নমস্কাৰ!

এইবাৰ বাজেটৰ পূৰ্বে আপোনালোকৰ মাজৰে বহু বন্ধুবৰ্গৰ সৈতে বিস্তৃতভাৱে আলোচনা হৈছিল৷ এই বাজেটে পুনৰ ভাৰতক উচ্চ হাৰৰ বিকাশৰ পথত আগুৱাই নিয়াৰ স্পষ্ট ৰোডমেপ প্ৰদৰ্শিত কৰিছে৷  বাজেটত ভাৰতৰ বিকাশত ব্যক্তিগত খণ্ডত শক্তিশালী অংশীদাৰিত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷ বাজেটত চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ পৰিসৰ আৰু লক্ষ্য স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে৷ নিৰ্বিনিয়োগ আৰু সম্পদ মুদ্ৰাকৰণ ইয়াৰ এক উল্লেখযোগ্য পদক্ষেপ৷

বন্ধুসকল,

যেতিয়া দেশত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰম্ভ কৰিছিল, তেতিয়া সময় পৃথক আছিল আৰু দেশৰ প্ৰয়োজনীয়তাও পৃথক আছিল৷ যি নীতি ৫০-৬০ বছৰৰ পূৰ্বে সঠিক আছিল, তাত সংস্কাৰৰ সম্ভাৱনা সদায় থাকে৷ আজি যেতিয়া আমি এই সংস্কাৰ কৰি আছো, তেনে অৱস্থাত আটাইতকৈ ডাঙৰ লক্ষ্য এইটোৱেই যে চৰকাৰী ধনৰ সঠিক ব্যৱহাৰ হওক৷

কোনো এনে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে, যি লোকচানৰ সন্মুখীন হৈছে৷ ইয়াৰে কেতবোৰক কৰদাতাৰ ধনৰ জৰিয়তে সহায় কৰিবলগীয়া হৈছে৷ য’ত দুখীয়া লোকৰ অধিকাৰ আছে, আকাংক্ষাৰে ভৰপুৰ যুৱ প্ৰজন্মৰ অধিকাৰ আছে, সেই ধন এই প্ৰতিষ্ঠানৰ কামত ব্যয় কৰিবলগীয়া হৈছে আৰু এইবাবেই অৰ্থনীতিত বিভিন্ন ধৰণৰ বোজা পৰিছে৷ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান কেৱল ইয়াৰ বাবে চলাই থাকিলে নহ’ব, কাৰণ সেইবোৰ ইমান বছৰৰ পৰা চলি আছে, কাৰোবাৰ পালিত প্ৰকল্প আছিল৷ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে একাংশ বিশেষ খণ্ডৰ প্ৰয়োজনীয়তা পুৰণ কৰি আছে, কোনো কৌশলগত গুৰুত্বৰ সৈতে জড়িত হ’লে সেই কথা বুজি পাইছো আৰু তাৰ প্ৰয়োজনীয়তাও উপলব্ধি কৰিছো৷

চৰকাৰৰ দায়িত্ব এই যে তেওঁলোকেৰ দেশৰ প্ৰতিষ্ঠানক, ব্যৱসায়ক সম্পূৰ্ণ সমৰ্থন কৰিব লাগে, কিন্তু চৰকাৰে নিজে প্ৰতিষ্ঠান চলাব, তাৰ মালিক হৈ থাকিব, আজিৰ যুগত ইয়াৰ প্ৰয়োজনীয়তা নাই আৰু এয়া সম্ভৱো নহয়৷ সেইবাবে মই কও যে চৰকাৰৰ ব্যৱসায় কৰিবলৈ কোনো ব্যৱসায় নাই৷ চৰকাৰৰ গুৰুত্ব জনসাধাৰণৰ কল্যান আৰু বিকাশৰ সৈতে জড়িত প্ৰকল্পৰ প্ৰতিহে থকা উচিত৷ অধিক হ’লে চৰকাৰৰ শক্তি, সংসাধন, সামৰ্থ্য কল্যানৰ কামৰ বাবে থাকিব লাগিব৷ সেই চৰকাৰে যেতিয়া ব্যৱসায় কৰিবলৈ ল’ব, তেতিয়া বিভিন্ন ধৰণৰ ক্ষতি হয়৷

সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত চৰকাৰৰ সন্মুখত বহু বাধা থাকে৷ চৰকাৰত বাণিজ্যিক সিদ্ধান্ত লোৱাৰ সাহসৰ অভাৱ দেখা যায়৷ সকলোৰে ভুল তথা ক’ৰ্ট-কাচাৰীৰ ভয় থাকে৷ সেইবাবে এটাই ধাৰণা থাকে যে যি চলি আছে, সেয়া চলি থাকিব দিয়ক, মোৰ দায়িত্ব অতি কম সময়ৰ৷ মোৰ পাছত যি আহিব, তেওঁ চাব৷ সেইবাবে সিদ্ধান্ত গ্ৰহণেই নকৰে, যেনেকৈ চলি আছে, তেনেকৈ চলিব দিয়ে৷

এনে ধাৰণাৰে ব্যৱসায় নচলে সেয়া আপোনালোকে ভালদৰে জানে৷ ইয়াৰ এটা পক্ষ এই যে যেতিয়া চৰকাৰে ব্যৱসায় কৰিবলৈ লয়, তেতিয়া তাৰ সম্পদৰ পৰিসৰ সীমিত হৈ যায়৷ চৰকাৰৰ পাৰদৰ্শী বিষয়াৰ অভাৱ নহয়, কিন্তু তেওঁলোকৰ প্ৰশিক্ষণ মুলতঃ শাসন ব্যৱস্থা চলোৱা, নীতি নিৰ্ধাৰিত নিয়মসমূহ পালন কৰা, জন কল্যানমূলক কামত জোৰ দিয়া, তেওঁলোকৰ বাবে আৱশ্যক নীতিৰ প্ৰস্তুত তথা এই কথাবোৰত তেওঁলোকৰ প্ৰশিক্ষণো হয় আৰু এই ক্ষেত্ৰত তেওঁলোক পাৰদৰ্শীও হয়৷ কাৰণ জীৱনৰ অধিকাংশ সময় জনসাধাৰণৰ মাজত এইধৰণৰ কাম কৰি কৰি তেওঁলোক অগ্ৰসৰ হৈছে৷ এই কাম ইমান বিশাল দেশত বহুতেই গুৰুত্বপূৰ্ণ৷

কিন্তু যেতিয়া চৰকাৰে ব্যৱসায় কৰিবলৈ লয়, তেতিয়া তেওঁলোকে এই কামৰ পৰা বাহিৰ কৰি এনে দায়বদ্ধ বিষয়াক লৈ যাব লগীয়া হয়৷ ইয়াৰ জৰিয়তে আমি তেওঁলোকৰ প্ৰতিভাৰ প্ৰতি অন্যায় কৰা হয়, সেই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতি অন্যায় কৰা হয়৷ ফলস্বৰূপে, সেই ব্যক্তি তথা প্ৰতিষ্ঠানটোৰ ক্ষতি হয়৷ সেইবাবে ইয়াৰ জৰিয়তে দেশৰ একপ্ৰকাৰৰ ক্ষতি কৰা হয়৷ আমাৰ চৰকাৰৰ প্ৰচেষ্টা এই যে জনসাধাৰণৰ জীৱন স্তৰ সংস্কাৰৰ সমান্তৰালভাৱে, জনসাধাৰণৰ জীৱনত চৰকাৰৰ অযথা দখল কম কৰা৷ অৰ্থাৎ জীৱনত চৰকাৰৰ অভাৱো নহওক, চৰকাৰৰ প্ৰভাৱো নাথাকক৷

বন্ধুসকল,

বৰ্তমান দেশত চৰকাৰৰ নিয়ন্ত্ৰমত বহু পৰিমাণে নিৰপেক্ষ আৰু অব্যৱহৃত সম্পদ আছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি ৰাষ্ট্ৰীয় সম্পদ মুদ্ৰাকৰণ পাইপলাইনৰ ঘোষণা কৰিলো৷ অইল, গেছ, বন্দৰ, বিমান বন্দৰ, শক্তি এনে প্ৰায় ১০০ সম্পদৰ মুদ্ৰাকৰণ কৰাৰ লক্ষ্য আমি লৈছো৷ ইয়াত প্ৰায় ২.৫ ত্ৰিলিয়ন টকা বিনিয়োগৰ সুযোগ লাভৰ অনুমান কৰা হৈছে৷ মই লগতে কও যে এই প্ৰক্ৰিয়া ভৱিষ্যতেও অব্যাহত থাকিব৷ চৰকাৰে যি মন্ত্ৰ লৈ আগুৱাই গৈছে, সেয়া হৈছে মুদ্ৰাকৰণ আৰু আধুনিকীকৰণ৷

যেতিয়া চৰকাৰে মুদ্ৰাকৰণ কৰে, তেতিয়া সেই স্থানত দেশৰ ব্যক্তিগত খণ্ডৰে পূৰ্ণ কৰেষ ব্যক্তিগত খণ্ডই নিজে বিনিয়োগ কৰে, বিশ্বমানৰ উন্নত অনুশীলনো হাতত লয়৷ শীৰ্ষ মানৰ মানৱশক্তিৰ লগতে ব্যৱস্থাপনাতো পৰিৱৰ্তন কৰে৷ ইয়াৰ দ্বাৰা বস্তুবোৰ আধুনিক হয়, সমগ্ৰ খণ্ডটোত আধুনিকতা আহে, খণ্ডটো ক্ষিপ্ৰতাৰে বিস্তাৰ হয় আৰু সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ, নিয়মভিত্তিক হয়, ইয়াৰ বাবে নিৰীক্ষণ কৰাটোও অতি আৱশ্যক৷ অৰ্থাৎ মুদ্ৰাকৰণ আৰু আধুনিকীকৰণৰ লগতে আমি সমগ্ৰ অৰ্থনীতিক সক্ষম কৰিব তুলিব পাৰো৷

বন্ধুসকল,

চৰকাৰৰ সিদ্ধান্তসমূহৰ বাবেই যি ধন লাভ কৰে, তাৰ ব্যৱহাৰ জনকল্যানমূলক আঁচনিত কৰিব পৰা যাব৷ সম্পদৰ মুদ্ৰাকৰণ আৰু ব্যক্তিগতকৰণৰ পৰা যি ধন আহে, তাৰ দ্বাৰা দুখীয়া লোকৰ ঘৰ নিৰ্মাণ হয়, সেই ধন গাঁওসমূহৰ পথ নিৰ্মাণত কাম আহে, সেই ধন স্কুল খোলাৰ কামত আহে, সেই ধন দুখীয়া লোকসকলক বিশুদ্ধ খোৱা পানী প্ৰদান কৰাৰ কামত আহে৷ সাধাৰণ জনতাৰ সৈতে জড়িত এনে বহু কামত আহে৷ স্বাধীনতাৰ ইমান বছৰৰ পাছতো আমাৰ দেশত এই ধৰণৰ অভাৱ আছে৷ এতিয়া দেশে ইয়াৰ বাবে অধিক অপেক্ষা কৰিব নালাগে৷

আমাৰ অগ্ৰাধিকাৰ এই যে দেশৰ সাধাৰণ নাগৰিক, তেওঁলোকৰ প্ৰয়োজনীয়তা পুৰণ হওক৷ চৰকাৰে এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰি আছে৷ সেইবাবে সম্পদ মুদ্ৰাকৰণ আৰু ব্যক্তিগতকৰণৰ সৈতে জড়িত প্ৰতিটো সিদ্ধান্ত, দেশত নাগৰিকসকলৰ বাবে সেয়া লাগিলে দুখীয়াই হওক বা মধ্যবিত্তই হওক, বা মহিলাই হওক, বা কৃষকেই হওক, বা শ্ৰমিকেই হওক, তেওঁলোকক সবল কৰা সহায় কৰিব৷ ব্যক্তিগতকৰণৰ জৰিয়তে সামৰ্থ্যৱান যুৱক-যুৱতীসকলৰ বাবে উন্নত সুবিধা উপলব্ধ হয়৷ নৱ-প্ৰজন্মই তেওঁলোকৰ প্ৰতিভা দেখুওৱাৰ অধিক সুযোগ লাভ কৰে৷

বন্ধুসকল,

দেশৰ প্ৰতিটো প্ৰতিষ্ঠানক সক্ষক কৰাৰ বাবে স্বচ্ছতা, জবাবদিহিতা, নিয়ম-কানুন, সংসদীয় দৃষ্টিকোণ আৰু শক্তিশালী ৰাজনৈতিক ইচ্ছাশক্তি আজি আপোনালোকে স্পষ্টভাৱে অনুভৱ কৰিছে৷ এই বাজেটত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ বাবে যিবোৰ নতুন নীতি ঘোষণা কৰা হৈছে, তাতো আমাৰ উদ্দেশ্য স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে৷

৪টা কৌশলগত খণ্ডৰ উপৰি বাকী সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক ব্যক্তিগতকৰণৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ কৌশলগত খণ্ডত বহু কমসংখ্যক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে, যিমান প্ৰয়োজন সিমানেই আছে, এয়া আমি স্পষ্ট কৰিছো৷ এই নীতি বাৰ্ষিক নিৰ্বিনিয়োগ লক্ষ্যক আগুৱাই নি মধ্যকালীন কৌশলগত দৃষ্টিভংগী হিচাপে লৈ ব্যক্তিগত কোম্পানীসমূহৰ বাছনিত সহায় কৰিব৷

ইয়াৰ দ্বাৰা বিনিয়োগৰো এক স্পষ্ট ৰোডমেপ থাকিব৷ ইয়াৰ দ্বাৰা প্ৰতিটো খণ্ডত আপোনালোকৰ বাবে বিনিয়োগৰ নতুন সুযোগ সৃষ্টি হ’ব আৰু ভাৰতত ৰোজগাৰৰো অপৰিসীম সম্ভাৱনা দেখা দিব৷

মই এইটোও কও যে এই সকলোবোৰ মুল্যবান সম্পদ৷ এই সম্পদসমূহে দেশৰ বহুত সেৱা কৰিছে আৰু ভৱিষ্যতেও অধিক সম্ভাৱনাই দেখা দিছে৷ আমি কেইবাবাৰো দেখিছো যে যেতিয়া মেনেজমেণ্ট সলনি হয় তেতিয়া বিভাগবোৰে নতুন শিখৰত উপনীত হয়৷ আপোনালোক সকলো বৰ্তমানৰ নহয় ভৱিষ্যতৰ যি সম্ভাৱনা লুকাই আছে, তাৰপৰা ইয়াৰ মুল্যায়ন কৰক৷ মই উজ্জ্বল ভৱিষ্যৎ স্পষ্ট ৰূপত দেখিবলৈ পাইছো৷

বন্ধুসকল,

আজি যেতিয়া আমাৰ চৰকাৰে সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰে এই দিশত আগুৱাই গৈছে, তেনে সময়ত ইয়াৰ সৈতে জড়িত নীতিসমূহৰ মূল্যায়ন সমানেই গুৰুত্বপূৰ্ণ৷ পাৰদৰ্শিতা সুনিশ্চিত কৰাৰ বাবে, প্ৰতিযোগিতা সুনিশ্চিত কৰাৰ বাবে, আমাৰ প্ৰক্ৰিয়া শুদ্ধ হোৱা, নীতি সুস্থিৰ হোৱাটো অতি আৱশ্যক৷ ইয়াৰ বাবে এক সবিশেষ ৰোডমেপৰ লগতে উপযুক্ত দৰ আৱিস্কাৰ আৰু অংশীদাৰিত্ব মেপিংৰ বাবে আমি বিশ্বৰ উন্নত অনুশীলন শিকিব লাগিব৷ আমি এইটো চাব লাগিব যে যি সিদ্ধান্ত লোৱা হৈছে, সেয়া জনসাধাৰণৰ বাবে লাভজনক হয়েই, লগতে সেই খণ্ডটোৰ বিকাশতো সহায় কৰে৷

বন্ধুসকল,

ডিচেম্বৰত ভাৰ্ছুৱেল বিশ্ব বিনিয়োগকাৰী সন্মিলনত আপোনালোকৰ মাজৰে বহুতে সাৰ্বভৌম আৰু আন্তঃগাঁথনিমূলক পুঁজিৰ বাবে কৰ উন্নয়নৰ দৰে কেতবোৰ কথা মোৰ সন্মুখত ৰাখিছিল৷ আপোনালোকে দেখিছে যে এই বাজেটত ইয়াৰ সমাধান কৰা হৈছে৷ দেশৰ কাম কৰাৰ গতি আজি আপোনালোকে অনুভৱ কৰিছে৷ প্ৰক্ৰিয়াকৰণ তীব্ৰ কৰাৰ বাবে আমি এক কৰ্তৃত্বপ্ৰাপ্ত সচিব গোট গঠন কৰিছো, যি বিনিয়োগকাৰী ব্যৱস্থাৰ সৈতে জড়িত বিষয় ক্ষিপ্ৰতাৰে সমাধান কৰে৷ সেইদৰে বহু পৰামৰ্শৰ আধাৰত আমি ডাঙৰ বিনিয়োগকাৰীক খোজে খোজে সহায় কৰাৰ বাবে এক ছিংগ পইণ্ট অৱ কণ্টেক্টৰ ব্যৱস্থা গঢ় দিছো৷

বন্ধুসকল,

বিগত বছৰসমূহত আমাৰ চৰকাৰে ভাৰতক ব্যৱসায়ৰ বাবে এক অন্যতম আকৰ্ষণস্থলী হিচাপে গঢ় দিয়াৰ বাবে নিৰন্তৰ সংস্কাৰ কৰিছে৷ আজি ভাৰত এক বজাৰ-এক কৰ ব্যৱস্থাৰ সৈতে জড়িত হৈছে৷ আজি ভাৰতত কোম্পানীসমূহৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে উন্নত ব্যৱস্থা উপলব্ধ হৈছে৷ ভাৰতত সন্মতিৰ সৈতে জড়িত জটিলতা ক্ৰমান্বয়ে সংস্কাৰ কৰা হৈছে৷ লজিষ্টিকৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৱলী ক্ষিপ্ৰতাৰে দূৰ কৰা হৈছে৷ আজি ভাৰতত কৰ ব্যৱস্থা সৰলীকৰণ কৰা হৈছে, স্বচ্ছতাৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে৷ ভাৰত সেই দেশসমূহৰ অন্যতম, য’ত কৰদাতাসকলৰ অধিকাৰক বিধিবদ্ধ কৰা হৈছে৷ শ্ৰম আইনো সৰলীকৰণ কৰা হৈছে৷

বন্ধুসকল,

বিদেশৰৰ পৰা যিসকল বন্ধু আজি সংযুক্ত হৈছে, তেওঁলোকৰ বাবে একপ্ৰকাৰৰ ভাৰত নতুন সুযোগে অপেক্ষা কৰি আছে৷ আপোনালোকেও জানে যে এফডিআইক ভাৰতে নিজৰ নীতিগত দিশত কিমান সংস্কাৰ সাধন কৰিছে৷ এফডিআই অনুকূল পৰিৱেশ আৰু উৎপাদন সংযোগী প্ৰোৎসাহণ-পিএলআইৰ দৰে প্ৰোৎসাহৰ বাবে আজি বিনিয়োগকাৰীসকলৰ ভাৰতৰ প্ৰতি উৎসাহ বৃদ্ধি পাইছে৷ এয়া বিগত কেইটামান মাহত হোৱা অভিলেখ পৰিমাণৰ এফডিআই প্ৰৱাহত স্পষ্ট ৰূপত দেখা পোৱা গৈছে৷ আজি ব্যৱসায়ৰ সহজ পৰিৱেশ কেৱল কেন্দ্ৰ চৰকাৰৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ আমাৰ ৰাজ্য চৰকাৰসমূহেও ইয়াৰ বাবে সুস্থ প্ৰতিযোগিতা চলাইছে৷ এয়া এক ডাঙৰ পৰিৱৰ্তন৷

বন্ধুসকল,

আত্মনিৰ্ভৰ ভাৰতৰ বাবে আধুনিক আন্তঃগাঁথনি তথা মাল্টিমডেল কানেক্টিভিটিৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰি থকা হৈছে৷ নিজৰ আন্তঃগাঁথনি উন্নীতৰ কৰাৰ বাবে অহা পাঁচ বছৰৰ ১১১ ত্ৰিলিয়ন টকা ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ দিশত আমি কাম কৰিছো৷ ইয়াতো ব্যক্তিগত খণ্ডৰ বাবে প্ৰায় ২৫ ত্ৰিলিয়ন টকা বিনিয়োগৰ সম্ভাৱনা আছে৷ এই আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহে আমাৰ ইয়াত ৰোজগাৰ আৰু চাহিদাও বৃদ্ধি কৰিব৷ মোৰ বিশ্বাস এই যে বহু বিনিয়োগকাৰীয়ে ভাৰতত প্ৰথমবাৰলৈ কাৰ্যালয় খোলাৰ কথা চিন্তা কৰিছে৷

এনে সকলো বন্ধুক আমি আদৰণি জনাইছো আৰু মোৰ পৰামৰ্শ এই যে গিফট চিটীত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় কেন্দ্ৰৰ জৰিয়তে বহুত সহায় পাব৷ এই কেন্দ্ৰক আন্তঃৰাষ্ট্ৰীয় তুলনামূলক নিয়ন্ত্ৰণ পৰিকাঠামোৰ অধীনত পৰিচালনা কৰা হ’ব৷ এয়া আপোনালোকৰ বাবে কাম কৰা এক উন্নত আধাৰ হ’ব পাৰে৷ এনে অনেক প্লাগ এণ্ড প্লেৰ সুবিধা ভাৰতত দিয়াৰ বাবে আমি ক্ষিপ্ৰতাৰে কাম কৰি আছো৷

বন্ধুসকল,

এই সময়ে ভাৰতৰ বিকাশৰ যাত্ৰাত নতুন অধ্যায়ৰ সুচনা কৰিব৷ যি সিদ্ধান্ত এতিয়া লোৱা হৈছে, যি লক্ষ্যৰ দিশে দেশ অগ্ৰসৰ হৈছে, সেই লক্ষ্যসমূহৰ প্ৰাপ্তিৰে সমগ্ৰ ব্যক্তিগত খণ্ডৰ ওপৰত ভৰসা আৰু অধিক বৃদ্ধি পাব৷ বিশ্বৰ সৰ্ববৃহৎ তৰুণ দেশৰ এই আশা কেৱল চৰকাৰৰে নহয়, বৰঞ্চ ব্যক্তিহত খণ্ডটো সমানেই আছে৷ এই আকাংক্ষাই ব্যৱসায়ৰ এক বৃহৎ সুযোগ লৈ আহিছে৷

আহক, আমি সকলোৱে এই সুযোগৰ ব্যৱহাৰ কৰো৷ এক উন্নত বিশ্বৰ বাবে আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণত অংশীদাৰ হও৷ ইমান বিশাল হাৰত এই সন্মিলনত অংশগ্ৰহণ কৰিছে, তাৰবাবে আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছো৷ আপোনালোকৰ যথেষ্ট অভিজ্ঞতা আছে, দেশ আৰু বিশ্বৰ অভিজ্ঞতা আছে৷ আপোনালোকৰ উত্তম পৰামৰ্শই আমাক জনসাধাৰণৰ সেই দিশবোৰ ক্ষিপ্ৰ কৰাৰ দিশত যথেষ্ট সহায় কৰিব৷ আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ এই যে বাজেটত যি আছে, চৰকাৰে যি নীতি নিৰ্ধাৰণ কৰিছে, যিবোৰ কথা আজি মই উল্লেখ কৰাৰ প্ৰয়াস কৰিছো, সেই ক্ষেত্ৰত আপোনালোকৰ তাৎক্ষণিক সহায়ৰ প্ৰয়োজন, কাৰণ ক্ষিপ্ৰতাৰে সেই ৰূপায়ণ কৰাৰ ৰোডমেপ প্ৰস্তুত কৰিব লাগে৷ মোৰ বিশ্বাস আপোনালোকৰ অভিজ্ঞতা, আপোনালোকৰ জ্ঞান, আপোনালোকৰ সামৰ্থ্যই ভাৰতক এই আশা-আকাংক্ষা, দুয়োটা দিশতে এক নতুন ভাৰত নিৰ্মাণ কৰাৰ শক্তি সৃষ্টি কৰিব৷ মই পুনৰবাৰ আপোনালোকৰ সকলোকে আদৰণি জনাইছো, আপোনালোকৰ পৰামৰ্শৰ বাবে অপেক্ষা কৰিলো৷

বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India, Australia clinched Uranium deal

Media Coverage

How India, Australia clinched Uranium deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian contingent on winning Gold Medals at the 56th International Physics Olympiad (IPhO) 2026
July 13, 2026

The Prime Minister, Shri Narendra Modi has congratulated the Indian contingent of Kanishk Jain, Riddhesh Anant Bendale, Rishit Garg, Shresth Suraiya and Svarit Joshi for winning Gold Medals at the 56th International Physics Olympiad (IPhO) 2026 held in Bucaramanga, Colombia.

The Prime Minister said that their feat reflects yet another example of the limitless potential of the nation’s Yuva Shakti and their passion for science and research.

Shri Modi also noted that, over the last decade, Indian students have performed exceptionally well in the various editions of this platform.

The Prime Minister wrote on X;

“An outstanding performance by our youngsters!

Congratulations to the Indian contingent of Kanishk Jain, Riddhesh Anant Bendale, Rishit Garg, Shresth Suraiya and Svarit Joshi for winning Gold Medals at the 56th International Physics Olympiad (IPhO) 2026 held in Bucaramanga, Colombia.

Their feat reflects yet another example of the limitless potential of our Yuva Shakti and their passion towards science and research. Equally commendable is the fact that in the last decade, our students have performed exceptionally well in the various editions of this platform.”