পৰিৱৰ্তন কৰিব লাগিব"
"প্ৰতিটো নতুন আন্তঃগাঁথনি প্ৰকল্পৰ সৈতে প্ৰতিটো খণ্ডতে নিযুক্তি আৰু স্ব-নিযুক্তিৰ সুযোগ বৃদ্ধি পাইছে
আজি প্ৰায় ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ বাবে এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
তেওঁ দেশৰ নাগৰিকসকলৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসম চৰকাৰৰ চৰকাৰী চাকৰিৰ বাবে নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকল আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে। তেওঁ যোৱা মাহত বিহু উপলক্ষে অসম ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে অসমীয়া সংস্কৃতিৰ মহিমাৰ প্ৰতীক হৈ পৰা সেই বিশাল অনুষ্ঠানটোৰ স্মৃতি এতিয়াও তেওঁৰ মনত সজীৱ হৈ আছে। তেওঁ কয় যে আজিৰ ৰোজগাৰ মেলা হৈছে অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি থকা দায়ৱদ্ধতাৰ প্ৰতিফলন। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বেও  অসমৰ ৰোজগাৰ মেলাৰ জৰিয়তে ৪০ হাজাৰৰো অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হৈছে। আজি প্ৰায় ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ বাবে এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

"অসমত শান্তি আৰু উন্নয়নৰ এক নতুন যুগ দেখা গৈছে আৰু উন্নয়নৰ এই গতিয়ে অসমত ইতিবাচকতা আৰু অনুপ্ৰেৰণাৰ পৰিৱেশ সৃষ্টি কৰিছে", প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। চৰকাৰী নিযুক্তিক অধিক স্বচ্ছ কৰি তুলিবলৈ অসম চৰকাৰে আৰম্ভ কৰা প্ৰক্ৰিয়াসমূহৰ কথা আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিভাগত নিযুক্তি প্ৰক্ৰিয়া সম্পাদনৰ বাবে গঠন কৰা 'অসম প্ৰত্যক্ষ নিযুক্তি আয়োগ'ৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পূৰ্বৰ প্ৰক্ৰিয়াৰ বাবে বহুতো নিযুক্তি সময়মতে সম্পূৰ্ণ কৰিব পৰা নগৈছিল ৷ কাৰণ প্ৰতিটো বিভাগৰ বিভিন্ন নিয়ম আছিল আৰু প্ৰাৰ্থীসকলে বিভিন্ন বিভাগৰ বাবে বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হৈছিল। তেওঁ কয় যে এই সকলোবোৰ প্ৰক্ৰিয়া এতিয়া অতি সহজ কৰি তোলা হৈছে আৰু এই কৃতিত্বৰ বাবে অসম চৰকাৰ অভিনন্দনৰ পাত্ৰ।

