কেৱল কংক্ৰিট গাঁথনিয়েই নহয়, নিজস্ব বৈশিষ্টৰে আন্তঃগাঁথনি গঢ়ি তোলাই আজি আমাৰ লক্ষ্যঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ একবিংশ শতিকাৰ চাহিদা বিংশ শতিকাৰ উপায়েৰে পূৰণ কৰিব নোৱাৰিঃ প্ৰধানমন্ত্ৰী
চাইন্স চিটিৰ মনোৰঞ্জনমূলক উপাদানে শিশুৰ সৃষ্টিশীলতাক উৎসাহিত কৰিবঃ প্ৰধানমন্ত্ৰী
আমি কেৱল সেৱা হিচাপেই নহয়, এক সম্পদ হিচাপেও ৰে’লৱেক বিকশিত কৰিছোঁঃ প্ৰধানমন্ত্ৰী
দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰৰ ৰেল ষ্টেচনসমূহো উন্নত সুবিধাৰে সজ্জিত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ,

মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী আৰু গান্ধীনগৰৰ সাংসদ শ্ৰীমান অমিত শ্বাহ জী ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণী জী, উপ মুখ্যমন্ত্ৰী নিতিন ভাই, কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী শ্ৰীমতী দৰ্শনা জৰদোশ জী, গুজৰাট চৰকাৰৰ অন্য মন্ত্ৰীগণ, সংসদৰ মোৰ সহযোগী আৰু গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ শ্ৰীমান চিআৰ পাটিল জী, অন্য সাংসদগণ, বিধায়কগণ, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল, আপোনালোক সকলোকে নমস্কাৰ।

আজিৰ দিনটো, ২১শ শতিকাৰ ভাৰতৰ আকাংক্ষাৰ, যুৱ ভাৰতৰ ভাবনা আৰু সম্ভাৱনাৰ বহুত ডাঙৰ প্ৰতীক। ছাইঞ্চ আৰু টেকনলজি হওক, উন্নত Urban Landscape হওক বা আকৌ connectivityৰ আধুনিক Infrastructure, নতুন ভাৰতৰ নতুন পৰিচয়ত আজি এটা আৰু অলংকাৰ সংযুক্ত হ'ল। মই ইয়াত দিল্লীৰ পৰা বহুতো projectsৰ লোকাৰ্পণ তো কৰিছো, কিন্তু এইবিলাকক সোঁ-শৰীৰে দেখাৰ উৎসুকতা মই প্ৰকাশ কৰিব নোৱাৰো। মই সুযোগ পালেই নিজেও এইবোৰ চাবলৈ আহিম।

ভাই-ভনীসকল,

আজি দেশৰ লক্ষ্য কেৱল Concreteৰ Structure থিয় কৰোৱাটো নহয়, বৰং আজি দেশত এনেকুৱা Infraৰ নিৰ্মাণ হৈ আছে যাৰ নিজৰ একোটা Character আছে। উন্নত পাব্লিক প্লেচ আমাৰ জৰুৰী আৱশ্যকতা, এনেকৈ কেতিয়াও আগতে ভবা নহৈছিল। আমাৰ অতীতৰ Urban planningত ইয়াকো এক প্ৰকাৰৰ লাগজাৰীৰ সৈতে সাঙুৰি দিয়া হৈছিল। আপোনালোকেও মন কৰিছে চাগৈ যে ৰিয়েল এষ্টেট আৰু হাউছিং কোম্পানীৰ প্ৰচাৰৰ ফোকাচ কি হয় - পাৰ্ক ফেচিং ঘৰ বা ছ'চাইটীৰ বিশেষ পাব্লিক স্পেচৰ আশেপাশে হয়। এনেকুৱা এই কাৰণেই হয় কিয়নো আমাৰ চহৰসমূহৰ এক বৃহৎ জনসংখ্যাই কোৱালিটী পাব্লিক স্পেচ আৰু কোৱালিটী পাব্লিক লাইফৰ পৰা বঞ্চিত হৈ আছে। এতিয়া Urban Developmentৰ পুৰণি ধাৰণাক পিছত এৰি থৈ দেশ আধুনিকতাৰ দিশত আগুৱাই আছে।

বন্ধুসকল,

আহমদাবাদত সাবৰমতীৰ কি অৱস্থা আছিল, এই কথা কোনে পাহৰিব পাৰে? আজি তাত পানীৰ ধাৰাৰ লগতে ৰিভাৰফ্ৰণ্ট, পাৰ্ক, অ'পেন জিম, ছী প্লেনৱে সকলো আমাৰ সেৱাত উপলব্ধ। অৰ্থাৎ এক প্ৰকাৰে সম্পূৰ্ণ ecosystem সলনি হৈ গৈছে। এই পৰিৱৰ্তনেই কাংকৰিয়াত কৰা হৈছে। পুৰণি আহমদাবাদৰ এটা নিজৰা ইমান জাক-জমকতাৰ কেন্দ্ৰ হৈ পৰিব, এই কথা আগতে কেতিয়াও ভবা হোৱা নাছিল।

বন্ধুসকল,

শিশুসকলৰ স্বাভাৱিক বিকাশৰ বাবে মনোৰঞ্জনৰ লগতে তেওঁলোকৰ শিকা আৰু তেওঁলোকৰ creativityয়েও স্পেচ পোৱা দৰকাৰ। ছাইঞ্চ চিটী এটা এনেকুৱা প্ৰজেক্ট যি ৰী-ক্ৰিয়েচন আৰু creativityক পাৰস্পৰিকভাৱে সংযুক্ত কৰে। ইয়াত এনেকুৱা Re-creational activities আছে যি শিশুৰ creativityক উৎসাহ দিয়ে। ইয়াত খেল-ধেমালি আছে, আনন্দ আছে আৰু ইয়াৰ লগতে এইবোৰ শিশুক কিবা নতুন শিকোৱাৰ প্লেটফৰ্মো। আমি দেখিছো, শিশুৱে প্ৰায়ে মাক-দেউতাকৰ পৰা ৰোবোটছ আৰু জন্তুৰ ডাঙৰ পুতলাৰ ডিমাণ্ড কৰে। কিছুমান শিশুৱে কয় যে ঘৰলৈ ডায়নাছোৰ লৈ আহা, কোনোৱে সিংহ পুঁহিবলৈ জেদ কৰে। এতিয়া মাক-দেউতাকে এইবোৰ ক'ৰপৰা আনিব? শিশুৱে এই বিকল্প লাভ কৰে ছাইঞ্চ চিটীত। যিখন এই নতুন নেচাৰ পাৰ্ক হৈছে, ই বিশেষকৈ মোৰ কণমানি বন্ধুসকলে বহুত ভাল পাব। ইমানেই নহয়, ছাইঞ্চ চিটীত নিৰ্মিত Aquatics Gallery, সেইখনে তো আৰু আনন্দিত কৰিব। ই দেশৰে নহয় বৰং এছিয়াৰে টপ Aquariumৰ অন্যতম। একেখন ঠাইতে পৃথিৱীৰ সমুদ্ৰী জৈৱ বিবিধতাৰ দৰ্শনে আপোনা-আপুনি অদ্ভুত অনুভৱ দিব।

একেদৰে Robotics Galleryত ৰোবোটছৰ লগত কথা-বতৰা আকৰ্ষণৰ কেন্দ্ৰতো হয়েই, লগতে ই Roboticsৰ ক্ষেত্ৰত কাম কৰিবৰ বাবে আমাৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিতও কৰিব, শিশু মনত জিজ্ঞাসা জগাব। মেডিচিন, খেতি, স্পেচ, ডিফেঞ্চ, এনেকুৱা অনেক ক্ষেত্ৰত ৰোবোটছ কেনেকৈ কামত আহিব পাৰে, ইয়াৰ অনুভৱ ইয়াত আমাৰ যুৱ বন্ধুসকলে ল'ব পাৰিব। আৰু হয়, ৰোবো কেফেত ৰোবোটিক ছেফে বনোৱা আৰু ৰোবোট ৱেইটাৰ্ছে পৰিৱেশন কৰা খাদ্য খোৱাৰ আনন্দ ল'বলৈ তালৈ যোৱা কোনো ব্যক্তি তালৈ হয়তো নোযোৱাকৈ থাকিব নোৱাৰিব। কালি যেতিয়া ছ'চিয়েল মিডিয়াত মই ইয়াৰ ছবি পোষ্ট কৰো, তেতিয়া এনেকুৱা মন্তব্যও পঢ়িবলৈ পালো যে -এনেকুৱা ছবি তো আমি বিদেশতহে দেখিছিলো। মানুহৰ বিশ্বাসেই হোৱা নাই যে এই ছবিবোৰ ভাৰতৰ, গুজৰাটৰ। আজি এই কাৰ্যক্ৰমত, মই আহ্বান জনাওঁ যে ছাইঞ্চ চিটীলৈ যিমান পাৰি সিমান বেছি শিশু আহক, বিদ্যাৰ্থী আহক, স্কুলৰ ৰেগুলাৰ ট্যুৰ হওক, ছাইঞ্চ চিটী শিশুৰে মুখৰ হৈ থাকক, উজ্জ্বলি থাকক তেতিয়া ইয়াৰ সাৰ্থকতা আৰু ভব্যতা আৰু বাঢ়িব। 

বন্ধুসকল,

মোৰ বাবে এইটো বহুত আনন্দৰ কথা যে গুজৰাট আৰু গুজৰাটৰ মানুহৰ গৌৰৱ আৰু বঢ়োৱা এনেকুৱা অনেক কামৰ আজি শুভাৰম্ভ হৈছে। আজি আহমদাবাদ চহৰৰ লগতে গুজৰাটৰ ৰে'ল কানেক্টিভিটিও আৰু আধুনিক, আৰু বেছি শক্তিশালী হৈছে। গান্ধীনগৰ আৰু বড়নগৰ ষ্টেচনৰ নবীকৰণ হওক, মেহসানা-বৰেঠা লাইন ওখ কৰা আৰু বিজুলীকৰণ হওক, সুৰেন্দ্ৰনগৰ- পীপাৱাৱ ছেকচনৰ বিজুলীকৰণ হওক, গান্ধীনগৰ কেপিটেল- বৰেঠা মেমু সেৱাৰ আৰম্ভণি হওক, বা আকৌ গান্ধীনগৰ কেপিটেল-বাৰাণসী ছুপাৰফাষ্ট এক্সপ্ৰেছৰ শুভাৰম্ভ হওক, এই সকলো সুবিধাৰ বাবে গুজৰাটবাসীক বহুত বহুত অভিনন্দন। গান্ধীনগৰৰ পৰা বেনাৰসৰ মাজত ট্ৰেইন, এফালে সোমনাথৰ ভূমিক বিশ্বনাথৰ ভূমিৰে সংযুক্ত কৰাৰ ডাঙৰ কাম।

ভাই-ভনীসকল,

২১শ শতিকাৰ ভাৰতৰ প্ৰয়োজন ২০শ শতিকাৰ কাম-কাজেৰে সম্পূৰ্ণ হ'ব পৰা নাছিল। সেয়ে ৰে'লৱেত নতুন ব্যৱস্থাৰে Reformৰ আৱশ্যকতা আছিল। আমি ৰে'লৱেক কেৱল এটা ছাৰ্ভিচৰ ৰূপত নহয় বৰং এক Assetৰ ৰূপত বিকশিত কৰিবৰ বাবে কাম আৰম্ভ কৰিলো। আজি ইয়াৰ পৰিণাম দেখিবলৈ পোৱা গৈছে, আজি ভাৰতীয় ৰে'লৱেৰ পৰিচয়, তাৰ ৰূপ সলনি হ'বলৈ লৈছে। আজি ভাৰতীয় ৰে'লৱেত সুবিধাও বাঢ়িছে, স্বচ্ছতাও বাঢ়িছে, সুৰক্ষাও বাঢ়িছে আৰু স্পীডো বাঢ়িছে। লাগে সেয়া Infrastructureৰ modernization বা নতুন আধুনিক ট্ৰেইন হওক, এনেকুৱা কিমান যে প্ৰয়াস ট্ৰেইনৰ স্পীড বঢ়াবলৈ কৰি থকা হৈছে। আহিবলগীয়া দিনবিলাকত যেতিয়াই dedicated ফ্ৰেট corridor আৰম্ভ হৈ যাব, ট্ৰেইনৰ স্পীড আৰু বাঢ়িব। তেজস আৰু বন্দেভাৰতৰ দৰে আধুনিক ট্ৰেইনবিলাক তো আমাৰ ট্ৰেকত চলিবলৈ লৈছেই। আজি এই ট্ৰেইনবিলাকে যাত্ৰীসকলক এক নতুন আৰু অদ্ভুত অভিজ্ঞতা দি আছে। ভিষ্টাডোম কোচৰ ভিডিঅ'ও আপোনালোকে ছ'চিয়েল মিডিয়াত নিশ্চয় দেখিছে।

যিসকল লোক Statue of Unityলৈ গৈছে তেওঁলোকে ইয়াৰ মুনাফাও লাভ কৰিছে চাগৈ। এই Coaches ease and feel of journeyক এটা নতুন মাত্ৰা প্ৰদান কৰিছে। ট্ৰেইনত যাত্ৰা কৰা সকলো লোকে এতিয়া এয়াও অনুভৱ কৰি আছে যে আমাৰ ট্ৰেইন, আমাৰ platforms আৰু আমাৰ tracks আগতকৈ কিমান চাফা হ'বলৈ লৈছে। ইয়াত বহুত ডাঙৰ যোগদান সেই ২ লাখতকৈ অধিক bio-toiletsৰো আছে যিবোৰ কোচত install কৰা হৈছে।

এনেদৰেই, আজি দেশজুৰি প্ৰধান ৰে'লৱে ষ্টেচনসমূহৰ আধুনিকীকৰণ কৰি থকা হৈছে। টীয়েৰ ২ আৰু টীয়েৰ ৩ চহৰসমূহৰ ৰে'লৱে ষ্টেচনো এতিয়া Wi-Fi সুবিধাৰে সংযুক্ত হৈছে। সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা চালে ব্ৰড গজত unmanned railway crossingsক সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হৈছে। কেতিয়াবা ভীষণ দুৰ্ঘটনা আৰু অব্যৱস্থাৰ অভিযোগৰ বাবে মিডিয়াত চৰ্চিত হৈ থকা ভাৰতীয় ৰে'লে আজি positivity লৈ আহে। আজি ভাৰতীয় ৰে'লক পৃথিৱীৰ আধুনিকতম নেটৱৰ্ক আৰু মেগা প্ৰজেক্টছৰ বাবে চৰ্চাত স্থান লাভ কৰে। আজি ভাৰতীয় ৰে'লক চোৱাৰ অভিজ্ঞতা আৰু দৃষ্টিভংগী দুয়োটা সলনি হৈ আছে। আৰু মই গৌৰৱেৰে ক'ম যে আজিৰ এই প্ৰজেক্ট- ভাৰতীয় ৰে'লৰ এই নতুন অৱতাৰৰ আত্ম প্ৰকাশ।

বন্ধুসকল,

মোৰ এয়া স্পষ্ট মত যে ৰে'লৱে দেশৰ প্ৰতিটো কোণলৈ যাওক, ইয়াৰ বাবে ৰে'লৱেৰ Horizontal Expansion জৰুৰী। ইয়াৰ সমান্তৰালকৈ ৰে'লৱেত কেপাচিটী বিল্ডিং, ৰিছ'ৰ্চ বিল্ডিং, নতুন টেকনলজি আৰু উন্নত সেৱাৰ বাবে Vertical Expansionও সিমানেই আৱশ্যকীয়। উন্নত ট্ৰেক, আধুনিক ৰে'লৱে ষ্টেচন আৰু ৰে'ল ট্ৰেকৰ ওপৰত আকৰ্ষণীয় হোটেল, গান্ধীনগৰ ৰে'লৱে ষ্টেচনৰ এই প্ৰয়োগ ভাৰতীয় ৰে'লৱেত এক সাৰ্থক পৰিৱৰ্তনৰ আৰম্ভণি। ৰে'লেৰে ভ্ৰমণ কৰা সাধাৰণ নাগৰিককো এয়াৰপৰ্টৰ দৰে সুবিধা পাওক, মহিলা আৰু সৰু সৰু শিশুৰ বিশেষ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ বাবে ভাল ব্যৱস্থা হওক, এনেকুৱা আধুনিক আৰু সুবিধাজনক ষ্টেচন আজি দেশে, গান্ধীনগৰে পাই আছে।

বন্ধুসকল,

গান্ধীনগৰৰ নতুন ৰে'ল ষ্টেচনে দেশত ইনফ্ৰাষ্ট্ৰাকচাৰক লৈ মাইণ্ডছেটত আহি থকা পৰিৱৰ্তনকো দৰ্শাইছে। দীৰ্ঘ সময় ধৰি ভাৰতত ইনফ্ৰাষ্ট্ৰাকচাৰক লৈও এক শ্ৰেণী বিভাজনক উৎসাহিত কৰা হৈছে। আৰু মই আপোনালোকক ক'ব বিচাৰো যে আপোনালোক সকলোৱে গুজৰাটৰ মানুহে ভালদৰে জানে, আমি এটা প্ৰয়োগ কৰিছিলো যেতিয়া মই গুজৰাটত সেৱা কৰাৰ সুযোগ পাইছিলো। আমাৰ যি bus stations আছে সেই bus stationsক আধুনিক বনোৱাৰ দিশত কাম কৰিলো। Public-Private Partnership Modelৰ ওপৰত কাম কৰিলো। আৰু যি কেতিয়াবা bus stations কেনেকুৱা অৱস্থাত আছিল, আজি আমাৰ গুজৰাটত কেইবাটাও bus stations আধুনিক হৈছে। এয়াৰপৰ্টৰ দৰে সুবিধাৱলী bus stationsত দেখিবলৈ পোৱা গৈছে।

আৰু এতিয়া মই দিল্লীলৈ যেতিয়া আহিলো নিজৰ অফিচাৰসকলক bus stations চাবৰ বাবে পঠিয়াইছিলো, ৰে'লৱেৰ বিষয়াসকলক। আৰু মই তেওঁলোকক বুজাইছিলো যে আমাৰ ৰে'লৱে ষ্টেচন এনেকুৱা কিয় হ'ব নালাগে। Land useৰ Optimum Utilization হওক, ৰে'লৱে ষ্টেচনত বহুত ডাঙৰ economy activity হওক, আৰু ৰে'লৱে নিজেই কেৱল ট্ৰেইনৰ অহাযোৱা নহয়, এক প্ৰকাৰৰ ইকনমীৰ শক্তি কেন্দ্ৰ হ'ব পাৰে। যেনেকৈ এয়াৰপৰ্টৰ বিকাশ হয়, যেনেকৈ গুজৰাটত বাছ ষ্টেচনৰ বিকাশৰ কাম হৈছে, তেনেকৈয়ে ৰে'লৱে ষ্টেচনৰো Public-Private Partnership Modelৰ ওপৰত বিকাশ কৰাৰ দিশত আমি আগবাঢ়ি আছো। আজি গান্ধীনগৰ তাৰ আৰম্ভণি। জনসুবিধাত এনেকুৱা বৰ্গীকৰণ, এয়া যি ইয়াৰ বাবে, তাৰ বাবে, ধনীৰ বাবে হৈ আছে এই সকলো অদৰকাৰী কথা। সমাজৰ প্ৰতিটো শ্ৰেণীয়ে ব্যৱস্থাসমূহ পাব লাগে।

বন্ধুসকল,

গান্ধীনগৰৰ আধুনিক ৰে'লৱে ষ্টেচন এই কথাৰো বহুত ডাঙৰ প্ৰমাণ যে ৰে'লৱেৰ সম্পদৰ সৎ ব্যৱহাৰ কৰি, ইয়াক অৰ্থনৈতিক কাম-কাজৰ কেন্দ্ৰও বনাব পাৰি। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি, ট্ৰেকৰ ওপৰত এনেকুৱা হোটেল বনাই দিয়া হৈছে, য'ৰপৰা ৰে'ল চলিলে দেখা পোৱা যায়, কিন্তু উপলব্ধি নহয়। মাটি সিমানেই আছে, কিন্তু তাৰ ব্যৱহাৰ দুগুণ হৈ গ'ল। সুবিধাও উন্নত, পৰ্যটন আৰু বেপাৰ- বাণিজ্যও উত্তম। য'ৰ পৰা ৰে'ল যায় তাৰ পৰা প্ৰাইম লোকেচন বাৰু কি হ'ব পাৰে?

এই ৰে'লৱে ষ্টেচনৰ পৰা মহাত্মা মন্দিৰৰ যি ভব্য দৃষ্টি দেখিবলৈ পোৱা যায়, দাণ্ডী কুটীৰ দেখা যায়, সেয়াও অদ্ভুত। দাণ্ডী কুটীৰ মিউজিয়ামলৈ অহা মানুহে বা ভাইব্ৰেট গুজৰাট ছামিটলৈ অহা মানুহে যেতিয়া ইয়াক দেখিব, তেতিয়া তেওঁলোকৰ বাবে এইটোও এটা ট্যুৰিষ্ট স্পট হৈ পৰিব। আৰু আজি ৰে'লৱেৰ এই যি কায়াকল্প হৈছে, মহাত্মা মন্দিৰৰ পৰা পোনপটীয়াকৈ হৈছে, ইয়াৰ কাৰণে মহাত্মা মন্দিৰৰ মাহাত্ম্যও বহুগুণ বৃদ্ধি পাইছে। এতিয়া মানুহে সৰুসুৰা কনফাৰেঞ্চ কৰিবলৈ এই হোটেলৰো ব্যৱহাৰ কৰিব, মহাত্মা মন্দিৰৰো ব্যৱহাৰ কৰিব। অৰ্থাৎ এক প্ৰকাৰে বছৰি অনেক ইভেন্টৰ বাবে ইয়াত এক সাৰ্বজনীন ব্যৱস্থা পাই গ'ল। আৰু এয়াৰপৰ্টৰ পৰা ইয়ালৈ ২০ মিনিটৰ ৰাস্তা, আপুনি কল্পনা কৰিব পাৰে যে দেশ-বিদেশৰ মানুহে ইয়াৰ কিমান ব্যৱহাৰ কৰিব পাৰে।

ভাই-ভনীসকল,

কল্পনা কৰক, সমগ্ৰ দেশতে ৰে'লৱেৰ ইমান ডাঙৰ নেটৱৰ্ক আছে, ইমান বেছি সম্পদ আছে, এনেকুৱা কিমান সম্ভাৱনা তাত লুকাই আছে। বন্ধুসকল, ভাৰতৰ দৰে বিশাল দেশত ৰে'লৱেৰ ভূমিকা সদায় বহুত ডাঙৰ। ৰে'লৱেই নিজৰ লগতে বিকাশৰ নতুন গতি, সুবিধাৱলীৰ নতুন গতি লৈও উপস্থিত হয়। এয়া যোৱা কেইটামান বছৰৰ প্ৰয়াস যে আজি নৰ্থ ইষ্টৰ ৰাজধানীসমূহলৈ প্ৰথমবাৰ ৰে'ল গৈ পাইছে, এনেকৈ বহুত সোনকালেই শ্ৰীনগৰো কন্যাকুমাৰীৰে ৰে'লৰ মাধ্যমত সংযুক্ত হ'ব। আজি বড়নগৰো এই Expansionৰ অংশ হৈ পৰিছে। মোৰতো বড়নগৰ ষ্টেচনৰ সৈতে কিমান স্মৃতি জড়িত হৈ আছে। নতুন ষ্টেচন সঁচাকৈ বহুত আকৰ্ষণীয় যেন লাগি আছে। এই নতুন ব্ৰডগজ লাইন হোৱাত বড়নগৰ-মোঢেৰা-পাটন হেৰিটেজ ছাৰ্কিট এতিয়া উন্নত ৰে'ল সেৱাৰে কানেক্ট হৈ গ'ল। ইয়াৰ জৰিয়তে আহমদাবাদ-জয়পুৰ-দিল্লী মেইন লাইনৰ সৈতে পোনপটীয়াকৈ কানেক্টিভিটি হৈ গ'ল। এই লাইন আৰম্ভ হোৱাত এই সমগ্ৰ ক্ষেত্ৰত সুবিধাৰ লগতে ৰোজগাৰ আৰু স্ব-নিয়োজনৰ নতুন সুযোগো মুকলি হ'ল।

বন্ধুসকল,

মহসাণা-বৰেঠা লাইনে য'ত আমাৰ ভূভাগৰ সৈতে আমাক কানেক্ট কৰিছে, একেদৰে সুৰেন্দ্ৰনগৰ-পীপাৱাৱ লাইনৰ বৈদ্যুতিকীকৰণে আমাক ভাৰতীয় ৰে'লৰ ভৱিষ্যতৰ সৈতে সংযুক্ত কৰিছে। এয়া ভাৰতীয় ৰে'লৰ ইতিহাসত থকা কম সময়ত সম্পূৰ্ণ হোৱা প্ৰজেক্টৰ মাজৰ এটা। এই ৰে'ল লাইন এক মহত্বপূৰ্ণ প'ৰ্ট কানেক্টিভিটি ৰুট হোৱাৰ লগতে ৱেষ্টাৰ্ন ডেডিকেটেড ফ্ৰেট কৰিডৰৰ বাবে ফীডাৰ ৰুটো। এই ৰে'লপথ পীপাৱাৱ বন্দৰৰ পৰা দেশৰ উত্তৰ অংশৰ বাবে ডবল ষ্টেক কণ্টেনাৰযুক্ত মালগাড়ীৰ অবাধ চলাচল সুনিশ্চিত কৰিব।

বন্ধুসকল,

দেশত যাত্ৰা হওক বা আকৌ Goods Transport, কম সময়, কম খৰচ আৰু উন্নত সুবিধা আজি ২১শ শতিকাৰ ভাৰতৰ প্ৰাথমিকতা। সেয়ে আজি দেশে মাল্টি মডেল কানেক্টিভিটিৰ ফালে খোজ দিছে। ইয়াৰ বাবে বিস্তৃত ৰোডমেপৰ ওপৰত কাম চলি আছে। মই বিশ্বাস কৰো যে ট্ৰেন্সপ'ৰ্টৰ বেলেগ বেলেগ মোডক সংযুক্ত কৰি, লাষ্ট মাইল কানেক্টিভিটিয়ে আত্মনিৰ্ভৰ ভাৰতৰ অভিযানক আৰু গতি দিব।

বন্ধুসকল,

নতুন ভাৰতৰ বিকাশৰ গাড়ীখন দুটা চিৰিত একেলগে চলিয়েই আগবাঢ়িব। এটা চিৰি আধুনিকতাৰ, আনটো চিৰি গৰীব, কৃষক আৰু মধ্য শ্ৰেণীৰ কল্যাণৰ। সেয়ে আজি ভাৰতত এফালে Next Generation Infrastructureৰ নিৰ্মাণৰ ওপৰত ইমান কাম হৈ আছে, একেদৰে আনফালে ইয়াৰ লাভ গৰীব, কৃষক, মধ্য শ্ৰেণীয়ে পাওক, এই কথাও সুনিশ্চিত কৰি থকা হৈছে।

ভাই-ভনীসকল,

গুজৰাট আৰু দেশৰ বিকাশৰ এই কামৰ মাজতে, আমি কৰোণাৰ দৰে মহামাৰীকো মনত ৰাখিবলগীয়া হৈছে। যোৱা দেৰ বছৰত ১০০ বছৰৰ সবাতোকৈ ডাঙৰ মহামাৰীয়ে আমাৰ সকলোৰে জীৱনক বহুত প্ৰভাৱিত কৰিছে। কৰোণা সংক্ৰমণে অনেক বন্ধুক অকালতে আমাৰ পৰা কাঢ়ি নিছে। কিন্তু এখন ৰাষ্ট্ৰ হিচাপে আমি সম্পূৰ্ণ সামৰ্থ্যৰে ইয়াৰ মোকাবিলা কৰি আছো। গুজৰাটেও বহুত পৰিশ্ৰমৰ সৈতে সংক্ৰমণৰ গতি বৃদ্ধি হোৱাটো ৰোধ কৰিছে।

এতিয়া আমি নিজৰ আচৰণৰ জৰিয়তে আৰু টেষ্টিং, ট্ৰেকিং আৰু ট্ৰিটমেণ্ট তথা টীকাৰ মন্ত্ৰৰে কৰোণা সংক্ৰমণৰ হাৰ তলতেই ৰাখিব লাগিব। সেয়ে বহুত সাৱধান আৰু সতৰ্ক হৈ থকা দৰকাৰ। ইয়াৰ লগতে আমি ভেকচিনেচনৰ প্ৰক্ৰিয়াক নিৰন্তৰ খৰতকীয়া কৰা দৰকাৰ। মই আনন্দিত যে গুজৰাটে ৩ কোটি টীকাৰ পৰ্যায়ত উপনীত হ'ব। কেন্দ্ৰীয় চৰকাৰে টীকাৰ উপলব্ধতাৰে জড়িত যি তথ্য আগতেই দিবলৈ আৰম্ভ কৰিছে, তাৰ জৰিয়তে গুজৰাটে ভেকচিনেচন চেণ্টাৰ স্তৰৰ ৰণনীতি বনোৱাত সহায় হৈছে। সকলোৰে প্ৰচেষ্টাত টীকাকৰণৰ সৈতে জড়িত নিজৰ লক্ষ্যক আমি সোনকালে আহৰণ কৰিব পাৰিম, এই বিশ্বাসেৰে এবাৰ আকৌ পৰিকল্পনাসমূহৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন।

ধন্যবাদ! 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।