India's Energy Plan aims to ensure energy justice: PM
We plan to achieve ‘One Nation One Gas Grid’ & shift towards gas-based economy: PM
A self-reliant India will be a force multiplier for the global economy and energy security is at the core of these efforts: PM

মহামহিম শ্ৰীযুত ডেন ব্ৰৌউলী, সচিব, শক্তিখণ্ড, আমেৰিকা যুক্তৰাষ্টৰ

মহামহিম যুৱৰাজ, আব্দুল আজিজ, শক্তি মন্ত্ৰী, ছৌদি আৰৱ

ড. ডেনিয়েল য়াৰ্জিন, উপাধ্যক্ষ, আইএইচএছ মাৰ্কিট

মোৰ সতীৰ্থ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

বিশ্বৰ তেল আৰু গেছ উদ্যোগৰ শীৰ্ষ বিষয়াসকল

নমস্তে!

ইণ্ডিয়া এনাৰ্জি ফ'ৰাম CERA সপ্তাহৰ চতুৰ্থ সংস্কৰণত আপোনালোকক লগ পাই নথৈ আনন্দিত হৈছো। শক্তি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে মই ড. ডেনিয়েল ইয়াৰ্জিনক অভিনন্দন জনাইছো। মই তেওঁক তেওঁৰ শেহতীয়া কিতাপ "নতুন মানচিত্ৰ" ৰ বাবেও অভিনন্দন জনাইছো।.

বন্ধুসকল,

এইবছৰৰ বিষয়টো অত্যন্ত প্ৰাসঙ্গিক – “পৰিৱৰ্তনশীল বিশ্বত ভাৰতৰ ইন্ধনৰ ভৱিষ্যৎ”। আমি আপোনালোকক নিশ্চিতকৈ ক’ব পাৰো যে ভাৰত, শক্তিৰে ভৰপুৰ! ভাৰতৰ ইন্ধন বা শক্তিখণ্ডৰ ভৱিষ্যৎ উজ্জ্বল আৰু সুৰক্ষিত। এই কথা মোৰ মনলৈ আহিছে আৰু সেই কথা আপোনালোকৰ সমূখত ব্যাখ্যা কৰিছো।

বন্ধুসকল,

শক্তিখণ্ডৰ বাবে এই বছৰটা অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ। শক্তি বা ইন্ধনৰ চাহিদা প্ৰায় এক তৃতীয়াংশ কমি গৈছে। মূল্যৰ অস্থিৰতা দেখা দিছে। ইয়াৰ ফলত বিনিয়োগৰ সিদ্ধান্ততো প্ৰভাৱ পৰিছে। প্ৰথম শ্ৰেণীৰ আন্তৰ্জাতিক প্ৰকল্পবোৰৰ ক্ষেত্ৰত আগন্তুক কেবাবছৰ ধৰি বিশ্বজুৰি শক্তিক্ষেত্ৰত বা ইয়াৰ চাহিদাৰ ক্ষেত্ৰত বিৰূপ প্ৰতিক্ৰিয়া দেখা দিব। কিন্তু ভাৰতৰ ক্ষেত্ৰত এই সকলো সংস্থাই যি পূৰ্বাভাস দিছে তালৈ লক্ষ্য কৰিলে দেখা যাব যে ইন্ধন বা শক্তিখণ্ডৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে, অগ্ৰগামী উপভোক্তা হ’বলৈ আগবাঢ়িছে। ভাৰতত দীৰ্ঘম্যাদী ভিত্তিত ইন্ধন বা এনাৰ্জীৰ ব্যৱহাৰ প্ৰায় দ্বিগুণ হ’বলৈ লৈছে।

বন্ধুসকল,

এনে ভালেমান ক্ষেত্ৰতে আমি এই সম্ভাৱনা দেখিবলৈ পাইছো। যেনে ধৰক – বিমান পৰিবহন ক্ষেত্ৰ। ভাৰত হ’ল তৃতীয় বৃহত্তম দেশ আৰু দেশৰ অভ্যন্তৰত বিমান পৰিবহণৰ ক্ষেত্ৰত এইদেশৰ বজাৰ ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে। বৰ্তমান ৬০০ খন ভাৰতীয় বিমানৰ উড়ানৰ পৰা  ২০২৪  চনলৈ বৃদ্ধি হৈ হ’ব ১২০০। এয়া এক বৃহৎ অগ্ৰগতি !

বন্ধুসকল,

ভাৰতে বিশ্বাস কৰে যে এনাৰ্জী ক্ষেত্ৰ নিৰ্ভৰশীল আৰু আয়ত্ত্বাধীন হোৱা প্ৰয়োজন। যিসময়ত আৰ্থ-সামাজিক পৰিৱৰ্তন হৈছে, সেই সময়য়ে ই অত্যন্ত গুৰুত্বপূৰ্ণ। আমি মন কৰিছো যে জনসাধাৰণৰ মাজত এনাৰ্জী ক্ষেত্ৰৰ সহায়ত সবলীকৰণৰ প্ৰক্ৰিয়াটো সম্পন্ন হ’ব আৰু সহজ জীৱনযাত্ৰাৰ দিশে আৰু  আগুৱাই যাব। ভাৰতত ১০০ শতাংশ বৈদ্যুতিকৰণ হৈছে। ৰন্ধন গেছৰ ব্যৱহাৰ বৃদ্ধি পাইছে। এই পৰিৱৰ্তনবোৰে বিশেষকৈ আমাৰ গ্ৰামাঞ্চলত, আমাৰ মধ্যবিত্ত শ্ৰেণীৰ নাগৰিকসকলৰ আৰু ভাৰতৰ মহিলাসকলৰ বাবে সুবিধা কঢ়িয়াই আনিছে।

বন্ধুসকল,

ভাৰতৰ এনাৰ্জী পৰিকল্পনাটোৱে শক্তিক্ষেত্ৰত এক ন্যায্যতা নিশ্চিত কৰে। এইক্ষেত্ৰত স্থিতিশীল উন্নয়নৰ বাবে আমি আন্তৰ্জাতিক ক্ষেত্ৰত প্ৰদান কৰা অঙ্গীকাৰ নিশ্চিত কৰিছো। ইয়াৰ অৰ্থ হৈছে আৰু অধিক এনাৰ্জীৰ মাধ্যমেৰে ভাৰতীয়সকলৰ জীৱনযাত্ৰা উন্নত কৰা। কিন্তু কাৰ্বন নিঃসৰণ ইয়াৰ দ্বাৰা কম হ’ব।

বন্ধুসকল,

আমি এনাৰ্জী ক্ষেত্ৰ উন্নয়ন কেন্দ্ৰিক, উদ্যোগৰ অনুকূল আৰু পৰিৱেশ সচেতন। আৰু সেয়ে পুনৰ নবীকৰণযোগ্য এনাৰ্জীৰ উৎসৰ বিষয়ে ভাৰত, আটাইতকৈ বেছি সক্ৰিয় ৰাষ্ট্ৰ।

বন্ধুসকল,

বিগত ৬ বছৰত ৩৬ কোটিতকৈও অধিক এলইডি বাল্ব বিতৰণ কৰা হৈছে। এই এলইডি বাল্ববোৰৰ দাম এক দশমাংশ কমাই অনা হৈছে। বিগত ৬ বছৰত ১ কোটি ১০ লাখ স্মাৰ্ট এলইডি ষ্ট্ৰীট লাইট লগোৱা হৈছে। এইবোৰৰ মাধ্যমেৰে প্ৰায় ৬ হাজাৰ কোটি ইউনিট বিদ্যুৎ ৰাহি হৈছে। এই কাৰ্যসূচীৰ মাধ্যমেৰে বছৰত ৪ কোটি ৫০ লাখ টন কাৰ্বন ডাই অক্সাইডৰ নিঃসৰণ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত গ্ৰীণ হাউছ গেছৰ নিঃসৰণ হ্ৰাস পাইছে। এইবোৰৰ মাজেৰে আমি বছৰেকত ২৪ হাজাৰ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছো। এইবোৰ উদ্যোগৰ ফলত পৰিৱেশ বান্ধৱ এনাৰ্জীৰ ক্ষেত্ৰে বিনিয়োগৰ বিষয়ত ভাৰত সকলোতকৈ আকৰ্ষণীয় বজাৰ হৈ উঠিছে।

