অন্ধ্ৰপ্ৰদেশৰ গতিশীল চহৰ বিশাখাপট্টনমত গুগল এ আই হাব মুকলি কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে গিগাৱাট পৰিসৰৰ ডাটা চেণ্টাৰৰ আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰা এই বহুমুখী বিনিয়োগ, বিকশিত ভাৰত নিৰ্মাণৰ আমাৰ দৃষ্টিভংগীৰ সৈতে মিল আছে। "ই প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত এক প্ৰভাৱশালী শক্তি হ'ব। ইয়াৰ উপৰি ই সকলোৰে বাবে এ আই নিশ্চিত কৰিব, আমাৰ নাগৰিকসকললৈ অত্যাধুনিক সঁজুলি আগবঢ়াব, আমাৰ ডিজিটেল অৰ্থনীতি বৃদ্ধি কৰিব আৰু বিশ্ব প্ৰযুক্তিৰ নেতা হিচাপে ভাৰতৰ স্থান সুৰক্ষিত কৰিব।"- শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"অন্ধ্ৰপ্ৰদেশৰ গতিশীল চহৰ বিশাখাপট্টনমত গুগল এ আই হাব মুকলি কৰাত আনন্দিত হৈছো।
গিগাৱাট পৰিসৰৰ ডাটা চেণ্টাৰৰ আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰা এই বহুমুখী বিনিয়োগ, বিকশিত ভাৰত নিৰ্মাণৰ আমাৰ দৃষ্টিভংগীৰ সৈতে মিল আছে। ই প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত এক প্ৰভাৱশালী শক্তি হ'ব। ইয়াৰ উপৰি ই সকলোৰে বাবে এ আই নিশ্চিত কৰিব, আমাৰ নাগৰিকসকললৈ অত্যাধুনিক সঁজুলি আগবঢ়াব, আমাৰ ডিজিটেল অৰ্থনীতি বৃদ্ধি কৰিব আৰু বিশ্ব প্ৰযুক্তিৰ নেতা হিচাপে ভাৰতৰ স্থান সুৰক্ষিত কৰিব।"
@sundarpichai
Delighted by the launch of the Google AI Hub in the dynamic city of Visakhapatnam, Andhra Pradesh.
— Narendra Modi (@narendramodi) October 14, 2025
This multi-faceted investment that includes gigawatt-scale data center infrastructure, aligns with our vision to build a Viksit Bharat. It will be a powerful force in… https://t.co/lbjO3OSyMy


