প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯,৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ১ম পৰ্য্যায় উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে মুঠ ৩৭,২৭০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মিত মুম্বাই মেট্ৰ’ লাইন-৩ ৰ চূড়ান্ত পৰ্য্যায় উদ্বোধন আৰু সমগ্ৰ মুম্বাই মেট্ৰ’ লাইন-৩ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
প্ৰধানমন্ত্ৰীয়ে ১১ ৰাজহুৱা পৰিবহণ অপাৰেটৰৰ বাবে ভাৰতৰ প্ৰথম সংহত কমন মবিলিটি এপ “মুম্বাই ওৱান” মুকলি কৰিব
শুভাৰম্ভ কৰিবলগীয়া প্ৰকল্পসমূহৰ প্ৰধান লক্ষ্য হৈছে নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা নিশ্চিত কৰা
ভাৰত–যুক্তৰাজ্যৰ কৌশলগত অংশীদাৰিত্বক সুদৃঢ়কৰণেৰে মুম্বাইত যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে ভাৰত–যুক্তৰাজ্যৰ কৌশলগত অংশীদাৰিত্ব আৰু ভিজন ২০৩৫ ৰোডমেপৰ পৰ্য্যালোচনা কৰিব
প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে গ্ল'বেল ফিনটেক ফেষ্ট, ২০২৫-ত মূল ভাষণ প্ৰদান কৰিব
ইয়াৰ পিছত প্ৰায় ২:৪৫ বজাত দুয়োজনে গ্ল’বেল ফিনটেক ফেষ্টৰ ৬ষ্ঠ সংস্কৰণত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও তেওঁলোকে ফেষ্টত মূল ভাষণ প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮-৯ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৱী মুম্বাইত উপস্থিত হ’ব আৰু আবেলি প্ৰায় ৩ বজাত তেখেতে নৱ-নিৰ্মিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মুম্বাইৰ ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰিব। তেখেতে লগতে সমবেতসকলক সম্বোধন কৰিব।

অহা ৯ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰী মুম্বাইত যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰ্মাৰৰ সৈতে মিলিত হ’ব। দিনৰ প্ৰায় ১:৪০ বজাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত অনুষ্ঠিতব্য চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত প্ৰায় ২:৪৫ বজাত দুয়োজনে গ্ল’বেল ফিনটেক ফেষ্টৰ ৬ষ্ঠ সংস্কৰণত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও তেওঁলোকে ফেষ্টত মূল ভাষণ প্ৰদান কৰিব।

নৱী মুম্বাইত প্ৰধানমন্ত্ৰী

ভাৰতক বিশ্ব বিমান পৰিবহণ কেন্দ্ৰলৈ ৰূপান্তৰিতকৰণৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯,৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (NMIA) ১ম পৰ্য্যায় উদ্বোধন কৰিব।

নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে ভাৰতৰ সৰ্ববৃহৎ গ্ৰীনফিল্ড বিমানবন্দৰ প্ৰকল্প। ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্ব (PPP)-ৰে ইয়াক নিৰ্মাণ কৰা হৈছে। মুম্বাই মহানগৰ অঞ্চলৰ বাবে দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে এনএমআইএ-এ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (CSMIA) সৈতে মিলি ভিৰ লাঘৱৰ লগতে মুম্বাইক বিশ্বজোৰা বহু-বিমানবন্দৰ ব্যৱস্থাৰ লীগলৈ উন্নীত কৰিব। ১১৬০ হেক্টৰ এলেকাৰে বিশ্বৰ আটাইতকৈ কাৰ্য্যক্ষম বিমানবন্দৰসমূহৰ ভিতৰত স্থান লাভ কৰিবলৈ ডিজাইন কৰা বিমানবন্দৰটোৱে অৱশেষত বছৰি ৯০ নিযুত যাত্ৰী (MPPA) আৰু ৩.২৫ নিযুত মেট্ৰিক টন কাৰ্গ’ পৰিচালনা কৰিব।

ইয়াৰ অনন্য সা-সুবিধাসমূহৰ ভিতৰত আছে এটা অট’মেটেড পিপুল মুভাৰ (APM)। উক্ত ট্ৰেনজিট ব্যৱস্থাই মসৃণ আন্তঃটাৰ্মিনেল স্থানান্তৰৰ বাবে চাৰিওটা যাত্ৰী টাৰ্মিনেল সংযোগ কৰিব। লগতে চহৰৰ-ফালৰ আন্তঃগাঁথনিক সংযোগ কৰা এটা লেণ্ডছাইড এপিএম হিচাপে কাম কৰিব। বহনক্ষম পদ্ধতিৰ সৈতে সংগতি ৰাখি বিমানবন্দৰটোত বহনক্ষম বিমান ইন্ধনৰ (SAF) সমৰ্পিত ভঁড়াল, প্ৰায় ৪৭ মেগাৱাটৰ সৌৰ শক্তি উৎপাদন আৰু সমগ্ৰ চহৰখনতে ৰাজহুৱা যোগাযোগৰ বাবে ইভি বাছ সেৱাৰ বাবে ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও এনএমআইএ হ’ব ৱাটাৰ টেক্সিৰে সংযোগ কৰা দেশৰ প্ৰথমটো বিমানবন্দৰ।

প্ৰধানমন্ত্ৰীয়ে আচাৰ্য্য আত্ৰে চ’কৰ পৰা কফে পেৰেডলৈকে বিস্তৃত মুম্বাই মেট্ৰ’ লাইন-৩ ৰ পৰ্য্যায় ২বি উদ্বোধন কৰিব। আনুমানিক প্ৰায় ১২,২০০ কোটি টকা ব্যয় সাপেক্ষে ইয়াৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগতে তেখেতে সমগ্ৰ মুম্বাই মেট্ৰ’ লাইন ৩ (একুৱা লাইন) — ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। মুঠ ৩৭,২৭০ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা এই প্ৰকল্পই চহৰখনৰ নগৰীয়া পৰিবহণ ব্যৱস্থাৰ ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত এক বৃহৎ মাইলৰ খুঁটি স্থাপন কৰিব।

মুম্বাইৰ প্ৰথম আৰু একমাত্ৰ সম্পূৰ্ণ মাটিৰ তলৰ মেট্ৰ’ লাইন হিচাপে এই প্ৰকল্পই সমগ্ৰ মুম্বাই মহানগৰ অঞ্চল (MMR)-ৰ যাতায়াত ব্যৱস্থাক পুনৰ সংজ্ঞায়িত কৰিব। ই লাখ-লাখ বাসিন্দালৈ দ্ৰুত, অধিক কাৰ্য্যক্ষম আৰু আধুনিক ট্ৰেনজিট সমাধান আগবঢ়াব।

কফে পেৰেডৰ পৰা ২৭ টা ষ্টেচনেৰে ৩৩.৫ কিমি দৈৰ্ঘ্যৰ মুম্বাই মেট্ৰ’ লাইন–৩ এ দৈনিক ১৩ লাখ যাত্ৰীক সেৱা আগবঢ়াব। প্ৰকল্পটোৰ চূড়ান্ত পৰ্য্যায় ২বি-এ দক্ষিণ মুম্বাইৰ ঐতিহ্য আৰু সাংস্কৃতিক গৰিমা সম্পন্ন জিলা যেনেঃ ফ’ৰ্ট, কালা ঘোডা আৰু মেৰিন ড্ৰাইভৰ সৈতে নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্তৰ লগতে বম্বে উচ্চ ন্যায়ালয়, মন্ত্ৰালয়, ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI), বম্বে ষ্টক এক্সচেঞ্জ (BSE) আৰু নাৰিমান পইন্টকে প্ৰমুখ্য কৰি মূল প্ৰশাসনিক আৰু বিত্তীয় কেন্দ্ৰসমূহলৈ প্ৰত্যক্ষ যোগাযোগৰ সুবিধা প্ৰদান কৰিব।