বন্ধুসকল,

আমি যিদৰে কৈছিলো, ভাৰতে সদায়েই বিশ্বৰ হিত চিন্তা কৰে। আমি আন্তৰ্জাতিক সমুদায়ৰ বাবে আমাৰ প্ৰতিশ্ৰুতি সকলো সময়তে মানি চলিছো। ২০২২ চনৰ ভিতৰত পুনৰ নবীকৰণযোগ্য এনাৰ্জী উৎপাদনৰ ক্ষমতা ১৭৫ গিগাৱাট কৰাৰ পৰিকল্পনা কৰা হৈছে। আমি লগতে পৰিকল্পনা কৰিছো যে ২০৩০ চনৰ ভিতৰত এই ক্ষমতা ৪৫০ গিগাৱাটলৈ বৃদ্ধি কৰিম। বিশ্বৰ উদ্যোগক্ষেত্ৰত উন্নত দেশবোৰৰ তুলনাত ভাৰতত যথেষ্ট কমকৈ কাৰ্বন নিঃসৰণ হয়। ইয়াৰ লগে লগে আমি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলাই যাম।

বন্ধুসকল,

বিগত ৬ বছৰত ভাৰতত সংস্কাৰৰ কাম দ্ৰুত গতিত চলিছে। এনাৰ্জী ক্ষেত্ৰত অনেক যুগান্তকাৰী সংস্কাৰ গ্ৰহণ কৰা হৈছে। ২০১৯ ৰ ফেব্ৰুৱাৰীত উত্তোলন আৰু লাইছেন্স নীতিৰ ক্ষেত্ৰত সংস্কাৰ অনা হৈছে। ৰাজহৰ পৰিৱৰ্তে উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। এইক্ষেত্ৰত আৰু স্বচ্ছতা আৰু পদ্ধতিগত দিশৰ পৰা সংস্কাৰৰ ওপৰত জোৰ দিয়া হৈছে। আমি শোধনাগাৰৰ ক্ষমতা ২৫০০ ৰ পৰা বৃদ্ধি কৰি ২০২৫ চনৰ ভিতৰত বছৰি ৪০০০ লাখ মেট্ৰিক টন কৰাৰ পৰিকল্পনা কৰিছো। চৰকাৰে দেশত গেছৰ উৎপাদন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি “এক দেশ, এক গেছ গ্ৰীড” গঢ়ি তোলাৰ লক্ষ্যৰে আগুৱাইছো। ইয়াৰ মাধ্যমেৰে গেছভিত্তিক অৰ্থনীতিৰ দিশেও ভাৰত আগুৱাইছে।

বন্ধুসকল,

দীৰ্ঘদিন ধৰি সমগ্ৰ বিশ্বই অপৰিশোধিত তেলৰ দামৰ ক্ষেত্ৰত যথেষ্ট উঠা-নমা দেখিবলৈ পাইছে। যুক্তি সংগত মূল্য নিৰ্ধাৰণৰ বাবে এইবাৰ আমিৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। তেল আৰু গেছ ক্ষেত্ৰত স্বচ্ছ আৰু নমনীয় বজাৰ গঢ়ি তুলিবৰ বাবে আমি একত্ৰিত হৈ কাম কৰিব লাগিব।

বন্ধুসকল,

প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধি কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। বজাৰত গেছৰ মূল্যৰ দিশত সমতা অনাৰ বাবে এমাহৰ ভিতৰতে আমি প্ৰাকৃতিক গেছ বিপণন সংস্কাৰ কাৰ্যসূচী ঘোষণা কৰিছো। ইয়াৰ ফলত বৈদ্যুতিন পদ্ধতিত নিলামৰ মাধ্যমেৰে প্ৰাকৃতিক গেছ বিক্ৰীৰ ক্ষেত্ৰত আৰু অধিক স্বাধীনতা পোৱা যাব। এই বছৰৰ জুন মাহত ভাৰতৰ প্ৰথম স্বয়ংক্ৰিয় ৰাষ্ট্ৰীয় স্তৰত গেছ ব্যৱসায়ৰ প্লেটফৰ্মৰ সূচনা কৰা হৈছে। গেছৰ বজাৰ দৰ নিৰ্ধাৰণৰ বাবে ইয়াৰ ফলত সাধাৰণ এক পদ্ধতি অনুসৰণ কৰা হ’ব।

বন্ধুসকল,

আমি আত্মনিৰ্ভৰ ভাৰতৰ দিশে আগুৱাইছো। আত্মনিৰ্ভৰ ভাৰতে আন্তৰ্জাতিক অৰ্থনীতিৰ ক্ষেত্ৰত গতিৰ সঞ্চাৰ কৰিব। এনাৰ্জীৰ সুৰক্ষাৰ বিষয়টো আমাৰ উদ্যোগৰ কেন্দ্ৰতে আছে। আপোনালোকে জানিবলৈ পাই আনন্দিত হ’ব যে, আমাৰ এই উদ্যোগৰ ইতিবাচক ফল পোৱা গৈছে। সংকটৰ এই সময়ত আমি দেখিছো যে তেল আৰু গেছ সৰবৰাহ শৃঙ্খললৈ বিনিয়োগ আহিছে। আন আন ক্ষেত্ৰবোৰতো আমি একেই লক্ষণ দেখিবলৈ পাইছো।

