প্ৰধানমন্ত্ৰীয়ে জলগাঁৱত ‘লাখপতি দিদি সন্মিলন’ত অংশগ্ৰহণ কৰিব
১১ লাখ নতুন ‘লাখপতি দিদি’ক প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনাব
প্ৰধানমন্ত্ৰীয়ে ২,৫০০ কোটি টকাৰ ‘ৰিভলভিং ফাণ্ড’ মুকলি কৰিব আৰু ৫,০০০ কোটি টকাৰ বেংক ঋণ বিতৰণ কৰিব
যোধপুৰত ‘ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী সমাৰোহ’ৰ সামৰণি অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্টত মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ‘লাখপতি দিদি সন্মিলন’ত অংশগ্ৰহণ কৰিব। আবেলি প্ৰায় ৪:৩০ বজাত তেওঁ যোধপুৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ‘লাখপতি দিদি সন্মিলন’ত অংশগ্ৰহণ কৰিবলৈ জলগাঁও ভ্ৰমণ কৰিব। তেওঁ ১১ লাখ নতুন ‘লাখপতি দিদি’ক প্ৰমাণপত্ৰ প্ৰদান কৰিব আৰু সম্বৰ্ধনা জনাব, যিসকল অলপতে এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালত ‘লাখপতি’ হৈছিল। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপো কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২,৫০০ কোটি টকাৰ ‘ৰিভলভিং ফাণ্ড’ মুকলি কৰিব যাৰ ফলত ৪.৩ লাখ ‘আত্ম-সহায়ক গোট’ৰ (এছএইচজি) প্ৰায় ৪৮ লাখ সদস্য লাভান্বিত হ'ব। তেওঁ ৫,০০০ কোটি টকাৰ বেংক ঋণো বিতৰণ কৰিব যাৰ ফলত ২.৩৫ লাখ ‘এছএইচজি’-ৰ ২৫.৮ লাখ সদস্য লাভান্বিত হ'ব।

‘লাখপতি দিদি যোজনা’-ৰ আৰম্ভণিৰ পৰা ইতিমধ্যে এক কোটি মহিলাক ‘লাখপতি দিদি’ হিচাপে গঢ়ি তোলা হৈছে। চৰকাৰে ৩ কোটি মহিলাক ‘লাখপতি দিদি’ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ৰাজস্থানত প্ৰধানমন্ত্ৰী

যোধপুৰৰ উচ্চ ন্যায়ালয় চৌহদত অনুষ্ঠিত হ'বলগীয়া ‘ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী সমাৰোহ’ৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘ৰাজস্থান উচ্চ ন্যায়ালয়ৰ সংগ্ৰহালয়’টোও উদ্বোধন কৰিব।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership