সুভাষ চন্দ্র বসু দুৰ্যোগ ব্যৱস্থাপনা পুৰস্কাৰো প্রদান কৰিলে প্রধানমন্ত্রীয়ে
২০০৩ চনত দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় আইন প্ৰণয়ন কৰা গুজৰাট হৈছে দেশৰ প্ৰথমখন ৰাজ্য
“সাহাৰ্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ওপৰত জোৰ দিয়াৰ লগতে সংস্কাৰ সাধনতো গুৰুত্ব দিয়া হৈছে”
“দুর্যোগ ব্যৱস্থাপনা এতিয়া কেৱল চৰকাৰী চাকৰি নহয়, এয়া ‘সবকা প্রয়াস’ৰ এক আৰ্হিত পৰিণত হৈছে”
“স্বাধীনতাৰ শতবর্ষৰ পূর্বে এক নতুন ভাৰত গঢ়াৰ লক্ষ্য লোৱা হৈছে”
“স্বাধীনতাৰ পাছত দেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ সমান্তৰালভাৱে বহু মহান ব্যক্তিত্বৰ অৱদান মচি পেলোৱা হৈছে”
“স্বাধীনতা সংগ্রামত লাখ লাখ দেশবাসীৰ ‘তপস্যা’ জড়িত আছিল। কিন্তু তেওঁলোকৰ ইতিহাসকো সীমাবদ্ধ কৰি ৰখাৰ চেষ্টা চলোৱা হয়। কিন্তু আজি স্বাধীনতাৰ কেইবা দশক পাছত দেশে সাহসেৰে সেই ভুলসমূহ সংশোধন কৰিছে"
“নেতাজী সুভাষৰ ‘কৰিব পাৰো, কৰিম’ মনোভাৱৰ পৰা প্রেৰণা লৈ আমি সকলো আগুৱাই যাব লাগিব”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ এটা হ’ল’গ্ৰাম মূর্তি উন্মোচন কৰে৷ নেতাজীৰ মূর্তি নির্মাণৰ কাম শেষ নোহোৱালৈকে এই হ’ল’গ্ৰাম মূর্তি থাকিব৷ বছৰজোৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বার্ষিকী উদযাপন উপলক্ষে মূর্তিটো সেই স্থানত উন্মোচন কৰা হ’ব।

এই উপলক্ষে প্রধানমন্ত্রীয়ে আজি ২০১৯, ২০২০, ২০২১ আৰু ২০২২চনৰ বাবে সুভাষ চন্দ্র বসু দুৰ্যোগ ব্যৱস্থাপনা পুৰস্কাৰসমূহ প্রদান কৰে৷ দুর্যোগ ব্যৱস্থাপনা ক্ষেত্রত ব্যক্তি আৰু সংস্থাৰ অমূল্য অৱদান আৰু নিঃস্বার্থ সেৱাৰ স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে কেন্দ্রীয় চৰকাৰে এই পুৰস্কাৰ আৰম্ভ কৰিছিল।

প্রধানমন্ত্রীয়ে ভাৰত মাতাৰ সাহসী পুত্র নেতাজী সুভাষ চন্দ্র বসুক তেওঁৰ ১২৫সংখ্যক জন্ম বার্ষিকী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে যিগৰাকীয়ে ভাৰতৰ মাটিত প্রথম স্বাধীন চৰকাৰ প্রতিষ্ঠা কৰিছিল আৰু যিগৰাকীয়ে আমাক এক সার্বভৌম আৰু শক্তিশালী ভাৰত নিৰ্মাণৰ আস্থা যোগাইছিল, তেওঁৰ প্রতি সন্মান জনাই ইণ্ডিয়া গেটৰ ওচৰত ডিজিটেল আকাৰত এই মূর্তি স্থাপন কৰা হৈছে। শীঘ্ৰে এই হ’ল’গ্ৰাম মূর্তিৰ সলনি গ্ৰেনাইট মূর্তি স্থাপন কৰা হ’ব। তেওঁ কয় যে এই মূর্তিটো প্রতিষ্ঠাৰ জৰিয়তে দেশবাসীয়ে কৃতজ্ঞতাৰে স্বাধীনতা সংগ্রামৰ নায়কজনৰ প্রতি শ্রদ্ধা জনাইছে৷ তদুপৰি, ইয়াৰ জৰিয়তে দেশৰ প্রতিষ্ঠান আৰু পৰৱর্তী প্রজন্মক জাতীয় কর্তব্যৰ প্রতি স্মৰণ কৰাব বুলিও তেওঁ উল্লেখ কৰে৷

প্রধানমন্ত্রীয়ে দেশত দুর্যোগ ব্যৱস্থাপনা ক্ষেত্রত ঐতিহাসিক পৰিৱর্তনৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে বছৰৰ পাছত বছৰ ধৰি দুর্যোগ ব্যৱস্থাপনাৰ বিষয়টো কৃষি বিভাগৰ আওতাত আছিল। ইয়াৰ মূল কাৰণ বান, অতিবৃষ্টি, শিলাবৃষ্টিৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি মোকাবিলাৰ দায়িত্ব আছিল কৃষি মন্ত্ৰালয়ৰ। প্রধানমন্ত্রীয়ে কয় যে ২০০১ চনৰ গুজৰাটৰ ভূমিকম্পই দুর্যোগ ব্যৱস্থাপনাৰ অর্থ সলনি কৰিলে৷ তেওঁ কয়, “আমি সাহাৰ্য আৰু উদ্ধাৰ কাৰ্যত সকলো বিভাগ আৰু মন্ত্ৰালয়ক জড়িত কৰিলো৷ সেই সময়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ২০০৩ চনত গুজৰাটে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰস্তুত কৰিলে৷ এই ধৰণৰ আইন প্রণয়ন কৰা গুজৰাট দেশৰ প্রথমখন ৰাজ্য হিচাপে পৰিগণিত হৈ পৰে৷ কেন্দ্রীয় চৰকাৰে গুজৰাটৰ এই আইনৰ পৰা শিক্ষা লৈ ২০০৫ চনত সমগ্র দেশৰ বাবে একে ধৰণৰ দুর্যোগ ব্যৱস্থাপনা আইন প্ৰস্তুত কৰে।”

প্রধানমন্ত্রীয়ে কয় যে সাহাৰ্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ওপৰত জোৰ দিয়াৰ লগতে সংস্কাৰ সাধনতো গুৰুত্ব দিয়া হৈছে। সমগ্ৰ দেশত এনডিআৰএফক শক্তিশালী কৰা হৈছে। আনকি ইয়াৰ কামৰ পৰিধি আৰু আধুনিকতাৰ ওপৰতো জোৰ দিয়া হৈছে। তেওঁ কয় যে মহাকাশ প্রযুক্তিৰ পৰা পৰিকল্পনা আৰু দুর্যোগ ব্যৱস্থাপনা সৰ্বত্ৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্রধানমন্ত্রীয়ে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ‘দুৰ্যোগ মিত্র’ৰ দৰে পৰিকল্পনা গ্রহণ কৰিছে। তেওঁ কয় যে ইয়াৰ সৈতে দেশৰ যুৱ প্ৰজন্মক জড়িত কৰা হৈছে। সেয়েহে যেতিয়াই দুর্যোগ আহে, সাধাৰণ জনতা যাতে তাৰ বলি নহয় তেওঁলোকে স্বেচ্ছাসেৱক হিচাপে এই দুর্যোগ মোকাবিলা কৰি আহিছে৷ দুর্যোগ ব্যৱস্থাপনা এতিয়া কেৱল চৰকাৰী চাকৰি নহয়, এয়া ‘সবকা প্রয়াস’ৰ এক আৰ্হিত পৰিণত হৈছে৷

প্রধানমন্ত্রীয়ে দুর্যোগ মোকাবিলাৰ দক্ষতা বৃদ্ধিত প্রতিষ্ঠানসমূহক শক্তিশালী কৰাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷ তেওঁ ওড়িশা, পশ্চিমবংগ, গোৱা, মহাৰাষ্ট্র আৰু গুজৰাটত ঘূৰ্ণীবতাহৰ উদাহৰণ দাঙিৰ ধৰে৷ প্রধানমন্ত্রীয়ে কয় যে এই ধৰণৰ দুর্যোগে পূর্বৰ তুলনাত যথেষ্ট ক্ষয়ক্ষতি ৰোধ কৰা সম্ভৱ হৈছে। তেওঁ কয় যে দেশত ঘূৰ্ণীবতাহৰ মোকাবিলা কৰাৰ ব্যৱস্থাত আধুনিকীকৰণ হৈছে। পূৰ্বৰে পৰা সতর্কীকৰণ ব্যৱস্থা আৰু দুর্যোগৰ ক্ষতিশংকা বিশ্লেষণ কৰি মানুহৰ প্রাণহানি ৰোধ কৰাটো সম্ভৱ হৈছে।

প্রধানমন্ত্রীয়ে দুর্যোগ ব্যৱস্থাপনাৰ সামগ্ৰিক দৃষ্টিভংগী বিশদভাৱে বৰ্ণনা কৰে৷ তেওঁ কয় যে এতিয়া দুর্যোগ ব্যৱস্থাপনা চিভিল ইঞ্জিনিয়াৰি আৰু স্থাপত্য বিদ্যাৰ পাঠ্যক্রমৰ অংগ৷ তেওঁ ভূমিকম্প প্রৱণ এলেকাত প্রধানমন্ত্রী আবাস যোজনাৰ ঘৰ নির্মাণৰ ক্ষেত্রত দুৰ্যোগ মোকাবিলাত প্রস্তুতি, চাৰধাম যোজনা, উত্তৰ প্রদেশত ঘাইপথ নির্মাণৰ ক্ষেত্রত নতুন দৃষ্টিভংগী আৰু চিন্তাভাৱনাৰ কথা উল্লেখ কৰে৷

প্রধানমন্ত্রীয়ে বিশ্ব পর্যায়ত দুর্যোগ মোকাবিলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত দেশৰ নেতৃত্ব দিয়াৰ কথাও অৱগত কৰে। দুর্যোগ প্রতিৰোধৰ বাবে সুসংবদ্ধ পৰিকাঠামো (চিডিআৰআই)ত ভাৰত এতিয়া ৩৫খন দেশৰ ভিতৰত স্থান পাইছে। প্রধানমন্ত্রীয়ে কয় যে বিশ্বৰ বিভিন্ন দেশত সেনাবাহিনীৰ মাজত যৌথ সামৰিক অনুশীলন চলোৱা হৈছে। সেইদৰে ভাৰতে প্রথমবাৰলৈ দুর্যোগ ব্যৱস্থাপনাত যৌথ অনুশীলনৰ আয়োজন কৰে৷

প্রধানমন্ত্রীয়ে নেতাজীৰ বক্তব্যৰ উদ্ধৃত দি কয়, “স্বাধীন ভাৰতৰ সপোনত বিশ্বাস নেহেৰায়, বিশ্বৰ এনে কোনো শক্তি নাই, যি ভাৰতক কঁপাই তুলিব পাৰে।” প্রধানমন্ত্রীয়ে কয় যে এতিয়া লক্ষ্য হ’ল স্বাধীন ভাৰতৰ সপোন পূৰণ কৰা। স্বাধীনতাৰ শতবর্ষৰ পূর্বে এক নতুন ভাৰত গঢ়াৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ কয়৷

প্রধানমন্ত্রীয়ে কয় যে আজাদি কা অমৃত মহোৎসৱৰ মহান সংকল্পত ভাৰতে ইয়াৰ পৰিচয় আৰু অনুপ্রেৰণাক পুনৰুজ্জীৱিত কৰিব। তেওঁ দুঃখ প্রকাশ কৰি কয় যে স্বাধীনতাৰ পাছত দেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ সমান্তৰালভাৱে বহু মহান ব্যক্তিত্বৰ অৱদান মচি পেলোৱা হৈছে।

তেওঁ কয় যে স্বাধীনতা সংগ্রামত লাখ লাখ দেশবাসীৰ ‘তপস্যা’ জড়িত আছিল। কিন্তু তেওঁলোকৰ ইতিহাসকো সীমাবদ্ধ কৰি ৰখাৰ চেষ্টা চলোৱা হয়। সেয়েহে আজি স্বাধীনতাৰ কেইবা দশক পাছত দেশে সাহসেৰে সেই ভুলসমূহ সংশোধন কৰিছে। তেওঁ বাবা চাহেব আম্বেদকাৰৰ সৈতে জড়িত পঞ্চ তীর্থ, চর্দাৰ পেটেল অৱদানৰ স্মৰণত ষ্টেছ্যু অফ ইউনিটী, ভগৱান বিৰছা মুণ্ডাৰ সন্মানত জনজাতি গৌৰৱ দিৱস, জনজাতি সম্প্রদায়ৰ মহান অৱদানক স্মৰণ কৰাৰ বাবে জনজাতিভিত্তিক যাদুঘৰ, নেতাজীৰ নামত আন্দামানত এটা দ্বীপৰ নামকৰণৰ কথা উল্লেখ কৰে৷ নেতাজী আৰু আইএনএক সন্মান জনাবলৈ আন্দামানত তিৰংগা পতাকা উত্তোলন কৰাৰ জৰিয়তে অতীতৰ ভুল সংশোধনত বহু গুৰুত্বপূর্ণ পদক্ষেপ লোৱা হৈছে বুলি সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ যোৱা বছৰ পৰাক্রম দিৱসত কলকাতাত নেতাজীৰ পৈতৃক বাসভৱন পৰিদৰ্শন কৰাৰ কথা স্মৰণ কৰে৷ তেওঁ কয় যে ২০১৮ চনৰ ২১ অক্টোবৰৰ দিনটো কেতিয়াও নাপাহৰে কাৰণ সেই দিনাই আজাদ হিন্দ চৰকাৰৰ ৭৫বছৰ সম্পূৰ্ণ হৈছিল। তেওঁ কয়, “লালকিল্লাত আয়োজিত এক বিশেষ অনুষ্ঠানত, মই আজাদ হিন্দ ফৌজৰ টুপী পৰিধান কৰি তিৰংগা পতাকা উত্তোলন কৰিছিলো৷ সেই মুহূর্ত অসাধাৰণ, অবিস্মৰণীয়।”

 

প্রধানমন্ত্রীয়ে কয় যে নেতাজী সুভাষই যদি কিবা কৰিবলৈ দৃঢ় প্রতিজ্ঞ হয়, তেতিয়াহ’লে কোনো শক্তিয়েই তেওঁ বাধা দিব নোৱাৰে৷ নেতাজী সুভাষৰ ‘কৰিব পাৰো, কৰিম’ মনোভাৱৰ পৰা প্রেৰণা লৈ আমি সকলো আগুৱাই যাব লাগিব বুলিও জনায় প্রধানমন্ত্রীয়ে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”