প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৪ এপ্ৰিলত উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.১৫বজাত প্ৰধানমন্ত্ৰীয়ে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰৰ উত্তোলিত অংশৰ বন্যপ্ৰাণী কৰিড’ৰৰ পৰ্যালোচনা কৰিবলৈ উত্তৰ প্ৰদেশৰ চাহাৰাণপুৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৪০ বজাত প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনৰ ওচৰৰ জয় মা দাত কালী মন্দিৰ দৰ্শন আৰু পূজা কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনত এক ৰাজহুৱা অনুষ্ঠানত দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰ উদ্বোধন কৰিব আৰু এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰিব।
১২,০০০কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই ছয়লেনৰ ২১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰ। এই কৰিড’ৰ দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে আৰু ই দিল্লী আৰু ডেৰাডুনৰ মাজত ভ্ৰমণৰ সময় বৰ্তমান ছয় ঘণ্টাৰ পৰা প্ৰায় আঢ়ৈ ঘণ্টালৈ হ্ৰাস কৰিব।
প্ৰকল্পটোৰ ৰূপায়ণত ১০ টা ইণ্টাৰচেঞ্জ, তিনিখন ৰে'লৱে অ’ভাৰ ব্ৰীজ (আৰ অ' বি), চাৰিখন ডাঙৰ দলং আৰু ১২ ঠাইত পথৰ কাষৰ সুবিধা নিৰ্মাণ কৰা হৈছে যাতে নিৰবচ্ছিন্ন উচ্চ গতিৰ সংযোগ সম্ভৱ হয়। যাত্ৰীসকলক এক নিৰাপদ আৰু অধিক দক্ষ ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ এই কৰিড’ৰটোত এক উন্নত ট্ৰেফিক ব্যৱস্থাপনা ব্যৱস্থা (এ টি এম এছ) সংযোগ কৰা হৈছে।
অঞ্চলটোৰ পৰিৱেশ সংবেদনশীলতা, সমৃদ্ধ জৈৱ বৈচিত্ৰ্য আৰু বন্যপ্ৰাণীৰ প্ৰতি লক্ষ্য ৰাখি, মানুহ-বন্যপ্ৰাণীৰ সংঘাত তাৎপৰ্যপূৰ্ণভাবে হ্ৰাস কৰাৰ লক্ষ্যৰে কেইবাটাও বৈশিষ্ট্যৰ সৈতে কৰিড’ৰটোৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। বন্যপ্ৰাণীৰ মুক্ত বিচৰণ নিশ্চিত কৰিবলৈ এই প্ৰকল্পটোত কেইবাটাও নিৰ্দিষ্ট বন্যপ্ৰাণী সুৰক্ষা বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১২কিলোমিটাৰ দীঘল বন্যপ্ৰাণী এলিভেটেড কৰিড’ৰ, যি এছিয়াৰ ভিতৰত অন্যতম দীৰ্ঘতম। এই কৰিড’ৰটোত আঠটা এনিমেল পাছ, ২০০মিটাৰৰ দুটা হাতীৰ আণ্ডাৰপাছ আৰু দাত কালী মন্দিৰৰ ওচৰত এটা ৩৭০মিটাৰ দীঘল সুৰংগ আছে।
দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰে প্ৰধান পৰ্যটন আৰু অৰ্থনৈতিক কেন্দ্ৰৰ মাজত সংযোগ বৃদ্ধি কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত বাণিজ্য আৰু উন্নয়নৰ নতুন পথ মুকলি কৰি আঞ্চলিক অৰ্থনৈতিক বিকাশ শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পটোৱে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে যি পৰিৱেশৰ সুস্থিৰতা আৰু নাগৰিকৰ জীৱনৰ উন্নত মানৰ সৈতে উচ্চ গতিৰ সংযোগক একত্ৰিত কৰে।


