উপস্থিত মহামহিমসকল, শুভ আবেলি!

মোৰ আমন্ত্ৰণ গ্ৰহণ কৰি আজি এই সন্মিলনত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো। ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে আন্তৰিকতাৰে আদৰণি জনোৱা হ'ল।

বন্ধুসকল,

মোৰ মনত আছে, যোৱা বছৰৰ ১৬ নৱেম্বৰত যেতিয়া মোৰ বন্ধু আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৱে মোক আনুষ্ঠানিক গেভেলখন গতাই দিছিল, তেতিয়া মই কৈছিলোঁ যে আমি একেলগে জি-২০ক অভিলাষী, কাৰ্য্যমুখী আৰু নিৰ্ণায়ক কৰিম। এবছৰত একেলগে আমি এই কাম কৰিছো। আমি একেলগে জি-২০ক নতুন উচ্চতালৈ লৈ গৈছো।

অবিশ্বাস আৰু প্ৰত্যাহ্বানৰে ভৰা আজিৰ পৃথিৱীখনত পাৰস্পৰিক বিশ্বাসেই আমাক বান্ধি ৰাখে, ইজনে সিজনৰ লগত সংযোগ কৰে। এই এবছৰত আমি "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত"ৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছো। ই ঐক্য আৰু সহযোগিতা প্ৰদৰ্শন কৰিছে। আমি সকলোৱে সৰ্বসন্মতিক্ৰমে আফ্ৰিকান ইউনিয়নক জি-২০ত আদৰণি জনোৱা সেই মুহূৰ্তটো মই কেতিয়াও পাহৰিব নোৱাৰো। জি-২০-এ সমগ্ৰ বিশ্বক যি একতা-সংহতিৰ বাৰ্তা দিছে সেয়া হৈছে অভূতপূৰ্ব।
ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে আফ্ৰিকাই আমাৰ জি-২০ অধ্যক্ষতাৰ সময়ত বিশেষ গুৰুত্ব লাভ কৰিছে। এই এবছৰত সমগ্ৰ বিশ্বই জি-২০ত গ্ল’বেল ছাউথৰ প্ৰতিধ্বনিও শুনিছে। যোৱা সপ্তাহত ভইচ অৱ গ্ল’বেল ছাউথত প্ৰায় ১৩০খন দেশে নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহক সম্পূৰ্ণ হৃদয়েৰে শলাগ লৈছে।

আমি একেলগে বহুপক্ষীয় উন্নয়ন বেংক, আৰু গ্ল’বেল গভৰ্নেন্স ৰিফৰ্মক দিশ দিছো।আৰু এইবোৰৰ লগতে জি-২০ ভাৰতৰ সভাপতিত্বৰ অধীনত পিপলছ-২০ৰ স্বীকৃতি লাভ কৰিছে। ভাৰতৰ কোটি কোটি সাধাৰণ নাগৰিকে জি-২০ত যোগদান কৰিলে, আমি উৎসৱৰ দৰে উদযাপন কৰিলোঁ।
এই ভাৰ্চুৱেল শীৰ্ষ সন্মিলনৰ প্ৰস্তাৱ দিওঁতে আজি বিশ্বৰ পৰিস্থিতি কেনেকুৱা হ’ব তাৰ কোনো আশা নাছিল। যোৱা কেইমাহমানত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। পশ্চিম এছিয়া অঞ্চলৰ নিৰাপত্তাহীনতা আৰু অস্থিৰতাৰ পৰিস্থিতি আমাৰ সকলোৰে বাবে চিন্তাৰ বিষয়। আজি আমাৰ একত্ৰিত হোৱাটোৱে প্ৰতীক যে আমি সকলো সমস্যাৰ প্ৰতি সংবেদনশীল আৰু সমাধানৰ বাবে একেলগে থিয় দিছো।আমি বিশ্বাস কৰোঁ যে সন্ত্ৰাসবাদ আমাৰ সকলোৰে বাবে গ্ৰহণযোগ্য নহয়। সাধাৰণ লোকৰ মৃত্যু য'তেই নহওঁক কিয়, ই নিন্দনীয় ৷

আজি পণবন্দী মুক্তিৰ খবৰটো আমি আদৰণি জনাইছো। আৰু আশা কৰোঁ আন পণবন্দী সকলোকো সোনকালে মুকলি কৰি দিয়া হ'ব। মানৱীয় সাহায্যৰ সময়মতে আৰু নিৰন্তৰ যোগান ধৰাটো প্ৰয়োজনীয়। ইজৰাইল আৰু হামাছৰ যুদ্ধই যাতে কোনো আঞ্চলিক ৰূপ ধাৰণ নকৰে তাৰ বাবেও গুৰুত্বপূৰ্ণ। আজি আমি যি সংকটৰ ডাৱৰ দেখিবলৈ পাইছো, তাৰ মাজতো ৱান ফেমিলিৰ হাতত শান্তিৰ বাবে কাম কৰাৰ ক্ষমতা আছে। মানৱ কল্যাণৰ দৃষ্টিকোণৰ পৰা আমি সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰুদ্ধে, আৰু মানৱতাৰ দিশত মাত মাতিব পাৰো।বিশ্ব আৰু মানৱতাৰ এই প্ৰত্যাশা পূৰণৰ বাবে আজি ভাৰতে ধাপে ধাপে আগুৱাই যাবলৈ সাজু হৈছে।

বন্ধুসকল,

একবিংশ শতিকাৰ পৃথিৱীখন আগবাঢ়ি যোৱাৰ লগে লগে গ্ল’বেল চাউথৰ উদ্বেগক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব। এই প্ৰেক্ষাপটত সময়ৰ প্ৰয়োজনীয়তা হ’ল আমি উন্নয়নৰ কাৰ্যসূচীক আমাৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো। গোলকীয় অৰ্থনৈতিক আৰু শাসন ব্যৱস্থাৰ গাঁথনিবোৰক ডাঙৰ, উন্নত, ফলপ্ৰসূ, প্ৰতিনিধি আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবলৈ সংস্কাৰ অনাটো প্ৰয়োজনীয়। আৰ্ত দেশসমূহক সময়মতে আৰু সুলভ মূল্যৰ সাহায্য নিশ্চিত কৰা। ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ ত্বৰান্বিত কৰিবলৈ গ্ৰহণ কৰা কাৰ্য্য পৰিকল্পনা ৰূপায়ণ কৰা।

আমাৰ আকাংক্ষিত জিলা কাৰ্যসূচী ভাৰতৰ স্থানীয় পৰ্যায়ত এছডিজিৰ অগ্ৰগতিৰ এক ডাঙৰ উদাহৰণ।মই জি-২০ দেশ গ্ল’বেল ছাউথক আকাংক্ষিত জিলা কাৰ্যসূচী অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ জনাইছো। আপোনালোকে চাব এই এটা অভিযানে কেনেদৰে কোটি লোকৰ জীৱন সলনি কৰিছে।

বন্ধুসকল,

নতুন দিল্লী সন্মিলনত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ভঁৰাল সৃষ্টিৰ সিদ্ধান্ত লোৱা হৈছিল। এই ভঁৰালটো সাজু হৈছে বুলি ক'বলৈ পাই সুখী হৈছো। ইয়াত ১৬খন দেশৰ ৫০টাতকৈও অধিক ডিপিআই সংযোজন কৰা হৈছে। গ্ল’বেল চাউথৰ দেশসমূহত ডিপিআই কাৰ্যকৰী কৰিবলৈ মই এটা ছ’চিয়েল ইমপেক্ট ফাণ্ড স্থাপন কৰাৰ প্ৰস্তাৱ দিছো। ভাৰতৰ হৈ ইয়াৰ লগত প্ৰাৰম্ভিক পৰিমাণ ২.৫ কোটি ডলাৰ যোগ কৰাৰ কথাও ঘোষণা কৰিছো। আশা কৰোঁ আপোনালোক সকলোৱে এই পদক্ষেপত যোগদান কৰিব।
 

কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত দায়িত্বশীল ভাৱে প্ৰযুক্তি ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে। সমগ্ৰ বিশ্বতে এ.আই.-ৰ নেতিবাচক ব্যৱহাৰৰ বিষয়ে চিন্তা বাঢ়ি আহিছে। ভাৰতে স্পষ্ট যে আমি এ.আই.-ৰ গোলকীয় নিয়ন্ত্ৰণৰ ওপৰত একেলগে কাম কৰা উচিত। ডিপফেক সমাজৰ বাবে, ব্যক্তিৰ বাবে কিমান বিপদজনক তাৰ গুৰুত্ব বুজি  আমি আগবাঢ়িব লাগিব। আমি বিচাৰো যে এ.আই. জনসাধাৰণৰ ওচৰলৈ যাব লাগে, আৰু ই সমাজৰ বাবে সুৰক্ষিত হ'ব লাগিব। মই নিশ্চিত যে আপোনালোক সকলোৱে ইয়াতো সহযোগিতা আগবঢ়াব।

বন্ধুসকল,
নতুন দিল্লী সন্মিলনত মই পৰিৱেশ সুৰক্ষাৰ সন্দৰ্ভত গ্ৰীণ ক্ৰেডিটৰ বিষয়টো উত্থাপন কৰিছিলোঁ। আপুনি জানে, আমি ভাৰতত এই কাম আৰম্ভ কৰিছো।নতুন দিল্লীত আৰম্ভ হোৱা গ্ল’বেল বায়’ফিউৱেলছ এলায়েন্সৰ জৰিয়তে আমি কাৰ্বন হ্ৰাস কৰাৰ লগতে বিকল্প ইন্ধনৰ বিকাশৰ প্ৰচাৰ কৰিছো।

জি-২০-এ গ্ৰহ সমৰ্থক দৃষ্টিভংগীৰ বাবে মিছন LiFE অৰ্থাৎ পৰিৱেশৰ বাবে জীৱনশৈলীক স্বীকৃতি দিছে। ২০৩০ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ তিনিগুণ বৃদ্ধি কৰাৰ আহ্বান জনোৱা হৈছে। পৰিষ্কাৰ হাইড্ৰজেনৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে। জলবায়ু বিত্তীয় সাহায্যক বিলিয়নৰ পৰা ট্ৰিলিয়নলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা স্বীকৃতি দিয়া হৈছে। কেইদিনমানৰ পাছত ইউ এ ইত অনুষ্ঠিত হৈ থকা চি অ’ পি-২৮ৰ সময়ত এই সকলোবোৰ পদক্ষেপৰ ওপৰত সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ প্ৰয়োজন।

বন্ধুসকল,

নাৰী সৱলীকৰণৰ এক নতুন কৰ্মগোটও গঠন কৰা হৈছে।এই প্ৰেক্ষাপটত মই এই কথা ক’বলৈ পাই অতি সুখী যে ভাৰতে নিজৰ নতুন সংসদ ভৱনৰ প্ৰথম অধিৱেশনত এক ঐতিহাসিক সিদ্ধান্ত লৈছিল। মহিলা নেতৃত্বাধীন উন্নয়ন শক্তিশালী কৰিবলৈ আমি সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত লৈছো। এইখিনি কৈয়ে মই মোৰ ব্যক্তব্য সামৰণি মাৰিছো।

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Internet subscribers in India up 6.24% in March-26 quarter

Media Coverage

Internet subscribers in India up 6.24% in March-26 quarter
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.