মেট্ৰ’ লাইন-৩ ক ৰেলৱে, বিমানবন্দৰ, আন-আন মেট্ৰ’ লাইন আৰু মন’ৰেল সেৱাকে প্ৰমুখ্য কৰি অন্যান্য পৰিবহণ মাধ্যমৰ সৈতে দক্ষ সংহতি নিশ্চিত কৰিবলৈ ডিজাইন কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত অন্তিম প্ৰান্ততো যোগাযোগ ব্যৱস্থা প্ৰশস্ত হ’ব আৰু সমগ্ৰ মহানগৰ অঞ্চলত যানজঁট হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে মেট্ৰ’, মন’ৰেল, উপনগৰ ৰেলৱে আৰু বাছ পিটিঅ’-ৰ ১১ ৰাজহুৱা পৰিবহণ অপাৰেটৰ (PTO)-ৰ বাবে সংহত কমন মবিলিটি এপ “মুম্বাই ওৱান” মুকলি কৰিব। ইয়াৰ ভিতৰত আছে মুম্বাই মেট্ৰ' লাইন ২এ আৰু ৭, মুম্বাই মেট্ৰ' লাইন ৩, মুম্বাই মেট্ৰ' লাইন ১, মুম্বাই মন’ৰেল, নৱী মুম্বাই মেট্ৰ', মুম্বাই উপনগৰ ৰেলৱে, বৃহৎমুম্বাই ইলেক্ট্ৰিক চাপ্লাই এণ্ড ট্ৰেন্সপ'ৰ্ট (BEST), থানে পৌৰ পৰিবহণ, মীৰা ভয়ান্দৰ পৌৰ পৰিবহণ, কল্যাণ ডম্বিৱলি পৌৰ পৰিবহণ আৰু নৱী মুম্বাই পৌৰ পৰিবহণ।

মুম্বাই ওৱান এপে যাত্ৰীসকলক একাধিক ৰাজহুৱা পৰিবহণ অপাৰেটৰৰ সৈতে সংহত ম’বাইল টিকটিং, ডিজিটেল লেনদেনৰ প্ৰসাৰেৰে শাৰীপতাৰ ব্যৱস্থা দূৰ কৰি নিৰৱচ্ছিন্ন মাল্টি মডেল সংযোগকে প্ৰমুখ্য কৰি একাধিক সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰিও ই পলম, বিকল্প পথ আৰু আনুমানিক আগমনৰ সময় সন্দৰ্ভত বাস্তৱ-সময়ৰ যাত্ৰা আপডেট প্ৰদান কৰিব, লগতে ওচৰৰ ষ্টেচন, আকৰ্ষণ আৰু আগ্ৰহৰ স্থানসমূহৰ মেপ-ভিত্তিক তথ্য আৰু যাতায়াতৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এটা এছঅ’এছ ফিছাৰ আগবঢ়াব। এই বৈশিষ্ট্যসমূহে একেলগে সুবিধা, দক্ষতা আৰু সুৰক্ষা বৃদ্ধিৰে সমগ্ৰ মুম্বাইৰ ৰাজহুৱা পৰিবহণৰ অভিজ্ঞতাক ৰূপান্তৰিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ দক্ষতা, নিয়োগ, উদ্যমিতা আৰু উদ্ভাৱন বিভাগৰ অগ্ৰণী পদক্ষেপ হ্ৰস্ব-ম্যাদী নিয়োগযোগ্যতা কাৰ্য্যসূচী (STEP)-ও উদ্বোধন কৰিব। ৪০০ খন চৰকাৰী আইটিআই আৰু ১৫০ খন চৰকাৰী কাৰিকৰী হাইস্কুলত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব। এই প্ৰচেষ্টা নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে দক্ষতা বিকাশক সংপৃক্তকৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব। এছটিইপি-এ মহিলাৰ বাবে ৩৬৪ টা একচেটিয়া বেচ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI), ইন্টাৰনেট অৱ থিংছ (IoT), ইলেক্ট্ৰিক বাহন (EV), সৌৰ তথা এডিটিভ মেনুফেকচাৰিং আদিৰ দৰে উদীয়মান প্ৰযুক্তি পাঠ্যক্ৰমৰ ৪০৮ টা বেচকে প্ৰমুখ্য কৰি ২,৫০০ টা নতুন প্ৰশিক্ষণ বেচ প্ৰতিষ্ঠা কৰিব।

যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ আৰু গ্ল’বেল ফিনটেক ফেষ্ট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰ্মাৰে ২০২৫-ৰ ৮-৯ অক্টোবৰত ভাৰত ভ্ৰমণ কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ।

এই ভ্ৰমণৰ সময়ত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু আৰু শক্তি, স্বাস্থ্য, শিক্ষা আৰু জনসংযোগৰ মূল স্তম্ভসমূহৰ কাৰ্য্যসূচী আৰু পদক্ষেপৰাজিৰ কেন্দ্ৰীভূত আৰু সময়সীমাবদ্ধ ১০-বছৰীয়া ৰোডমেপ ‘ভিজন ২০৩৫’-ৰ সৈতে সংগতি ৰাখি ভাৰত-যুক্তৰাজ্যৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ ভিন্ন দিশৰ অগ্ৰগতিৰ বুজ ল’ব।

দুয়োগৰাকী নেতাই ভৱিষ্যতৰ ভাৰত–যুক্তৰাজ্যৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ কেন্দ্ৰীয় স্তম্ভ হিচাপে ভাৰত–যুক্তৰাজ্যৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি (CETA)-এ উপস্থাপন কৰা সুযোগসমূহৰ সন্দৰ্ভত ব্যৱসায়ী আৰু উদ্যোগৰ নেতাসকলৰ সৈতে মিলিত হ’ব। তেওঁলোকে আঞ্চলিক আৰু বিশ্বজোৰা গুৰুত্বপূৰ্ণ বিষয়সমূহতো মত-বিনিময় কৰিব। উদ্যোগ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ সৈতেও নেতাদ্বয় মিলিত হ’ব।

প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত অনুষ্ঠিতব্য গ্ল’বেল ফিনটেক ফেষ্টৰ ষষ্ঠ সংস্কৰণতো অংশগ্ৰহণ কৰি এই উপলক্ষে মুখ্য ভাষণ প্ৰদান কৰিব।

গ্ল’বেল ফিনটেক ফেষ্ট, ২০২৫-ত বিশ্বৰ ভিন্ন প্ৰান্তৰ উদ্ভাৱক, নীতি নিৰ্ধাৰক, কেন্দ্ৰীয় বেংকাৰ, নিয়ন্ত্ৰক, বিনিয়োগকাৰী, শিক্ষাবিদ আৰু উদ্যোগৰ নেতাসকল একত্ৰিত হ’ব। সন্মিলনৰ কেন্দ্ৰীয় বিষয়বস্তু এআই, বৰ্ধিত বুদ্ধিমত্তা, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ দ্বাৰা চালিত ‘এখনি উন্নত বিশ্বৰ বাবে বিত্ত সবলীকৰণ’-এ নৈতিক আৰু বহনক্ষম বিত্তীয় ভৱিষ্যৎ গঢ় দিয়াত প্ৰযুক্তি আৰু মানৱ অন্তৰ্দৃষ্টিৰ অভিসৰণক উজ্জ্বল কৰি তুলিছে।

এইবাৰৰ সংস্কৰণত ৭৫ খনৰো অধিক দেশৰ এক লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে ভাগ ল’ব বুলি আশা কৰা হৈছে। এনে বিশাল অংশগ্ৰহণেৰে ই বিশ্বৰ অন্যতম বৃহৎ ফিনটেক সমাৱেশ হিচাপে পৰিগণিত হ’ব। এই অনুষ্ঠানত প্ৰায় ৭,৫০০ কোম্পানী, ৮০০ বক্তা, ৪০০ প্ৰদৰ্শক আৰু ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰা ৭০ জন নিয়ন্ত্ৰকে অংশগ্ৰহণ কৰিব।

ইয়াত অংশগ্ৰহণ কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষ, জাৰ্মানীৰ ডয়চে বুণ্ডেছবেংক, বেংক ডি ফ্ৰান্স আৰু চুইজাৰলেণ্ডৰ বিত্তীয় বজাৰ তত্বাৱধায়ক কৰ্তৃপক্ষ (FINMA)-ৰ দৰে বিখ্যাত নিয়ন্ত্ৰক। তেওঁলোকৰ অংশগ্ৰহণে বিত্তীয় নীতিৰ আলোচনা আৰু সহযোগিতাৰ বাবে বিশ্বব্যাপী মঞ্চ হিচাপে জিএফএফ-ৰ ক্ৰমবৰ্ধমান ভূমিকাকে প্ৰতিফলিত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
After PM's snack break, jhalmuri grabs attention

Media Coverage

After PM's snack break, jhalmuri grabs attention
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 এপ্ৰিল 2026
April 20, 2026

Honouring Saints, Powering Futures: PM Modi’s Leadership That Blends Heritage, Highways and High Growth