প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ডিচেম্বৰত কচ্ছৰ ধোৰদো ভ্ৰমণ কৰিব আৰু ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰিব। এই প্ৰকল্পৰ মাজত আছেঃ পানীক নিমখমুক্ত কৰাৰ প্ৰকল্প, মিশ্ৰ পুনৰ নবীকৰণ যোগ্য শক্তি পাৰ্ক, সম্পূৰ্ণ স্বয়ংক্ৰিয় দুগ্ধ প্ৰক্ৰিয়াকৰণ আৰু পেকেজিং প্লাণ্ট। গুজৰাটৰ মুখ্যমন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। তেওঁ হোৱাইট ৰণ পৰিদৰ্শন কৰিব আৰু এক সাংস্কৃতিক অনুষ্ঠানত ভাগ ল'ব।

 

গুজৰাটত বিস্তৃত উপকূলৱৰ্তী অঞ্চল আছে। ইয়াত সাগৰৰ পানীক খোৱা পানীত পৰিণত কৰাৰ বাবে নিমখমুক্ত কৰণ এটা গুৰুত্বপূৰ্ণ উদ্যোগৰ অংশ হিচাপে কচ্ছৰ মাণ্ডভিত এই প্লাণ্ট গঢ়ি উঠিব। এই নিমখমুক্ত কৰাৰ প্লাণ্টত দৈনিক ১০ কোটি লিটাৰ পানী পৰিশোধিত হ'ব। ইয়াৰ ফলত নৰমদা গ্ৰিড, সৌনি নেটৱৰ্ক আৰু বৰ্জ্য পানীৰ পুনৰ ব্যৱহাৰৰ পৰিকাথামোত সুবিধা হ'ব। দেশত স্থিতিশীল আৰু কম মূল্যৰ জল সম্পদৰ ক্ষেত্ৰত ই এটা উল্লেখযোগ্য পদক্ষেপ। মুদ্ৰা, লাখপত, আবদাছা আৰু নাখাত্ৰানা অঞ্চলত প্ৰায় ৮ কোটি মানুহে ইয়াৰ পৰা নিমখমুক্ত পানী পাব। ইয়াৰ ফলত উজনিৰ ভাচাউ, ৰাপাৰ আৰু গান্ধীধাম জিলালৈ অতিৰিক্ত পানী পঠোৱা হ'ব।

 

দাহেজ (দৈনিক ১০ কোটি লিটাৰ), দ্বাৰকা (দৈনিক ৭ কোটি লিটাৰ), ঘোঘা ভাবনগৰ (দৈনিক ৭ কোটি লিটাৰ) আৰু গিৰ সোমনাথ (দৈনিক ৩ কোটি লিটাৰ) নিমখমুক্ত কৰাৰ প্লাণ্টবিলাকৰ সৈতে এই প্লাণ্টেও খোৱা পানী সৰবৰাহ কৰিব। গুজৰাটৰ কচ্ছ জিলাৰ ভিঘাকোট গাঁৱত মিশ্ৰ পুনৰ নবীকৰণ যোগ্য শক্তি পাৰ্কখন দেশৰ বৃহত্তম পুনৰ নবীকৰণ যোগ্য বিদ্যুৎ উৎপাদন কেন্দ্ৰ হ'ব। ইয়াৰ পৰা ৩০ গিগাৱাট পুনৰ নবীকৰণ যোগ্য বিদ্যুৎ উৎপাদন হ'ব। ৭২,৬০০ হেক্টৰ মাটিত প্ৰস্তুত হোৱা এই পাৰ্কত সৌৰশক্তি আৰু বায়ুশক্তিৰ মাধ্যমত বিদ্যুৎ উৎপাদন হ'ব। কচ্ছৰ আনজাৰত ছৰহদ দেইৰীত প্ৰধানমন্ত্ৰীয়ে এটা সম্পূৰ্ণ স্বয়ংক্ৰিয় দুগ্ধ প্ৰক্ৰিয়া কৰণ আৰু পেকেজিং প্ৰকল্পৰ শিলান্যাস কৰিব। এই প্ৰকল্পটো ১২১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব। ইয়াত দৈনিক ২ লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়া কৰণৰ ক্ষমতা থাকিব।  

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India crosses 20k organ transplants/yr for 1st time

Media Coverage

India crosses 20k organ transplants/yr for 1st time
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