"আমি সকলোৱে আজাদী কা অমৃত কালত আমাৰ দেশক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছো", প্ৰধানমন্ত্ৰীয়ে এইবুলি মন্তব্য কৰি কয় যে অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰ সেৱা কালৰ দৰেই গুৰুত্বপূৰ্ণ। নিযুক্তিপ্ৰাপ্ত সকলৰ আচৰণ, চিন্তাধাৰা, কামৰ প্ৰতি দৃষ্টিভংগী আৰু জনসাধাৰণৰ ওপৰত প্ৰভাৱৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নৱ নিযুক্তিপ্ৰাপ্তসকল প্ৰতিজন সাধাৰণ নাগৰিকৰ বাবে অসম চৰকাৰৰ মুখপাত্ৰ হিচাপে বিবেচিত হ'ব। তেওঁ কয় যে সমাজ উচ্চাকাংক্ষী হৈ উঠিছে আৰু কোনো নাগৰিকে উন্নয়নৰ বাবে অপেক্ষা কৰিব নিবিচাৰে। "টুৱেণ্টি-২০ ক্ৰিকেটৰ এই যুগত দেশৰ জনসাধাৰণে দ্ৰুত ফলাফল বিচাৰে", শ্ৰী মোদীয়ে সেই অনুসৰি চৰকাৰী ব্যৱস্থাসমূহে নিজকে পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ দেশৰ নাগৰিকসকলৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ভাৰতৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ বাবে অতি দ্ৰুত গতিত লাখ কোটি টকা ব্যয় কৰা হৈছে আৰু নতুন ঘাইপথ তথা এক্সপ্ৰেছৱে, ৰে'ললাইন, বন্দৰ, বিমানবন্দৰ আৰু জলপথ, এই প্ৰকল্পসমূহৰ উদাহৰণৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে প্ৰতিটো নতুন আন্তঃগাঁথনি প্ৰকল্পৰ সৈতে প্ৰতিটো খণ্ডতে নিযুক্তি আৰু স্ব-নিযুক্তিৰ সুযোগ বৃদ্ধি হৈছে। তেওঁ বিমানবন্দৰৰ বিকাশৰ বাবে অভিযন্তা, টেকনিচিয়ান, একাউণ্টেণ্ট, শ্ৰমিক আৰু বিভিন্ন প্ৰকাৰৰ সঁজুলি, ষ্টীল আৰু চিমেণ্টৰ প্ৰয়োজনীয়তাৰ উদাহৰণ দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে ৰে'ললাইনৰ সম্প্ৰসাৰণ আৰু সেইবোৰৰ বৈদ্যুতিকীকৰণৰ দ্বাৰা নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে। তেওঁ জীৱন ধাৰণৰ সহজতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ২০১৪ চনৰ পৰা চৰকাৰে শৌচালয়, গেছ সংযোগ, টেপ কৰা পানী যোগান আৰু বিদ্যুতৰ দৰে সুবিধাৰে প্ৰায় ৪ কোটি পকী ঘৰ নিৰ্মাণ কৰিছে আৰু সেইবোৰ দৰিদ্ৰ লোকসকললৈ হস্তান্তৰ কৰিছে। তেওঁ উৎপাদন খণ্ড, লজিষ্টিক, দক্ষ শ্ৰমিক আৰু অন্যান্য শ্ৰমিকসকলৰ অৱদানৰ প্ৰশংসা কৰে যিসকলে এই ঘৰবোৰ নিৰ্মাণ আৰু এই সুবিধাসমূহৰ ব্যৱস্থা কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত যোজনাৰ দ্বাৰা নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ কথাও উল্লেখ কৰে আৰু দেশত বহুতো নতুন চিকিৎসালয় আৰু ক্লিনিক স্থাপন কৰা হৈছে বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে কেইসপ্তাহমান পূৰ্বে এইমছ গুৱাহাটী আৰু ৩খন চিকিৎসা মহাবিদ্যালয় উৎসৰ্গা কৰাৰ কথাও সোঁৱৰণ কৰে। তেওঁ লগতে কয় যে যোৱা কেইবছৰমানত অসমত দন্ত মহাবিদ্যালয়সমূহো সম্প্ৰসাৰিত হৈছে।  ইয়াৰ ফলত চিকিৎসা বৃত্তিৰ সৈতে জড়িত যুৱসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

"আজি যুৱপ্ৰজন্ম এনে বহুতো ক্ষেত্ৰত আগবাঢ়িছে যিবোৰ দহ বছৰ পূৰ্বে  কল্পনাতীত আছিল", প্ৰধানমন্ত্ৰীয়ে দেশত লাখ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰি সৃষ্টিত সহায় কৰা ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ ওপৰত আলোকপাত কৰে। তেওঁ কৃষি, সামাজিক অনুষ্ঠান, জৰীপ আৰু প্ৰতিৰক্ষা খণ্ডত ড্ৰোনৰ বৰ্ধিত চাহিদাৰ কথা উল্লেখ কৰি কয় যে ই যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।  প্ৰধানমন্ত্ৰীয়ে ভাৰতত কোটি কোটি মোবাইল ফোন নিৰ্মাণ কৰি ভাৰতৰ বিকাশত অৰিহণা যোগোৱা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বিষয়েও উল্লেখ কৰে।  প্ৰতিখন গাঁৱত বিস্তাৰিত ব্ৰডবেণ্ড সংযোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই বৃহৎ পৰিমাণে নিযুক্তি আৰু স্ব-নিযুক্তিক উৎসাহিত কৰিছে। শ্ৰী মোদীয়ে কয় মাত্ৰ এটা পৰিকল্পনা বা এটা সিদ্ধান্তই মানুহৰ জীৱনত প্ৰভাৱ পেলাব পাৰে।

বৰ্তমানৰ চৰকাৰৰ নীতিসমূহক কৃতিত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বৃহৎ সংখ্যক যুৱক-যুৱতী উন্নয়নৰ মূলসুঁতিলৈ উভতি আহিছে। "নিযুক্তি আৰু স্ব-নিযুক্তিৰ বাবে নতুন সুযোগ প্ৰদান কৰি যুৱক-যুৱতীসকলৰ সপোন পূৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আমি নতুন ভাৰত গঢ়ি তোলাৰ দিশত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছো", প্ৰধানমন্ত্ৰীয়ে এইদৰে ভাষণৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership