প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাৰ্টাৰ্ড একাউন্টেন্ট দিৱস উপলক্ষে সকলো চাৰ্টাৰ্ড একাউন্টেন্টকে শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে চিএসকলৰ নিখুঁততা আৰু বিশেষজ্ঞতা প্ৰতিটো সংস্থাৰ বাবে অপৰিহাৰ্য্য।
শ্ৰী মোদীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
"সকলো চাৰ্টাৰ্ড একাউন্টেন্টকে চিএ দিৱসৰ শুভেচ্ছা জনাইছোঁ! তেওঁলোকৰ নিখুঁততা আৰু বিশেষজ্ঞতা প্ৰতিটো সংস্থাৰ বাবে অপৰিহাৰ্য্য। অনুপালন আৰু স্বচ্ছতাত গুৰুত্ব আৰোপেৰে তেওঁলোকে এক সুস্থ অৰ্থনীতিলৈ অৰিহণা যোগায়। সফল নিগমসমূহক লালন-পালনত তেওঁলোকৰ ভূমিকাও গুৰুত্বপূৰ্ণ।"
Wishing all Chartered Accountants a very happy CA Day! Their precision and expertise are essential for every organisation. By emphasising on compliance and transparency, they contribute to a healthy economy. Their role in nurturing successful corporations is also outstanding.
— Narendra Modi (@narendramodi) July 1, 2025


