In the Information era, first-mover does not matter, the best-mover does : PM
It is time for tech-solutions that are Designed in India but Deployed for the World :PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘বাংগালুৰু প্ৰযুক্তি শীৰ্ষ সন্মিলন’ৰ শুভাৰম্ভ ঘোষণা কৰে। কৰ্ণাটক চৰকাৰৰ উদ্যোগত আৰু ‘কৰ্ণাটক ইনভেশ্যন এণ্ড টেকনলজী ছোচাইটী’(কেআইটিএছ), ‘কৰ্ণাটকা গভাৱৰ্ণমেণ্টছ ভিছন গ্ৰুপ অন ইনফৰ্মেশ্যন টেকন’লজী’, ‘বায়’টেকন’লজী এণ্ড ষ্টাৰ্টআপ’, ‘ছফ্টৱেৰ টেকন’লজী পাৰ্ক অব ইণ্ডিয়া’(এছটিপিআই) আৰু ‘এমএম এক্টিভ ছি-টেক কমিউনিকেশ্যনছ’ আদি প্ৰতিষ্ঠানৰ সহযোগত এই শীৰ্ষ সন্মিলনখনৰ আয়োজন কৰা হৈছে। এই বছৰৰ সন্মিলনৰ প্ৰতিপাদ্য প্ৰসংগ হিচাপে নিৰ্দ্ধাৰণ কৰা হৈছে-‘নেক্সত ইজ নাও’। কেন্দ্ৰীয় চৰকাৰৰ ‘ইলেক্ট্ৰনিকছ এণ্ড আইটি’, ‘যোগাযোগ আৰু আইন তথা ন্যায়িক বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী শ্ৰী বি এছ য়েডুৰাপ্পায়ো উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।

‘ডিজিটেল ইণ্ডিয়া’ক এতিয়া কেৱল চৰকাৰৰ এক নিয়মীয়া কাৰ্যক্ৰম হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে সাম্প্ৰতিক ভাৰতত জীৱনৰ এক পন্থা হিচাপে, বিশেষকৈ দৰিদ্ৰ, বঞ্চিত আৰু চৰকাৰী ব্যৱস্থাৰে জড়িতসকলৰ বাবে জৰুৰী ব্যৱস্থা হিচাপে গণ্য কৰিবলৈ লোৱা কথাত প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে সন্তুষ্টি প্ৰকাশ কৰে।

শীৰ্ষ সন্মিলনখনত ভাষণ প্ৰদান কৰি তেওঁ কয়, ‘ডিজিটেল ইণ্ডিয়া অভিযান’ৰ সুবাদতে আমাৰ ৰাষ্ট্ৰই অধিক মানৱতাবাদী উন্নয়ণৰ বাবে চলা এক প্ৰয়াস প্ৰত্যক্ষ কৰিব পাৰিছে। বিস্তৃত ক্ষেত্ৰত প্ৰযুক্তিৰ বহুল ব্যৱহাৰে নাগৰিকসকলৰ বাবে বিভিন্ন ধৰণৰ পৰিৱৰ্তন অনাৰ লগতে ইয়াৰ পৰিণতিয়ে প্ৰদান কৰা লাভসমূহ স্পষ্ট ৰূপতে প্ৰত্যক্ষ কৰিব পৰা গৈছে’ বুলিও তেওঁ মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘ডিজিটেল আৰু প্ৰযুক্তিগত সমাধানসমূহৰ বাবে চৰকাৰে কেৱল বজাৰৰে সৃষ্টি কৰা নাই, বৰঞ্চ ইয়াক সকলো আঁচনিৰে এক গুৰুত্বপূৰ্ণ অংগ কৰিও তুলিছে’। তেওঁ কয় যে, তেওঁৰ চৰকাৰে বাবে প্ৰথমে প্ৰযুক্তিৰ আৰ্হি গ্ৰহণ কৰিছে আৰু এই প্ৰযুক্তিৰ জৰিয়তে মানৱীয় মৰ্যাদাৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। এই প্ৰসংগত তেওঁ দেশৰ কোটি কোটি খেতিয়কে এটা টিপাতে চৰকাৰে আগবঢ়োৱা বিত্তীয় সহযোগিতা লাভ কৰাৰ লগতে পৃথিৱীৰ সৰ্ববৃহত্ চিকিত্সা বীমা আঁচনি ‘আয়ুষ্মান ভাৰত’-ৰ সফল ৰূপায়ণৰ উদাহৰণ দাঙি ধৰে। ‘লকডাউন’ৰ সংকটৰ মাজতো দেশৰ দুখীযা ৰাইজে এই প্ৰযুক্তিৰ সুবাদতে যথোচিত ভাবে আৰু দ্ৰুতগতিৰে চৰকাৰী সহযোগিতা লাভ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ এনে বিশাল পৰিসৰৰ সাহায্য সেৱাৰ সমকক্ষ তেনেই বিৰল বুলিও মন্তব্য কৰে।

তেওঁৰ চৰকাৰে ‘দক্ষতা আৰু পাৰদৰ্শিতাৰে সেৱা আগবঢ়োৱাৰ বাবে তথ্য বিশ্লেষণৰ পৰা উদ্ভুত শক্তিৰ সদ্ব্যৱহাৰ কৰি আহিছে’ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেও, ‘এই প্ৰযুক্তিৰ শক্তিৰেই ফাইলৰ আদান-প্ৰদানৰ দীঘলীয়া পৰিক্ৰমাই সৃষ্টি কৰি অহা সমস্যাৰ অন্ত পেলাই খৰটকীয়া আৰু বিস্তৃত পৰিসৰৰ ৰাইজৰ জীৱন সলনি কৰিব পৰা গৈছে’ বুলি মন্তব্য কৰে।

‘মহামাৰীৰ সময়ত ইয়াৰ পাৰদৰ্শী ভূমিকা প্ৰদৰ্শন কৰাৰ বাবে’ প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিখণ্ডৰ শলাগ লয়।

তেওঁ কয়, ‘ঔদ্যোগিক সাফল্যৰ যুগ ইতিমধ্যে অতীত হৈছে আৰু এতিয়া আমি তথ্য–যুগৰ মাজভাগত উপনীত হৈছোহি। ঔদ্যোগিক যুগত, পৰিৱৰ্তন ধাৰা সৰলৰৈখিক আছিল’ বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে তথ্য–যুগৰ পৰিৱৰ্তন বিধ্বস্তকাৰী’। ‘তথ্য–যুগত প্ৰথমবাৰৰ বাবে কৰোতাজনে উত্তমকৈ কৰোতাজনৰ কামক লৈ চিন্তিত হৈ নাথাকে। এই যুগত যিকোনোজনেই যিকোনো সময়তে কোনো সামগ্ৰী নিৰ্মাণ কৰিব পাৰে, যিয়ে ইতিমধ্যে থকা খিনিক বিধ্বস্ত কৰি পেলাব পাৰে’।

প্ৰসংগক্ৰমে তেওঁ, ‘ভাৰতত প্ৰস্তুত কৰা প্ৰযুক্তিগত সমাধানৰ আৰ্হি সমগ্ৰ পৃথিৱীৰ বাবেই কৰ্ম সম্পাদনৰ বাবে নিয়োজিত কৰা হয়’ বুলি উল্লেখ কৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 আগষ্ট 2026
August 10, 2026

History, Heritage & High Growth: Why India’s Youth Feel Unstoppable Under PM Modi’s Leadership