প্ৰধানমন্ত্ৰীয়ে পুডুচেৰীত ২,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰকল্পৰাজিৰ লক্ষ্য হৈছে পুডুচেৰীৰ আন্তঃগাঁথনি, নগৰীয়া সেৱা, ঔদ্যোগিক উন্নয়ন, শিক্ষা, স্বাস্থ্যসেৱা আৰু বহনক্ষম বিকাশক সুদৃঢ়কৰণ
প্ৰধানমন্ত্ৰীয়ে মাদুৰাইত ৪,৪০০ কোটি টকাৰো অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৩৩২এ ৰ মৰাক্কানাম–পুডুচেৰী অংশ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৮৭ ৰ পৰমাকুডি–ৰামনাথাপুৰম অংশৰ ফ’ৰ-লেনিঙৰ আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ ৮ টা পুনৰ উন্নীত ৰেলৱে ষ্টেচন উদ্বোধন আৰু চেন্নাই বিচ–চেন্নাই এগম’ৰ ৪ৰ্থ লাইন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
প্ৰধানমন্ত্ৰীয়ে তিৰুপৰাকুন্দ্ৰমৰ অৰুলমিগু সুব্ৰমণ্যস্বামী মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ১ মাৰ্চত তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব। ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী ২৮ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯ বজাত চেন্নাইত উপস্থিত হ'ব।

১ মাৰ্চৰ পুৱা প্ৰায় ১১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে পুডুচেৰীত ২,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এই উপলক্ষে সমবেতসকলক সম্বোধন কৰিব।

ইয়াৰ পিছত তেওঁ মাদুৰাইলৈ যাব। বিয়লি প্ৰায় ৩ বজাত তেওঁ ৪,৪০০ কোটি টকাৰো অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এই উপলক্ষে সমবেতসকলক সম্বোধন কৰিব। বিয়লি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে তিৰুপৰাকুন্দ্ৰমৰ অৰুলমিগু সুব্ৰমণ্যস্বামী মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা কৰিব।

পুডুচেৰীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে পুডুচেৰীৰ আন্তঃগাঁথনি, নগৰীয়া সেৱা, ঔদ্যোগিক উন্নয়ন, শিক্ষা, স্বাস্থ্যসেৱা আৰু বহনক্ষম বিকাশক সুদৃঢ়কৰণৰ লক্ষ্যৰে একাধিক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে পিএম ই-বাছ সেৱা পদক্ষেপৰ অধীনত ই-বাছ, স্মাৰ্ট চিটি মিছনৰ অধীনত ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কন্ট্ৰল চেন্টাৰ, চিটি ইনভেষ্টমেন্টছ টু ইন’ভেট, ইন্টিগ্ৰেট এণ্ড ছাষ্টেইন (CITIIS) পদক্ষেপৰ অধীনত অৰ্থনৈতিকভাৱে অনগ্ৰসৰ সকলৰ বাবে টেনেমেন্ট, পুডুচেৰী চৰকাৰৰ গুৰুত্বপূৰ্ণ নলা আৰু পানী যোগান খণ্ডৰ প্ৰকল্পকে প্ৰমুখ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ উদ্বোধন কৰিব। ইয়াৰ উপৰিও তেওঁ কম্প’জিট ইঞ্জিনিয়াৰিং ব্লক- ডঃ এপিজে আব্দুল কালাম ব্লক আৰু কৰাইকালৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ গংগা হোষ্টেল উদ্বোধন কৰিব; জিপমেৰত (JIPMER) আঞ্চলিক কৰ্কট কেন্দ্ৰৰ আধুনিকীকৰণ আৰু পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ নতুন এনেক্স বিল্ডিং, লেকচাৰ হল তথা হোষ্টেল উদ্বোধন কৰিব। এই পদক্ষেপে অঞ্চলটোৰ উচ্চ শিক্ষা আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিক অধিক শক্তিশালী কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে ৭৫০-একৰ ভূমিত বিস্তৃত কাৰাছুৰ-চেদাৰাপেট ঔদ্যোগিক পাৰ্ক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াত ফাৰ্মা পাৰ্ক, বস্ত্ৰ পাৰ্ক, আইটি পাৰ্ক, আইআইটি-মাদ্ৰাজৰ অত্যাধুনিক গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ তথা জিপমেৰৰ উন্নত স্বাস্থ্যসেৱা সুবিধা থাকিব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ ঔদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত এক বৃহৎ উত্থান ঘটিব।

প্ৰধানমন্ত্ৰীয়ে পুডুচেৰী অঞ্চলৰ খোৱাপানী ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ লগতে বাসিন্দাসকলৰ বাবে বিশুদ্ধ পানী যোগান নিশ্চিত কৰাৰ বাবে পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও তেওঁ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ (PMGSY) অধীনত ৪১ টা গ্ৰামীণ পথ নিৰ্মাণ, পুডুচেৰীৰ হেৰিটেজ টাউনৰ উন্নয়ন সাধন, মিষ্টি (MISHTI-Mangrove Initiative for Shoreline Habitats & Tangible Incomes) আঁচনিৰ অধীনত মেংগ্ৰোভ পুনৰুদ্ধাৰ, পানী যোগান আৰু অনাময় খণ্ডৰ প্ৰকল্প তথা পুনৰ পৰিকল্পিত বিতৰণ খণ্ডৰ আঁচনিৰ (RDSS) অধীনত শক্তি খণ্ডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য (SASCI) আঁচনিৰ অধীনত নগৰীয়া পথ, নিষ্কাশন নেটৱৰ্ক, ৰাজহুৱা ভৱন, ছাত্ৰাবাস আৰু ক্ৰীড়া সুবিধা আদিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি ভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ভাৰত চৰকাৰে পুডুচেৰীক এছএএছচিআই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনাইছে। আঁচনিখন প্ৰথমে কেৱল ৰাজ্যসমূহতে সীমাবদ্ধ আছিল।

মাদুৰাইত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে যোগাযোগ ব্যৱস্থাৰ বৰ্ধন, গতিশীলতাৰ অগ্ৰগতি সাধন আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে মাদুৰাইত ৪,৪০০ কোটি টকাৰো অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৩৩২এ ৰ মৰাক্কানাম–পুডুচেৰী অংশ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৮৭ ৰ পৰমাকুডি–ৰামনাথাপুৰম অংশৰ ফ’ৰ-লেনিঙৰ আধাৰশিলা স্থাপন কৰিব। মৰাক্কানাম–পুডুচেৰী অংশৰ ফ’ৰ-লেনিঙে পুডুচেৰীৰ চহৰাঞ্চলত যান-জঁট হ্ৰাস কৰাত সহায় কৰিব, যাত্ৰাৰ সময় প্ৰায় ৫০% হ্ৰাস কৰিব, এঘন্টাৰ পৰা প্ৰায় ৩০ মিনিটলৈ যাত্ৰাৰ সময় হ্ৰাস পাব। এই প্ৰকল্পই মূল ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথৰ মাজত নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব, মামল্লাপুৰম (মহাবলীপুৰম), কল্পকাম পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰু অৰোভিলৰ দৰে বিশিষ্ট গন্তব্যস্থানলৈ প্ৰৱেশৰ বৰ্ধন ঘটাব, উপকূলীয় গাঁও আৰু ভিলুপ্পুৰম জিলাৰ সদৰৰ মাজত যোগাযোগ ব্যৱস্থাক শক্তিশালী কৰিব তথা অঞ্চলটোৰ পৰ্যটন আৰু অৰ্থনৈতিক কাৰ্য্যকলাপক ত্বৰান্বিত কৰিব।

ৰাষ্ট্ৰীয় ঘাইপথ-৮৭ ৰ পৰমাকুডি–ৰামনাথাপুৰম অংশৰ ফ’ৰ-লেনিঙে মাদুৰাই, ৰামেশ্বৰম, ধনুষকোড়ীকে প্ৰমুখ্য কৰি প্ৰধান ধৰ্মীয় গন্তব্যস্থান সমূহলৈ দ্ৰুত প্ৰৱেশৰ সুবিধা প্ৰশস্ত কৰিব। এই প্ৰকল্পৰ জৰিয়তে ভ্ৰমণৰ সময় প্ৰায় ৪০% হ্ৰাস পাব, এঘন্টাৰ পৰা প্ৰায় ৩৫ মিনিটলৈ ভ্ৰমণৰ সময় হ্ৰাস হ’ব। ই মাদুৰাই আৰু ৰামেশ্বৰমৰ প্ৰধান ৰেল ষ্টেচন, মাদুৰাই আৰু আইএনএছ পৰুণ্ডুৰ বিমানবন্দৰ, পাম্বন আৰু ৰামেশ্বৰমৰ অ-প্ৰধান বন্দৰসমূহক সংযোগ কৰি মাল্টি-মডেল সংযোগক সুদৃঢ় কৰিব। পিএম গতি শক্তিৰ নীতিৰ সৈতে সংগতি ৰাখি এই কৰিডৰে ফিছিং ক্লাষ্টাৰ, এটা বিশেষ অৰ্থনৈতিক মণ্ডল, এক মেগা ফুড পাৰ্ক আৰু এটা বস্ত্ৰ ক্লাষ্টাৰকে প্ৰমুখ্য কৰি মূল অৰ্থনৈতিক কেন্দ্ৰসমূহক একত্ৰিত কৰিব। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটোৰ বাণিজ্য, উদ্যোগ আৰু আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ যাত্ৰী সকলৰ সুবিধাৰ বৰ্ধন, কাৰ্য্যকৰী দক্ষতা বৃদ্ধি আৰু ৰেল-ভিত্তিক সংযোগক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ৰেল আন্তঃগাঁথনি প্ৰকল্পসমূহ উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৮ টা পুনৰ উন্নীত ৰেল ষ্টেচন উদ্বোধন কৰিব। তামিলনাডুৰ এই পুনৰ উন্নীত ৰেল ষ্টেচনসমূহ হ’লঃ মোৰাপুৰ, বম্মিডি, শ্ৰীভিলিপুতুৰ, শোলাবন্দন, মানপাৰাই, পোল্লাচি জংচন, কাৰাইক্কুডি জংচন, তিৰুভাৰুৰ জংচন। এই ষ্টেচনসমূহক আধুনিক যাত্ৰী-কেন্দ্ৰিক সুবিধাসমূহৰ সৈতে উন্নীত কৰাৰ লগতে ইয়াত স্থানীয় স্থাপত্য শৈলী আৰু সাংস্কৃতিক ঐতিহ্যক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত উন্নত প্ৰৱেশযোগ্যতা, বৰ্ধিত ষ্টেচন ভৱন, আধুনিক অপেক্ষা হল, লিফ্ট আৰু এস্কেলেটৰ, উন্নীতকৃত প্লেটফৰ্ম আৰু দিব্যাংগজনৰ অনুকূল সুবিধাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে চেন্নাই বিচ-চেন্নাই এগম’ৰ ৪ৰ্থ লাইনো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই ৰেল লাইনে চেন্নাই উপনগৰীয়া ৰেল নেটৱৰ্কৰ অতিৰিক্ত যাত্ৰী আৰু মালবাহী ৰেল সেৱাৰ সুবিধা প্ৰদান কৰি কাৰ্য্যকৰী দক্ষতা বহু পৰিমাণে বৃদ্ধি কৰিব। একেদৰে অফিচ-কাছাৰীলৈ যোৱা, আইটি পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ী সকলকে প্ৰমুখ্য কৰি দৈনিক লক্ষ-লক্ষ যাত্ৰীক উপকৃত কৰিব।

তামিলনাডুৰ সম্প্ৰচাৰ সেৱাক অধিক সম্প্ৰসাৰণৰ অৰ্থে প্ৰধানমন্ত্ৰীয়ে কুম্বাকোনাম, য়েৰকাউড আৰু ভেলোৰত তিনিটা নতুন আকাশবাণী এফএম ৰিলে ট্ৰেন্সমিটাৰ উদ্বোধন কৰিব। এই ট্ৰেন্সমিটাৰসমূহে আঞ্চলিক ক’ভাৰেজক সম্প্ৰসাৰিত কৰিব, নিৰৱচ্ছিন্ন এফএম সম্প্ৰচাৰ নিশ্চিত কৰিব আৰু ৰাজ্যখনৰ একাধিক জিলাত ৰাজহুৱা সম্প্ৰচাৰ সেৱাৰ সুবিধা বৃদ্ধি কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”