এক চৰকাৰী ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ এমিৰেটছত উপস্থিত হয়। বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে তেওঁক আনুষ্ঠানিক আদৰণি জনায়।

দুয়োগৰাকী নেতাই এলানি বিতং আলোচনাত মিলিত হয়, য’ত প্ৰধানমন্ত্ৰীয়ে ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণক প্ৰতি ভাৰতৰ তীব্ৰ নিন্দা প্ৰকাশ কৰাৰ লগতে ইউ এ ই-ৰ নেতৃত্ব আৰু জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা পুনৰ নিশ্চিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে হৰমুজ প্ৰণালীৰে নিৰাপদ আহ-যাহৰ হকে ভাৰতৰ স্পষ্ট স্থিতি প্ৰকাশ কৰে যিটো  আঞ্চলিক শান্তি আৰু সুস্থিৰতাৰ লগতে শক্তি আৰু খাদ্য সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ।

নেতাদ্বয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সবিশেষ পৰ্যালোচনা কৰে আৰু শক্তি, বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, ফিনটেক, আন্তঃগাঁথনি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি একাধিক খণ্ডত ব্যাপক কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ প্ৰতি আদৰণি জনায়। তেওঁলোকে ভাৰত-ইউ এ ই ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চি ই পি এ) ৰ সফলতাক স্বীকৃতি দিয়ে, যাৰ ফলত দ্বিপাক্ষিক বাণিজ্য নতুন শিখৰত উপনীত হৈছে।

দুয়োগৰাকী নেতাই ইউ এ ই-য়ে খাৰুৱা তেল, এল এন জি আৰু এল পি জি যোগানকে ধৰি ভাৰতৰ শক্তি সুৰক্ষাত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে নিজৰ ভূমিকা বৰ্তাই ৰখাৰ লগতে উজ্জীৱিত আৰু বৰ্ধিত দ্বিপাক্ষিক শক্তি অংশীদাৰিত্বক প্ৰশংসা কৰে। নেতাদ্বয়ে এক ব্যাপক শক্তি অংশীদাৰিত্বৰ বাবে নতুন পদক্ষেপক উৎসাহ দিয়াৰ হকে সন্মতি প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁলোকে ভাৰতৰ কৌশলগত পেট্ৰ’লিয়াম ভাণ্ডাৰত ইউ এ ই-ৰ অংশগ্ৰহণ ৩ কোটি বেৰেললৈ বৃদ্ধি কৰিবলৈ আৰু ভাৰতত কৌশলগত গেছ ভাণ্ডাৰ স্থাপনৰ বাবে একেলগে কাম কৰিবলৈ ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভছ লিমিটেড আৰু আবু ধাবি নেচনেল অইল কোম্পানীৰ মাজত এক কৌশলগত সহযোগিতা চুক্তিৰ সিদ্ধান্তক আদৰণি জনায়। তেওঁলোকে দীৰ্ঘম্যাদী এলপিজি যোগানৰ ক্ষেত্ৰত ইণ্ডিয়ান অইল লিমিটেড (আইঅ’চিএল) আৰু আবু ধাবি নেচনেল অইল কোম্পানী (এডিএনঅ’চি) ৰ মাজত হোৱা ব্যৱস্থাক আদৰণি জনায়।

দুয়োগৰাকী নেতাই ইউ এ ই-ৰ সংস্থাসমূহৰ দ্বাৰা ভাৰতত ৫  বিলিয়ন আমেৰিকান ডলাৰৰ বিনিয়োগৰ ঘোষণাক আদৰণি জনায়। ইয়াৰ ভিতৰত আছে আৰবিএল বেংক অৱ ইণ্ডিয়াত এমিৰেটছ নিউ ডেভেলপমেণ্ট বেংক (ইএনডিবি) ৰ দ্বাৰা ৩  বিলিয়ন আমেৰিকান ডলাৰ, আবু ধাবি ইনভেষ্টমেণ্ট অথৰিটি (এডিআইএ) ৰ দ্বাৰা ১ বিলিয়ন আমেৰিকান ডলাৰ ভাৰতৰ অগ্ৰাধিকাৰমূলক আন্তঃগাঁথনি প্ৰকল্পসমূহত ভাৰতৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি আৰু বিনিয়োগ পুঁজি (এনআইআইএফ) ৰ সৈতে আৰু সম্মান কেপিটেল অৱ ইণ্ডিয়াত ইণ্টাৰনেচনেল হোল্ডিং কোম্পানীৰ দ্বাৰা ১ বিলিয়ন আমেৰিকান ডলাৰ। এই বিনিয়োগসমূহে দ্বিপাক্ষিক কৌশলগত বিনিয়োগ অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ভাৰতৰ বিকাশৰ কাহিনীৰ প্ৰতি ইউ এ ই-ৰ ধাৰাবাহিক আৰু দীৰ্ঘম্যাদী দায়বদ্ধতাক গুৰুত্ব দিয়ে।


নেতাদ্বয়ে সুস্থিৰ আৰু শক্তিশালী দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাক ব্যাপক কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে স্বীকৃতি দিয়ে। এই ভ্ৰমণকালত দুয়োখন দেশৰ মাজত কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ পৰিকাঠামো স্বাক্ষৰক তেওঁলোকে আদৰণি জনায়। ইয়াৰ অধীনত দুয়োপক্ষই প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু উদ্ভাৱন তথা উন্নত প্ৰযুক্তি, প্ৰশিক্ষণ, অনুশীলন, সামুদ্ৰিক সুৰক্ষা, চাইবাৰ প্ৰতিৰক্ষা, সুৰক্ষিত যোগাযোগ আৰু তথ্য বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাত সন্মতি প্ৰকাশ কৰিছে।

দুয়োগৰাকী নেতাই এই ভ্ৰমণৰ সময়ত নিম্নলিখিত অতিৰিক্ত নথিপত্ৰৰ উপসংহাৰো প্ৰত্যক্ষ কৰে, যিয়ে দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰিবঃ

ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা সামুদ্ৰিক উন্নয়ন পুঁজি আঁচনিৰ অধীনত উপকূলীয় নিৰ্মাণকে ধৰি ভাদিনাৰত জাহাজ মেৰামতি ক্লাষ্টাৰ স্থাপনৰ বাবে কোচিন শ্বিপয়াৰ্ড লিমিটেড আৰু ড্ৰাইডকছ ৱৰ্ল্ড, ডুবাইৰ মাজত বুজাবুজিৰ স্মাৰক পত্ৰ।

জাহাজ মেৰামতিৰ ক্ষেত্ৰত দক্ষতা বিকাশৰ বাবে কোচিন শ্বিপয়াৰ্ড লিমিটেড, ড্ৰাইডকছ ৱৰ্ল্ড ডুবাই আৰু চেণ্টাৰ অৱ এক্সিলেন্স ইন মেৰিটাইম এণ্ড শ্বিপবিল্ডিং (চিইএমএছ) ৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ স্মাৰক পত্ৰ। ই দক্ষ সামুদ্ৰিক কৰ্মবাহিনীক গতিশীল কৰা, প্ৰশিক্ষণ দিয়া আৰু নিয়োগ কৰাৰ বাবে এক পৰিকাঠামো প্ৰতিষ্ঠা কৰে, ভাৰতীয় সামুদ্ৰিক কৰ্মবাহিনীৰ সামৰ্থ্য বৃদ্ধি কৰে আৰু ভাৰতক দক্ষ জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি পেছাদাৰীসকলৰ কেন্দ্ৰ হিচাপে স্থাপন কৰে।

চি ডি এ চি, ভাৰত আৰু জি-৪২, ইউ এই-ৰ মাজত অংশীদাৰিত্বৰ ৮ টা এক্সাফ্লপ ছুপাৰ কম্পিউটাৰ ক্লাষ্টাৰ স্থাপনৰ বাবে ম্যাদৰ পত্ৰ।

দুয়োগৰাকী নেতাই এম এ আই টি আৰ আই (মাষ্টাৰ এপ্লিকেচন ফৰ ইণ্টাৰনেচনেল ট্ৰেড এণ্ড ৰেগুলেটৰী ইণ্টাৰফেচ ইণ্টাৰফেচ) ব্যৱহাৰ কৰি ভাৰ্চুৱেল ট্ৰেড কৰিডৰ কাৰ্য্যকৰীকৰণক আদৰণি জনায়। দুয়োপক্ষৰ শুল্ক আৰু বন্দৰ কৰ্তৃপক্ষক সংযোগ কৰা এই ডিজিটেল ফ্ৰেমৱৰ্কে কাৰ্গো চলাচল সুচল কৰি তুলিব আৰু ব্যয় আৰু পৰিবহণৰ সময় দুয়োটা হ্ৰাস কৰিব, যাৰ ফলত অধিক দক্ষ বাণিজ্য প্ৰবাহ সক্ষম হ'ব।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক তেওঁক আগবঢ়োৱা উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু অতি সোনকালে ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari