প্ৰধানমন্ত্ৰীয়ে মণিপুৰত ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ ২২ টা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
দেশৰ সকলো প্ৰান্ততে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি ১৭০০ কোটি টকাৰ অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰা হ’ব
প্ৰায় ১১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ২৩৫০ টাতকৈ অধিক মোবাইল টাৱাৰ ৰাইজৰ বাবে উৎসৰ্গিত কৰা হ’ব; ইয়াৰ ফলত মোবাইল যোগাযোগ ব্যৱস্থা উন্নত হ’ব
স্বাস্থ্য খণ্ডৰ অগ্ৰগতিৰ লক্ষেৰে প্ৰধানমন্ত্ৰীয়ে অত্যাধুনিক কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব; নতুনকৈ নিৰ্মিত ২০০ বিছনাযুক্ত কোভিড চিকিৎসালয় উদ্বোধন কৰিব
নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিবলৈ মণিপুৰৰ সৰ্ববৃহৎ পিপিপি উদ্যোগ, ‘ইনভেনচন, ইন’ভেচন, ইনকিউবেচন আৰু প্ৰশিক্ষণ কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰা হ’ব
‘মণিপুৰ ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছ’ৰ আধাৰশিলা স্থাপন কৰা হ’ব; আইডিয়া ১৯৯০ চনত প্ৰথমবাৰৰ বাবে এইধৰণৰ প্ৰতিষ্ঠান গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছিল যদিও বহু বছৰ ধৰি বাস্তৱায়িত হোৱা নাছিল
প্ৰধানমন্ত্ৰীৰ ‘সবকাসাথ- সবকা বিকাশ- সবকা বিশ্বাস’ মন্ত্ৰৰ সৈতে সংগতি ৰাখি; প্ৰধানমন্ত্
ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ২ বজাত আগৰতলাত তেওঁ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু লগতে দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ ২২টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
এই প্ৰকল্পবোৰ পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে বিভিন্ন খণ্ডৰ সৈতে সম্পৰ্কিত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ ২২টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ২ বজাত আগৰতলাত তেওঁ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু লগতে দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰিব।

 

মণিপুৰত প্ৰধানমন্ত্ৰী

 

মণিপুৰত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৮৫০ কোটি টকাৰ ১৩ টা প্ৰকল্প উদ্বোধন কৰিব আৰু প্ৰায় ২৯৫০ কোটি টকাৰ ৯টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পবোৰ পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে বিভিন্ন খণ্ডৰ সৈতে সম্পৰ্কিত।

যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে দেশব্যাপী প্ৰকল্পসমূহৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১৭০০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ১১০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ এই ঘাইপথসমূহৰ নিৰ্মাণ অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। আন এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি হৈছে ৭৫ কোটি টকাৰ অধিক ব্যয়েৰে বৰাক নদীৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ত নিৰ্মাণ কৰা নিৰ্মাণ কৰা ষ্টীলৰ দলং, যিয়ে ইম্ফলৰ পৰা শিলচৰলৈ বছৰজুৰি যাতায়াত ব্যৱস্থা উন্নত কৰিব আৰু যান-জঁট হ্ৰাস কৰিব। এই ষ্টীল দলংখন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ২,৩৮৭টা মোবাইল টাৱাৰ মণিপুৰৰ জনসাধাৰণৰ নামত উৎসৰ্গা কৰিব। ৰাজ্যখনৰ মোবাইল সংযোগ ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।

 

ৰাজ্যখনত খোৱা পানী যোগান প্ৰকল্পৰ উদ্বোধনৰ লগে লগে প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাই সফল ৰূপ পাব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে ২৮০ কোটি টকাৰ ‘থৌবাল বহুমুখী প্ৰকল্পৰ পানী পৰিবহন প্ৰণালী’, যিয়ে ইম্ফল চহৰক খোৱা পানী যোগান ধৰিব। ৬৫ কোটি টকা ব্যয়েৰে তামেংলং সদৰ কাৰ্যালয়ত নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পৰ জৰিয়তে তামেংলং জিলাৰ বাসিন্দাসকলক সুৰক্ষিত খোৱা পানী যোগান ধৰা হব। ইয়াৰোপৰি  ৫১ কোটি টকা ব্যয়েৰে সেনাপতি জিলাত নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ বাসিন্দাসকলক নিয়মীয়া পানী যোগান ধৰা হ’ব।

 

ৰাজ্যখনৰ স্বাস্থ্য খণ্ডক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ ভিত্তিত প্ৰায় ১৬০ কোটি টকা ব্যয়সাপেক্ষে ইম্ফলত অত্যাধুনিক কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। এই কৰ্কট চিকিৎসালয়খনে ৰাজ্যবাসীৰ ব্যয় হ্ৰাস কৰাত যথেষ্ট লাভান্বিত কৰিব, যিসকলে কৰ্কট ৰোগ সম্পৰ্কীয় ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা লাভৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লগা হয়। লগতে, ৰাজ্যখনত কোভিড সম্পৰ্কীয় আন্তঃগাঁথনি বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ডিআৰডিঅ’ৰ সহযোগত প্ৰায় ৩৭ কোটি টকা ব্যয়েৰে কিয়ামগেইত স্থাপন কৰা ২০০ বিছনাযুক্ত কোভিড চিকিৎসালয় উদ্বোধন কৰিব।

দেশৰ চহৰসমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু পৰিৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাস্তৱায়নৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে তিনিটা প্ৰকল্পৰ শুভাৰম্ভ কৰিব। এই প্ৰকল্পসমূহ নিৰ্মাণ ব্যয় ১৭০ কোটি টকাতকৈও অধিক। ‘ইম্ফল স্মাৰ্ট চিটি মিছন’ৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পসমূহ হৈছে-ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ (আইচি), ইম্ফল নদীৰ পশ্চিম নদীৰ পাৰৰ উন্নয়ন (প্ৰথম পৰ্যায়) আৰু থাংগল বজাৰত মল ৰোডৰ উন্নয়ন (প্ৰথম পৰ্যায়)। ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰে (আইচি) চহৰখনত বিভিন্ন প্ৰযুক্তি আধাৰিত সেৱা প্ৰদান কৰিব, যাৰ ভিতৰত আছে যান-বাহন ব্যৱস্থাপনা, কঠিন আৱৰ্জনা ব্যৱস্থাপনা আৰু চহৰৰ নিৰীক্ষণ।এই অভিযানৰ অধীনত অন্যান্য উন্নয়নমূলক প্ৰকল্পসমূহে পৰ্যটন আৰু স্থানীয় অৰ্থনীতিক উৎসাহিত কৰিব আৰু নিযুক্তিৰ সুযোগ প্ৰদান কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত প্ৰায় ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ‘ইনভেনচন, ইন’ভেচন ইনকিউবেচন এণ্ড ট্ৰেইনিং কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটো হৈছে ৰাজ্যখনত চৰকাৰী- বেচৰকাৰী ভিত্তিত নিৰ্মাণ কৰিবলগীয়া আটাইতকৈ ডাঙৰ প্ৰকল্প আৰু ই ৰাজ্যখনত নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ উপৰিও তথ্য প্ৰযুক্তি খণ্ডক আগুৱাই নিব।

প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ গুৰগাঁৱত মণিপুৰ ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব। মণিপুৰৰ সাংস্কৃতিক ঐতিহ্যক লৈ হাৰিয়ানাত এইধৰণৰ  সাংস্কৃতিক প্ৰতিষ্ঠানৰ গঢ় দিয়াৰ পৰিকল্পনা প্ৰথমবাৰৰ বাবে ১৯৯০ চনত লোৱা হৈছিল যদিও ই যোৱা বহু বছৰ ধৰি বাস্তৱায়িত নহ’ল । প্ৰতিষ্ঠানটো ২৪০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ’ব আৰু ই ৰাজ্যখনৰ সমৃদ্ধ কলা আৰু সংস্কৃতিৰ প্ৰচাৰ কৰিব। ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক অধিক শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে ইম্ফলত পুনৰ্নিৰ্মাণ কৰা গোবিন্দজী মন্দিৰ উদ্বোধন কৰিব। তেওঁ মৈৰাঙত আইএনএ কমপ্লেক্স উদ্বোধন কৰিব য’ত ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় সেনাই (আইএনএ) পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদৰ্শন কৰা হ’ব।

‘সবকাসাথ-সবকা বিকাশ-সবকা বিশ্বাস’ৰ মন্ত্ৰৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমৰ অধীনত ১৩০ কোটি টকাতকৈ অধিক মূল্যৰ ৭২ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পসমূহে সংখ্যালঘু সম্প্ৰদায়সমূহৰ সামগ্ৰিক বিকাশৰ বাবে স্বাস্থ্য আৰু শিক্ষা খণ্ডত আন্তঃগাঁথনিগত সহযোগ আগবঢ়াব।

 

 

ৰাজ্যখনত হস্ততাঁত উদ্যোগ শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইম্ফল পূব জিলাৰ নংপোক কাকচিঙত ‘মেগা হস্ততাঁত ক্লাষ্টাৰ’ আৰু মইৰাঙত ‘ক্ৰাফ্ট এণ্ড হস্ততাঁত গাওঁ’ নামৰ ৩৬ কোটি টকাৰ দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যিয়ে ইম্ফল পূব জিলাৰ প্ৰায় ১৭,০০০ শিপিনীক লাভান্বিত কৰিব আৰু বয়ন পৰিয়ালসমূহক সহায় কৰিব। ইয়াৰ ফলত মইৰাঙত পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি পাব। ফলত লোকটাক হ্ৰদত পৰ্যটনৰ প্ৰসাৰ হ’ব আৰু স্থানীয় লোকসকলৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে নতুন চেকনত প্ৰায় ৩৯০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া চৰকাৰী আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব। এইটো আধুনিক সুবিধাৰ সৈতে এটা একত্ৰিত হাউচিং কলনী হ’ব। তেওঁ ইম্ফল পূবৰ ইবুধৌমাৰ্জিঙত এটা ৰ’পৱে প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত আছে নতুন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই),দক্ষতা বিকাশ আন্তঃগাঁথনি বৃদ্ধিৰ অধীনত কাংপোকপি আৰু তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়ৰ এটা নতুন কাৰ্যালয় ভৱন।

 

ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী

ত্ৰিপুৰা ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মহাৰাজা বীৰ বিক্ৰম (এমবিবি) বিমান বন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু মুখ্য পদক্ষেপসমূহ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে মুখ্য মন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা আৰু ১০০খন বিদ্যালয়ত মিছন বিদ্যালয়ত মিছন বিদ্যাজ্যোতি প্ৰকল্পৰ শুভাৰম্ভ কৰিব ।

 

প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল বিল্ডিং হৈছে ৩০,০০০ বৰ্গ মিটাৰজুৰি বিস্তীৰ্ণ এক অত্যাধুনিক ভৱন য’ত আধুনিক সুবিধা আছে আৰু শেহতীয়া আইটি নেটৱৰ্ক ইণ্টিগ্ৰেটেড প্ৰণালীৰ দ্বাৰা সমৰ্থিত। নতুন টাৰ্মিনেল ভৱনটোৰ বিকাশ হৈছে সমগ্ৰ দেশৰ সকলো বিমান বন্দৰত আধুনিক সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি এক প্ৰচেষ্টা।

 

বিদ্যাজ্যোতি বিদ্যালয়ৰ প্ৰকল্প মিছন ১০০-ৰ উদ্দেশ্য হৈছে ৰাজ্যখনত ১০০ খন উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয়ক বিদ্যাজ্যোতি বিদ্যালয়লৈ ৰূপান্তৰ কৰি অত্যাধুনিক সুবিধা আৰু মানদণ্ডৰ শিক্ষাৰ সৈতে শিক্ষাৰ মানদণ্ড উন্নত কৰা। প্ৰকল্পটোৱে নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰায় ১.২ লাখ শিক্ষাৰ্থীক সামৰি ল'ব আৰু অহা তিনি বছৰত প্ৰায় ৫০০ কোটি টকা ব্যয় হ’ব।

 

মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনাৰ লক্ষ্য হৈছে গাওঁ পৰ্যায়ত গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সেৱা প্ৰদানৰ ক্ষেত্ৰত মাপকাঠি নিৰ্ধাৰণ কৰা। এই যোজনাৰ বাবে বাছনি কৰা মুখ্য খণ্ডবোৰ হৈছে ঘৰুৱা জল সংযোগ, ঘৰুৱা বিদ্যুৎ সংযোগ, সকলো বতৰৰ উপযোগী পথ, প্ৰতিটো পৰিয়ালৰ বাবে কাৰ্যকৰী শৌচালয়, প্ৰতিটো শিশুৰ বাবে টিকাকৰণৰ পৰামৰ্শ দিয়া, স্ব-সহায়ক গোটত মহিলাৰ অংশগ্ৰহণ ইত্যাদি। বিভিন্ন ক্ষেত্ৰত সেৱা প্ৰদানৰ বাবে মানদণ্ড গঢ়ি তোলাৰ বাবে গাওঁসমূহক উৎসাহিত কৰিব আৰু তৃণমূল পৰ্যায়ত সেৱা প্ৰদান উন্নত কৰাৰ বাবে গাওঁসমূহৰ মাজত স্বাস্থ্যকৰ প্ৰতিযোগিতা গঢ়ি তোলাই হৈছে এই আঁচনিখনৰ উদ্দেশ্য।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"