বন্ধুসকল,

আমি আন্তৰ্জাতিক স্তৰত এনাৰ্জী সংস্থাবোৰৰ সৈতে কৌশলগত আৰু সৰ্বাঙ্গীন উত্তৰণৰ বাবে এক উদ্যোগ গ্ৰহণ কৰিছো। আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰবোৰৰ পাৰস্পৰিক সুবিধাৰ কথা বিবেচনা কৰি আমি আমাৰ ‘প্ৰতিবেশী প্ৰথম’ নীতি অনুসৰণ কৰি এনাৰ্জী কৰিডৰ গঢ়ি তুলিছো।

বন্ধুসকল,

সূৰ্যৰ পোহৰে মানৱ জাতিৰ প্ৰগতিক আৰু উজ্জ্বল কৰি তুলিছে। সূৰ্য দেৱতাৰ ৰথ যেনেদৰে সাতটা ঘোৰাই চলায়, ঠিক তেনেদৰে ভাৰতৰ এনাৰ্জীৰ পৰিকল্পনাতো সাতটা গুৰুত্বপূৰ্ণ উপাদান আছে। পৰিৱৰ্তনেৰ এই উপাদানবোৰ হল :

১) গেছভিত্তিক অৰ্থনীতিৰ দিশে অগ্ৰগতিৰ বাবে আমাৰ উদ্যোগক ত্বৰান্বিত কৰা

২) মূলতঃ পেট্ৰ’লিয়াম আৰু কয়লাসহ জীৱাশ্ম এনাৰ্জীৰ পৰিৱেশ বান্ধৱ ব্যৱহাৰ

৩) জৈৱ ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ দেশীয় সম্পদৰ ওপৰত আৰু অধিক নিৰ্ভৰ কৰা

৪) ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট পুনৰ নবীকৰণযোগ্য এনাৰ্জীৰ লক্ষ্যত উপনীত হোৱা

৫) কাৰ্বনমুক্ত পৰিবহণ ব্যৱস্থাৰ দিশেৰে আগুৱাবৰ বাবে বিদ্যুৎৰ ব্যৱহাৰ বৃদ্ধি কৰা

৬) হাইড্ৰ’জেনসহ নতুন নতুন এনাৰ্জীৰ ব্যৱহাৰ বৃদ্ধি কৰা

৭) সমগ্ৰ এনাৰ্জীৰ ব্যৱস্থাপনাক ডিজিটেল উদ্ভাৱন পদ্ধতিলৈ লৈ অহা

বিগত ৬ বছৰ ধৰি এনাৰ্জী নীতিৰ এই বিষয়বোৰৰ ওপৰত বেছ গুৰুত্ব দিয়া হৈছে।

বন্ধুসকল,

ভাৰত এনাৰ্জী ফ’ৰাম – CERA সপ্তাহে উদ্যোগ, চৰকাৰ আৰু সমাজৰ ভিতৰত এক গুৰুত্বপূৰ্ণ প্লেটফৰ্ম গঢ়ি তুলিব। আমি আশাবাদী যে আৰু উন্নত এনাৰ্জীৰ ভৱিষ্যৎ পাবৰ বাবে এই সন্মিলনৰ আলোচনাবোৰ ফলপ্ৰসূ হ’ব। পুনৰ এবাৰ মই ক’বলৈ বিচাৰো যে ভাৰতৰ শক্তিয়ে সমগ্ৰ বিশ্বকে শক্তিশালী কৰিব!

 

ধন্যবাদ।

অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act

Media Coverage

'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of self-respect, courage and steadfastness
August 18, 2026

The Prime Minister, Shri Narendra Modi has shared a Sanskrit Subhashitam highlighting the importance of living with self-respect, courage and dignity. He emphasised that true valour and strength lie in remaining steadfast in one’s principles and values, without compromising them under any circumstances.

The Prime Minister shared a Sanskrit Subhashitam-

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।
अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”

The Subhashitam conveys that a person should always live with self-respect, courage and dignity. True valor and strength lie in never compromising one's principles and values under any circumstances, but remaining steadfast in one's ideals with truth, patience and self-pride.

The Prime Minister wrote on X;

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।

अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”