‘লোকমাতা’ দেৱী অহিল্যা বাঈ হোলকাৰৰ ৩০০ সংখ্যক জয়ন্তী উপলক্ষে ভূপালত ‘লোকমাতা দেৱী অহিল্যবাঈ মহিলা সৱলীকৰণ মহাসন্মিলন’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
ক্ষীপ্ৰা নৈত ৮৬০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ঘাট নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
‘ইন্দোৰ মেট্ৰ’ৰ ‘য়েল’ লাইন ছুপাৰ প্ৰায়ৰিটিী কৰিড’ৰ’ত যাত্ৰী সেৱাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

‘লোকমাতা’ দেৱী অহিল্যা বাই হোলকাৰৰ ৩০০ সংখ্যক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ মে'ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ভূপালত পুৱা প্ৰায় ১১:১৫ বজাত ‘লোকমাতা দেৱী অহিল্যবাঈ মহিলা সৱলীকৰণ মহাসন্মিলন’ত অংশগ্ৰহণ কৰিব। তেওঁ ভূপালত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।

‘লোকমাতা দেৱী অহিল্যবাঈ মহিলা সৱলীকৰণ মহাসন্মিলন’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। লগতে তেওঁ মুকলি এই উপলক্ষে যুগুতাই উলিওৱা এটা ডাক টিকট আৰু ‘লোকমাতা’ দেৱী অহিল্যবাঈৰ প্ৰতি উৎসৰ্গিত এক বিশেষ মুদ্ৰাও তেওঁ আনুষ্ঠানিক ভাৱে মুকলি কৰিব। ৩০০ টকীয়া এই মুদ্ৰাটোত অহিল্যবাঈ হোলকাৰৰ প্ৰতিকৃতি থাকিব। প্ৰধানমন্ত্ৰীয়ে জনজাতীয়, লোক, আৰু পৰম্পৰাগত কলাৰ অৱদানৰ বাবে এগৰাকী মহিলা শিল্পীক ‘দেৱী অহিল্যাবাই ৰাষ্ট্ৰীয় বঁটা’ও প্ৰদান কৰিব।

উজ্জয়িনীত অনুষ্ঠিতব্য ‘সিংহস্থ মহাকুম্ভ ২০২৮’ৰ সৈতে সংগতি ৰাখি ক্ষীপ্ৰা নদীত ৮৬০ কোটিৰো অধিক মূল্যৰ ঘাট নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। নদীসমূহৰ পানীৰ প্ৰবাহ নিয়ন্ত্ৰণৰ বাবে বান্ধ, ‘ষ্টপ ডেম’, ‘ভেণ্টেড ক’জৱে’ আদি বিভিন্ন ধৰণৰ আন্তঃগাঁথনিও নিৰ্মাণ কৰা হ’ব।

অন্তিম পৰ্যায়ৰ বিমান সংযোগক এক বৃহৎ উত্সাহ প্ৰদানৰ প্ৰায়স হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘দতিয়া’ আৰু ‘সতনা বিমানবন্দৰ’ উদ্বোধন কৰিব, যাৰ ফলত বিন্ধ্য অঞ্চলত উদ্যোগ, পৰ্যটন, শিক্ষা, আৰু স্বাস্থ্যসেৱাৰ বাবে নতুন সুযোগ মুকলি হ’ব।

চহৰসমূহত ভ্ৰমণৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে তেওঁৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে ‘ইন্দোৰ মেট্ৰ’ৰ ‘য়েল’ লাইনত ছুপাৰ প্ৰায়ৰিটী কৰিডৰ’ত যাত্ৰী সেৱাৰ শুভাৰম্ভ কৰিব। ইয়াৰ জৰিয়তে যাত্ৰীসকলক আৰামদায়ক যাতায়তৰ সুবিধা প্ৰদান কৰাৰ লগতে যাতায়ত আৰু প্ৰদূষণ হ্ৰাস পাব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৪৮০ কোটিৰো অধিক মূল্যৰ ১২৭১টা ‘অটল গ্ৰাম সুশাসন ভৱন’ নিৰ্মাণৰ বাবে প্ৰথমটো কিস্তি হস্তান্তৰ কৰিব। এই ভৱনসমূহে গাঁও পঞ্চায়তসমূহক স্থায়ী আন্তঃগাঁথনি প্ৰদান কৰিব, যিয়ে তেওঁলোকক প্ৰশাসনিক কাম-কাজ পৰিচালনা কৰাত, সভা অনুষ্ঠিত কৰাত, আৰু নথি-পত্ৰ আদি অধিক দক্ষতাৰে ৰখাত সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet Approves Ganga, Varuna Corridors: PM Modi's Rs 25,000 Crore Bet To Transform Kashi

Media Coverage

Cabinet Approves Ganga, Varuna Corridors: PM Modi's Rs 25,000 Crore Bet To Transform Kashi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings of Lord Jagannath
July 16, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam, seeking blessings of Lord Jagannath on the sacred occasion of Rath Yatra:

“देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥"

Shri Modi also expressed the hope that the divine grace of Lord Jagannath would infuse new energy into the lives of all countrymen.

The Prime Minister posted on X:

महाप्रभु जगन्नाथ की रथ यात्रा के पावन अवसर पर मेरी कामना है कि उनका आशीर्वाद हम सभी पर सदैव बना रहे। उनकी दिव्य कृपा से सभी देशवासियों के जीवन में नई ऊर्जा का संचार हो।

देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