২৯,৪০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন প্ৰকল্পৰ আৰম্ভণি, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
থানে বৰিভালি টুইন টানেল প্ৰকল্প আৰু গোৰেগাঁও মুলুণ্ড লিংক ৰোড প্ৰকল্পৰ সুৰংগৰ কামৰ আধাৰশিলা স্থাপন কৰিব
নৱী মুম্বাইত কল্যাণ য়াৰ্ড ৰিমডেলিং আৰু গতি শক্তি মাল্টিমডাল কাৰ্গ’ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন
লোকমান্য তিলক টাৰ্মিনাছৰ নতুন প্লেটফৰ্ম তথা ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ ষ্টেচনৰ ১০ আৰু ১১ নং প্লেটফৰ্মৰ সম্প্ৰসাৰিত ৰূপ ৰাষ্ট্ৰলৈ উৎসৰ্গা
প্ৰায় ৫৬০০ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰী যুৱ কাৰ্য্য প্ৰশিক্ষণ যোজনাৰ শুভাৰম্ভ
লগতে মুম্বাইত ইণ্ডিয়ান নিউজপেপাৰ ছ’চাইটি (INS) টাৱাৰৰ উদ্বোধন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ জুলাই, ২০২৪ত মহাৰাষ্ট্ৰৰ মুম্বাই ভ্ৰমণ কৰিব। সেইদিনা আবেলি প্ৰায় ৫:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাইৰ গোৰেগাঁৱৰ “নেস্ক’” প্ৰদৰ্শনী কেন্দ্ৰত উপস্থিত হৈ ২৯,৪০০ কোটি টকাৰো অধিক মূল্যৰ পথ, ৰেলৱে আৰু বন্দৰ খণ্ডৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ জি-ব্লকস্থিত ইণ্ডিয়ান নিউজপেপাৰ ছ’চাইটি (INS) সচিবালয়ত আইএনএছ টাৱাৰ উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ১৬,৬০০ কোটি টকা মূল্যৰ থানে বৰিভালি সুৰংগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। থানে আৰু বৰিভালিৰ মাজৰ এই টুইন টিউব টানেল সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ তলেৰে পাৰ হৈ যাব, যিয়ে বৰিভালিৰ ফালৰ পশ্চিম এক্সপ্ৰেছ হাইৱে আৰু থানেৰ ফালৰ থানে ঘোডবন্দৰ ৰোডৰ মাজত প্ৰত্যক্ষ যোগাযোগ প্ৰশস্ত কৰিব। প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য ১১.৮ কিলোমিটাৰ। ইয়াৰ জৰিয়তে থানেৰপৰা বৰিভালিলৈ যাত্ৰাৰ দৈৰ্ঘ্য ১২ কিলোমিটাৰ হ্ৰাস পাব আৰু যাত্ৰাৰ সময় প্ৰায় ১ ঘন্টা ৰাহি হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৬৩০০ কোটি টকাৰো অধিক মূল্যৰ গোৰেগাঁও মুলুণ্ড লিংক ৰোড (GMLR) প্ৰকল্পৰ সুৰংগৰ কামৰ আধাৰশিলা স্থাপন কৰিব। জিএমএলআৰে গোৰেগাঁৱৰ পশ্চিম এক্সপ্ৰেছ হাইৱেৰপৰা মুলুণ্ডৰ পূব এক্সপ্ৰেছ হাইৱেলৈকে পথ সংযোগ প্ৰশস্ত কৰিব। জিএমএলআৰৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬.৬৫ কিলোমিটাৰ আৰু ই নৱী মুম্বাইত নতুন প্ৰস্তাৱিত বিমানবন্দৰ আৰু পুনে মুম্বাই এক্সপ্ৰেছৱেৰ সৈতে পশ্চিম উপকণ্ঠ অঞ্চলৰ মাজত প্ৰত্যক্ষ যোগাযোগ প্ৰশস্ত কৰিব।

নৱী মুম্বাইৰ তুৰ্ভেত কল্যাণ য়াৰ্ড ৰিমডেলিং আৰু গতি শক্তি মাল্টি মডাল কাৰ্গ’ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। কল্যাণ য়াৰ্ডে দীৰ্ঘ দূৰত্ব আৰু উপ-নগৰীয়া যাতায়াতৰ পৃথকীকৰণত সহায় কৰিব। ৰিমডেলিঙে য়াৰ্ডটোৰ অধিক ৰেল চম্ভালিব পৰাৰ ক্ষমতা বৃদ্ধি কৰিব, যানজঁট হ্ৰাস কৰিব আৰু ৰেল পৰিচালনাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব। নৱী মুম্বাইৰ গতি শক্তি মাল্টিমডাল কাৰ্গ’ টাৰ্মিনেলটো ৩২৬০০ বৰ্গমিটাৰৰো অধিক এলেকাত নিৰ্মাণ হ’ব। ই স্থানীয় জনসাধাৰণক অতিৰিক্ত নিয়োগৰ সুযোগ প্ৰদান কৰিব আৰু চিমেন্ট তথা আন-আন সামগ্ৰী পৰিচালনাৰ বাবে অতিৰিক্ত টাৰ্মিনেল হিচাপে কাম কৰিব।

প্ৰধানমন্ত্ৰীয়ে লোকমান্য তিলক টাৰ্মিনাছৰ নতুন প্লেটফৰ্ম তথা ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ ষ্টেচনৰ প্লেটফৰ্ম নং ১০ আৰু ১১ৰ সম্প্ৰসাৰিত ৰূপ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। লোকমান্য তিলক টাৰ্মিনাছৰ নতুন দীঘলীয়া প্লেটফৰ্মত দীঘলীয়া ৰেল ৰখাব পৰা যাব, যাৰ ফলত প্ৰতিখন ৰেলত অধিক যাত্ৰীৰ সুবিধা হ’ব আৰু বৰ্ধিত যাতায়াত চম্ভালিব পৰাকৈ ষ্টেচনৰ ক্ষমতা বৃদ্ধি পাব। ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ ষ্টেচনৰ ১০ আৰু ১১ নং প্লেটফৰ্ম ক’ভাৰ চেড আৰু ৱাচেবল এপ্ৰনৰ সৈতে ৩৮২ মিটাৰ সম্প্ৰসাৰিত কৰা হৈছে। ই ২৪ টা ডবালৈকে ৰেল বৃদ্ধিত সহায় কৰিব, যাৰ ফলত কঢ়িয়াই নিয়া যাত্ৰীৰ সংখ্যা বৃদ্ধি পাব।

প্রধানমন্ত্রীয়ে ৫৬০০ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্রী যুৱ কাৰ্য্য প্রশিক্ষণ আঁচনিৰো শুভাৰম্ভ কৰিব। এয়া হৈছে ১৮ৰ পৰা ৩০ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধি আৰু উদ্যোগৰ সংস্পৰ্শৰ সুযোগ প্ৰদানেৰে যুৱ নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যেৰে এক ৰূপান্তৰশীল ইন্টাৰ্ণশ্বিপ কাৰ্য্যক্ৰম।

প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত থকা ইণ্ডিয়ান নিউজপেপাৰ ছ’চাইটি (INS) সচিবালয়ত আইএনএছ টাৱাৰ উদ্বোধন কৰিব। নতুন ভৱনটোৱে মুম্বাইত আধুনিক আৰু সুবিধাসম্পন্ন কাৰ্য্যালয়ৰ স্থানৰ বাবে আইএনএছৰ সদস্যসকলৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণ কৰিব, যি মুম্বাইৰ বাতৰিকাকত উদ্যোগৰ অভিকেন্দ্ৰ হৈ উঠিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action