"ভাৰতক মুক্ততা, সুযোগ আৰু বিকল্পৰ সংমিশ্ৰণ হিচাপে দেখা যায়"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' লিংকৰ জৰিয়তে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত জি-২০ বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰীসকলৰ বৈঠকত ভাষণ প্ৰদান কৰে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে দুৰ্বলতা মূল্যাংকন কৰা, বিপদাশংকা হ্ৰাস আৰু স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে বৈশ্বিক মূল্য শৃংখলাৰ মেপিঙৰ বাবে এক উমৈহতীয়া পৰিকাঠামো সৃষ্টিৰ ভাৰতৰ প্ৰস্তাৱৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
তেওঁ উপযুক্ত মূল্য আৱিষ্কাৰ আৰু অভিযোগ ব্যৱস্থাপনা প্ৰণালীত গ্ৰাহকসকলে সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে গ্লোবেল ট্ৰেড হেল্প ডেস্কৰ উন্নীতকৰণে বিশ্ব বাণিজ্যত এমএছএমইৰ অংশগ্ৰহণ বৃদ্ধি কৰিব।
তেওঁ বিশ্বাস ব্যক্ত কৰে যে বৈশ্বিক বাণিজ্য ব্যৱস্থা ক্ৰমান্বয়ে অধিক প্ৰতিনিধিত্বমূলক আৰু সামগ্ৰিক ভৱিষ্যতলৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত কৰিবলৈ ৱৰ্কিং গ্ৰুপে সামূহিকভাৱে আগবাঢ়িব।
তেওঁ বিশ্ব অৰ্থনীতিত মুখ্য ভূমিকাৰ বাবে এমএছএমইসমূহৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' লিংকৰ জৰিয়তে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত জি-২০ বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰীসকলৰ বৈঠকত ভাষণ প্ৰদান কৰে।

 

বৈঠকত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে গোলাপী চহৰৰ জনসাধাৰণক উষ্ম আদৰণি জনায় আৰু কয় যে অঞ্চলটো ইয়াৰ গতিশীল আৰু উদ্যমী লোকসকলৰ বাবে জনাজাত। তেওঁ জোৰ দি কয় যে বাণিজ্যই ধাৰণা, সংস্কৃতি আৰু প্ৰযুক্তিৰ আদান-প্ৰদানত সহায় কৰিছে আৰু লগতে কয় যে ইতিহাস সাক্ষী যে ই মানুহক ওচৰ চপাই আনে। "বাণিজ্য আৰু বিশ্বায়নে কোটি কোটি লোকক চৰম দৰিদ্ৰতাৰ পৰা বাহিৰ উলিয়াই আনিছে।"

 

ভাৰতীয় অৰ্থনীতিৰ ওপৰত বৈশ্বিক আশাবাদ আৰু আস্থাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতক মুক্ততা, সুযোগ আৰু বিকল্পৰ সংমিশ্ৰণ হিচাপে গণ্য কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলস্বৰূপে যোৱা ন বছৰত ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হৈছে। "আমি ২০১৪ চনত "সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তন"ৰ যাত্ৰা আৰম্ভ কৰিছোঁ", প্ৰধানমন্ত্ৰীয়ে বৰ্ধিত প্ৰতিযোগিতা আৰু বৰ্ধিত স্বচ্ছতা, ডিজিটাইজেচনৰ সম্প্ৰসাৰণ আৰু উদ্ভাৱনক প্ৰোৎসাহ যোগোৱাৰ উদাহৰণ দাঙি ধৰে। তেওঁ আৰু কয় যে ভাৰতে সমৰ্পিত ফ্ৰেইট কৰিডৰ স্থাপন কৰিছে আৰু ঔদ্যোগিক ক্ষেত্ৰ সৃষ্টি কৰিছে। "আমি ৰঙা ফিটাৰ পৰা ৰেড কাৰ্পেটলৈ আগবাঢ়িছো আৰু এফডিআইৰ প্ৰবাহ উদাৰ কৰিছোঁ। তেওঁ মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে পদক্ষেপৰ কথাও উল্লেখ কৰে যিয়ে দেশত উৎপাদন আৰু নীতিগত স্থিৰতা বৃদ্ধি কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অহা কেইবছৰমানৰ ভিতৰত ভাৰতক তৃতীয় সৰ্ববৃহৎ গোলকীয় অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

 

প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ পৰা ভূ-ৰাজনৈতিক উত্তেজনালৈকে বৰ্তমানৰ বৈশ্বিক প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি কয় যে ই বিশ্ব অৰ্থনীতিৰ পৰীক্ষা লৈছে। "জি-২০ দেশ হিচাপে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগৰ ওপৰত বিশ্বাস পুনৰ গঢ়ি তোলাটো আমাৰ দায়িত্ব। প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ স্থিতিস্থাপক আৰু অন্তৰ্ভুক্তিমূলক বৈশ্বিক মূল্য শৃংখলা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে দুৰ্বলতা মূল্যাংকন কৰা, বিপদাশংকা হ্ৰাস আৰু স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে বৈশ্বিক মূল্য শৃংখলাৰ মেপিঙৰ বাবে এক উমৈহতীয়া পৰিকাঠামো সৃষ্টিৰ ভাৰতৰ প্ৰস্তাৱৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে "ব্যৱসায়ত প্ৰযুক্তিৰ পৰিৱৰ্তনশীল শক্তি অনস্বীকাৰ্য্য" বুলি মন্তব্য কৰে আৰু অনলাইন একক পৰোক্ষ কৰ জিএছটিৰ দিশত ভাৰতৰ পদক্ষেপৰ উদাহৰণ দাঙি ধৰে, যিয়ে আন্তঃৰাজ্যিক বাণিজ্যক প্ৰোৎসাহ যোগোৱাৰ বাবে একক আভ্যন্তৰীণ বজাৰ গঢ়ি তোলাত সহায় কৰে। তেওঁ ভাৰতৰ ইউনিফাইড লজিষ্টিকছ ইণ্টাৰ-ফেচ প্লেটফৰ্মৰ বিষয়েও মন্তব্য কৰে, যিয়ে ব্যৱসায়িক লজিষ্টিকসমুহ সস্তা আৰু অধিক স্বচ্ছ কৰি তোলে। তেওঁ 'ডিজিটেল কমাৰ্চৰ বাবে মুক্ত নেটৱৰ্ক'ৰ কথাও উল্লেখ কৰে আৰু ইয়াক এক গেম-চেঞ্জাৰ হিচাপে অভিহিত কৰে যিয়ে ডিজিটেল বজাৰৰ পৰিৱেশ-প্ৰণালীক গণতান্ত্ৰিক কৰি তুলিব। "আমি ইতিমধ্যে পৰিশোধ প্ৰণালীৰ বাবে আমাৰ ইউনিফাইড লজিষ্টিকছ ইণ্টাৰ-ফেচ প্লেটফৰ্মৰ জৰিয়তে এইটো কৰিছো।" প্ৰধানমন্ত্ৰীয়ে কয় যে ডিজিটাইজেচন প্ৰক্ৰিয়া আৰু ই-কমাৰ্চৰ ব্যৱহাৰে বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে গোটটোৱে "ব্যৱসায়িক নথিপত্ৰৰ ডিজিটাইজেচনৰ বাবে উচ্চ-স্তৰৰ নীতি"ৰ ওপৰত কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয়, "ব্যৱসায়িক নথিপত্ৰৰ ডিজিটাইজেচনৰ উচ্চ-স্তৰৰ নীতিয়ে দেশসমূহক আন্তঃসীমা ইলেক্ট্ৰনিক বাণিজ্য ব্যৱস্থা ৰূপায়ণ কৰাত আৰু অনুপালনৰ বোজা হ্ৰাস কৰাত সহায় কৰিব পাৰে।" আন্তঃসীমা ইলেক্ট্ৰনিক বাণিজ্যৰ বিকাশৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ডাঙৰ-সৰু বিক্ৰেতাসকলৰ মাজত সমান প্ৰতিযোগিতা নিশ্চিত কৰাৰ বাবে একেলগে কাম কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ উপযুক্ত মূল্য আৱিষ্কাৰ আৰু অভিযোগ ব্যৱস্থাপনা প্ৰণালীত গ্ৰাহকসকলে সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিশ্ব বাণিজ্য সংস্থাৰ মূল তত্বাৱধানত এক নিয়ম-আধাৰিত, মুক্ত, সামগ্ৰিক আৰু বহুপাক্ষিক বাণিজ্য ব্যৱস্থাত বিশ্বাস কৰে। তেওঁ আৰু কয় যে ভাৰতে দ্বাদশ বিশ্ব বানিজ্য সংস্থাৰ মন্ত্ৰী সন্মিলনত গ্লোবেল ছাউথৰ স্বাৰ্থ উপস্থাপন কৰিছে, য'ত সদস্যসকলে লাখ লাখ কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এক সহমত গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেওঁ বিশ্ব অৰ্থনীতিত মুখ্য ভূমিকাৰ বাবে এমএছএমইসমূহৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "এমএছএমইসমূহে ৬০ৰ পৰা ৭০ শতাংশ নিযুক্তি প্ৰদান কৰে আৰু বিশ্বৰ জিডিপিত ৫০ শতাংশ অৰিহণা যোগায়"। প্ৰধানমন্ত্ৰীয়ে এমএছএমইসমূহক নিৰন্তৰ সমৰ্থন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যিহেতু এমএছএমইসমূহৰ সশক্তিকৰণ সামাজিক সশক্তিকৰণলৈ ৰূপান্তৰিত হয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "আমাৰ বাবে এমএছএমইৰ অৰ্থ হৈছে ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহক সৰ্বাধিক সমৰ্থন। তেওঁ কয় যে ভাৰতে এমএছএমইসমূহক অনলাইন প্লেটফৰ্ম-চৰকাৰী ই-মাৰ্কেটপ্লেচৰ জৰিয়তে ৰাজহুৱা ক্ৰয়ৰ সৈতে সংযুক্ত কৰিছে আৰু পৰিৱেশৰ ওপৰত 'শূন্য ত্ৰুটি' আৰু 'শূন্য প্ৰভাৱ'ৰ প্ৰকৃতি গ্ৰহণ কৰিবলৈ এমএছএমই খণ্ডৰ সৈতে কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে বৈশ্বিক বাণিজ্য আৰু আন্তৰ্জাতিক মূল্য শৃংখলাত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি কৰাটো ভাৰতৰ বাবে এক শীৰ্ষ অগ্ৰাধিকাৰ। 'এমএছএমইসমূহলৈ তথ্যৰ অবিৰাম প্ৰবাহ বৃদ্ধিৰ বাবে জয়পুৰ উদ্যোগ' সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই বজাৰ আৰু ব্যৱসায় সম্পৰ্কীয় তথ্যৰ অপৰ্যাপ্ত প্ৰৱেশাধিকাৰৰ সৈতে এমএছএমইসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে গ্লোবেল ট্ৰেড হেল্প ডেস্কৰ উন্নীতকৰণে বিশ্ব বাণিজ্যত এমএছএমইৰ অংশগ্ৰহণ বৃদ্ধি কৰিব।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগ প্ৰক্ৰিয়াৰ ওপৰত আস্থা পুনৰুদ্ধাৰ কৰাৰ বাবে এটা পৰিয়াল হিচাপে জি-২০ সদস্যসকলৰ এক সামূহিক দায়িত্ব আছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে বৈশ্বিক বাণিজ্য ব্যৱস্থা ক্ৰমান্বয়ে অধিক প্ৰতিনিধিত্বমূলক আৰু সামগ্ৰিক ভৱিষ্যতলৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত কৰিবলৈ ৱৰ্কিং গ্ৰুপে সামূহিকভাৱে আগবাঢ়িব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's coconut product exports explode in FY26, mark a spurt of 62% on year

Media Coverage

India's coconut product exports explode in FY26, mark a spurt of 62% on year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of benevolent actions and welfare of others
August 19, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that the true fulfilment of human life lies in constantly working for the welfare and well-being of other living beings.

The Prime Minister shared a Sanskrit Subhashitam-

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”

The Subhashitam conveys that the ultimate fulfillment of human life in this world lies in constantly performing benevolent and welfare-oriented actions toward other living beings through one's physical capabilities, wealth, intellect, and speech.

The Prime Minister wrote on X;

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”