প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিলাসপুৰৰ ‘এইমছ’ চৌহদ পৰিদৰ্শন কৰে।

হাস্পটালখনৰ ‘চি-ব্লক’ত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয়গৈ। তাত তেওঁ বিলাসপুৰ ‘এইমছ’ চৌহদৰ সবিশেষ সামৰি যুগুতোৱা এটি ‘৩-ডি আৰ্হি’-ৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰাৰ পিচত প্ৰতিষ্ঠানখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে অগ্ৰসৰ হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘চিটি স্কেন কেন্দ্ৰ’ আৰু ‘জৰুৰীকালীন আৰু ট্ৰমা কেন্দ্ৰ’ৰ কাষেৰে খোজ কাঢ়ি গৈ অনুষ্ঠান স্থলীত উপস্থিত হয়গৈ।

দেশৰ প্ৰতিটো প্ৰান্তকে স্বাস্থ্যসেৱাৰ উন্নত ব্যৱস্থাপনাৰে সমৃদ্ধ কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেখা সপোন আৰু প্ৰতিশ্ৰুতিবদ্ধতাকে পুনৰবাৰ প্ৰদৰ্শিত কৰিলে আজি ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰা বিলাসপুৰ ‘এইমছ’ৰ উদ্বোধনে। ২০১৭ চনৰ অক্টোবৰ মাহত এই প্ৰতিষ্ঠানৰ আধাৰশিলাও প্ৰধানমন্ত্ৰী মোদীয়েই স্থাপন কৰিছিল। ‘প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা’ শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যৰে ৰূপায়িত হোৱা আঁচনিখনৰ অধীনত প্ৰতিষ্ঠানখন স্থাপন কৰা হৈছে।

১৪৭০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা ‘বিলাসপুৰ এইমছ’ হৈছে এখন অত্যাধুনিক সা-সুবিধা সম্বলিত চিকিত্সালয়, য’ত আছে ১৮টা ‘স্পেচিয়েলিটী’ আৰু ১৭টা ‘ছুপাৰ স্পেচিয়েলিটী’ বিভাগ, ১৮টা ‘মডুলাৰ অস্ত্ৰোপচাৰ কক্ষ’, আৰু ৬৪খন ‘আইচিইউ’ সংলগ্ন বিছনাৰে সৈতে ৭৫০খন বিছনা। ২৪৭ একৰ মাটিত বিস্তৃত হৈ থকা চিকিত্সালয়খন ২৪ ঘণ্টাই ‘জৰুৰীকালীন চিকিত্সা’ আৰু ‘ডায়েলেছিছ সেৱা’ আগবঢ়াব পৰা সুবিধা, ‘আল্ট্ৰাছন’গ্ৰাফী’, ‘চিটি স্কেন’, ‘এমআৰআই’-কে ধৰি আধুনিক যন্ত্ৰ-পাতি সম্বলিত হোৱাৰ উপৰি ইয়াত আছে ‘অমৃত ফাৰ্মাচী’ তথা ‘জন ঔষধী কেন্দ্ৰ’। তদুপৰি প্ৰতিষ্ঠানখনত ৩০খন বিছনাৰে সমৃদ্ধ এটা ‘আয়ুষ ব্লকো’ সংলগ্ন কৰা হৈছে। চিকিত্সালয়খনত হিমাচল প্ৰদেশৰ জনজাতীয় আৰু দুৰ্গম এলেকাত বসবাস কৰা জনজাতীয় লোকসকলক চিকিত্সা সেৱা আগবঢ়াব পৰাকৈ ব্যৱস্থা সম্বলিত এটা ‘ডিজিটেল স্বাস্থ্যসেৱা কেন্দ্ৰ’ও স্থাপন কৰা হৈছে। চিকিত্সালয়খনৰ তৰফৰ পৰা স্বাস্থ্য শিবিৰ আয়োজনৰে কাজা, ছলুনি আৰু কেলং-ৰ দৰে দুৰ্গম এলেকাৰ জনজাতীয় লোকসকললৈ বিশেষজ্ঞ চিকিত্সকৰ সেৱাও আগবঢ়োৱা হ’ব। প্ৰতিষ্ঠানখনত প্ৰতিবছৰে ১০০ গৰাকী শিক্ষাৰ্থীক ‘এমবিবিএছ’-ৰ পাঠ্যক্ৰম আৰু ৬০ গৰাকীক নাৰ্ছিং পাঠ্যক্ৰমৰ শিক্ষাদান কৰা হ’ব।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্বনাথ আৰ্লেকৰ, মুখ্যমন্ত্ৰী শ্ৰী জয় ৰাম ঠাকুৰ, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জগত প্ৰকাশ নাড্ডাও উপস্থিত থাকে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative

Media Coverage

From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 আগষ্ট 2026
August 23, 2026

From Free Coaching to 400+ Space Startups — India’s Atmanirbhar Leap Under PM Modi